Skip to content

পৰিয়াল জীৱনৰ আনন্দ লওঁক

পৰিয়াল জীৱনৰ আনন্দ লওঁক

পৰিয়াল জীৱনৰ আনন্দ লওঁক

বাস্তৱতে পৰিয়াল সুখী হব পাৰেনে?

ই কেনেকৈ সম্ভৱ?

আপুনি এনে এটা পৰিয়ালৰ বিষয়ে জানেনে যি পৰিয়াল এই ট্ৰ্যাক্‌ট্‌ত (Tract) দেখুৱাৰ দৰে একতা আৰু সুখী? সকলো ঠাইতে পৰিয়ালৰ বন্ধন ভাঙি পৰিছে। বিবাহ বিচ্ছেদ, চাকৰিত সুৰক্ষাৰ অভাৱ, এক-জনক পৰিয়ালৰ সমস্যা, নিৰাশা​—⁠এই সকলোয়ে সংকটজনক অৱস্থাৰ সৃষ্টি কৰে। পৰিয়াল জীৱনৰ এজন বিশেষজ্ঞয়ে দুখ প্ৰকাশ কৰি এইদৰে কৈছিল: “এতিয়া, পৰিয়াল অন্তৰ ভৱিষ্যবাণীৰ বিষয়ে প্ৰত্যেক ব্যক্তিয়ে পৰিচিত।”

আজি কিয় পৰিয়ালত ইমান গভীৰ সমস্যায়ে দেখা দিছে? আমি কেনেকৈ পৰিয়াল জীৱনক আনন্দময় কৰিব পাৰো?

পৰিয়াল কেনেকৈ আৰম্ভ হʼল

এই প্ৰশ্নৰ উত্তৰ দিবলৈ হʼলে, আমাক বিবাহ আৰু পৰিয়ালৰ আৰম্ভনিৰ বিষয়ে জনাৰ আৱশ্যক। যিহেতু ইয়াৰ এজন উদ্ভাৱক আছিল​—⁠এজন সৃষ্টিকৰ্ত্তা​—⁠পৰিয়ালৰ সদস্যসকলে পথ প্ৰদৰ্শনৰ বাবে তেওঁৰ ওপৰত নিৰ্ভৰ হোৱা উচিত, কিয়নো নিশ্চয়ে তেওঁ সকলোতকৈ ভালদৰে জানিব যে সম্পূৰ্ণৰূপে পৰিয়াল জীৱনৰ আনন্দ কেনেকৈ লব পাৰি।

মন কৰিবলগীয়া কথা এই যে, বহুতে বিশ্বাস কৰে, পৰিয়াল ব্যৱস্থাৰ কোনো উদ্ভাৱক নাই। ড্যা এনচাইক্লোপেডিয়া আমেৰিকানায়ে (The Encyclopedia Americana) কৈছে: “কিছুমান বিদ্বান ব্যক্তিসকলে মানৱৰ পৰা নিম্ন পশুৰ যুগল ব্যৱস্থাৰ সৈতে বিবাহৰ আৰম্ভণিক সম্বন্ধ পাতিবলৈ ইচ্ছা কৰে।” কিন্তু, যীচু খ্ৰীষ্টই পুৰুষ আৰু স্ত্ৰীৰ সৃষ্টি কাৰ্য্যৰ বিষয়ে কৈছিল। তেওঁ অতীতৰ বাইবেল বৃত্তান্তক উল্লেখ কৰি কৈছিল: “ঈশ্বৰে যাক যোগ কৰি দিলে, তাক মানুহে বিয়োগ নকৰক।”​—⁠মথি ১৯:​৪-৬.

গতিকে যীচু খ্ৰীষ্ট সত্য হয়। এজন বুদ্ধিয়ক ঈশ্বৰে প্ৰথম মানৱক সৃষ্টি কৰিলে আৰু সুখী পৰিয়াল জীৱনৰ ব্যৱস্থা কৰিলে। ঈশ্বৰে প্ৰথম দম্পতিক বিবাহত এক কৰি কৈছিল যে পুৰুষে “নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।” (আদিপুস্তক ২:​২২-২৪) বৰ্ত্তমান সময়ৰ পৰিয়ালৰ সমস্যাৰ কাৰণ, সৃষ্টিকৰ্ত্তাৰ বাক্য, বাইবেলৰ মানদণ্ড উলঙ্ঘন কৰাৰ বাবে হোৱা নাইনে?

সফলতাৰ বাবে পথ কোনটো?

যিদৰে আপুনি নিশ্চয় সচেতন যে আধুনিক জগতখন স্বাৰ্থপৰ আৰু আত্মসিদ্ধিক বৃদ্ধি কৰে। যুক্তৰাষ্ট্ৰৰ এজন অৰ্থ নৈতিক বিশেষজ্ঞায়ে এখন কলেজৰ স্নাতক শ্ৰেণীক এইদৰে কৈছিল: “লোভ স্ব্যাস্থ্যজনক। তোমালোকে লোভী হৈয়ো নিজৰ বিষয়ে ভাল অনুভৱ কৰিব পাৰা।” কিন্তু, ভৌতিক সা-সম্পদক অনুকৰণ কৰিলে সফলতা পোৱা নাযায়। দৰাচলতে, বস্তুবাদ, পৰিয়াল জীৱনৰ বাবে সকলোতকৈ ডাঙৰ বিপদ, কিয়নো ই মানৱ সম্বন্ধৰ মাজত বাধা আনে আৰু লোকসকলৰ সময় আৰু ধনৰ ক্ষতি কৰে। ইয়াৰ বিপৰীতে, কেৱল দুটা প্ৰবচনক বিবেচনা কৰক যিয়ে আমাক বুজিবলৈ সহায় কৰে যে সুখ-সম্পদৰ বাবে কি আৱশ্যক।

“হিংসাৰে সৈতে পোহতোলা গৰুতকৈ স্নেহেৰে সৈতে শাক ভোজন কৰাই ভাল।”

“বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰত্‌কৈ, শান্তিৰে সৈতে শুদায়ে এগৰাহ খোৱা ভাল।”

হিতোপদেশ  ১৫:১৭;  ১৭:  ,  “অসমীয়া পবিত্ৰ বাইবেল।” 

কিমান যে প্ৰভাৱশালী বাক্য, নহয়নে বাৰু? অলপ চিন্তা কৰক, যদি প্ৰত্যেক পৰিয়ালে এই শ্ৰেষ্ঠতাক বজাই ৰাখে তেতিয়া জগতখন কিমান বেলেগ হব! বাইবেলে কেনেকৈ পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ প্ৰতি ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে উত্তম পথ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ মাত্ৰ কেইটামান নিদেৰ্শন বিবেচনা কৰক।

স্বামীসকল: “নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত।”​—ইফিচীয়া ৫:​২৮-৩০.

বাক্যটি কিমান সৰল, কিন্তু বহুত ব্যৱহাৰিক! বাইবেলে এজন স্বামীক ‘তেওঁৰ পত্নীক সন্মান কৰিবলৈ’ নিৰ্দেশন দিছে। (১ পিতৰ ৩:⁠৭) তেওঁ তাইলৈ বিশেষ মনোযোগ দিযাৰ যোগেদি এইটো কৰিব লাগে আৰু তাত সন্মিলিত আছে স্নেহ, অন্তৰ্দৃষ্টি আৰু আশ্বাস। তেওঁৰ ভাৰ্য্যাৰ অভিমতক মুল্য দিব লাগে আৰু তাই কি কয় সেইটোও শুনিব লাগে। (আদিপুস্তক ২১:১২ সৈতে তুলনা কৰক।) আপুনি সন্মত নহবনে যে যিকোনো পৰিয়াল তেতিয়াহে লাভৱান হব, যদিহে স্বামীয়ে তেওঁৰ পত্নীক তেনেদৰে ব্যৱহাৰ কৰে, যেনদৰে নিজক কৰাটো বিচাৰে?​—⁠মথি ৭:⁠১২.

ভাৰ্য্যাসকল: ‘তোমাৰ স্বামীক গভীৰ সমাদৰ কৰা।’​—ইফিচীয়া ৫:⁠৩৩.

এজনী ভাৰ্য্যায়ে তাইৰ স্বামীৰ দ্বায়িত্বক সম্পূৰ্ণ কৰিবলৈ সহায় কৰাৰ যোগেদি পৰিয়াললৈ সুখৰ বৰঙনি যোগায়। এইটোৱে সেই অভিপ্ৰায় আছিল, যেতিয়া ঈশ্বৰে এজনী ভাৰ্য্যাক “তাৰ নিমিত্তে তাৰ এক উপযুক্ত সহকাৰী নিৰ্ম্মাণ” কৰিছিল। (আদিপুস্তক ২:১৮) যেতিয়া এজনী ভাৰ্য্যাই স্বামীক তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰি সমাদৰ দেখুৱাই আৰু তেওঁৰ সৈতে পৰিয়ালৰ উদ্দেশ্যবোৰক সফল কৰিবলৈ সহযোগ কৰে, আপুনি সেই পৰিয়ালৰ জীৱনলৈ আশীৰ্ব্বাদৰ মুল্যক উপলব্ধি কৰিব পাৰিবনে?

বিবাহৰ-সঙ্গী: “স্বামী আৰু ভাৰ্য্যাসকল এজনে আনজনৰ প্ৰতি বিশ্বাসী হোৱা উচিত।”​—ইব্ৰী ১৩:​৪, TEV.

যেতিয়া তেওঁলোক এজনে আনজনৰ প্ৰতি বিশ্বাসী হৈ থাকে, তেতিয়া পৰিয়াল নিশ্চয়ে লাভৱান হব। ব্যভিচাৰে, প্ৰায়ে এটা পৰিয়াল ধ্বংস কৰে। (হিতোপদেশ ৬:​২৭-২৯, ৩২) সেইকাৰণে বাইবেলে বুদ্ধিমানৰে আগ্ৰহ কৰে: “নিজৰ ভাৰ্য্যাৰ সৈতে সুখীৰে থাকা আৰু যি ছোৱালী সৈতে তুমি বিবাহ কৰা তাইৰ সৈতে আনন্দ প্ৰাপ্ত কৰা . . . তুমি কিয় নিজৰ প্ৰেম অন্য স্ত্ৰীক দিবা?”​—⁠হিতোপদেশ ৫:​১৮-২০, TEV.

পিতৃ-মাতৃসকল: “[নিজৰ সন্তানক ] চলিব লগীয়া পথ অনুসাৰে [তেওঁলোকক ] শিক্ষা দিয়া।”​—হিতোপদেশ ২২:⁠৬.

যেতিয়া পিতৃ-মাতৃয়ে সন্তানৰ প্ৰতি সময় আৰু মনোযোগ দিয়ে, নিশ্চয় তেতিয়া পৰিয়াল জীৱন উন্নত হয়। সেইবাবে, বাইবেলে পিতৃ-মাতৃসকলক “ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোঁতে” তেওঁলোকৰ সন্তানক নীতি-নিয়মবোৰ শিকাবলৈ আগ্ৰহ কৰে। (দ্বিতীয় বিবৰণ ১১:১৯) বাইবেলে এইটোও কৈছে যে পিতৃ-মাতৃসকলে সন্তানক অনুশাসনৰ দ্বাৰা দেখুৱাব লাগে যে তেওঁলোকে তেওঁলোকৰ সন্তানক প্ৰেম কৰে।​—⁠ইফিচীয়া ৬:⁠৪.

সন্তান: “হে সন্তানবিলাক, প্ৰভুত তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা।”​—ইফিচীয়া ৬:⁠১.

এইটো সত্য যে, এই ভক্তিহীন জগতত, সদায় নিজৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰাটো ইমান সহজ নহয়। কিন্তু, আপুনি সন্মত নহবনে যে পৰিয়ালৰ উদ্ভাৱকে যিটো আমাক কৈছে সেইমতে চলাতো জ্ঞানবানৰ কাম হব? তেওঁ জানে যে আমাৰ পৰিয়াল জীৱনক সুখী কৰিবলৈ আটাইতকৈ ভাল কি। সেইবাবে নিজৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰিবলৈ চেষ্টা কৰক। যিটো বেয়া তাক জগতৰ অনেক প্ৰলোভনে কৰা চেষ্টাৰ পৰা বাছিবলৈ দৃঢ়সঙ্কল্প হওঁক।​—⁠হিতোপদেশ ১:​১০-১৯.

প্ৰত্যেক পৰিয়ালৰ সদস্যই বাইবেলৰ উপদেশকক যিমানে প্ৰয়োগ কৰিব, সিমানে পৰিয়াল জীৱনত লাভৱান হব। মাত্ৰ বৰ্ত্তমান সময়ত যে পৰিয়াল এটা উৎকৃষ্ট জীৱনৰ আনন্দ লাভ কৰিব এনে নহয় কিন্তু ঈশ্বৰৰ দ্বাৰা প্ৰতিজ্ঞা কৰা নতুন জগতত এটা অৰ্পূব ভৱিষ্যৰো আশা দিব। (২ পিতৰ ৩:১৩; প্ৰকাশিত বাক্য ২১:​৩, ৪) সেইবাবে সকলোৱে একগোট হৈ বাইবেল অধ্যয়ন কৰিবলৈ পৰিয়ালত এটা অভ্যাস কৰক! পৃথিবীজুৰি লাখ লাখ পৰিয়ালে সুন্দৰৰূপে চিত্ৰিত কৰা সুখী পৰিয়ালৰ ৰহস্য (ইংৰাজী) কিতাপখনত দেখুৱা পথ প্ৰদৰ্শনৰ দ্বাৰাই সচাঁকৈ বহু লাভৱান হৈছে।

অন্যথা কোনো প্ৰকাৰৰ নিৰ্দ্দে শিত নাথাকিলে, উল্লেখিত শাস্ত্ৰীয় পদসমূহ ভাৰতৰ বাইবেল চোচাইটিৰ দ্বাৰা প্ৰকাশিত পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে

[৬ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

স্বীকৃতি চিত্ৰ: সিংহৰ পোৱালী: Courtesy Hartebeespoortdam Snake and Animal Park.