আপুনি কেনেকৈ বিচাৰি উলিয়াব ঈশ্বৰে কি বিচাৰে?
পাঠ ১
আপুনি কেনেকৈ বিচাৰি উলিয়াব ঈশ্বৰে কি বিচাৰে?
বাইবেলত কি আৱশ্যকীয় খবৰ অৰ্ন্তভুক্ত কৰা আছে? (১)
বাইবেলৰ লেখক কোন? (২)
আপুনি কিয় বাইবেল অধ্যয়ন কৰিব লাগে? (৩)
১. বাইবেলখন ঈশ্বৰৰ পৰা পোৱা এটা অমূল্য দান। এইটো এজন মৰমিয়াল পিতৃয়ে পুত্ৰ লৈ দিয়া এখন চিঠিৰ নিচিনা। ই আমাক ঈশ্বৰৰ সত্যতাৰ বিষয়ে কয়—যেনে তেওঁ কোন আৰু তেওঁৰ নিদ্ধাৰিত নিয়মবোৰ কি কি। ইয়াত বৰ্ণনা কৰা হৈছে কেনেকৈ সমস্যাৰ সন্মূখিন হব লাগে আৰু প্ৰকৃত আনন্দ বিচাৰি উলিয়াব পাৰি। একমাত্ৰ বাইবেলত কোৱা হৈছে যে ঈশ্বৰক সন্তোষ্ট কৰিবৰ কাৰণে আমি কি কৰা উচিত।—গীতমালা ১:১-৩; যিচয়া ৪৮:১৭, ১৮।
২. ১৫১৩ খ্ৰীষ্ট পূৰ্ব্বতে ৪০ জন বিভিন্ন মানুহৰ দ্বাৰা ১,৬০০ বছৰৰ সময় ধৰি বাইবেলখন লিখা আৰম্ভ কৰা হৈছিল। ইয়াক ৬৬ খন সৰু সৰু কিতাপৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। যি বিলাকে বাইবেল লিখিছিল তেওঁলোক ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত হৈছিল। তেওঁলোকে নিজৰ নহয় ঈশ্বৰৰ ভাবহে লিখিছিল। যিহেতু ঈশ্বৰ স্বৰ্গত আছে, গতিকে পৃথিবীৰ কোনো এজন মানুহে বাইবেলৰ লেখক হব নোৱাৰে।—২ তীমথিয় ৩:১৬, ১৭; ২পিতৰ ১:২০, ২১।
৩. ঈশ্বৰে নিশ্চিত আছিল যে বাইবেলখন শুদ্ধমতে নকল আৰু সংৰক্ষণ কৰি থোৱা হল। বাইবেল অন্য কিতাবতকৈও বেছি ছপোৱা হৈছে। আপোনাক বাইবেল অধ্যয়ন কৰা দেখি প্ৰত্যেকে সুখী নহব, কিন্তু সিহঁতক আপুনাৰ অধ্যয়ন বন্ধ কৰিবলৈ নিদিব। আপুনি ঈশ্বৰক জনাতো আৰু বাধা-বিঘিনি পোৱা স্বতেও ঈশ্বৰৰ ইচ্ছা পালন কৰাৰ ওপৰত আপোনাৰ অনন্ত কালৰ ভবিষ্য নিৰ্ভৰ কৰে।—মথি ৫:১০-১২; যোহন ১৭:৩।