Skip to content

Skip to table of contents

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

এটেʼনডেণ্টসকল আপোনাৰ সহায়ৰ বাবে এটেʼনডেণ্টসকলৰ ব্যৱস্থা কৰা হৈছে। গাড়ী ৰখা স্থান, অধিৱেশন গৃহত ওলোৱা-সোমোৱা, আসন সংৰক্ষণ আৰু অন্যান্য বিষয়ৰ বাবে এটেʼনডেণ্টসকলে দিয়া নিৰ্দেশনাবোৰ অনুগ্ৰহ কৰি পালন কৰক।

দান-বৰঙণি অধিৱেশনৰ কাৰ্য্যক্ৰমৰপৰা আনন্দ লাভ কৰিবলৈ আৰু যিহোৱা ঈশ্বৰৰ লগত সম্পৰ্ক দৃঢ় কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হয়। শ্ৰোতাসকলে ভালদৰে বহিবলৈ, শুনিবলৈ, ভিডিঅʼ দেখুৱাবলৈ সা-সৰঞ্জাম আৰু অন্যান্য সেৱাৰ ব্যৱস্থা কৰিবলৈ যথেষ্ট পৰিমাণৰ খৰচ কৰা হয়। আপোনালোকৰ স্ব-ইচ্ছাৰে দিয়া দান-বৰঙণিয়ে এই অধিৱেশনৰ খৰচ-পাতি আৰু লগতে গোটেই বিশ্বজুৰি হৈ থকা ঘোষণা কাৰ্য্যত সহায় আগবঢ়াব। আপোনাৰ সুবিধাৰ বাবে অধিৱেশন গৃহৰ বিভিন্ন ঠাইত দান-পাত্ৰ ৰখা হৈছে। আপোনালোকে আগবঢ়োৱা দান-বৰঙণিৰ মূল্যাংকন কৰা হয়। বিশ্বজুৰি হৈ থকা ঘোষণা কাৰ্য্যত আগবঢ়োৱা সহায়ৰ বাবে প্ৰশাসন গোষ্ঠীয়ে আপোনালোকক ধন্যবাদ জনাইছে। যদি আপুনি অনলাইনৰ যোগেদি দান-বৰঙণি আগবঢ়াব বিচাৰে, তেনেহʼলে donate.pr418.com-লৈ যাওক।

প্ৰাথমিক চিকিৎসা অনুগ্ৰহ কৰি মনত ৰাখিব যে এই ব্যৱস্থা কেৱল আপাতকালীন সময়ৰ বাবে হয়।

হেৰুৱা আৰু পোৱা সকলো গৰাকীহীন বস্তু হেৰুৱা আৰু পোৱা বিভাগত জমা কৰা উচিত। যদি আপোনাৰ কিবা বস্তু হেৰাইছে, তেনেহʼলে এই বিভাগক সোধ-পোছ কৰিব পাৰে। যদি পিতৃ-মাতৃৰপৰা হেৰাই যোৱা কোনো সন্তানক আপুনি পায়, তেনেহʼলে সেই সন্তানক হেৰুৱা আৰু পোৱা বিভাগক গতাই দিয়া উচিত। কিন্তু অযথা চিন্তা কৰাতকৈ অনুগ্ৰহ কৰি আপোনালোকে নিজৰ সন্তানৰ চোৱা-চিতা নিজেই কৰক আৰু সিহঁতক লগতে ৰাখক।

আসন ব্যৱস্থা অনুগ্ৰহ কৰি আনৰ বাবে চিন্তা কৰিব। মনত ৰাখিব যে কেৱল আপোনাৰ সৈতে একেখন গাড়ীতে যাত্ৰা কৰা, নিজৰ পৰিয়াল বা বৰ্তমান সময়ত অধ্যয়ন কৰি থকা বাইবেল বিদ্যাৰ্থীৰ বাবে আসন সংৰক্ষণ কৰিব পাৰে। অনুগ্ৰহ কৰি খালী আসনবোৰত একো বস্তু নাৰাখিব।

স্বেচ্ছাসেৱক যদি আপুনি অধিৱেশনৰ কোনো কামত সহায়-সহযোগিতা আগবঢ়াব বিচাৰে, তেনেহʼলে তথ্য আৰু স্বেচ্ছাসেৱক বিভাগত আপোনাৰ নাম দিব পাৰে।

বিশেষ সভা

ৰাজ্য প্ৰচাৰকসকলৰ বাবে স্কুল যিসকল অগ্ৰগামীৰ বয়স ২৩-ৰপৰা ৬৫-ৰ ভিতৰত আৰু যিয়ে নিজৰ ঘোষণা কাৰ্য্য বৃদ্ধি কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকক দেওবাৰে আবেলি হʼবলগীয়া ৰাজ্য প্ৰচাৰকসকলৰ বাবে সভাত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে। এই সভাৰ সময় আৰু স্থান ঘোষণা কৰা হʼব।

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ দ্বাৰা ব্যৱস্থা কৰা হয়

© 2020 Watch Tower Bible and Tract Society of Pennsylvania