Skip to content

Skip to table of contents

আপোনাক কি কৰা উচিত?

আপোনাক কি কৰা উচিত?

আপোনাক কি কৰা উচিত?

৫০ আপুনি এই সুন্দৰ প্ৰমোদ বনত চিৰদিন জীয়াই থাকিব বিচাৰে নে?

তেন্তে ঈশ্বৰে কি কৈছে তাক অধিককৈ শিকক। বাইবেল পঢ়ি শিকিবলৈ চেষ্টা কৰক।—যোহন ১৭:৩; প্ৰকাশিত বাক্য ১:৩

৫১ যীচুৰ বিষয়ে অধিক কৈ শিকক।—দ্বিতীয় বিবৰণ ১৮:​১৮, ১৯; যোহন ৩:১৬; পাঁচনিৰ কৰ্ম্ম ৩:​১৯-২৩

৫২ কেৱল ভাল কাম কৰিবলৈ যত্ন কৰক আৰু যিহোৱাৰ আজ্ঞাধীন হওক।—ৰোমীয়া ৬:​১৭, ১৮, ২২

৫৩ মনত ৰাখিব, যিহোৱাই কৈছে আমি মানুহৰ হত্যাকাৰী হব নালাগে।—যাত্ৰাপুস্তক ২০:১৩; ১ যোহন ৩:​১১, ১২

৫৪ আমি অন্যৰ বস্তু লব নালাগে।—যাত্ৰাপুস্তক ২০:১৫; ইফিচীয়া ৪:⁠২৮

৫৫ পুৰুষে নিজৰ ভাৰ্য্যা অবিহনে অন্যৰ লগত বাসবাস বা শয়ন কৰিব নালাগে।—যাত্ৰাপুস্তক ২০:​১৪, ১৭; ১ থিচলনীকীয়া ৪:৩

৫৬ আপোনাৰ মনত আছেনে? ঈশ্বৰে এজন পুৰুষক কিমান জনী স্ত্ৰী বিয়া কৰিবলৈ অনুমতি দিছে? এজন স্বামীয়ে কেতিয়ালৈকে তেওব ভাৰ্য্যা সৈতে থাকিব লাগে।—আদিপুস্তক ২:​২২, ২৪; মথি ১৯:​৫, ৬; ১ কৰিন্থীয়া ৭:​২, ১০, ১১

৫৭ এইটোও মনত ৰাখিব লাগিব যে আমি কেৱল যিহোৱাক উপাসনা কৰিব লাগে।—মথি ৪:১০; ১ কৰিন্থীয়া ৮:৬

৫৮ মূৰ্ত্তি আৰু প্ৰতিমাবোৰে আমাক সহায় কৰিব নোৱাৰে কিয়?—১ কৰিন্থীয়া ৮:৪

মূৰ্ত্তি ৰখা উচিত নে?—দ্বিতীয় বিবৰণ ২৭:১৫; ১ যোহন ৫:⁠২১

৫৯ কিয় তাবীজ পিন্ধা আৰু জুজু ব্যৱহাৰ কৰা বেয়া?—দ্বিতীয় বিবৰণ ১৮:​১০-১৩; প্ৰকাশিত বাক্য ২১:৮

৬০ দুষ্ট স্বৰ্গদূত অথবা পিশাচ ঈশ্বৰৰ বিদ্ৰোহী। ইহঁতে মানুহক ভ্ৰান্তি জন্মাবৰ কৰনে জ্যোতিৰ্ষী বিদ্যাৰ সহায় লয়।—পাঁচনিৰ কৰ্ম্ম ১৬:⁠১৬

৬১ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনাৰ অৰ্থ হʼল ঈশ্বৰৰ সৈতে কথা বতৰা কৰা আৰু এইদৰে কব লাগে যে আমি তেওঁক সেৱা কৰিব বিচাৰিছো আৰু তেওঁৰ পৰা সহায় বিচাৰিছো?—ফিলিপীয়া ৪:​৬, ৭

৬২ আমি যীচুৰ আজ্ঞা মানিব লাগে আৰু তেওঁৰ প্ৰতি বিশ্বাস ৰাখিব লাগে।—ইব্ৰী ৫:৯; যোহন ৩:⁠১৬

৬৩ মনত ৰাখিব, তেওঁ আমাক বচাবলৈ মৃত্যুক সাবটি ললে।—ৰোমীয়া ৫:৮

৬৪ মনত ৰাখিব যীচু আমাৰ অদৃশ্য ৰজা। আমি তেওঁৰ আজ্ঞা মানিব লাগিব।—ফিলিপীয়া ২:​৯-১১; প্ৰকাশিত বাক্য ১৯:⁠১৬

৬৫ যীচুৱে কৈছে যিবোৰ ভাল কথা আপুনি শিকিছে অন্যৰ আগত তাক প্ৰকাশ কৰক। যি সকলে ঈশ্বৰক সেৱা কৰিব বিছাৰে তেওঁ বাপ্তিস্মা লব লাগে।—মথি ২৮:​১৯, ২০; যোহন ৪:​৭-১৫

৬৬ গতিকে আপুনি আপোনাৰ বন্ধু-বান্ধবৰ লগত এই ভাল কথাবোৰ আলোচনা কৰক।—মথি ১০:⁠৩২

৬৭ যদি আপুনি ভালকৈ পঢ়িব শিকে তেতিয়া অধিক জ্ঞান আপুনি লাভ কৰিব পাৰিব আৰু অন্যকো ভাল ধৰনে সহায় কৰিব পাৰিব।—২ তীমথিয় ২:⁠১৫

৬৮ যীচুৱে সৰু লৰা-ছোৱলীক ঈশ্বৰৰ আজ্ঞাকাৰী হব শিকাইছিল। লৰা-ছোৱলীৰ সৈতে আলাপ কৰিব নোৱাৰাৰ দৰে ব্যস্ত নহৈছিল।—মথি ১৯:​১৩-১৫

৬৯ মাক বাপেকে লৰা ছোৱালীক এনেদৰে শিক্ষা দিব লাগে যাতে তেওঁলোকে ঈশ্বৰৰ আজ্ঞা মানি চলে আৰু তেওঁ প্ৰতি প্ৰেম ৰাখে।—দ্বিতীয় বিবৰণ ৬:​৬, ৭ হিতোপদেশ ৬:​২০-২২; ইফিচীয়া ৬:৪

৭০ বিভিন্ন গীৰ্জাঘৰ আছে, বহুতৰ শিক্ষা বাইবেলৰ পৰা লোৱা নহয়। যিহোৱাই সত্যৰ আধাৰিত নোহোৱা ধৰ্ম ত্যাগ কৰিব কৈছে।—প্ৰকাশিত বাক্য ১৮:৪; যোহন ৪:​২৩, ২৪

৭১ যিহোৱাৰ মানুহ এই পৃথিবীত আছে, তেওঁলোকে এই বিষয়ে অধিক শিক্ষা দিব পাৰে। তেওঁলোক কোন জানেনে?—পাঁচনিৰ কৰ্ম্ম ১৫:১৪; ৰোমীয়া ১০:​১৪, ১৫

৭২ তেওঁলোক যিহোৱাৰ সাক্ষী। তেওঁলোকৰ মাজত শান্তি পোৱা যায়। কিয় জানেনে? কিয়নো তেওঁলোকৰ ইজনৰ সিজনৰ মাজত প্ৰেম আছে।—যিচয়া ৪৩:​১০-১২; যোহন ১৩:​৩৪, ৩৫

৭৩ কাৰণ তেওঁলোকে যিহোৱাক ভাল পায়। তেওঁলোকে বাপ্তিস্মা লৈছে। এইদৰে তেওঁলোকে দেখাশুনাকৈ প্ৰদৰ্শিত কৰিছে যে বেয়া পথ এৰি দি ঈশ্বৰৰ সেৱাৰ মাজেৰে নিজৰ জীৱন অতিবাহিত কৰিব বিচাৰে।—পাঁচনিৰ কৰ্ম্ম ২:⁠৪১

৭৪ যিহোৱা সাক্ষীসকলে সুন্দৰ প্ৰমোদ বনত জীয়াই থাকিবলৈ আশা কৰে।—গীতমালা ৩৭:​৯-১১, ২৯

তাত আপুনি তেওঁলোকৰ লগত থাকিবৰ কাৰণে আপোনাক কি কৰিব লাগিব?—যাকোব ১:​২২, ২৫; ২:​২০-২৬

৭৫ যিহোৱাক সেৱা কৰিবলৈ তেওঁলোকৰ লগ হওঁক। তেওঁলোকে যিহোৱা আৰু যীচু খ্ৰীষ্টক প্ৰেম কৰে। আপুনি প্ৰেম কৰে নে? আপুনিও অন্যক ঈশ্বৰৰ বিষয়ে জানিবলৈ সহায় কৰিব বিচাৰে নে?—যোহন ৬:​৪৫-৪৭

৭৬ যিহোৱা আৰু যীচু খ্ৰীষ্টই আপোনাক ভাল পায় আৰু প্ৰমোদবনত অনন্ত কাল জীয়াই থকাতো বিচাৰে।—যোহন ৩:⁠১৬

এই পুথিখনত থকা ছবি সমূহে আৰু বৰ্ণনা সমূহে যি শিকাৰ ওপৰত বিবেচিত কৰিছে যাৰ ফলত নিশ্চয়কৈ আপোনাক এই পৃথিবীত অনন্ত কাল জীয়াই থকাৰ আনন্দৰ অভিলাস দিব। যদি এই সম্পৰ্কে অধিক জানিব বিচাৰে, আমি পৰামৰ্শ দিও যে আপুনি স্থানীয় যিহোৱাৰ সাক্ষীৰ সৈতে আলাপ কৰক। বা, আপুনি লিখক বা অন্যৰ দ্বাৰা লিখাওক আপুনি থকা ওচৰৰ কাৰ্য্যালয়লৈ, যেনেকৈ এই পুথিখনৰ দ্বিতীয় পৃষ্ঠাত দেখুৱা ঠিকনা সমূহলৈ।