Skip to content

Skip to table of contents

এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?

এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?

পাঠ ৫

এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?

যিহোৱাই কিয় পৃথিবীখন সৃষ্টি কৰিলে? (১, ২)

এতিয়া পৃথিবীখন কিয় পৰমদেশত নাই? (৩)

দুষ্ট মানুহবিলাকৰ কি হব? (৪)

ভবিষ্যতে যীচুৱে ৰোগী? বৃদ্ধসকল? মৃত্যৰ? কাৰণে কি কৰিব? (৫, ৬)

আহিব লগীয়া ভবিষ্যতৰ আশীৰ্ব্বাদবিলাক পাবলৈ হলে আপুনাক কি কৰা আৱশ্যক? (৭)

. যিহোৱাই পৃথিবীখন সৃষ্টি কৰিছিল যাতে মানবজাতীয়ে চিৰকাললৈকে সুখভোগ কৰি জীয়াই থাকিব পাৰে। তেওঁ বিচাৰিছিল যে পৃথিবীখনত সদায় ধাৰ্মিক আৰু সুখী লোকে বসবাস কৰক। (গীতমালা ১১৫:১৬; যিচয়া ৪৫:১৮) পৃথিবীখন যাতে কেতিয়াও ধ্বংস নহয়, কিন্তু চিৰকাললৈকে স্থিৰ থাকে।—গীতমালা ১০৪:৫; উপদেশক ১:৪

. মানুহক সৃষ্টি কৰা আগেয়ে তেওঁ পৃথিবীৰ এটা সৰু অংশ বাচি ললে আৰু তাক সুন্দৰ পৰমদেশলৈ পৰিণত কৰিলে। তেওঁ সেই ঠাই ডোখৰক এদন বাগিছা বুলি কৈছিল। সেই ঠাইতে তেওঁ প্ৰথম পুৰুষ আদম আৰু তিৰোতা হাৱাক ৰাখিছিল। ঈশ্বৰৰ উদ্দেশ্য আছিল যে তেওঁলোকৰ সন্তান হওঁক আৰু গোটেই পৃথিবীত ভৰি যাওঁক। ক্ৰমে তেওঁলোক গোটেই পৃথিবীখনক পৰমদেশলৈ পৰিণত কৰিব পাৰিলেহেঁতেন।—আদিপুস্তক ১:২৮;২:৮, ১৫

. আদম আৰু হাৱাই স্বইচ্ছাৰে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰি পাপ কৰিলে। গতিকে যিহোৱাই তেওঁলোকক এদন বাগিছাৰ পৰা উলিয়াই পঠালে। এইদৰে তেওঁলোকে পৰমদেশও হেৰোৱালে। (আদিপুস্তক ৩:১-৬, ২৩) কিন্তু এই পৃথিবীৰ বাবে কৰা প্ৰতিজ্ঞা যিহোৱাই পাহৰি যোৱা নাছিল। তেওঁ প্ৰতিজ্ঞা কৰিছিল যে পৃথিবীখনক আকৌ পৰমদেশলৈ পৰিণত কৰিব যʼত মানবজাতীয়ে চিৰকাললৈকে জীয়াই থাকিব। এইটো তেওঁ কেনেকৈ কৰিব?—গীতমালা ৩৭:২৯

. এই পৃথিবীখনক পৰমদেশলৈ পৰিণত কৰাৰ আগতে, দুষ্টলোক উচ্ছন্ন হোৱা উচিত। (গীতমালা ৩৭:৩৮) এইটো হৰমাগিদোনতে সম্ভৱ হব যিটো হৈছে ঈশ্বৰৰ যুদ্ধ যʼত অধৰ্ম্মক উচ্ছন্ন কৰা যাব। তাৰ পাছত চয়তানক ১০০০ বছৰৰ কাৰণে চয়তানক বন্দিশালত ৰখা হব। তাৰ মানে পৃথিবীখনক বেয়ালৈ পৰিণত কৰিবলৈ কোনো দুষ্ট আৰু নাথাকিব। কেৱল ঈশ্বৰৰ লোকবিলাক হে উদ্ধাৰ পাব।—প্ৰকাশিত বাক্য ১৬:১৪, ১৬; ২০:১-৩

. তেতিয়া যীচু খ্ৰীষ্ট ৰজা হৈ গোটেই পৃথিবীৰ ওপৰত ১০০০ বছৰ শাসন কৰিব। (প্ৰকাশিত বাক্য ২০:৬) ক্ৰমে তেওঁ মানুহৰ মনৰ আৰু শৰীৰৰ পৰা পাপবোৰ গুচাই পেলাব। তেতিয়া সকলো সিদ্ধ মানবলৈ পৰিণত হম যেনেকৈ আদম আৰু হাৱা পাপ কৰা আগতে আছিল। তেতিয়া কোনো ৰোগী, বৃদ্ধ অৱস্থা আৰু মৃত্যু নাথাকিব। ৰোগীবোৰ সুস্থ হব আৰু বৃদ্ধ বিলাকে পুনৰায় যৌৱন অৱস্থা পাব।—ইয়োব ৩৩:২৫; যিচয়া ৩৩:২৪; প্ৰকাশিত ২১:৩, ৪।

. যীচুৱে শাসন কৰা এহাজাৰ বছৰৰ কালছোৱাত বিশ্বাসী মানুহবিলাকে সমূদায় পৃথিবীখন পৰমদেশলৈ পৰিণত কৰিবলৈ কাম কৰিব। (লুক ২৩:৪৩) লাখ লাখ মৃত্য ব্যক্তিক এই পৃথিবীত মানব জীৱনৰ কাৰণে পুনৰুত্থান কৰা হব। (পাঁচনি কৰ্ম্ম ২৪:১৫) যদি তেওঁলোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে কাম কৰে তেন্তে চিৰকাললৈকে এই পৃথিবীত জীয়াই থাকিব। যদি নকৰে তেন্তে তেওঁলোকক চিৰকাললৈ ধ্বংস কৰা হব।—যোহন ৫:২৮, ২৯; প্ৰকাশিত বাক্য ২০:১১-১৫

. ঈশ্বৰৰ প্ৰকৃত উদ্দেশ্য এনেদৰে পৃথিবীত কৃতকাৰ্য্য হব। আপুনি ভবিষ্যতে অহা আৰ্শীৰ্ব্বাদসমূহত সহভাগিতা হবলৈ বিচাৰিব নে? যদি বিচাৰে তেন্তে যিহোৱাৰ বিষয়ে আৰু তেওঁৰ আবশ্যকীয় ব্যৱস্থা বিলাক মানি চলিবলৈ আপুনি শিকিবৰ প্ৰয়োজন। যিহোৱাৰ সাক্ষীবিলাকৰ স্থানীয় ৰাজ্য চʼৰাৰ সভাত উপস্তিত হলে, তাতে তেওঁলোকে আপুনাক তেনে কৰাত সহায় কৰিব।—যিচয়া ১১:৯; ইব্ৰী ১০:২৪, ২৫

[Picture on page 10]

পৰমদেশ হেৰুৱালে

[Pictures on page 11]

হৰমাগিদোনৰ পাছত পৃথিবীখনক পৰমদেশলৈ ৰূপান্তৰিত কৰা হব