Skip to content

Skip to table of contents

আপোনাক কোনে সৃষ্টি কৰিলে?

আপোনাক কোনে সৃষ্টি কৰিলে?

আপোনাক কোনে সৃষ্টি কৰিলে?

ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।—আদিপুস্তক ১:১

ঈশ্বৰৰ এটা নাম আছে। তেওঁৰ নাম যিহোৱা।—গীতমালা ৮৩:⁠১৮

যিহোৱাই স্বৰ্গত বাস কৰে। তেওঁ আত্মা। আপুনি তেওঁক চাব নোৱাৰে।—যিচয়া ৬৬:১; যোহন ১:​১৮, ৪:⁠২৪

যিহোৱা ঈশ্বৰে বহুতো স্বৰ্গদূতক স্বৰ্গত সৃষ্টি কৰিলে। তেওঁলোকও আত্মা। তেওঁলোক শুদ্ধ। অতীজত স্বৰ্গীয়দূতে মানুহৰ আকাৰ লৈছিল বাবে মানুহে তেওঁলোকক দেখা পাইছিল।—ইব্ৰী ১:৭

যিহোৱাই মানুহ সৃষ্টি কৰাৰ আগতেই জীৱ-জন্তু সৃষ্টি কৰিছিল।—আদিপুস্তক ১:⁠২৫

যিহোৱাই আদম নামৰ এজন পুৰুষ আৰু তেওঁৰ স্ত্ৰী হাৱাক সৃষ্টি কৰিছিল।—আদিপুস্তক ১:⁠২৭

ঈশ্বৰে তেওঁলোকক এখন সুন্দৰ বাগিছা বা প্ৰমোদ বনত ৰাখিছিল। তেওঁ আদমৰ কাৰণে কেৱল এগৰাকী ভাৰ্য্যা সৃষ্টি কৰিছিল। আদমে কেৱল তেওঁৰ একমাত্ৰ ভাৰ্য্যাৰ সৈতে বাস কৰিছিল।—আদিপুস্তক ২:​৮, ২১, ২২, ২৪

মানুহ প্ৰাণী হয়।—আদিপুস্তক ২:৭

জীৱজন্তু প্ৰাণী হয়।—আদিপুস্তক ১:⁠২৪