Skip to content

নতুন শতাব্দীত আপোনাৰ ভৱিষ্যত কেনে হ’ব?

নতুন শতাব্দীত আপোনাৰ ভৱিষ্যত কেনে হ’ব?

কিংডম নিউজ নং. ৩৬

নতুন শতাব্দীত আপোনাৰ ভৱিষ্যত কেনে হʼব?

নতুন শতাব্দী কি এইটো নতুন যুগৰ আৰম্ভণি নে?

ডিচেম্বৰ ৩১, ১৯৯৯ চনৰ মাজ নিশা বাৰ বজাত বিশং শতাব্দীৰ সমাপ্তি ঘটে। a এই শতাব্দীত দূষিত পৰিৱেশ, মাৰাত্মক বেমাৰ, দৰিদ্ৰতা, আৰু ভয়াবহ যুদ্ধ আদি লেখত লবলগীয়া বিষয় আছিল। কিন্তু আনহাতে চাবলৈ গলে সেই শতাব্দীত প্ৰযুক্তিবিদ্যা, চিকিৎসা বিজ্ঞান, কম্পিউতাৰ আৰু ইন্টাৰনেটৰ উন্নতিয়ে এই জগতক এটা নতুন দিশ প্ৰদান কৰিলে। সেইবাবে এই সকলোবোৰ উন্নতি দেখি সকলোৱে এইটো ভাবিছিল যে আহিবলগীয় নতুন যুগে গোটেই পৃথিৱীৰ বেয়া পৰিস্থিতিসমূহক সম্পূৰ্ণৰূপে গুচাই পেলাব। কিন্তু বাস্তৱিকতে তেনেকৈ হʼবনে?

বাস্তৱিকতে নতুন যুগত এনে কোনো পৰিৱৰ্তন হʼবনে যাৰ দ্বাৰাই আপুনি আৰু আপোনাৰ পৰিয়ালত সুখ-শান্তি বিৰাজ কৰিব? বিবেচনা কৰক, আজি আমি যি সমস্যাবিলাকৰ সন্মূখীন হৈ আছোঁ, সেইবিলাকে আহিবলগীয়া দিনত কেনে ৰূপ লʼব।

দূষিত পৰিৱেশ

কল-কাৰখানাই গোটেই পৃথিৱীৰ বায়ু-মণ্ডলক ইমানে দূষিত কৰি তুলিছে যে পৰিৱেশ আৰু প্ৰকৃতি বিপদজনক হৈ পৰিছে। যদি এইদৰেই চলি থাকে তেতিয়াহʼলে পৰিৱেশ সম্পূৰ্ণকৈ ধ্বংস হʼব।​—⁠যুক্তৰাষ্ট্ৰৰ পৰিৱেশ কাৰ্য্যক্ৰমত প্ৰকাশ হোৱা “গ্লবেল এনভাৰমেন্ট আউটলোক​—⁠২০০০” (ইংৰাজী)।

বেমাৰ

“আজি মৃত্যু হোৱা ১০ জনৰ ভিতৰত ৫ জনে কেন্সাৰ আৰু হৃদ্‌ৰোগৰ দৰে বেমাৰত মৃত্যু বৰণ কৰিবলগীয়া হৈছে। কিন্তু অনুমান কৰা হৈছে যে ২০২০ চন অহাৰ আগে-আগেই মৃত্যু হোৱা ১০ জনৰ ভিতৰত ৭ জনে এই বেমাৰত মৃত্যু বৰণ কৰিব।”​—⁠হাৰৱাড্‌ বিশ্ব বিদ্যালয়ৰ প্ৰেচে ১৯৯৬ চনত প্ৰকাশ কৰা “দ্যা গ্লবেল বাৰডেন অব্‌ ডিজিজ্‌।” (ইংৰাজী)

কিছুমান বিশেষজ্ঞই দাবী কৰিছে যে “২০১০ চনত এইড্‌চ ৰোগত ২৩ খন দেশত ৬ কোটি ৬০ লাখ লোকে মৃত্যু বৰণ কৰিব।”​—⁠“কনফ্ৰটিং এইড্‌চ: এ’ভিডেন্স ফ্ৰম দ্যা ডিʼভেʼলপিং ৱৰ্ল্ড,” ৰিপৰ্ট। (ইংৰাজী)

দৰিদ্ৰতা

“প্ৰায় এশ ত্ৰিশ কোটি সংখ্যক লোকে দৰিদ্ৰতা সীমা ৰেখাৰ তলত জীৱন-যাপন কৰিছে, ইয়াৰ উপৰিও এশ কোটি লোকে ৰাতি কোনো আহাৰ নকৰাকৈ খালি পেটে শুব লগা হৈছে।”​—⁠“হিউমেন ডিভেলপমেন্ট ৰিপৰ্ট ১৯৯৯” (ইংৰাজী)।

যুদ্ধ

“আগন্তুক ২৫ বছৰত ৰাষ্ট্ৰ, জাতি, আৰু ধৰ্ম্মৰ নামত নৰহত্যা আৰু যুদ্ধ ইমানেই বৃদ্ধি হʼব যে তেনে অৱস্থা আগতে কেতিয়াও হোৱা নাছিল। ইয়াৰ পৰিণামস্বৰূপে প্ৰত্যেক বছৰত লাখ-লাখ সংখ্যক লোকৰ প্ৰাণ হানি হʼব।”​—⁠“নিউ ৱৰ্ল্ড কামিং: আমেৰিকান চিকিউৰিটি ইন দ্যা ২১ চেনচুৰী।” (ইংৰাজী)

এই ঘটনাসমূহক বিবেচনা কৰাৰ দ্বাৰা স্পষ্টকৈ এইটো জানিব পৰা গৈছে যে আগন্তুক দিনত, সমস্যাবিলাকে আৰু ভয়াবহ ৰূপ ধাৰণ কৰিব। সেইবাবে যিসকলে বিজ্ঞান, প্ৰযুক্তিবিদ্যা বা ৰাজনীতিত ভৰসা ৰাখি নতুন যুগ আহিব বুলি আশা কৰি আছে, আচলতে তেওঁলোকে নিজকে ভুৱা সান্ত্বনা দিছে। কিয়নো এই সকলো সমস্যাসমূহৰ মূল কাৰণ হৈছে লোভ, স্বাৰ্থপৰ আৰু বিশ্বাসঘাটক। এই বেয়া গুণসমূহক কোনো মানুহে আতঁৰাই পেলাব নোৱাৰে।

এনে এটা যুগ যিয়ে সমূদায় মানৱজাতিলৈ উজ্জ্বল ভৱিষ্যত কঢ়িয়াই আনিব

বহু শতাব্দীৰ আগতে ঈশ্বৰৰ এজন সেৱকে এইদৰে লিখিছিল: “মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।” (যিৰিমিয়া ১০:⁠২৩) বাস্তৱিকতে, কোনো মানুহে নিজৰ বাবে পথ বাচি লʼব নোৱাৰে আৰু আনকো দেখুৱাৰ সাধ্য নাই। দৰাচলতে মানুহক আনৰ ওপৰত শাসন কৰিবলৈ অধিকাৰ দিয়া নাছিল। মাত্ৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰৰহে মানুহৰ ওপৰত শাসন কৰিবলৈ ক্ষমতা আছে আৰু তেওঁহে কব পাৰে যে মানুহে কেনেদৰে চলা আৱশ্যক। যিহোৱাই মাত্ৰ এই পৃথিৱীত হৈ থকা সমস্যাবোৰক আতঁৰাব পাৰে।​—⁠ৰোমীয়া ১১:⁠৩৩-​৩৬; প্ৰকাশিত বাক্য ৪:⁠১১.

কিন্তু প্ৰশ্ন হৈছে, যিহোৱা ঈশ্বৰে এইবোৰ কেতিয়া আতঁৰাব? এই সময়ক চিনি পাবলৈ বাইবেলত কিছুমান চিহ্ন দিয়া হৈছে। বাইবেলত ২ তীমথিয় ৩:⁠১-​৫ পদটো পঢ়ক। ইয়াত স্পষ্টকৈ কোৱা হৈছে যে আমি এই বেয়া জগতৰ একেবাৰে “শেষ-কালত” বাস কৰি আছোঁ আৰু এই ‘ভয়ঙ্কৰ সময়ত’ নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, আৰু বিশ্বাসঘাটকৰ দৰে নানা বেয়া গুণসমূহ আগতকৈও বেছি বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ। আপোনাৰ চাৰিওফালে এনেধৰণৰ গুণসমূহক দেখিবলৈ পাইছেনে? ইয়াৰ ওপৰিও মথি ২৪:⁠৩-​১৪ আৰু লূক ২১:⁠১০, ১১ পদত গোটেই জগতক কম্পিত কৰা ঘটনাবোৰৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল, যিবিলাকে ‘শেষ-কালক’ চিহ্নিত কৰে। বিশেষকৈ ১৯১৪ চনৰ পৰাই বিশ্বযুদ্ধ, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য, মাৰাত্মক বেমাৰ, ডাঙৰ-ডাঙৰ আকাল আদি গোটেই বিশ্বত বৃহতভাৱে ঘটি আছে। তেতিয়াহʼলে, বাইবেলৰ অনুসৰি সেই সময় একেবাৰে কাষ চাপি আহিল, যেতিয়া ঈশ্বৰে এই জগতৰ সকলো সমস্যাক শিপাৰ সৈতে উঘালি পেলাবলৈ পদক্ষেপ লʼব। তেওঁ সেইটো কেনেকৈ কৰিব?

তেওঁ নিজৰ ৰাজ্যৰ দ্বাৰাই সকলো সমস্যাক আতঁৰাই পেলাব। বাইবেলত দানিয়েল কিতাপত এইদৰে লিখা হৈছে আমাৰ সময়ত “স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, . . . সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” (দানিয়েল ২:⁠৪৪) অৱশ্যেই ঈশ্বৰৰ ৰাজ্য অৰ্থাৎ স্বৰ্গীয় চৰকাৰে বৰ্তমান সময়ৰ সকলো ৰাজ্যক ভাঙি সংহাৰ কৰি নিজেই শাসন কৰিব। এই চৰকাৰে সেই হাজাৰ বছৰ অৰ্থাৎ নতুন যুগ আনিব যিয়ে এই জগতত এক উজ্জ্বল ভৱিষ্যত, শান্তি আৰু আনন্দ কঢ়িয়াই আনিব। (প্ৰকাশিত বাক্য ২০:⁠৪) বিবেচনা কৰক যে ঈশ্বৰৰ সেই চৰকাৰে হাজাৰ বছৰৰ শাসনকালত আমাৰ বাবে কি কি কৰিব:

দৰিদ্ৰতাক আতঁৰ কৰিব। “আৰু লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ প্ৰজাবিলাকৰ আয়ুসো সিমান হব, আৰু মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব।”​—⁠যিচয়া ৬৫:২১, ২২.

বেমাৰক চিৰকাললৈ আতঁৰাই পেলাব। “সেই কালত অন্ধবিলাকৰ চকু খোলা হব, আৰু কলাবোৰৰ কাণ মুকলি হব। সেই কালত খোৰাই হৰিণীৰ দৰে ডেও দিব, আৰু বোবাবিলাকৰ জিবাই গান কৰিব।” “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব।”​—⁠যিচয়া ৩৩:⁠২৪; ৩৫:⁠৫, ৬.

পৰিৱেশক পৰিষ্কাৰ কৰা হʼব। ঈশ্বৰে “পৃথিবী নাশকবিলাকক নাশ কৰিবৰ সময় উপস্থিত হল।”​—⁠প্ৰকাশিত বাক্য ১১:⁠১৭.

যুদ্ধ-বিগ্ৰহ নাথাকিব সকলো ঠাইত শান্তি বিৰাজ কৰিব। “গোটেই পবিত্ৰ পৰ্ব্বতত কোনেও কাকো হিংসা বা বিনষ্ট নকৰিব; কিয়নো . . . পৃথিবী যিহোৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।”​—⁠যিচয়া ১১:⁠৯.

ঈশ্বৰৰ চৰকাৰে কৰা এই প্ৰতিজ্ঞাসমূহ হৈছে এক বাস্তৱ। সেইবাবে গোটেই পৃথিৱীত এনে লাখ-লাখ লোকে তেওঁ কৰা ভৱিষ্যতৰ প্ৰতিজ্ঞাৰ ওপৰত আশা ৰাখিছে। তেওঁলোকে এনে বিশ্বাসৰ বাবে নিজৰ জীৱনলৈ অহা বিভিন্ন সমস্যাক সফলতাৰে সন্মূখীন হʼব পাৰিছে। আচলতে বাইবেলেই তেওঁলোকৰ জীৱনলৈ পোহৰ আনিছে। আপুনি তেনে জ্ঞান লʼব বিচাৰেনে যাৰ দ্বাৰা আপোনাৰ জীৱন সফল হʼব?

জ্ঞান যিয়ে আপোনাৰ জীৱন সফল কৰিব!

মানুহে অৱশ্যে বহুতো জ্ঞান অৰ্জন কৰিছে আৰু ইয়াৰ প্ৰমাণস্বৰূপে বিজ্ঞান প্ৰযুক্তি শিল্পত বহু উন্নতি কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু এনে জ্ঞানে আমাৰ জীৱনত সুখ-শান্তি দিব পাৰেনে? অৱশ্যেই দিব নোৱাৰে! মাত্ৰ এনে এক জ্ঞান আছে যিয়ে মানুহক অনন্ত জীৱনেই নহয় কিন্তু মানৱজাতিৰ সকলোবোৰ সমস্যা সমাধান কৰিব। সেইটো কেনেধৰণৰ জ্ঞান? সেইটো হৈছে ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ জ্ঞান। বাইবেলত যোহন নামৰ কিতাপত এইদৰে কৈছে: ‘একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন, এই জ্ঞান লওঁক।’

একমাত্ৰ বাইবেলেহে এই জ্ঞান দিব পাৰে। বৰ্তমান সময়ত বহুতো লোকৰ বাইবেলৰ সম্পৰ্কে ভুল ধাৰণা আছে, কিন্তু তেওঁলোকৰ বেছিভাগেই নিজে বাইবেল পঢ়া নাই। আপুনি কেতিয়াবা বাইবেল পঢ়িছেনে? আমি জানো যে বাইবেল পঢ়িবলৈ অলপ চেষ্টা কৰিব লাগে। কিন্তু আপোনাৰ এই চেষ্টাই আপোনাক অনন্ত জীৱন দিব পাৰে। একমাত্ৰ বাইবেলে তেনেধৰণৰ কিতাপ, যিয়ে ঈশ্বৰৰ প্ৰেৰণাৰ দ্বাৰা লিখা হৈছে আৰু “সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।”​—⁠২ তীমথিয় ৩:⁠১৬-​১৭.

আপুনি বাইবেলৰ পৰা ঈশ্বৰৰ জ্ঞান লʼব বিচাৰেনে? যিহোৱাৰ সাক্ষীয়ে আপোনাক সহায় কৰিবলৈ সদায়ে প্ৰস্তুত থাকে। তেওঁলোকে, আপোনাৰ অনুকুলজনক পৰিস্থিতিৰ অনুসাৰে আপোনাৰ ঘৰলৈ আহি বাইবেলৰ পৰা বহুতো বিষয়ৰ সম্পৰ্কে শিকাব পাৰে। তেওঁলোকে গোটেই পৃথিৱীত লাখ সংখ্যক লোকক সহায় কৰিছে আৰু এই কাৰ্য্যৰ বাবে তেওঁলোকে কোনো মাচুল নলয়। তেওঁলোকে বাইবেলৰ জ্ঞান দিবলৈ কিছুমান কিতাপৰ সহায় লয়। তাৰে এখন কিতাপৰ নাম হৈছে ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? এই কিতাপত এনে প্ৰশ্নসমূহৰ উত্তৰ দিয়া হৈছে যিটো আপুনি নিশ্চয়ে জানিবলৈ বিচাৰিব। যেনে:​—⁠ঈশ্বৰ কোন? ঈশ্বৰৰ ৰাজ্য কি? এই পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি? বাইবেলে আপোনাৰ সুখী পৰিয়াল গঢ়ি তুলিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

যদি আপুনি এই বিষয়ে জানিবলৈ যিহোৱা সাক্ষীসকলক নিজৰ ঘৰত আমন্ত্ৰণ কৰিব বিচাৰে, তেনেহʼলে অনুগ্ৰহ কৰি তলত দিয়া কুপনখনত নিজৰ নাম আৰু ঠিকনা ভৰ্ত্তি কৰি পঠাওঁক। কিয়নো যিহোৱা সাক্ষীসকলে আপোনাক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে অধিকৈ জনাবলৈ আনন্দিত হʼব!

◻ অধিকৰূপে জানিবৰ বাবে ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? নামৰ ব্ৰচাৰখন মই পাবলৈ বিচাৰিছোঁ

◻ মোৰ ঘৰত বাইবেল শিকাবলৈ অনুগ্ৰহ কৰি মোক সাক্ষাৎ কৰক

[ফুটনোট]

a পশ্চিমীয়া দেশৰ বেছিভাগ লোকে তেনেদৰে মানিছে। কিন্তু আচলতে, সঠিক হিচাবৰ অনুসাৰে নতুন শতাব্দীৰ আৰম্ভণি জানুৱাৰী ১, ২০০১ চনত আৰম্ভ হʼব।