Skip to content

যিহোৱা—তেওঁ কোন?

যিহোৱা—তেওঁ কোন?

যিহোৱাতেওঁ কোন?

হেনৰী মউ নামৰ এজন ফৰাচী অনুসন্ধাকাৰী ১৯ শতাব্দীত কম্বডিয়াৰ অৰণ্যত বাট বিচাৰি এটা বহল হ্ৰদে আগুৰি ৰখা মন্দিৰৰ কাষত উপস্থিত হয়। সেই মন্দিৰটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ধৰ্ম্মীয় স্মৃতি চিহ্নৰূপে জনা গৈছিল আৰু তাৰ নাম আছিল আঙ্গকৰ আশ্ৰম। প্ৰথম চাৱনিতে অনুসন্ধানকাৰী জনে কব পাৰিছিল যে শেলুৱৈৰে আবৰি থকা সেই মন্দিৰটো কোনো মানুহৰ দ্বাৰা নিৰ্ম্মাণ কৰা হৈছিল। সেইবাবে তেওঁ লিখিছিল “প্ৰাচীন মাইকেল এঞ্জেলৰ দৰে কোনো এজন ব্যক্তিয়ে ইয়াক নিৰ্ম্মাণ কৰিছে। ইয়াৰ সৌন্দৰ্য্য, গ্ৰীক বা ৰোমত ব্যৱহাৰ কৰা নিৰ্ম্মাণ কলাতকৈও সুন্দৰ আছিল।” যদিও এই মন্দিৰটো পৰিত্যক্ত আৰু অৱহেলাৰ অৱস্থাত আছিল, ইয়াত কোনো সন্দেহ নাই যে এই মন্দিৰটো কোনো ব্যক্তিয়ে নিৰ্ম্মাণ কৰিছিল।

ঠিক একেইদৰে মন কৰিবলগীয়া কথা হৈছে, এই নিৰ্ম্মাণ কাৰ্য্যক বুজিবলৈ কেইবা শতাব্দীৰ আগতে লিখা এখন শিক্ষামূলক কিতাপে এইদৰে ব্যাখ্যা কৰিছে: “কাৰণ প্ৰত্যেক ঘৰ কোনো জনৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যি জনাই সকলোকে স্থাপন কৰিলে, তেওঁ ঈশ্বৰ।” (ইব্ৰী ৩:⁠৪) যি ঈশ্বৰে এই “সকলোকে স্থাপন” কৰিলে তেওঁ কোন?

সৃষ্টিকৰ্ত্তা কোন?

এখন প্ৰাচীন পুস্তক অৰ্থাৎ বাইবেলে বহুত আগতেই এই প্ৰশ্নৰ উত্তৰ দিছে। বাইবেলৰ প্ৰথমশাৰী বাক্যত সেই সৃষ্টিকৰ্ত্তাজনৰ বিষয়ে স্পষ্টৰূপে বৰ্ণনা কৰিছে: “আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।”​—⁠আদিপুস্তক ১:⁠১.

সৃষ্টিকৰ্ত্তাজনে নিজকে আন ঈশ্বৰৰ পৰা পৃথক কৰিবলৈ নিজৰ অদ্বিতীয় নামক চিনাক্ত কৰিছে: “যি জনাই আকাশ-মণ্ডল সৃষ্টি কৰিলে, আৰু চন্দ্ৰতাপৰ দৰে তাক তৰিলে, যি জনাই পৃথিৱী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰা দৰে পাৰিলে, যি জনাই তাৰ ওপৰত থকা লোকবিলাকক নিশ্বাস-প্ৰশ্বাস দিয়ে, . . . সেই ঈশ্বৰ যিহোৱাই কৈছে।” (যিচয়া ৪২:⁠৫, ৬) হয়, সেই সৃষ্টিকৰ্ত্তাজনৰ নাম হৈছে যিহোৱা, যিজনাই গোটেই বিশ্বব্ৰহ্মাণ্ড আৰু এই পৃথিৱীত পুৰুষ আৰু স্ত্ৰী সৃষ্টি কৰিলে। কিন্তু যিহোৱা কোন? তেওঁ কেনে ধৰণৰ ঈশ্বৰ? আৰু আপুনি কিয় তেওঁৰ বাক্য শুনা উচিত?

তেওঁৰ অদ্বিতীয় নামৰ অৰ্থ

সৃষ্টিকৰ্ত্তা যিহোৱা নামৰ অৰ্থ কি? এই ঈশ্বৰীয় নাম চাৰিটা হিব্ৰু আখৰত লিখা হৈছে (יהוה) আৰু বাইবেলৰ হিব্ৰু ভাগত প্ৰায় ৭০০০ বাৰ এই নাম পোৱা যায়। এই নামটো হিব্ৰু ক্ৰিয়া পদ হা-ৱেহ ’ (“অস্তিত্বত অনা”) পৰা লোৱা হৈছে আৰু এইদৰে ইয়াৰ অৰ্থে হৈছে “তেওঁ অস্তিত্বত আনে।” অন্য অৰ্থত কবলৈ গʼলে যিহোৱাই নিজৰ উদ্দেশ্যক সম্পন্ন কৰিবলৈ বুদ্ধিমানৰূপে কাৰ্য্য কৰা দ্বাৰা নিজেই অস্তিত্বত অনাৰ মূল কাৰণ হʼল। এইদৰে তেওঁ সৃষ্টিকৰ্ত্তা, বিচাৰকৰ্ত্তা, উদ্ধাৰকৰ্ত্তা, জীৱনৰ প্ৰতিপালক, আৰু নিজ প্ৰতিজ্ঞাসমূহক সম্পূৰ্ণ কৰোঁতা ঈশ্বৰ হৈ পৰিল। ইয়াৰ উপৰিও হিব্ৰু ব্যাকৰণত দিয়া ক্ৰিয়া পদৰ অনুসৰি তেওঁৰ নামৰ অৰ্থ হৈছে প্ৰতিজ্ঞাসমূহক সম্পূৰ্ণ কৰিবলৈ কাৰ্য্য কৰা। এইটোৱে দেখুৱাইছে যে যিহোৱাই এতিয়াও তেওঁৰ প্ৰতিজ্ঞাসমূহক সম্পূৰ্ণ কৰাৰ মূল কাৰণ। হয়, তেওঁ এজন জীৱিত ঈশ্বৰ!

যিহোৱাৰ প্ৰধান গুণসমূহ

বাইবেলে তেওঁক এজন সৃষ্টিকৰ্ত্তা আৰু নিজ প্ৰতিজ্ঞাসমূহক সম্পূৰ্ণ কৰোঁতা শক্তিশালী ব্যক্তিৰূপে চিনাক্ত কৰিছে। যিহোৱাই নিজ গুণসমূহ প্ৰকাশ কৰি এইদৰে কৈছে: ‘ “যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান; হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা।” ’ (যাত্ৰাপুস্তক ৩৪:​৬, ৭) যিহোৱাক, দয়াৰে পৰিপূৰ্ণ থকা ঈশ্বৰ বুলি উল্লেখ কৰিব পাৰি। ইয়াত ব্যৱহাৰ কৰা হিব্ৰু শব্দক “প্ৰকৃত প্ৰেম” বুলিও কʼব পাৰি। যিহোৱাই তেওঁৰ চিৰস্থায়ী উদ্দেশ্যক সম্পন্ন কৰিবলৈ নিজ সৃষ্টিক প্ৰেম কৰে। আপুনি এনে প্ৰেমক প্ৰশংসা নকৰিবনে?

যিহোৱাই ক্ৰুদ্ধত ধীৰ হোৱাৰ বাবে আমাৰ ভুলবিলাকক পলম নকৰাকৈ ক্ষমা কৰে। যিজন ব্যক্তিয়ে আমাৰ ভুল-ভ্ৰান্তি বিলাকৰ ক্ষমা কৰে তেনে ব্যক্তিৰ সৈতে সম্পৰ্ক ৰখাতোঁ এক অতি আনন্দৰ কথা। ইয়াৰ অৰ্থ এইটো নহয় যে যিহোৱাই ইচ্ছাকৃত ভাবে কৰা অপৰাধীসকলক ক্ষমা কৰিব। এইবাবে তেওঁ এইদৰে কৈছে: “মই যিহোৱাই ন্যায় বিচাৰ ভাল পাওঁ, অন্যায়ৰূপে কাঢ়ি লোৱা ঘিণ কৰোঁ।” (যিচয়া ৬১:⁠৮) কিন্তু যিহোৱা এজন ন্যায়ী ঈশ্বৰ হোৱা বাবে তেওঁ মন পৰিৱৰ্তন নকৰা পাপীসকলক চিৰকাললৈ সহন কৰি নাথাকিব। গতিকে আমি নিশ্চিত হʼব পাৰোঁ যে সঠিক সময়ত যিহোৱাই আমাৰ চাৰিওফালে থকা দুষ্টপূৰ্ণ জগতক ধ্বংস কৰিব।

যিহোৱা এজন জ্ঞানী ঈশ্বৰ হোৱাৰ বাবে তেওঁ প্ৰেম আৰু ন্যায়ৰ মাজত সঠিক ভাৰসাম্যতা ৰাখে। সেইবাবে আমাৰ সৈতে আচৰণ কৰোঁতে তেওঁ এই দুয়োটা গুণত ভাৰসাম্যতা বজাই ৰাখে। (ৰোমীয়া ১১:⁠৩৩-​৩৬) নিঃসন্দেহ, তেওঁৰ জ্ঞান সকলোতে প্ৰকাশ পায়। আৰু ইয়াৰ প্ৰমাণ তেওঁ সৃষ্টি কৰা প্ৰাকৃতিক বস্তুসমূহে দিয়ে।​—গীতমালা ১০৪:⁠২৪; হিতোপদেশ ৩:⁠১৯.

আচলতে মাত্ৰ উপযুক্ত জ্ঞান থকাটোৱে যথেষ্ট নহয়। কোনো এজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে ঈশ্বৰক চিনাক্ত কৰাৰ পাছত তেওঁ বুজি পাব যে সৃষ্টিকৰ্ত্তা প্ৰকৃততে এজন অতি শক্তিশালী ব্যক্তি। বাইবেলে তেওঁক এইধৰণে বৰ্ণনা কৰিছে: “তোমাৰ চকু ওপৰলৈ তুলি দৃষ্টি কৰা, কোনে সৌবোৰ সৃষ্টি কৰিলে? যি জনাই সংখ্যা অনুসাৰে সেইবোৰৰ বাহিনীবিলাকক উলিয়াই আনে, . . . বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ এটিও অনুপস্থিত নাথাকে।” (যিচয়া ৪০:⁠২৬) ইয়াত কোনো সন্দেহ নাই যে নিজ ইচ্ছা অনুসৰি কাৰ্য্য কৰিবলৈ যিহোৱাৰ “বহু পৰাক্ৰম” আছে। এই গুণসমূহে আপোনাক যিহোৱাৰ বিষয়ে জানিবলৈ আগ্ৰহী কৰি নুতুলেনে?

যিহোৱাৰ সৈতে পৰিচিত হোৱাটো লাভজনক

যিহোৱাই “[পৃথিৱী খনক ] অনৰ্থকৰূপে সৃষ্টি নকৰি” কিন্তু যি ব্যক্তিসকলে তেওঁৰ সৈতে গভীৰ সৰ্ম্পক বজাই ৰাখে তেওঁলোকৰ “বাসস্থানৰ নিমিত্তেহে তাক নিৰ্ম্মাণ কৰিলে।” (যিচয়া ৪৫:⁠১৮; আদিপুস্তক ১:⁠২৮) তেওঁ সৃষ্টি কৰা পৃথিৱীখনৰ প্ৰতি চিন্তা কৰে। সেইকাৰণে তেওঁ পৰমদেশীয় বাগিছাত মানুহক সৃষ্টি কৰি এক শুদ্ধ আৰম্ভণি কৰিছিল। কিন্তু মানুহে তেওঁৰ সৃষ্টিক নষ্ট কৰি যিহোৱাক অসন্তুষ্ট কৰিলে। গতিকে যিহোৱাই মানৱজাতিৰ বাবে তেওঁৰ মুল উদ্দেশ্যক পুনৰ সম্পন্ন কৰিবলৈ পৃথিৱীখনক পৰিৱৰ্তন কৰিব। (গীতমালা ১১৫:⁠১৬; প্ৰকাশিত বাক্য ১১:⁠১৮) আজ্ঞাকাৰী সন্তান হৈ যিসকলে তেওঁৰ আজ্ঞা পালন কৰিব তেওঁলোকে এই পৃথিৱীৰ পৰমদেশত অধিকাৰী হʼব।​—⁠হিতোপদেশ ৮:⁠১৭; মথি ৫:⁠৫.

আপুনি পৰমদেশত যি জীৱনৰ আনন্দ উপভোগ কৰিব তাৰ বিষয়ে বাইবেলৰ শেষ কিতাপে এইদৰে বৰ্ণনা কৰিছে: “তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।” (প্ৰকাশিত বাক্য ২১:⁠৩, ৪) হয়, এইটোৱে হৈছে প্ৰকৃত জীৱন, গতিকে যিহোৱাই বিচাৰে, যাতে আমি তেনে জীৱনৰ আনন্দ উপভোগ কৰোঁ। তেওঁ যে কিমান মৰমীয়াল পিতৃ! আপুনি তেওঁৰ বিষয়ে জ্ঞান লবলৈ আৰু পৰমদেশীয় পৃথিৱীত জীৱন উপভোগ কৰিবলৈ কিহৰ আৱশ্যক তাক জানিবলৈ আগ্ৰহী নহয়নে?

উল্লেখ কৰা শাস্ত্ৰ পদসমূহ পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে।