Skip to content

সুখী পৰিয়ালৰ ৰহস্য

নিজৰ সংগীক সন্মান কৰক

নিজৰ সংগীক সন্মান কৰক

মনোজে * কয়: “যেতিয়া অঞ্জলি নিৰাশ হৈ থাকে, তেতিয়া কান্দিয়ে থাকে। যদি মই তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ, তেতিয়া তাই খঙাই যায়। আনকি মোৰ লগত কথা পাতিবলৈও বন্ধ কৰি দিয়ে। সেইসময়ত তাইক কোনো মতেই বুজাব নোৱাৰি, সেইবাবে মই হাৰ মানি লওঁ।”

অঞ্জলীয়ে কয়: “যেতিয়া মনোজ ঘৰলৈ আহিল, তেতিয়া মই কান্দি আছিলোঁ। মই তেওঁক বুজাবলৈ চেষ্টা কৰিলোঁ যে মই কিয় নিৰাশ হৈ আছোঁ। কিন্তু মই কথা পাতি থকাৰ মাজতেই তেওঁ কʼলে এয়া কোনো ডাঙৰ সমস্যা নহয়, তুমি ইয়াক পাহৰি যোৱা উচিত। এয়া শুনি মই আৰু নিৰাশ হৈ পৰিলোঁ।”

আপুনি মনোজ আৰু অঞ্জলীৰ পৰিস্থিতি বুজিব পাৰিলেনে? দুয়োজনে এজনে-আনজনৰ লগত কথা পাতিব বিচাৰে, কিন্তু হাৰ মানি লয়। কিয় বাৰু?

স্বামী আৰু স্ত্ৰীৰ কথা পতাৰ ধৰণ আৰু প্ৰয়োজনীয়তা বেলেগ বেলেগ। পত্নীয়ে হয়তো নিজৰ মনৰ সকলো কথা জনাব বিচাৰে। কিন্তু স্বামীয়ে হয়তো শান্তি বজাই ৰাখিবলৈ সমস্যাবোৰ সোনকালে সমাধান কৰিবলৈ আৰু গম্ভীৰ বিষয়বোৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। এনে পৰিস্থিতিত পতি-পত্নীয়ে কি কৰিব পাৰে, যাতে আপোনালোকৰ মাজত কথা-বতৰা হৈ থাকে? এটা উপায় হৈছে, নিজৰ জীৱন সংগীক সন্মান কৰক।

যি ব্যক্তিয়ে আনক সন্মান কৰে, তেওঁ তেওঁৰ গুৰুত্বতা বুজি পায় আৰু তেওঁৰ অনুভূতি বুজিবলৈ চেষ্টা কৰে। আপুনি সৰুৰেপৰা নিশ্চয় আপোনাতকৈ ডাঙৰ বা আপোনাতকৈ বেছি অভিজ্ঞ লোকসকলক সন্মান কৰিবলৈ শিকিছে। কিন্তু বিয়াৰ পাছত এই সমস্যা হʼব পাৰে যে আপুনি এনে এজন ব্যক্তিক সন্মান কৰিব লাগিব যিজন আপোনাৰ একে বয়সৰ হয়, অৰ্থাৎ আপোনাৰ স্বামী বা পত্নী। লিন্ডাৰ বিয়া হোৱা আঠ বছৰ হৈ গʼল, তাই এইদৰে কৈছে, “মই জানিছিলোঁ যে ফিলিপে ধৈৰ্য্যৰে আনৰ কথা শুনে আৰু বুজিবলৈ চেষ্টা কৰে। তেওঁ মোৰ লগতো এইদৰেই ব্যৱহাৰ কৰাটো মই বিচাৰিছিলোঁ।” হয়তো আপুনি নিজৰ বন্ধু বা অচিনাকী লোকৰ কথা ধৈৰ্য্যৰে শুনে আৰু তেওঁলোকৰ লগত আদৰেৰে ব্যৱহাৰ কৰে। কিন্তু আপুনি নিজৰ জীৱন সংগীৰ লগতো এইদৰে ব্যৱহাৰ কৰেনে?

যদি পতি-পত্নীয়ে এজনে-আনজনক সন্মান নকৰে, তেনেহʼলে ঘৰত বিশৃঙ্খলতা আৰু হাই-কাজিয়া হʼব। এজন বুদ্ধিমান ৰজাই কৈছিল, “বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰতকৈ, শান্তিৰে সৈতে শুদায়ে এগৰাহ খোৱা ভাল।” (হিতোপদেশ ১৭:১, পবিত্ৰ বাইবেল) বাইবেলে স্বামীসকলক পৰামৰ্শ দিছে যে তেওঁলোকে নিজৰ পত্নীক আদৰ কৰা উচিত। (১ পিতৰ ৩:৭) পত্নীসকলেও নিজৰ ‘স্বামীক ভয়’ অৰ্থাৎ আদৰ কৰা উচিত।—ইফিচীয়া ৫:৩৩.

আপুনি কেনেকৈ নিজৰ স্বামী বা পত্নীৰ লগত আদৰেৰে কথা পাতিব পাৰে? বাইবেলত দিয়া কিছুমান ব্যৱহাৰিক পৰামৰ্শলৈ মন কৰক।

আপোনাৰ সংগীয়ে যেতিয়া আপোনাৰ লগত কথা পাতিব বিচাৰে

সমস্যা:

বহুতোলোকে কথা শুনাৰ পৰিৱৰ্তে কথা পাতি ভাল পায়। আপোনাৰ লগতো এইদৰে হয়নে? “যি মানুহে নৌ শুনোতেই উত্তৰ দিয়ে,” সেই মানুহক বাইবেলে মূৰ্খ বা অজ্ঞান বুলি কৈছে। (হিতোপদেশ ১৮:১৩) সেইবাবে কিবা কোৱাৰ আগতে আনৰ কথা ভালদৰে শুনক। কিয় বাৰু? কাব্যাৰ বিয়া হোৱা ২৬ বছৰ হৈ গʼল, তাই কৈছে, “যেতিয়া মোৰ স্বামীয়ে মোৰ কথা শুনাৰ আগতেই সমস্যাৰ সমাধান দিবলৈ ধৰে, তেতিয়া মোক ভাল নালাগে। মই কেৱল ইমানেই বিচাৰোঁ যে তেওঁ মোৰ কথা শুনক আৰু বুজিবলৈ চেষ্টা কৰক যে মই নিৰাশত আছোঁ। তেওঁ মোৰ কথাত সন্মত নহʼলেও হʼব আৰু কি কাৰণে এই সমস্যা উদ্ভৱ হʼল, সেয়া বুজিবলৈ চেষ্টা নকৰিলেও হʼব।”

আনহাতে, কিছুমান স্বামী আৰু স্ত্ৰীয়ে নিজৰ মনৰ কথা কʼবলৈ সংকোচ কৰে। যদি তেওঁৰ সংগীয়ে তেওঁৰ মনৰ কথা ব্যক্ত কৰিবলৈ যোৰ কৰে, তেনেহʼলে তেওঁক ভাল নালাগে। লিলিৰ বিয়া হোৱা বেছি দিন হোৱা নাই, তাই মন কৰিছে যে নিজৰ মনৰ কথা জনাবলৈ তাইৰ স্বামীক বহুত সময় লাগে। তাই কয়, “মোক বহুত ধৈৰ্য্য ধৰিবলগীয়া হয় আৰু অপেক্ষা কৰিবলগীয়া হয় যে তেওঁ কেতিয়া মনৰ সকলো কথা জনাব।”

সমাধান:

যদি আপোনাক আৰু আপোনাৰ সংগীক এনে বিষয়ত কথা পাতিবলগীয়া আছে, যি বিষয়ে দুয়োজনৰ মতামত বেলেগ বেলেগ, তেনেহʼলে এনে সময় বাছনি কৰক যেতিয়া আপোনালোক দুয়োজন শান্ত আৰু আনন্দিত। যদি আপোনাৰ জীৱন সংগীয়ে কথা পাতিবলৈ সংকোচ কৰে, তেনেহʼলে কি কৰিব? মনত ৰাখিব যে “মানুহৰ মনৰ কল্পনা গভীৰ জলৰ নিচিনা; কিন্তু বুদ্ধিমানে তাক উলিয়াব পাৰে।” (হিতোপদেশ ২০:৫, পবিত্ৰ বাইবেল) যদি আপুনি নাদৰ পৰা বাল্টিৰ সহায়ত খৰ-খেদাকৈ পানী উলিয়াই, তেনেহʼলে বহুতো পানী পৰি যাব। ঠিক সেইদৰে, যদি আপুনি নিজৰ জীৱন সংগীক নিজৰ মনৰ কথা কʼবলৈ যোৰ দিয়ে, তেনেহʼলে তেওঁ হয়তো কথা নাপাতিব আৰু আপুনি তেওঁৰ মনৰ কথা জনাৰ সুযোগ হেৰুৱাব। এইদৰে নহʼবলৈ নিজৰ জীৱন সংগীক মৰম আৰু আদৰেৰে প্ৰশ্ন সোধক। যদি তেওঁ মনৰ কথা নকয়, তেনেহʼলে ধৈৰ্য্য ধৰক।

যদি আপোনাৰ সংগীয়ে কথা পাতিব বিচাৰে, তেনেহʼলে “শুনিবলৈ খৰ, কবলৈ ধীৰ, আৰু ক্ৰোধলৈয়ো ধীৰ হওক।” (যাকোব ১:১৯) যিজন ব্যক্তিয়ে আনৰ কথা মনোযোগেৰে শুনে তেওঁ কেৱল তেওঁৰ কথালৈ ধ্যান নিদিয়ে, কিন্তু তেওঁ ব্যক্তিজনৰ মনৰ ভাৱনা বুজিবলৈও চেষ্টা কৰে। যেতিয়া আপোনাৰ জীৱন সংগীয়ে আপোনাৰ লগত কথা পাতিব বিচাৰে, তেতিয়া তেওঁৰ ভাৱনা বুজিবলৈ চেষ্টা কৰক। আপুনি যিদৰে শুনে, তাৰ পৰা আপোনাৰ জীৱন সংগীয়ে জানিব পাৰিব যে আপুনি তেওঁৰ আদৰ কৰে নে নকৰে।

যীচুৱে আমাক শিকাইছে যে আমি আনৰ কথা কেনেকৈ শুনিব লাগে। উদাহৰণস্বৰূপে, যেতিয়া এজন অসুস্থ ব্যক্তিয়ে সহায় বিচাৰি যীচুৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ লগে লগে সেই ব্যক্তিজনৰ বেমাৰ ভাল কৰা নাছিল। কিন্তু তেওঁ সেই ব্যক্তিৰ অনুৰোধ শুনিলে। তেওঁৰ কথা শুনি যীচুৰ দয়া উপজিল আৰু তেওঁ সেই ব্যক্তিজনক সুস্থ কৰিলে। (মাৰ্ক ১:৪০-৪২) যেতিয়া আপোনাৰ সংগীয়ে আপোনাৰ লগত কথা পাতে, তেতিয়া যীচুৰ উদাহৰণ অনুকৰণ কৰক। মনত ৰাখিব যে আপোনাৰ সংগীয়ে আপোনাৰ পৰা কি বিচাৰে: আপুনি তেওঁৰ ভাৱনা বুজিবলৈ চেষ্টা কৰা, তেওঁক লগে লগে সমাধান দিয়াৰ পৰিৱৰ্তে তেওঁক শান্ত্বনা দিয়াটো তেওঁ বিচাৰে। সেইবাবে মনোযোগেৰে তেওঁৰ কথা শুনক, তেওঁৰ দুখ বুজিবলৈ চেষ্টা কৰক, তাৰ পাছতহে সংগীৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। এইদৰে আপুনি নিজৰ জীৱন সংগীক আদৰ দেখুৱাব পাৰে।

এই পৰামৰ্শ পালন কৰি চাওক: অহাবাৰ যেতিয়া আপোনাৰ জীৱন সংগীয়ে আপোনাৰ লগত কথা পাতিব, তেতিয়া তেওঁ কথা পাতি থকাৰ সময়ত মাজতে কৈ নিদিব। তেওঁৰ কথা শেষ নোহোৱালৈকে ধৈৰ্য্য ধৰিব আৰু তেওঁৰ কথা বুজিবলৈ চেষ্টা কৰিব। কিছুসময়ৰ পাছত আপুনি নিজৰ সংগীক সুধিব পাৰে, “তুমি কি ভাবা মই তোমাৰ কথা মনোযোগেৰে শুনি আছিলোঁ নে?”

যেতিয়া আপুনি কিবা কʼব বিচাৰে

সমস্যা:

লিন্ডাই কৈছে, “আজি-কালি কমেডী শ্বʼবোৰত প্ৰায়ে নিজৰ জীৱন সংগীৰ বিষয়ে বেয়া কথা কোৱা, অপমান আৰু ঠাট্টা কৰা দেখুৱা হয়। এইবোৰ এইদৰে দেখুৱা হয় যেন ইয়াত একো ভুল নাই।” কিছুমান লোকে এনে পৰিয়ালত ডাঙৰ-দীঘল হৈছে, যʼত লোকসকলে এজনে-আনজনক সন্মান নকৰে। পাছলৈ যেতিয়া তেওঁলোকৰ বিয়া হয়, তেতিয়া তেওঁলোকে সেইদৰেই ব্যৱহাৰ কৰে। কানাডাত থকা আইভিয়ে এইদৰে কয়, “মই এনে পৰিৱেশত ডাঙৰ-দীঘল হৈছিলোঁ, যʼত লোকসকলে এজনে-আনজনক যোৰ-যোৰকৈ গালি-শপনি দিছিল, তাত এয়া সাধাৰণ কথা আছিল।”

সমাধান:

যেতিয়া আপুনি নিজৰ সংগীৰ বিষয়ে আনৰ লগত কথা পাতে, তেতিয়া এনে কথা কওক যি কথাই ‘শুনাবিলাকক অনুগ্ৰহ দান কৰিব, প্ৰয়োজনমতে ধৰ্ম্মত বৃদ্ধি কৰিব’ অৰ্থাৎ উৎসাহিত কৰিব পাৰে। (ইফিচীয়া ৪:২৯) আপুনি নিজৰ সংগীৰ বিষয়ে যিদৰে কথা পাতে, তাৰপৰা আনৰ দৃষ্টিত তেওঁৰ সন্মান বঢ়া উচিত।

ইয়াৰ উপৰিও যেতিয়া আপুনি নিজৰ জীৱন সংগীৰ লগত অকলে থাকে, তেতিয়াও ঠাট্টা নকৰিব আৰু গালি-শপনিও নিদিব। প্ৰাচীন সময়ত ইস্ৰায়েলৰ ৰজা দায়ূদক তেওঁৰ পত্নী মীখলে খং কৰিলে। তেওঁ নিজৰ স্বামীক ঠাট্টা কৰি কৈছিল যে তেওঁ এইদৰে ব্যৱহাৰ কৰিছে যেন তেওঁ “কোনো অসাৰ চিত্তৰ লোক।” তাই এইদৰে কোৱাৰ বাবে দায়ূদ আৰু যিহোৱাও ভাল পোৱা নাছিল। (২ চমূৱেল ৬:২০-২৩) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? নিজৰ সংগীৰ লগত কথা পতাৰ সময়ত ভাৱি-চিন্তি কথা পাতক। (কলচীয়া ৪:৬) ফিলিপৰ বিয়া হোৱা আঠ বছৰ হৈ গʼল, তেওঁ স্বীকাৰ কৰিছে যে আজিও কিছুমান বিষয়ত তেওঁ আৰু তেওঁৰ পত্নীৰ মতামত মিল নাখায়। তেওঁ এয়াও মন কৰিছে যে কেতিয়াবা কেতিয়াবা তেওঁ এনে কিবা কই দিয়া, যাৰ বাবে পৰিস্থিতি আৰু বেয়া হৈ যায়। “মই বুজি পালোঁ যে ‘তৰ্ক জয় কৰাটো’ আচলতে হাৰাহে হয়। যেতিয়া আমি নিজৰ সম্পৰ্ক মজবুত কৰোঁ, তেতিয়া আমি লাভৱান হওঁ আৰু আনন্দ লাভ কৰোঁ।”

বহুবছৰৰ আগতে এগৰাকী বৃদ্ধ বিধৱাই নিজৰ বোৱাৰী দুজনীক “নিজ স্বামীৰ ঘৰত বিশ্ৰাম” পাবলৈ উৎসাহিত কৰিছিল। (ৰূথ ১:৯) যেতিয়া স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনক সন্মান কৰে, তেতিয়া ঘৰখন “বিশ্ৰামৰ” ঠাই হৈ পৰে।

এই পৰামৰ্শ পালন কৰি চাওক: এই উপশীৰ্ষকত দিয়া পৰামৰ্শবোৰ নিজৰ সংগীৰ লগত আলোচনা কৰক। নিজৰ সংগীক সোধক: “যেতিয়া মই তোমাৰ বিষয়ে আনৰ আগত কথা পাতোঁ, তেতিয়া তুমি লাজ নে গৌৰৱ অনুভৱ কৰা? মই নিজকে সলনি কৰিবলৈ কি কৰাৰ প্ৰয়োজন?” যেতিয়া আপোনাৰ সংগীয়ে নিজৰ মনৰ কথা কয়, তেতিয়া মনোযোগেৰে তেওঁৰ কথা শুনক। তেওঁ দিয়া পৰামৰ্শবোৰ পালন কৰিবলৈ চেষ্টা কৰক।

আপোনাৰ সংগী আপোনাতকৈ বেলেগ বুলি স্বীকাৰ কৰক

সমস্যা:

বাইবেলত কোৱা হৈছে যে স্বামী-স্ত্ৰী “এক-দেহ” হয়। (মথি ১৯:৫) নতুনকৈ বিয়া হোৱা কিছুমান দম্পতীয়ে বাইবেলত কোৱা এই কথাষাৰৰ ভুল অৰ্থ বুজি পায়। তেওঁলোকে ভাৱে যে স্বামী-স্ত্ৰীৰ মতামত আৰু ব্যক্তিত্ব একে হোৱা উচিত। কিন্তু তেওঁলোকে কিছুসময়ৰ পাছত গʼম পাই যে এইদৰে সপোনতহে হʼব পাৰে। বিয়া হোৱাৰ কিছুদিনৰ পাছতেই তেওঁলোকৰ মতামত নিমিলাৰ বাবে কাজিয়া আৰম্ভ হয়। লিন্ডাই কৈছে, “আমাৰ মাজৰ আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হৈছে, তেওঁ যিমান চিন্তা নকৰে, তাতকৈ মই বেছি চিন্তা কৰোঁ। কেতিয়াবা কেতিয়াবা যেতিয়া মই বহুত চিন্তিত হৈ থাকোঁ, তেতিয়া তেওঁ নিচিন্ত হৈ থাকে, সেইবাবে মোক খং উঠে। কিয়নো মোৰ এনে অনুভৱ হয় যেন তেওঁ সেই বিষয়ে গুৰুত্ব দিয়া নাই, যিমান মই দিছোঁ।”

সমাধান:

আপোনাৰ জীৱন সংগী যেনেকুৱা আছে তেনেকুৱাই তেওঁক স্বীকাৰ কৰক। যদি কিবা বিষয়ত তেওঁ আপোনাতকৈ বেলেগ, তেনেহʼলে ইয়াৰ বাবে তেওঁৰ সন্মান কৰক। এয়া বুজিবলৈ এটা উদাহৰণলৈ মন কৰক: আপোনাৰ চকু আৰু কাণ বেলেগ বেলেগ ধৰণেৰে কাম কৰে। কিন্তু যেতিয়া আপুনি ৰাস্তা পাৰ হয়, তেতিয়া এই দুয়োটা অংগই একে-লগে মিলি ভালদৰে কাম কৰে। অনিতাৰ বিয়া হোৱা ত্ৰিশ বছৰ হৈ গʼল, তাই এইদৰে কৈছে, “যদি আমাৰ মতামত ঈশ্বৰৰ বাক্যৰ বিৰুদ্ধে নহয়, তেনেহʼলে আমি নিজৰ নিজৰ মতামত ৰাখিবলৈ অনুমতি দিওঁ। আচলতে আমাৰ বিয়া হৈছে, আমি এজনে আনজনৰ নকল নহয়।”

যদি আপোনাৰ সংগীৰ দৃষ্টিভংগী বা মতামত আপোনাৰ লগত মিল নাখায়, তেনেহʼলে কেৱল নিজৰ লাভৰ বিষয়ে চিন্তা নকৰিব, নিজৰ সংগীৰ ভাৱনাও বুজিবলৈ চেষ্টা কৰিব। (ফিলিপীয়া ২:৪) অনিতাৰ স্বামী অনিলে বিশ্বাস কৰে যে, “যদিও মই সকলো সময়ত মোৰ পত্নীৰ মতামতত সন্মত নহওঁ, কিন্তু মই মনত ৰাখিবলৈ চেষ্টা কৰোঁ যে মই নিজৰ মতামতকৈ মোৰ পত্নীক বেছি প্ৰেম কৰোঁ।” তাই যেতিয়া আনন্দিত হয়, তেতিয়া মইয়ো আনন্দিত হওঁ।”

এই পৰামৰ্শ পালন কৰি চাওক: আপোনাৰ সংগীৰ দৃষ্টিভংগী বা সমস্যা সমাধান কৰাৰ উপায় কেনেকৈ আপোনাতকৈ ভাল, তাৰ বিষয়ে লিখি ৰাখক।—ফিলিপীয়া ২:৩.

যদি আপুনি এজনে-আনজনক আদৰ কৰে, তেনেহʼলে আপোনালোকৰ বিবাহিত জীৱন আনন্দময় হৈ থাকিব আৰু আপোনালোক সদায় একে-লগে থাকিব পাৰিব। লিন্ডাই কৈছে, “এজনে-আনজনক সন্মান কৰিলে বিবাহিত জীৱনত সুৰক্ষা থাকে আৰু সন্তুষ্টি লাভ কৰিব পাৰি। স্বামী-স্ত্ৰীয়ে এজনে-আনজনক আদৰ কৰা উচিত।”

^ নামবোৰ সলনি কৰা হৈছে।

নিজকে সোধক . . .

  • মোৰ জীৱন সংগী মোতকৈ বেলেগ হোৱাৰ বাবে পৰিয়ালে কেনেকৈ লাভৱান হৈছে?

  • যদি কোনো এটা বিষয় বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে নহয়, তেনেহʼলে নিজৰ সংগীৰ কথা মানি লোৱাটো কিয় ভাল হʼব?