Skip to content

Skip to table of contents

চয়তান কোন?

চয়তান কোন?

পাঠ ৪

চয়তান কোন?

দিয়াবল চয়তান—তেওঁ কৰ পৰা আহিল? (১, ২)

চয়তানে মানুহক কেনেকৈ বিপথে লৈ যায়? (৩-৭)

আপুনি কিয় চয়তানক বাধা দিব লাগে? (৭)

. “দিয়াবলৰ” শব্দৰ অৰ্থ হৈছে, যে যিজনে আনৰ বিষয়ে মিছা কথা কয়। “চয়তানৰ” অৰ্থ হৈছে, শত্ৰু বা আপত্তি কাৰক। এই উক্তিবোৰ ঈশ্বৰৰ প্ৰধান শত্ৰুক দিয়া হৈছে। প্ৰথমতে, তেওঁ সিদ্ধ স্বৰ্গ দূত ৰূপে ঈশ্বৰৰ সৈতে স্বৰ্গত আছিল। যিহেতু পাছলৈ তেওঁ নিজৰ বিষয়ে বেছিকৈ ভাবিব ধৰিলে আৰু যিটো ঈশ্বৰৰ উপসনা তাৰ অধিকাৰ পাবলৈ চেষ্টা কৰিলে।—মথি ৪:৮-১০

. এই দূত অথাৎ চয়তানে, সৰ্পৰ দ্বাৰা হাৱাৰ সৈতে কথা পাতিছিল। তাইক মিছা কথা কৈ ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰালে। এইদৰে তেওঁ ঈশ্বৰৰ “অধিপত্য” বা স্থানৰ উচ্চপদত আক্ৰমণ কৰিলে। ঈশ্বৰৰ যোগ্যৰূপে ভাল শাসক আৰু অধীনৰ বিশেষ মনোযোগৰ ওপৰত চয়তানে প্ৰশ্ন কৰিলে। তেওঁ এইটো প্ৰশ্ন কৰিলে যে মানুহে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিব নে নাথাকে। এইদৰে চয়তানে নিজকে ঈশ্বৰৰ শত্ৰু বুলি প্ৰমাণ কৰিলে। সেইকাৰণে তেওঁক দিয়াবল চয়তান বুলি কোৱা হল।—আদিপুস্তক ৩:১-৫; ইয়োব ১:৮-১১; প্ৰকাশিত বাক্য ১২:৯

. চয়তানে মানুহক প্ৰতাৰণা কৰি উপসনা পাবলৈ চেষ্টা কৰে। (২ কৰিন্থীযা ১১:৩, ১৪) এটা পথ হৈছে মিছা ধৰ্ম্মৰ যোগেদি তেওঁ মানুহক বিপথে লৈ যায়। যদি এটা ধৰ্ম্মই ঈশ্বৰৰ বিষয়ে মিছা শিকায়, তেন্তে ই সচাঁকৈ চয়তানৰ ইচ্ছাৰে সেৱা কৰে। (যোহন ৮:৪৪) মিছা ধৰ্ম্মৰ সদস্য সকলে, আন্তৰিকতাৰে বিশ্বাস কৰে যে তেওঁলোকে সত্য ঈশ্বৰক উপাসনা কৰি আছে। কিন্তু, তেওঁলোকে প্ৰকৃততে চয়তানকে উপাসনা কৰি আছে। তেওঁ এই জগতৰ দেৱতা।—২ কৰিন্থীয়া ৪:৪

. প্ৰেত বিদ্যা আন এটা পথ, যাৰ দ্বাৰাই মানুহক তেওঁ নিজৰ ক্ষমতাত আনে। তেওঁলোকে নিজৰ নিৰাপত্তাৰ বাবে আত্মাক মাতিব পাৰে, আনৰ অনিষ্ট সাধন কৰিব পাৰে, ভবিষ্যতৰ কথা কব পাৰে বা অলৌকিক কামো কৰিব পাৰে। এই সকলোবোৰৰ অভ্যাসৰ পাছত দুষ্ট শক্তি চয়তান আছে। ঈশ্বৰক সন্তুষ্ট কৰিবলৈ হলে আমাক কোনো প্ৰকাৰৰ প্ৰেত আত্মাৰ বিদ্যাৰ কামত লিপ্ত হব নালাগে।—দিত্বীয় বিবৰণ ১৮:১০-১২; পাঁচনি কৰ্ম্ম ১৯:১৮, ১৯।

. চয়তানে মানুহক নিজ জাতিৰ প্ৰতি অত্যন্ত অহঙ্কাৰ আৰু ৰাজনৈতিক সংগঠনৰ উপাসনাৰ দ্বাৰা বিপথে লৈ যায়। কিছুমানে ভাবে যে তেওঁলোকৰ ৰাষ্ট্ৰ আৰু জাতি আনতকৈ বেছি ভাল। কিন্তু এইটো সচাঁ নহয়। (পাঁচনি কৰ্ম্ম ১০:৩৪, ৩৫) আনবিলাকে ভাবে যে ৰাজনৈতিক সংগঠনে তেওঁলোকৰ সমস্য সমাধান কৰিব। এই দৰে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক অগ্ৰাহ্য কৰে। যি কেৱল আমাৰ সমস্য সমাধান কৰাৰ একমাত্ৰ পথ।—দানিয়েল ২:৪৪

. অন্য প্ৰকাৰে চয়তানে মানুহক পাপপূৰ্ণ ইচ্ছাৰ দ্বাৰা প্ৰলোভন দি বিপথে লৈ যায়। যিহোৱাই আমাক পাপকাৰ্য্যৰ অভ্যাসবোৰ পৰা যি আমাৰ বাবে অপকাৰক তাৰ পৰা আতঁৰি থাকিব কয়। (গালতীয়া ৬:৭, ৮) কিছুমান মানুহে আপোনাক তেনে ধৰণৰ অভ্যাসত ভাগ লোৱাতো বিচাৰিব। মনত ৰাখিব, ই সচাঁকৈ চয়তান যিজনে আপোনাক তেনে কৰাতো বিচাৰে।—১ কৰিন্থীয়া ৬:৯, ১০; ১৫:৩৩

. চয়তানে উৎপীড়ণ আৰু বাধা-বিঘিনি কৰিব পাৰে যাতে আপুনি যিহোৱাক ত্যাগ দিয়ে। আপোনাৰ প্ৰিয় কিছুমানে আপুনাক বাইবেল অধ্যয়ন কৰা দেখি বৰ খং কৰিব পাৰে। অন্য কিছুমানে আপোনাক ঠাট্টা কৰিব পাৰে। কিন্তু আপোনাৰ জীৱন কাক সমৰ্পন কৰিব? চয়তানে আপোনাক ভয় খুৱাব বিচাৰিব যাতে আপুনি যিহোৱাৰ বিষয়ে শিকি থকাতো বন্ধ কৰি দিয়ে। চয়তানক বিজয় হবলৈ নিদিব! (মথি ১০:৩৪-৩৯; ১ পিতৰ ৫:৮, ৯) চয়তান বাধা দি আপুনি যিহোৱাক সন্তুষ্ট কৰিব পাৰে আৰু দেখুৱাব পাৰে যে যিহোৱাৰ আধিপত্যক আপুনি ধৰি ৰাখিছে।—হিতোপদেশ ২৭:১১

[পৃষ্ঠাৰ ক্যাপ্‌শন ৯]

মিছা ধৰ্ম্ম, প্ৰেত বিদ্যা, আৰু জাতীয়তাবাদে মানুহক বিপথে লৈ যায়।

[পৃষ্ঠাৰ ক্যাপ্‌শন ৯]

যিহোৱাৰ বিষয়ে একেৰাহে শিকি চয়তানক বাধা দিয়ক।