Skip to content

যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে?

যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে?

যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে?

“কিন্তু তোমাৰ মত কি, তাক আমি তোমাৰ পৰা শুনিবলৈ উচিত যেন দেখোঁ; কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে।” (পাঁচনিৰ কৰ্ম্ম ২৮:২২) প্ৰথম-শতাব্দীৰ ৰোমৰ এই সমুদায় নেতাসকলে এটা ভাল উদাহৰণ ৰাখিলে। তেওঁলোকে বাহিৰা সমালোচকৰ পৰা শুনাৰ পৰিবৰ্ত্তে, মূলৰ পৰা শুনাটো বিচাৰিছিল।

ঠিক সেইদৰে, বৰ্ত্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ বিৰুদ্ধে প্ৰায়ে কোৱা হয় আৰু পক্ষপাতীৰূপে তেওঁলোকৰ বিষয়ে সত্য জানিবলৈ অপেক্ষা কৰাটো ভুল হব। গতিকে আমি আপোনাক আমাৰ কিছুমান মূল বিশ্বাস, বৰ্ণনা দিবলৈ সুখী হম।

বাইবেল, যীচু খ্ৰীষ্ট আৰু ঈশ্বৰ

আমি বিশ্বাস কৰো যে ‘গোটেই শাস্ত্ৰ ঈশ্বৰৰ নিশ্বাসিত আৰু লাভদায়ক।’ (২ তীমথিয় ৩:১৬) যদিও কিছুমানে দাবী কৰে যে আমি সত্য খ্ৰীষ্টান নহওঁ, কিন্তু এইটো একেবাৰে সঁচা নহয়। আমি সম্পূৰ্ণৰূপে পাঁচনি পিতৰে যীচু খ্ৰীষ্টৰ বিষয়ে লিখা বাণীক সমৰ্থন কৰো: “আৰু আন কতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই।”​—⁠পাঁচনিৰ কৰ্ম্ম ৪:১২.

যিহেতু, যীচুৱে কৈছিল যে তেওঁ “ঈশ্বৰৰ পুত্ৰ” আৰু “পিতৃয়ে যেনেকৈ মোক পঠালে,” সেইবাবে, যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে ঈশ্বৰ যীচুতকৈ মহান। (যোহন ১০:৩৬; ৬:৫৭) যীচুৱে নিজে সন্মত হৈছিল: “পিতৃ মোতকৈ মহান।” (যোহন ১৪:২৮; ৮:২৮) সেইবাবে আমি বিশ্বাস নকৰো যে যীচু তেওঁৰ পিতৃৰ সৈতে সমান, যিদৰে ত্ৰিমূৰ্ত্তিৰ বিধানে কৈছে। বৰঞ্চ, আমি বিশ্বাস কৰো যে তেওঁক ঈশ্বৰৰ দ্বাৰা সৃষ্টি কৰা হʼল আৰু তেওঁ ঈশ্বৰৰ অধীনত থাকে।​—⁠কলচীয়া ১:১৫; ১ কৰিন্থীয়া ১১:⁠৩.

অসমীয়া ভাষাত, ঈশ্বৰৰ নাম যিহোৱা। বাইবেলে কৈছে: “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।” (গীতমালা ৮৩:​১৮, কিং জেমচ্‌ ভাৰচ্‌ন) এই ঘোষণাৰ অনুৰূপে, যীচুৱে ঈশ্বৰৰ নামক অতি গুৰুত্ব দি, তেওঁৰ শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক।” আৰু তেওঁ নিজে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল: “তুমি এই জগতৰ মাজৰ পৰা যিবিলাক মানুহক মোক দিলা, সেইবিলাকৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ।”​—⁠মথি ৬:৯; যোহন ১৭:⁠৬.

যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে যীচুৰ দৰে তেওঁলোকেও ঈশ্বৰৰ নাম আৰু উদ্দেশ্যক অন্যলোকৰ আগত প্ৰকাশ কৰা উচিত। সেইবাবে আমি যিহোৱাৰ সাক্ষী নাম বহন কৰিছো, কিয়নো আমি যীচুক “বিশ্বাসী সাক্ষী” ৰূপে অনুকৰণ কৰো। (প্ৰকাশিত বাক্য ১:৫; ৩:১৪) উচিতৰূপে, যিচয়া ৪৩:১০ পদে ঈশ্বৰৰ প্ৰতিনিধি লোকসকললৈ কৈছে: “যিহোৱাই কৈছে, তোমালোকে জ্ঞান পাই মোত বিশ্বাস কৰিবলৈ, আৰু ময়েই যে তেওঁ, ইয়াক বুজিবলৈ তোমালোকেই ‘মোৰ সাক্ষী আৰু মনোনীত দাস।’ ”

ঈশ্বৰৰ ৰাজ্য

যীচুৱে তেওঁৰ অনুগামীসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “তোমাৰ ৰাজ্য হওক,” আৰু তেওঁৰ শিক্ষাৰ মূল বিষয় ঈশ্বৰৰ ৰাজ্য আছিল। (মথি ৬:১০; লূক ৪:৪৩) যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে সেই ৰাজ্য এটা প্ৰকৃত স্বৰ্গীয় চৰকাৰ, যিয়ে এই পৃথিবীৰ ওপৰত শাসন কৰিব আৰু যীচু খ্ৰীষ্টক অদৃশ্য ৰজাৰূপে নিযুক্তি কৰা হʼল। বাইবেলে কৈছে: “তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হব। . . . তেওঁৰ ৰাজ্যশাসন আৰু শান্তিবৃদ্ধিৰ শেষ নহব।”​—⁠যিচয়া ৯:​৬, ৭.

যেই নহওঁক, যীচু খ্ৰীষ্ট অকলে ঈশ্বৰৰ চৰকাৰৰ ৰজা নহয়। স্বৰ্গত তেওঁৰ সৈতে বহুতো সহযোগী শাসনকৰ্ত্তা হব। পাঁচনি পৌলে লিখিছিল, “আমি যদি সহন কৰোঁ, তেন্তে তেৱেঁ সৈতে ৰাজত্বও কৰিম।” (২ তীমথিয় ২:১২) বাইবেলে উল্লেখ কৰিছে যে যীচুৰ সৈতে স্বৰ্গত শাসন কৰিবলৈ পুনৰুত্থান কৰাৰ সংখ্যা “এক লাখ চৌৱাল্লিশ হাজাৰ” সীমিত লোক, যিসকলক “পৃথিবীৰ পৰা কিনি লোৱা হʼল।”​—⁠প্ৰকাশিত বাক্য ১৪:​১, ৩, NW.

নিঃসন্দেহ, যিকোনো চৰকাৰৰ প্ৰজা হব লাগিব আৰু যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে স্বৰ্গীয় শাসনকৰ্ত্তাৰ উপৰিও কোটি কোটি লোকে অনন্ত জীৱন পাব। অৱশেষত পৃথিবীখন, এখন সুন্দৰ পৰমদেশলৈ পৰিণত কৰা হব, ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত প্ৰজাৰে পৰিপূৰ্ণ হব আৰু সকলোৱে যীচু আৰু তেওঁৰ সহযোগী শাসনকৰ্ত্তাৰ অধীনতা স্বীকাৰ কৰিব। সেইবাবে যিহোৱাৰ সাক্ষীসকলে দৃঢ়ভাৱে সাক্ষ্য দিছে যে পৃথিৱীখন কেতিয়াও ধ্বংস নহব আৰু বাইবেলৰ এই প্ৰতিজ্ঞা পূৰ্ণ হব: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”​—⁠গীতমালা ৩৭:২৯; ১০৪:⁠৫.

কিন্তু ঈশ্বৰৰ ৰাজ্য কেনেকৈ আহিব? সকলো লোকৰ স্বইচ্ছাৰে ঈশ্বৰৰ চৰকাৰৰ প্ৰতি অধীনতাৰ দ্বাৰা? তাৰ বিপৰীতে, বাইবেলে বাস্তৱতে দেখুৱাইছে যে ৰাজ্যৰ উপস্থিতি, পৃথিৱীৰ ঘটনাত ঈশ্বৰৰ পোনপতীয়া হস্তক্ষেপৰ আৱশ্যক: “সেই ৰজাৰবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব। আৰু সেই ৰাজ্যই . . . আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।”​—⁠দানিয়েল ২:​৪৪, NW.

ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব? এতিয়া পূৰ্ণ হোৱা বাইবেলৰ ভৱিষ্যবাণীৰ ওপৰত ভিক্তি কৰি, যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে ঈশ্বৰৰ ৰাজ্য সোনকালে আহিব। আমি আপোনাক এই দুষ্ট ৰীতি-ব্যৱস্থাৰ “শেষ কালৰ” বৈশিষ্ট্যতাৰ বিষয়ে পূৰ্বতে কোৱা কিছুমান ভৱিষ্যবাণীক বিবেচনা কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। এইবোৰ মথি ২৪:​৩-১৪; লূক ২১:​৭-১৩, ২৫-৩১; আৰু ২ তীমথিয় ৩:​১-৫ পদত ৰেৰ্কড কৰা আছে।

কিয়নো আমি ‘যিহোৱা ঈশ্বৰক, সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত, আৰু সকলো শক্তিৰে প্ৰেম কৰো; আৰু আমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰো,’ আমি জাতি, বৰ্ণ আৰু সমাজৰূপে বিভক্ত নহওঁ। (মাৰ্ক ১২:​৩০, ৩১) আমি বিস্তৃতৰূপে, সকলো ৰাষ্ট্ৰত আমাৰ খ্ৰীষ্টান ভাইসকলৰ মাজত থকা প্ৰেমৰ বাবে প্ৰসিদ্ধ। (যোহন ১৩:৩৫; ১ যোহন ৩:​১০-১২) সেইবাবে আমি সেই ৰাষ্ট্ৰৰ ৰাজনৈতিক বিষয়বোৰৰ প্ৰতি নিৰপেক্ষতা বজাই ৰাখো। আমি যীচুৰ শিষ্যসকলৰ দৰে হবলৈ চেষ্টা কৰো, যিসকলক তেওঁ কৈছিল: “মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।” (যোহন ১৭:১৬) আমি বিশ্বাস কৰো যে জগতৰ পৰা নিজকে পৃথক ৰখা মানে হৈছে যি বৰ্ত্তমান সময়ত সাধাৰণ হৈ পৰা অনৈতিক আচৰণৰ পৰা দূৰত থকা, যʼত সন্মিলিত আছে মিছা কথা, চুৰি কাৰ্য্য, ব্যভিচাৰ, পৰস্ত্ৰীগামী, সমলিঙ্গৰতি, তেজৰ প্ৰতি দুব্যৱহাৰ, মূৰ্ত্তিপূজা আৰু অন্যান্য কাৰ্য্য যিবোৰ বাইবেলে নিন্দা কৰে।​—⁠১ কৰিন্থীয়া ৬:​৯-১১; ইফিচীয়া ৫:​৩-৫; পাঁচনিৰ কৰ্ম্ম ১৫:​২৮, ২৯.

ভৱিষ্যতৰ বাবে আশা

যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে এই জগতত আমাৰ বৰ্ত্তমান জীৱনেই সকলো নহয়। আমি বিশ্বাস কৰো যে যিহোৱাই যীচুক তেওঁৰ প্ৰাণৰক্ত এটা মুক্তিপণৰূপে ঢালি দিবলৈ এই পৃথিবীত পঠিয়াছিল যাতে মানৱজাতিয়ে ঈশ্বৰৰ সৈতে এক ধাৰ্ম্মিক পৰিস্থিতিলৈ আহে আৰু নতুন ৰীতি-ব্যৱস্থাত অনন্ত জীৱন পাব পাৰে। যিদৰে যীচুৰ এজন পাঁচনিয়ে কৈছিল: “এতিয়া আমি খ্ৰীষ্টৰ তেজেৰে ধাৰ্ম্মিক বুলি গণিত হলো।” (ৰোমীয়া ৫:​৯, NW; মথি ২০:২৮) যিহোৱাৰ সাক্ষীসকলে, ভৱিষ্যতৰ জীৱন সম্ভৱ কৰা এই মুক্তিপণ আয়োজনৰ বাবে ঈশ্বৰ আৰু তেওঁৰ পুত্ৰক আন্তৰিকতাৰে কৃতজ্ঞ জনায়।

যিহোৱাৰ সাক্ষীসকলৰ, ঈশ্বৰৰ ৰাজ্যৰ অধীনত মৃত্যুৰ পৰা পুনৰুত্থানৰ আশা থকা ভৱিষ্যৎ জীৱনত সম্পূৰ্ণ বিশ্বাস আছে। আমি বিশ্বাস কৰো যে যিদৰে বাইবেলে শিক্ষা দিছে, যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তাৰ অস্তিত্ব প্ৰকৃততে শেষ হয়, আৰু “সেই দিনাই তাৰ সঙ্কল্পবোৰ নষ্ট হয়।” (গীতমালা ১৪৬:​৩, ৪; যিহিষ্কেল ১৮:৪; উপদেশক ৯:⁠৫) হয়, মৃতলোকৰ বাবে ভৱিষ্যতৰ জীৱন, ঈশ্বৰৰ স্মৰণৰ ওপৰত তেওঁলোকৰ পুনৰুত্থান নিৰ্ভৰ কৰে।​—⁠যোহন ৫:​২৮, ২৯.

তথাপি, যিহোৱাৰ সাক্ষীসকলৰ বিশ্বাস আছে যে যেনেকৈ নোহ আৰু তেওঁৰ পৰিয়াল জলপ্ৰলয়ৰ পৰা বাছি গৈছিল, ঠিক তেনেকৈ, যেতিয়া ঈশ্বৰৰ ৰাজ্যই সকলো চৰকাৰক শেষ কৰিব, তেতিয়া বৰ্ত্তমান সময়ত জীৱিত থকা বহুতো লোক বাছি যাব আৰু এটা পৰিস্কাৰ পৃথিৱীত অনন্ত জীৱনৰ আনন্দ লাভ কৰিব। (মথি ২৪:​৩৬-৩৯; ২ পিতৰ ৩:​৫-৭, ১৩) কিন্তু আমি বিশ্বাস কৰো যে বাছি থকাটো যিহোৱাৰ আৱশ্যকতাৰ ওপৰত নিৰ্ভৰ কৰে, যিদৰে বাইবেলে কৈছে: “জগত . . . গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।”​—⁠১ যোহন ২:১৭; গীতমালা ৩৭:১১; প্ৰকাশিত বাক্য ৭:​৯, ১৩-১৫; ২১:​১-৫.

স্পষ্টৰূপে, যিহোৱাৰ সাক্ষীসকলৰ সকলো বিশ্বাসৰ বিষয়ে ইয়াত ব্যাখ্যা কৰাটো সম্ভৱ নহয়, কিন্তু আমি আপোনাক আৰু অধিক জানিবলৈ আমন্ত্ৰণ কৰিছো।

অন্যথা কোনো প্ৰকাৰৰ নিৰ্দ্দে শিত নাথাকিলে, উল্লেখিত শাস্ত্ৰীয় পদসমূহ ভাৰতৰ বাইবেল চোচাইটিৰ দ্বাৰা প্ৰকাশিত পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে। যদি উদ্ধৃত পদসমূহৰ পাছত NW থাকে সেইবোৰ ইংৰাজী নিউ ওৱাৰ্লড ট্ৰান্‌চ্লেশ্বন অভ দি হলি স্ক্ৰিপ্‌ছাৰ—উইথ্‌ ৰেʼফাৰেঞ্চ-ৰ পৰা লোৱ হৈছে।

[৪ পৃষ্ঠাৰ ব্লাৰ্ব]

আমি যিহোৱাৰ সাক্ষী, এই নাম গ্ৰহণ কৰিছো কাৰণ আমি যীচুক অনুকৰণ কৰো