Skip to content

নিৰুৎসাহী লোকলৈ সান্ত্বনা

নিৰুৎসাহী লোকলৈ সান্ত্বনা

নিৰুৎসাহী লোকলৈ সান্ত্বনা

“গোটেই সৃষ্টিয়ে প্ৰসৱ-বেদনাৰ দৰে দুখ পাই, একে-লগে কেঁকাই আছে।” (ৰোমীয়া ৮;২২) এই কথাফাঁকি লিখাৰ ১,৯০০ বছৰৰ আগৰ পৰা মানৱজাতিযে অধিক দুখ-কষ্টত ভোগী আছিল। বহুতে নিৰুৎসাহী হৈছিল। সেইকাৰণে খ্ৰীষ্টানসকলক অনুৰোধ কৰা হৈছিল: “অল্প-সাহসীবিলাকক আশ্বাস দিয়া।”​—⁠১থিচলনীকীয়া ৫:⁠১৪.

আজি, মানৱজাতিৰ বেদনা আগতকৈও বেছি হৈছে আৰু বহুতো লোক নিৰুৎসাহত ভোগী আছে। কিন্তু এইটোৱে আমাক আচৰিত কৰা উচিত নে? নিশ্চয় নহয়, কাৰণ বাইবেলে ইয়াক ‘শেষ-কাল’ বুলি চিনাক্ত কৰিছে আৰু সেই সময়ত “ভয়ঙ্কৰ সময় উপস্থিত হব,” বুলি কৈছে। (২ তীমথিয় ৩:​১-৫) যীচু খ্ৰীষ্টয়ে ভবিষ্যবাণীত কৈছিল যে শেষ কালত “জাতিবিলাকৰ ক্লেশ হব” আৰু “পৃথিবীত যি যি ঘটিব, তাৰ চিন্তা আৰু ভয়ত মানুহবিলাক বিমূৰ্চ্ছিত হব।”​⁠(হেলনীয়া মুদ্ৰণ আমাৰ.) লূক ২১:​৭-১১, ২৫-২৭; মথি ২৪:​৩-১৪.

যেতিয়া মানুহবিলাকে দীৰ্ঘ দিন ধৰি দুশ্চিন্তা, সন্ত্ৰাস, বিষণ্ণতা, বা আন ঋণাত্মক অনুভূতিৰ অনুভৱ কৰে, তেতিয়া প্ৰায়ে তেওঁলোক নিৰুৎসাহ হয়। নিৰুৎসাহৰ কাৰণ সমূহ হব পাৰে কোনো আপোনজনাৰ মৃত্যুত পোৱা অত্যন্ত বেজাৰ, বিবাহ বিচ্ছেদ, চাকৰি হেৰুৱা, বা দীৰ্ঘ কাল ধৰি হোৱা বেমাৰ। মানুহে তেতিয়াও নিৰুৎসাহ অনুভৱ কৰে যেতিয়া তেওঁলোকে অকামিলা মনোবৃত্তি পোষণ কৰে যেনে, অকৃতকাৰ্য্যতা আৰু সকলোৱে তেওঁলোকৰ পৰা নিৰাশ হৈছে। যি কোনো ব্যক্তিয়ে মানসিক চাপৰ ফলত বিহ্বল হব পাৰে, কিন্তু যেতিয়া এজন ব্যক্তিৰ আশাহীন মনোবৃত্তি বৃদ্ধি হয় আৰু বেয়া পৰিস্থিতিৰ পৰা মুক্ত হবলৈ কোনো বাট বিচাৰি নাপাই, তেতিয়া তাৰ ফলত আৰু বেছি নিৰুৎসাহ হব পাৰে।

প্ৰাচীন কালৰ মানুহেও সেই একেই অভিজ্ঞতা অনুভৱ কৰিছিল। ইয়োবে বেমাৰ আৰু ব্যক্তিগত দুদৰ্শাৰ সম্মূখীন হৈছিল। তেওঁক ঈশ্বৰে ত্যাগ কৰিলে বুলি অনুভৱ কৰিছিল, সেইকাৰণে তেওঁ জীৱনৰ প্ৰতি বিতৃষ্ণা হৈ পৰিছিল। (ইয়োব ১০:১; ২৯:​২, ৪, ৫) যাকোবে তেওঁৰ পুত্ৰৰ আকষ্মিক মৃত্যুত ভাঙি পৰিছিল, নিৰুৎসাহৰ পৰা মুক্তি পাবলৈ মৃত্যু কামনা কৰিছিল। (আদিপুস্তক ৩৭:​৩৩-৩৫) নিজৰ গভীৰ পাপত অনুতপ্ত হৈ, ৰজা দায়ুদে এইদৰে বিলাপ কৰি কৈছিল: “ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ। মই নিচেইকৈ দুৰ্ব্বল আৰু ভগ্ন হৈছোঁ।”​—⁠গীতমালা ৩৮:​৬, ৮; ২ কৰিন্থীয়া ৭:​৫, ৬.

আজি, বহুতে নিৰুৎসাহ হৈ পৰে যেতিয়া তেওঁলোকৰ অত্যাধিক কৰভাৰ, দৈনন্দিন ৰুটিনৰ মতে চলাৰ চেষ্টা কৰি থকা যিটো তেওঁলোকৰ মানসিক, আবেগীক আৰু শাৰীৰিক সামৰ্থ্যৰ বাহিৰত। বাস্তৱিকৰূপে হোৱা মানসিক চাপ, ঋণাত্মক চিন্তাধাৰাৰ লগত জড়িত আৰু উদ্বেগে, শৰীৰক প্ৰভাবিত কৰে আৰু তাৰ ফলত আমাৰ মগজুৰ ৰাসায়নিক ভাৰসাম্যহীনতা হয়, এইদৰে নিৰুৎসাহ উৎপন্ন হয়।​—⁠হিতোপদেশ ১৪:৩০ পদৰ লগত তুলনা কৰক।

সাহাৰ্য্য যিটো তেওঁলোকৰ আৱশ্যক

ফিলিপ দেশৰ এজন প্ৰথম-শতাব্দীৰ খ্ৰীষ্টান ব্যক্তি ইপাফ্ৰদীত, “[তেওঁৰ বন্ধু] নৰিয়া পৰাৰ বাৰ্ত্তা শুনাৰ কাৰণে, . . . বৰ উদ্বিগ্ন [হতাশ, NW] হৈছিল।” ইপাফ্ৰদীত, যিজনক তেওঁৰ বন্ধুৱে পাঁচনি পৌলক ৰচদ-পাতি দিবৰ বাবে পঠাইছিল আৰু তেওঁ তাত গৈ পোৱাৰ পাছত নৰিয়াত পৰিছিল, তেওঁ হয়তো ভাৱিছিল যে তেওঁৰ বন্ধুয়ে তেওঁৰ কাৰণে নিৰাশ হৈছে আৰু তেওঁক এজন অসফল ব্যক্তি বুলি বিবেচনা কৰিছে। (ফিলিপীয়া ২:​২৫-২৭; ৪:১৮) পাঁচনি পৌলে তেওঁক কেনেকৈ সহায় কৰিলে?

তেওঁ ফিলিপীয়াৰ বন্ধুৰ নামত এখন চিঠি লিখি ইপাফ্ৰদীতৰ ঘৰলৈ পঠিয়াইছিল আৰু তাত এইদৰে লিখা আছিল: “এতেকে সম্পূৰ্ণ আনন্দেৰে তোমালোকে প্ৰভুত [ইপাফ্ৰদীত] গ্ৰহণ কৰিবা আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিবা।” (ফিলিপীয়া ২:​২৮-৩০) নিশ্চিন্তৰূপে ইপাফ্ৰদীতে পৌলে কোৱা প্ৰশংসা বাক্য আৰু ফিলিপীয়াসকলৰ স্নেহ, আন্তৰিক আদৰণিৰ পৰা তেওঁ নিজৰ হতাশগ্ৰস্ত ভাৰ কম কৰিবলৈ সহায় পাইছিল।

নিঃসন্দেহ, বাইবেলৰ পৰামৰ্শ “অল্প-সাহসীবিলাকক আশ্বাস দিয়া” এই কথাফঁকি একেবাৰে সত্য। এজনী নিৰুৎসাহী মহিলায়ে এইদৰে কৈছিল: “আমাক এইটো জনা আৱশ্যক যে অন্যলোকে, আমাৰ বিষয়ে এজন ব্যক্তিৰূপে চিন্তা কৰে। আপুনি অন্যলোকে কওঁতে শুনাৰ আৱশ্যক যে ‘মই বুজিছো, তুমি ঠিক হৈ যাবা।’ ”

নিৰুৎসাহী ব্যক্তিয়ে, সহানুভূতি দেখুৱা এজন ব্যক্তিক বাছি উলিওৱা আৱশ্যক, যাতে তেওঁৰ লগত কথা পাতিব পাৰে। সেইজন এনে এজন ব্যক্তি হোৱা উচিত যিজনে মনোযোগেৰে কথাবোৰ শুনে আৰু ধৈৰ্য্যশীল হয়। তেওঁ বা তাই নিৰুৎসাহী ব্যক্তিক বক্তৃতা বা নিৰ্ণয়ত্মক কথা কব নালাগে, যেনেকৈ ‘তুমি এইদৰে অনুভৱ কৰিব নালাগে’ বা ‘এইটো ভুল ধাৰণা হয়।’ নিৰুৎসাহী ব্যক্তি বৰ আবেগীক আৰু এইধৰণৰ কঠোৰ বাক্যয়ে তেওঁক নিজৰ বিষয়ে আৰু বেছিকৈ বেয়া অনুভৱ কৰাব পাৰে।

এজন নিৰুৎসাহী ব্যক্তিয়ে নিজকে মুল্যহীন বুলি অনুভৱ কৰিব পাৰে। (যোনা ৪:⁠৩) তথাপি, মনত ৰখা উচিত যে তেওঁ যি বস্তুত প্ৰকৃততে গুৰুত্ব দিয়ে, ঈশ্বৰে সেইবিলাকত কিমান গুৰুত্ব দিয়ে। লোকসমূহে যীচু খ্ৰীষ্টক “শ্ৰেষ্ঠ জ্ঞান কৰা নাই,” কিন্তু, এইবুলি ঈশ্বৰৰ আগত তেওঁৰ শ্ৰেষ্ঠতা কমি যোৱা নাছিল। (যিচয়া ৫৩:⁠৩) নিশ্চিত হওঁক, যেনেকৈ ঈশ্বৰে তেওঁৰ প্ৰিয় পুত্ৰক প্ৰেম কৰে, তেনেকৈ আপোনাকো প্ৰেম কৰে।​—⁠যোহন ৩:⁠১৬.

যীচুৱে, যিসকলে দুঃখিত হৈছিল তেওঁলোকৰ প্ৰতি সহানুভূতি দেখুৱাইছিল আৰু তেওঁলোকৰ ব্যক্তিগত মূল্য বুজি সহায় কৰিবলৈ চেষ্টা কৰিছিল। (মথি ৯:৩৬; ১১:​২৮-৩০; ১৪:১৪) তেওঁ বৰ্ণনা কৰিছিল যে ঈশ্বৰৰ আগত এটা নগন্য ঘনচিৰিকা চৰাইৰো মূল্য আছে। তেওঁ কৈছিল: “সেইবোৰৰ এটিকো ঈশ্বৰৰ আগত পাহৰি নাযায়।” যিসকলে তেওঁৰ ইচ্ছামতে চলিবলৈ চেষ্টা কৰে, তেওঁলোক ঈশ্বৰৰ আগত কিমান যে মূল্যবান! এই বিষয়ে যীচুৱে কৈছিল: “তোমালোকৰ মূৰৰ সকলো চুলিও গণা হৈছে।”​—⁠লূক ১২:​৬, ৭.

বাস্তৱতে, যিজনে গভীৰ নিৰুৎসাহত ভোগী আছে, যিজনক দুৰ্বলতায়ে জুৰুলা আৰু অসমৰ্থতা কৰি তুলিছে, সেই ব্যক্তিজনৰ কাৰণে বিশ্বাস কৰাটো কঠিন হয় পৰে যে ঈশ্বৰৰ আগত তেওঁ মূল্যবান। তেওঁ হয়তো অনুভৱ কৰিব পাৰে যে ঈশ্বৰৰ প্ৰেম আৰু চিন্তাৰ কাৰণে তেওঁ যোগ্য নহয়। ঈশ্বৰৰ বাক্যয়ে স্বীকাৰ কৰিছে, “আমাৰ হৃদয়ে আমাক দোষী কৰে।” কিন্তু এইটোৱে সিদ্ধান্তত উপনীত হোৱা কাৰণ নে? নহয়। ঈশ্বৰে জানে যে অসিদ্ধ মানৱজাতিয়ে ঋণাত্মক চিন্তাধাৰা আৰু নিজকে জগৰীয়া কৰিব পাৰে। সেইকাৰণে তেওঁৰ বাক্যয়ে তেওঁলোকক সান্ত্বনা দিয়ে: “কিয়নো ঈশ্বৰ আমাৰ হৃদয়তকৈয়ো মহান, আৰু তেওঁ সকলোকে জানে।”​—⁠১ যোহন ৩:​১৯, ২০.

হয়, আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃয়ে আমাৰ পাপ আৰু ভুলবিলাকতকৈ আমাক বেছি গুৰুত্ব দিয়ে। তেওঁ আমাৰ লঘু অৱস্থা, আমাৰ সম্পূৰ্ণ জীৱন প্ৰদ্ধতি, আমাৰ অভিপ্ৰায় আৰু উদ্দেশ্য সম্পৰ্কে জানে। তেওঁ এইটোও জানে যে আমি পাপ, বেমাৰ, আৰু মৃত্যুৰ উত্তৰধিকাৰী সেইকাৰণে আমি সীমাবদ্ধ। এই কাৰণে আমি দুখী অনুভৱ কৰো আৰু নিজকে সমস্যাত পেলাওঁ, এইটো এই কথাৰ প্ৰমাণ যে আমি পাপ কৰিব নিবিচাৰো আৰু সীমাৰ পৰা আঁতৰি যোৱা নাই। বাইবেলে কৈছে যে আমি আমাৰ ইচ্ছাৰ বিৰুদ্ধে “অসাৰতাৰ বশীকৃত” হলোঁ। সেইকাৰণে ঈশ্বৰে আমাৰ শোচনীয় অৱস্থাত সমবেদনা প্ৰকাশ কৰে আৰু আমাৰ দুৰ্বলতাক কৰুণাৰে দৃষ্টি কৰে।​—⁠ৰোমীয়া ৫:১২; ৮:⁠২০.

“যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ,” বুলি আমাক আশ্বাস দিয়া হৈছে। “পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে। কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।” (গীতমালা ১০৩:​৮, ১২, ১৪) সচাঁকৈ, যিহোৱা “সকলো সান্ত্বনাৰ ঈশ্বৰ। . . . এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।”​—⁠২ কৰিন্থীয়া ১:​৩, ৪.

নিৰুৎসাহী লোকসকলে একান্তভাৱে দয়ালু ঈশ্বৰৰ কাষ চপাৰ আৱশ্যক আৰু তেওঁৰ নিমন্ত্ৰণ স্বীকাৰ কৰি ‘তেওঁলৈ আপোনাৰ ভাৰ সমৰ্পণ কৰক।’ তেওঁ অৱশ্যে “সেই ভগ্নচিত্তিয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস” কৰে। (গীতমালা ৫৫:২২; যিচয়া ৫৭:১৫) সেইকাৰণে ঈশ্বৰৰ বাক্যয়ে আমাক প্ৰাৰ্থনা কৰিবলৈ উৎসাহ দি, এইদৰে কৈছে: “সকলো চিন্তাৰ ভাৰ [যিহোৱাৰ] ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।” (১ পিতৰ ৫:⁠৭) হয়, প্ৰাৰ্থনা আৰু নিবেদনৰ দ্বাৰা এজন ব্যক্তিয়ে ঈশ্বৰৰ কাষ চাপিব পাৰে আৰু “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি,” উপভোগ কৰিব পাৰে।​—⁠ফিলিপীয়া ৪:​৬, ৭; গীতমালা ১৬:​৮, ৯.

জীৱন-প্ৰণালীত ব্যৱহাৰিকৰূপে সাল-সলনিয়ে এজন ব্যক্তিক, নিৰুৎসাহ অনুভূতিৰ পৰা জয়ী হবলৈ সহায় কৰিব পাৰে। শাৰীৰিক ব্যায়াম, জুতিলগা আহাৰ, স্বাস্থ্যকৰ বায়ু সেৱন কৰা, আৰু যথেষ্ঠ পৰিমাণে জিৰণি লোৱা, আৰু অধিক মাত্ৰাত টি. ভি. চোৱাতো পৰিহাৰ কৰা, এই সকলোবোৰ গুৰুত্বপূৰ্ণ। এগৰাকী মহিলায়ে, নিৰুৎসাহ ব্যক্তিসকলক দ্ৰুতগতিত খোজ কঢ়াৰ পৰামৰ্শ দি সহায় কৰিছিল। এজনী নিৰুৎসাহী মহিলায়ে কৈছিল: “মই ফুৰা-চকা কৰাটো নিবিচাৰো,” এই মহিলাগৰাকীয়ে নম্ৰ কিন্তু দৃঢ়ভাৱে উত্তৰ দিছিল: “হয়, আপুনি ফুৰা-চকা কৰিবলৈ গৈ আছে।” মহিলা গৰাকীয়ে ৰিপৰ্টত কৈছিল: ‘আমি ৬ কিলোমিটাৰ খোজ কাঢ়িছিলো। যেতিয়া আমি ঘূৰি আহিছিলো, তাই ভাগৰি পৰিছিল, কিন্তু তাই আগতকৈ সুস্থ অনুভৱ কৰিছিল। যেতিয়ালৈকে তাক আপুনি নিজে চেষ্টা নকৰে যে এই প্ৰবল ব্যায়াম কিমান লাভদায়ক তেতিয়ালৈকে আপুনি বিশ্বাস নকৰিব পাৰে।’

যিহেতু, কেতিয়াবা সকলো চেষ্টা, চিকিৎসা প্ৰদ্ধতি লোৱাৰ স্বত্তেও সম্পূৰ্ণৰূপে নিৰুৎসাহৰ পৰা জয়ী হোৱটো সম্ভৱ নহয়। “মই সকলো চেষ্টা কৰিলো,” এজনী মধ্য-বয়সীয়া মহিলায়ে এইদৰে কৈছিল, “কিন্তু নিৰুৎসাহ তেতিয়াও আঁতৰ হোৱা নাই।” ঠিক সেইদৰে, আজি অন্ধ, কলা, বা খোৰাক আৰোগ্য কৰাটো সম্ভৱ নহয়। তথাপি, নিৰুৎসাহী ব্যক্তিয়ে নিতৌ ঈশ্বৰৰ বাক্য পঢ়াৰ দ্বাৰা সান্ত্বনা আৰু আশা পাব পাৰে, যিয়ে আশা দিয়ে যে মানৱজাতিয়ে সকলো বিপত্তিৰ পৰা চিৰস্থায়ী মুক্তি পাব।​—⁠ৰোমীয়া ১২:১২; ১৫:⁠৪.

যেতিয়া কোনো ব্যক্তি পুনৰ নিৰুৎসাহ নহব

যেতিয়া যীচুৱে শেষ কালত পৃথিবীত আহিব লগীয়া ভয়ানক পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰিছিল, তেওঁ আগলৈ এই দৰে কৈছিল: “এইবোৰ কথা ঘটিবৰ আৰম্ভন হলে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ মুক্তি ওচৰ চাপিছেহি।” (লূক ২১:২৮) এই বিষয়ে যীচুৱে কৈছিল, মুক্তি পাই ঈশ্বৰৰ ধাৰ্ম্মিক নতুন জগতত প্ৰৱেশ কৰা, যʼত “সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ, ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব।”​—⁠ৰোমীয়া ৮:২১.

কি যে শান্তি হব যেতিয়া মানৱজাতিয়ে অতীতৰ বোজাৰ পৰা মুক্ত হয় আৰু দিনৰ কাম-কাজৰ কাৰণে উৎসুক, প্ৰত্যেক দিনে নিৰ্মল মনৰ সৈতে শুই উঠিব! আৰু কেতিয়াও নিৰুৎসাহৰ মেঘে কোনো এজনকো বাধা নিদিব। ঈশ্বৰে অৱশ্যে মানৱজাতিলৈ প্ৰতিজ্ঞা কৰিছে যে “তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”​—⁠প্ৰকাশিত বাক্য ২১: ৩, ৪.

অন্যথা কোনো প্ৰকাৰৰ নিৰ্দ্দে শিত নাথাকিলে, উল্লেখিত শাস্ত্ৰীয় পদসমূহ ভাৰতৰ বাইবেল চোচাইটিৰ দ্বাৰা প্ৰকাশিত পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে।