আল্লাই আমাৰ জীৱনৰ হিচাপ লয়নে নাইবা আমাৰ জীৱন কিচমতৰ ওপৰত নিৰ্ধাৰিত?
আল্লাই আমাৰ জীৱনৰ হিচাপ লয়নে নাইবা আমাৰ জীৱন কিচমতৰ ওপৰত নিৰ্ধাৰিত?
সেই দুটা প্ৰশ্নৰ উত্তৰ আপুনি কেনেকৈ দিব? দৰাচলতে এই বিষয়ে হয়তো আপুনি কেতিয়াও চিন্তা কৰা নাই। অথচ আপুনি আচৰিত এনে প্ৰশ্নই এজনে আনজনৰ বাবে কি কৰে, আপুনি এইদৰে কয়: ‘আমি বাস্তৱিকতে যি কৰো আল্লাই তাৰ বাবে আমাৰ পৰা হিচাব লব। আৰু আমাৰ কিচমতত যি আছে সেইয়ে ঘটিব।’
এয়া যদি আপোনাৰ মতামত হয়, অলপ সময়ৰ বাবে ৰওঁক আৰু চিন্তা কৰক!
কোনে আমাৰ পৰা হিচাব লব? আল্লাই। কোনে আমাৰ কিচমত নিৰ্দ্ধাৰণ কৰে? বহুতৰে উত্তৰ হব “আল্লাই।” কিন্তু এইটো যুক্তিপূৰ্ণনে? আপুনি এজন ব্যক্তিক জোৰ কৰি কাম এটা কৰোৱাৰ পাছত, সেই কামটো কৰাৰ বাবে দোষীসাৱ্যস্ত কৰে? বিবেচনা কৰক, এজন আব্বায়ে নিজৰ লৰাটোক বাহিৰলৈ যাবলৈ বাধা দিবৰ বাবে ৰাতিপুৱাতে ঘৰৰ দুৱাৰত তলা মাৰি দিয়ে। গধুলি ঘৰলৈ উভটি আহি দেখে যে গোটেই দিনটো লৰাটো ঘৰতে আছে। এতিয়া, বাপেকে পুতেকক কিয় বাহিৰলৈ যোৱা নাই বুলি সুধি সম্ভৱত এলেহুৱা বুলি শাস্তি দিয়ে? এইয়া উচিত হবনে? এনে আব্বাৰ বাবে আপুনি কি ভাৱিব?
আপুনি কব, ‘এনেকৈ কেতিয়াও হব নোৱাৰে।’ কিন্তু কিছুমানৰ মতে, এয়া আল্লাই কৰিছে। ভাল আৰু বেয়া আল্লাৰ পৰা হয় আৰু তেওঁ সকলো আমাৰ কিচমতত সমস্ত জীন্দেগীৰ বিষয়ে লিখি থৈছে, তেন্তে বেয়া কামৰ বাবে কিয় জগৰীয়া কৰিব? আল্লাই বিচৰাৰ দৰে যদি আমি কাম কৰিছো, তেন্তে কিয় আমি আমাৰ কামৰ বাবে জবাবদিহি? কিয় আমি আমাৰ পছন্দ নথকা কামৰ বাবে আল্লাক উত্তৰ দিয়া প্ৰয়োজন?
সম্ভৱত এই কথাষাৰ আপুনি এইদৰে ভাৱিছে: ‘এইটো বহুত গুৰুত্বপূৰ্ণ বিষয়। আল্লাৰ ৰাহ মকৰল কৰিবলৈ আমি কোন? ধৰ্ম্মতত্ত্ববিদ সকলৰ যুক্তি এই বিষয়ত চাওঁকচোন। ’
আপুনিও প্ৰভাৱিত
আমাৰ সকলোকে এই প্ৰশ্নবোৰে প্ৰভাৱিত কৰে। এই জগতত, আমি কেৱল এটা জীন্দেগানী জীন্দা থাকো আৰু ই সোনকালেই ঢুকাই যায়। উপৰত উল্লেখিত প্ৰশ্নৰ উত্তৰৰ দ্বাৰা আমি কেনেকৈ আমাৰ জীন্দেগী-নিৰ্বাহ কৰো ইয়ে গভীৰভাৱে প্ৰভাৱিত কৰে। যদি আল্লাই আমাৰ কিচমত নিৰ্ণয় কৰে, তেনেহʼলে আমি কিয় আমাৰ উন্নতিৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন আছে? আনকি কিয় আল্লাৰ বিষয়ত ইল্ম লোৱা প্ৰয়োজন? “জায়জ” আৰু “নাজায়জ,” “নেকি” আৰু “বডি” এই শব্দবোৰ অৰ্থহীন। ই কিচমতত লিখা আছে বুলি গোনাহকে কৰি থাকিলে আমি অলপো পৰিৱৰ্তন নহম, কিয়নো আমি কৰা কাৰ্য্যবোৰ আগতে কিচমতত লিখা হʼল।
যদি সেয়া হয়, তেন্তে কিয় আল্লাই তেওঁৰ আজ্ঞাৰ বিষয়ে আগৰেই পৰা শিকাই আহিছে? কিয় তেওঁ নবীসকলক পঠাইছিল? কিয় কিতাপবোৰ, যাক আল্লাৰ কালাম বুলি কয় লিখা হʼল? যদি কিচমতে আমাক নিৰ্ণয় কৰে, তেন্তে এই সকলোবোৰ অৰ্থহীন নে? নিশ্চয়, ইনচানৰ ইল্মে এনে যুক্তিৰ হেতু বাদ-বিবাদলৈ আনে। যুক্তিসঙ্গত এই যে ইনচানৰ হৃদয়ে ইয়াক কেতিয়াও গ্ৰহণ নকৰে।
আনহাতে, আমাৰ প্ৰত্যেকৰে স্বাধীন ইচ্ছা আছে আৰু আমি জীন্দা থাকোতে যি কৰো তাৰ বাবে আল্লাই হিচাপ লয়, তেনেহʼলে আমি ক্ষন্তেকীয়া জীন্দেগীত আল্লাৰ চহি ইল্ম, তেওঁৰ উদ্দেশ্যৰ বিষয়ে আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে জীন্দেগী-নিৰ্বাহ কৰিবলৈ শিকা উচিত। প্ৰতিজন জিন্দা ইনচানৰ বাবে এইটো ব্যক্তিগত দায়ীত্ব। এজনৰ কাৰণে আন এজনে আল্লাক এবাদত কৰিব নোৱাৰে। তুৰ্কীৰ এটা যোজনা এনে ধৰণৰ, “বজাৰত বকৰিৰ গোচ, ওলমাই থোৱা হয় চালচেলোৱা মঙহ।” তাৰ অৰ্থ হৈছে প্ৰত্যেকেই নিজ গোনাহৰ উত্তৰ দিব লাগিব।
আপুনি মনোযোগ দিয়কচোন, এই প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ জনাটো কিমান প্ৰয়োজন: আল্লাই আমাৰ হিচাব-নিকাচ লব নে? বা কিচমতে আমাৰ জীন্দেগী নিৰ্ণয় কৰে নে?
ইয়াৰ উত্তৰবোৰ কʼত পাব
আমি আমাৰ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম? কিতাবুল মোকাদ্দস, ইছলামিক গ্ৰন্থৰ অন্তভুক্ত তৌৰাত, জবুৰ, ইঞ্জীল, যাক “আল্লাৰ কালাম” বুলি a নিম্নলিখিত কথাখিনি আমি কিতাবুল মোকাদ্দসত এইদৰে পঢ়ো: ‘কিন্তু যদি দুষ্টই নিজে কৰা আটাই গোনাহৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে, উচিত আৰু ন্যায় কাৰ্য্য কৰে, তেন্তে সি অৱশ্যে জীন্দা থাকিব, নমৰিব। আল্লা যিহোৱাই কৈছে, ‘দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীন্দা থাকিব, ইয়াত সন্তুষ্ট নহৈ তাৰ মৃত্যুত জানো মই কোনো সন্তোষ পাওঁ? ’ (ইহিষ্কেল ১৮:২১. ২৩) ত্যক্ষভাৱে, এজন গোনাহগাৰে নিজৰ জীন্দেগীৰ পথ সলনি কৰিব পাৰে। তেওঁৰ গোটেই জীন্দেগী গোনাহগাৰ হৈ থাকিবলৈ মকৰল কৰা নাই।
গ্ৰাহ্য কৰে।একেই সিদ্ধান্ত কিতাবুল মোকাদ্দসে এনেদৰে কৈছে “হে মনুষ্য-সন্তান, মই তোমাক ইস্ৰায়েলৰ-বংশৰ নিমিত্তে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা। তুমি নিশ্চয়ে মৰিবা, এই বুলি মই দুষ্টক কোৱা সময়ত তুমি তাক সতৰ্ক নকৰিলে, বা তাৰ প্ৰাণ নিস্তাৰ কৰিবৰ নিমিত্তে তাৰ মন্দ পথৰ পৰা তাক সাৱধান হবলৈ নকলে, সেই দুষ্ট লোক নিজ অপৰাধত মৰিব; কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তৰ প্ৰতিশোধ লম।”—ইহিষ্কেল ৩:১৭, ১৮.
আল্লাৰ কালামে স্পষ্টকৈ কৈছে যে ইনচানৰ জীন্দেগী কিচমতে পৰিচলনা নকৰে। ইনচানৰ হকীকতৰূপে নিৰ্বাচন কৰাৰ সমৰ্থ আছে। ইনচানে, নেকি আৰু গোনাহ এই দুয়োটাই কৰিব পাৰে। অজ্ঞাতৰ বাবে যদি আল্লাৰ নাফৰমানী কৰে, সত্য শিকিলে ভাল কাম কৰিবলৈ নিজকে সলনি কৰি আৰু জীন্দেগী লাভ কৰিব পাৰে। সাধাৰণতে, আমি আমাৰ কাৰ্য্যৰ বাবে দায়ী।
আপুনি কেনেকৈ নিৰ্বাচন কৰিব?
কিতাবুল মোকাদ্দসে কৈছে যে আমাৰ আল্লা হৈছে মোহব্বতৰ আল্লা, যত কোনো বদমাচি নাই। এই মোহব্বতৰ আল্লাই কৈছে: “মই আজি তোমালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, যে, মই তোমাৰ আগত জীন্দেগী আৰু মৰণ, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ।” (দ্বিতীয় বিবৰণ ৩০:১৯) আল্লাই ইনচানক স্বাধীন ইচ্ছা দি সৃষ্টি কৰিলে। ইনচানে আল্লাৰ উদ্দেশ্যৰ লগত মিল ৰাখি কাম কৰিবলৈ এৰি দিয়াত তেওঁলোক মৃত্যুৰ অধীনলৈ আহিল। যিয়ে নহওঁক কিয়, আপুনি মুকদ্দৰৰ ছিকন্দৰ হব পাৰে। কিন্তু আপুনি নিজৰ পথ নিজে বাচিব লাগিব। অন্য কোনেও আপোনাৰ জীন্দেগীৰ গতি সলনি কৰিব নোৱাৰে।
আপুনি জীন্দেগী কেনেকৈ নিৰ্বাচন কৰিব? প্ৰথমে, আপোনাৰ নিজৰ ওপৰত য়েকিন হব লাগিব যে কিতাবুল মোকাদ্দস আল্লাই নাজিল কৰিলে। ইয়াৰ বাবে, আন্তৰিকতাৰে নিৰপেক্ষভাৱে সেই কিতাপৰ অধ্যয়ন কৰা প্ৰয়োজন। তেতিয়া আপুনি কিতাবুল মোকাদ্দসৰ পৰা জানিব পাৰিব যে কিয় আল্লাই ইনচানক সৃষ্টি কৰিলে, আমাৰ কিয় মৌত হয়, মৌতৰ পাছত কি হয়, আৰু কেনেকৈ আল্লাক খুছ কৰিব পাৰি।
কেতিয়াও নকব: ‘ই বহুত কঠিন কাম; এইবোৰ কৰিবলৈ মই কাবিল নহওঁ।’ আল্লাই ৱাদা কৰা জীন্দেগী আৰু ইয়াক কোনো ইনচানে পাবৰ বাবে অসম্ভৱ কৰি দিছেনে? আমি বিচৰা খবৰ কিতাবুল মোকাদ্দসত আছে, তেনেহʼলে সেই কিতাপ অনুসন্ধানৰ বিষয়ে আল্লাই আমাক সহায় নকৰিব নে? হৃদয়েৰে চেষ্টা কৰক। ই আপোনাৰ বাবে আটাইতকৈ উপযুক্ত কাম হব।
এয়া জৰুৰী সময়
আৰু পলম নকৰিব। সময় অতি জৰুৰী। কিতাবুল মোকাদ্দসত আমি স্পষ্টভাৱে “চিন” বিচাৰি পাওঁ আৰু ইয়ে আমাক এই আখেৰী জামানাৰ বিষয়ে জানিবলৈ দিয়ে। (মথি ২৪:৩) ইয়াত কিছুমান চিনৰ বিষয়ে উল্লেখ কৰা হৈছে:
“জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব।” “ঠায়ে ঠায়ে আকাল হব।” (মথি ২৪:) “বৰ ভূমিকম্প আৰু মহামাৰী হব।” (লূক ২১:১১) “অধৰ্ম্ম অধিক হৈ যাব।”—মথি ২৪:১২.
মথি ২৪:৩৪) সকলো ঘটনাই সাক্ষী দিয়ে আমিয়েই আখেৰী জামানাৰ লোক।
কিতাবুল মোকাদ্দসৰ অনুসৰি, এই আখেৰী জামানাৰ চিনবোৰ এটা কালত সকলো একেলগে পৰি-পূৰ্ণ হব, আৰু শেষ নোহোৱা পয্যন্ত এই বিশেষ কালৰ ইনচানবিলাক লুপ্ত নহব। “এই সকলো নঘটেমানে, এই কালৰ ইনচানবিলাক লুপ্ত নহব।” (সেই বাবে আমি আপোনালোকক পলম নকৰি কিতাবুল মোকাদ্দস পৰীক্ষা কৰিবলৈ আমন্ত্ৰণ কৰিছো। আল্লাৰ কালামে আমাক কয়: “আমি সকলোৰে সাৰ কথা শুনো। আল্লালৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই ইনচানৰ সকলো কৰ্তব্য কৰ্ম্ম। কাৰণ আল্লাই ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ে সৈতে সকলো কৰ্ম্ম বিচাৰ স্থানলৈ আনিব।—হেদায়তকাৰী ১২:১৩, ১৪.
এই আখেৰী জামানাত জীন্দেগীৰ বাবে এক শুদ্ধ পথ নিৰ্বাচন কেনেকৈ কৰিব পাৰে, যদি আপুনি ইয়াৰ বিষয়ে জানিব বিচাৰে অনুগ্ৰহ কৰি নিম্নলিখিত ঠিকনাৰ লগত যোগাযোগ কৰক, আৰু আমি আপোনাক সহায় কৰিবলৈ আনন্দিত হম।
[ফুটনোটবোৰ]
a কোৰাণত আমি এইদৰে পঢ়ো: “কিছুমান নবীৰ পিছত, ইছা, মৰিয়মৰ পুতেকক পথোৱা হʼল এই কথা তৌৰাতত প্ৰকাশিত হৈছে, তেওঁৰ হিদায়ত হʼল আমাৰ বাবে পথ-প্ৰদৰ্শন ও জ্যোতি, তোৰাতৰ আগতে এই সকলো প্ৰকাশিত হʼল এজন পথ নিৰ্ণয়ক আৰু নেকবান্দা যোগেদি। গতিকে পৰামৰ্শ অনুকৰণকাৰী সকলে আল্লাই কি কব বিচাৰিছে বিবেচনা কৰক। গোনাহগাৰসকল আল্লাৰ প্ৰকাশিত বিচাৰৰ আধাৰ নহʼল।” (এন. জে. দাউদে অনুবাদ কৰা কোৰাণৰ পঞ্চম পাৰা ৪৬ আৰু ৪৭ আয়াতত এইদৰে অনুমোদিত কৰিছে।) বহুতে দাবী কৰে তৌৰাত, জবুৰ আৰু ঈঞ্জীল—কিতাবুল মোকদ্দসৰ অংশ—সাল-সলনি কৰা হʼল; তাৰ অৰ্থ এইদৰে কব পাৰেনে যে আল্লাই দিয়া আচমানী কিতাপ সংৰক্ষণৰ ব্যৱস্থা কৰা নাই। এনে ভাৱ প্ৰকাশ কৰোতাই আল্লাক দুৰ্ব্বল বুলি জগৰীয়া কৰে।
ইয়াত উল্লেখিত পবিত্ৰ কোৰাণ শৰীফৰ সকলো আয়াত, আলহাজ্ব মাওলানা এ, কে, এম, ফজলুৰ ৰহমান মুন্সীৰ দ্বাৰা অনুবাদীত বঙালী কোৰাণৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে, আৰু উল্লেখিত কিতাবুল মোকাদ্দসৰ আয়াতসমূহ বঙালী সংস্কৰণৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।
[৬ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
স্বীকৃতি ছবি: Car interior on cover: H. Armstrong Roberts.