ঈশ্বৰৰ সেৱকসকল পবিত্ৰ হোৱা উচিত
পাঠ ৯
ঈশ্বৰৰ সেৱকসকল পবিত্ৰ হোৱা উচিত
কিয় সকলো ফালৰ পৰা পবিত্ৰ হোৱা উচিত? (১)
আত্মীক পবিত্ৰৰ অৰ্থ কি? (২)
নৈতিক পবিত্ৰ? (৩) মানসিক পবিত্ৰ? (৪) আৰু শাৰীৰিক পবিত্ৰ (৫) মানে কি?
কেনেধৰণৰ অপবিত্ৰ কথাবতৰা আমি ত্যাগ কৰিব লাগে? (৬)
১. যিহোৱা ঈশ্বৰ নিৰ্মল আৰু পবিত্ৰ। তেওঁ আশা কৰে যে তেওঁৰ উপাসকসকলেও—আত্মীক, নৈতিক, মানসিক, আৰু শাৰীৰিক ৰূপে পবিত্ৰ হোৱা উচিত। (১ পিতৰ ১:১৬) যিয়ে ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ হোৱাত প্ৰকৃত ৰূপে সহায় কৰিব। আমি আজি এখন অপৰিস্কাৰ জগতত জীয়াই আছোঁ। আমাকো নিজৰ ভূল ধাৰণাৰ বিৰূদ্ধে সংগ্ৰাম কৰিব লগা হয়। কিন্তু আমি নিশ্চয় এৰি দিব নালাগে।
২. আত্মীক পবিত্ৰতা: যদি আমি যিহোৱাক সেৱা কৰিবলৈ বিচাৰোঁ, তেন্তে মিছা ধৰ্ম্মৰ কোনো প্ৰকাৰৰ শিক্ষা বা ৰীতিক ধৰি ৰাখিব নালাগে। আমি নিশ্চয় মিছা ধৰ্ম্মৰ পৰা আতঁৰি আৰু কোনো প্ৰকাৰে ইয়াক সমৰ্থন কৰা উচিত নহয়। (২ কৰিন্থীয়া ৬:১৪-১৮; প্ৰকাশিত বাক্য ১৮:৪) যেতিয়া আমি ঈশ্বৰৰ সত্য শিকিলোঁ আমাক সাৱধান হব লাগে যাতে মানুহৰ মিছা শিক্ষাৰ দ্বাৰাই বিপথে গুচি নাযাওঁ।—২ যোহন ১০: ১১।
৩. নৈতিক পবিত্ৰতা: যিহোৱাই বিচাৰে যে সকলো সময়ত তেওঁৰ উপাসকবিলাকৰ ব্যৱহাৰ সত্য খ্ৰীষ্টানৰ দৰে হওঁক। (১ পিতৰ ২:১২) তেওঁ সকলো দেখে, আনকি গুপুতে কৰা কামবোৰো। (ইব্ৰী ৪:১৩) আমাক যৌন অনৈতিকতা আৰু এই জগতৰ অশুচি অভ্যাসবোৰৰ পৰা আতঁৰি থকা উচিত।—১কৰিন্থীয়া ৬:৯-১১।
৪. মানসিক পবিত্ৰতা: যদি আমি শুদ্ধ, আৰু পবিত্ৰ চিন্তাৰে আমাৰ মন পূৰ্ণ কৰো, তেনেহলে আমাৰ চৰিত্ৰও পবিত্ৰ হৈ পৰিব। (ফিলিপীয়া ৪:৮) কিন্তু আমি যদি অশুচি বস্তুবোৰৰ অভ্যাস কৰো, তেন্তে ইয়াৰ পৰিণাম বেয়া কামবোৰেই হব। (মথি ১৫:১৮-২০)যি মনোৰঞ্জন আমাৰ মন মলিন কৰে তাৰ পৰা আমি আতৰি থাকিব লাগে। আমি ঈশ্বৰৰ বাক্যৰ অধ্যয়ন কৰি পবিত্ৰ চিন্তাৰে আমাৰ মন পূৰ্ণ কৰিব পাৰোঁ।
৫. শাৰীৰিক পবিত্ৰতা: কাৰণ তেওঁবিলাক ঈশ্বৰৰ প্ৰতিনিধি, গতিকে খ্ৰীষ্টান সকলে তেওঁলোকৰ শৰীৰ আৰু সাজ-পোচাক পৰিস্কাৰ ৰাখিব লাগে। শৌচঘৰ যোৱাৰ পাছত আমি আমাৰ হাত ধুব লাগে, আৰু আহাৰ খোৱাৰ বা আহাৰ ধৰাৰ আগতেই ভালদৰে হাত ধুই লব লাগে। যদি আপোনাৰ ঠিকমতে নলাৰ ব্যৱস্থা নাই, তেন্তে শৌচৰ পেলনীয় বিলাক পুতি দিয়া উচিত। (দ্বিতীয় বিবৰণ ২৩:১২, ১৩)শাৰীৰিক ৰূপে পৰিস্কাৰ থকাটো শৰীৰ বাবে সাস্থ্যকাৰ। এজন খ্ৰীষ্টানৰ ঘৰৰ বহিৰে ভিতৰে পৰিস্কাৰ হোৱা উচিত। ৰাইজৰ মাজত এইটো এটা ভাল উদাহৰণ হব।
৬. পবিত্ৰ কথা-বতৰা: ঈশ্বৰৰ সেৱকবিলাকক সদায় সচাঁ কথা কোৱা উচিত। মিছলীয়া বিলাক ঈশ্বৰৰ ৰাজ্যত প্ৰবেশ কৰিব নোৱাৰিব। (ইফিচীয়া ৪:২৫; প্ৰকাশিত বাক্য ২১:৮) খ্ৰীষ্টান সকলে বেয়া কথা কব নালাগে। তেওঁলোকে বেয়া ধেমালি বা বেয়া গল্প কবলৈ বা শুনিবলৈ কাণ দিব নালাগে। কাৰণ তেওঁলোকৰ ভাল কথা-বতৰা দ্বাৰা বিভিন্ন কামত বা স্কুলত আৰু ওচৰ-চুবুৰীয়াৰ পৰা নিজকে বেলেগ দেখাব পাৰে।—ইফিচীয়া ৪:২৯, ৩১; ৫:৩.
[পৃষ্ঠাৰ ক্যাপ্শন ১৮, ১৯]
ঈশ্বৰৰ সেৱক সকল সকলো ক্ষেত্ৰতেই পবিত্ৰ হোৱা উচিত