Skip to content

Skip to table of contents

আপোনাৰ সিদ্ধান্ত হৈছে ঈশ্বৰক সেৱা কৰা

আপোনাৰ সিদ্ধান্ত হৈছে ঈশ্বৰক সেৱা কৰা

পাঠ ১৬

আপোনাৰ সিদ্ধান্ত হৈছে ঈশ্বৰক সেৱা কৰা

ঈশ্বৰৰ বন্ধু হবলৈ আপুনি কি কৰা উচিত? (১, ২)

কিদৰে আপুনি নিজকে ঈশ্বৰক সমৰ্পণ কৰিব? (১)

আপোনাক কেতিয়া বাপ্তিসমা লব লাগে? (২)

ঈশ্বৰৰ প্ৰতি বিশ্বাসত স্থিৰ থাকিবলৈ কেনেকৈ আপুনি শক্তি প্ৰাপ্ত কৰিব পাৰে? (৩)

. ঈশ্বৰৰ এজন বন্ধু হবলৈ, আপোনাক বাইবেলৰ সত্যৰ ভাল জ্ঞান লোৱা উচিত, (১ তীমথিয় ২:৩, ৪), যি বিলাক শিকিছে তাক বিশ্বাস কৰক (ইব্ৰী ১১:৬) আপুনি নিজৰ পাপৰ কাৰণে অনুতাপ কৰক। (পাঁচনি কৰ্ম্ম ১৭:৩০, ৩১) আৰু জীৱনৰ ভাল পথলৈ ওভতি আহক। (পাঁচনি কৰ্ম্ম ৩:১৯) তেতিয়া ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আপোনক, তেওঁলৈ সমৰ্পণ কৰাত উত্তেজিত কৰিব। ইয়াৰ মানে এয়ে যে ব্যক্তিগতৰূপে, গুপুতে কৰা প্ৰাৰ্থনাত কব যে আপুনি নিজকে তেওঁৰ ইচ্ছা মতে কাম কৰিবৰ কাৰণে নিজকে সমৰ্পণ কৰিছে।—মথি ১৬:২৪; ২২:৩৭

. ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰা পাছত আপোনাক বাপ্তিসমা লোৱা উচিত। (মথি ২৮:১৯, ২০) বাপ্তিসমা দ্বাৰাই সকলোৱে জানিব যে আপুনি নিজকে যিহোৱা লৈ সমৰ্পণ কৰিছে। বাপ্তিসমা অকল সেইসকলৰ কাৰণে যি সকল ঈশ্বৰক সেৱা কৰিবলৈ নিৰ্ণয় লব পাৰে। যেতিয়া কোনো এজন ব্যক্তিক, বাপ্তিসমা দিয়া হয় তেওঁৰ সৰ্ম্পূণ শৰীৰ খন্তেকৰ বাবে পানীত ডুবাই দিব লাগে। aমাৰ্ক ১:৯, ১০; পাঁচনি কৰ্মমে ৮:৩৬।

. আপুনি সিদ্ধান্ত লোৱাৰ পাছত, যিহোৱাই আশা কৰে আপুনি আপোনাৰ প্ৰতিজ্ঞাৰ অনুসাৰে চলি যাওক। (গীতমালা ৫০:১৪; উপদেশক ৫:৪, ৫) দিয়াবলে আপোনাক যিহোৱাৰ সেৱাৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিব। (১ পিতৰ ৫:৮) কিন্তু প্ৰাৰ্থনাৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ চাপি আহক। (ফিলিপীয়া ৪:৬, ৭) প্ৰত্যেক দিনা তেওঁৰ বাক্য অধ্যয়ন কৰক। (গীতমালা ১:১-৩) মণ্ডলীৰ লগত একে বান্ধোনত থাকক। (ইব্ৰী ১৩:১৭) এই বিলাক কৰাৰ দ্বাৰই আপুনি ঈশ্বৰৰ প্ৰতি বিশ্বাসত স্থিৰ থাকিবলৈ শক্তি পাব। এইদৰে কৰিলে অনন্ত কাললৈ ঈশ্বৰে কি বিচাৰে তাক কৰিব পাৰিব।

[ফুটনোট্‌]

a ওৱাচ্ছ টাৱাৰ বাইবেল এণ্ড্‌ ট্ৰেক্‌ট্‌ চচাইটি দ্বাৰা প্ৰকাশিত জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, নামৰ কিতাব বা প্ৰকশিত একেই সাদৃশ্যৰ কিতাবত বাপ্তিসমাৰ কাৰণে অনুমোদনৰ পৰামৰ্শ দিছে।