Skip to content

Skip to table of contents

প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা

প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা

পাঠ ৭

প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা

নিতৌ প্ৰাৰ্থনা কিয় কৰা আৱশ্যক? (১)

আমি কেনেকৈ আৰু কাক প্ৰাৰ্থনা কৰা উচিত? (২, ৩)

প্ৰাৰ্থনাৰ বাবে সঠিক বিষয়বিলাক কি কি? (৪)

কেতিয়া আপুনি প্ৰাৰ্থনা কৰা উচিত? (৫, ৬)

ঈশ্বৰে সকলোৰে প্ৰাৰ্থনা শুনেনে? (৭)

. প্ৰাৰ্থনা হৈছে ঈশ্বৰৰ সৈতে নম্ৰ ভাবে কথোপ-কথন কৰা। আপুনি নিতৌ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা উচিত। এইদৰে আপুনি অনুভব কৰিব তেওঁৰ কাষ চপা এজন প্ৰিয় বন্ধুৰ নিচিনা। যিহোৱা ইমান মহান আৰু পৰাক্ৰম হোৱা স্বতেও তেওঁ আমাৰ প্ৰাৰ্থনাবিলাক শুনে! আপুনি ঈশ্বৰক নিতৌ প্ৰাৰ্থনা কৰে নে?—গীতমালা ৬৫:২; ১ কৰিন্থীয়া ৫:১৭।

. প্ৰাৰ্থনাই হৈছে আমাৰ উপসনাৰ এটা ভাগ। এইদৰে আমি একমাত্ৰ যিহোৱা ঈশ্বৰকেহ প্ৰাৰ্থনা কৰা উচিত। পৃথিবীত থকা সময়ত যীচুৱে তেওঁৰ পিতৃলৈ সদায় প্ৰাৰ্থনা কৰিছিল, অন্য কাকো কৰা নাছিল। আমাকো তেনেকুৱাই কৰিব লাগে (মথি ৪:১০; ৬:৯) যি কি নহওক, আমাৰ সকলোবোৰ প্ৰাৰ্থনাত যীচুৰ নাম উল্লেখ কৰিব লাগে। ইয়াৰ দ্বাৰাই দেখায় যে যীচুৰ পদক আমি সন্মান কৰোঁ আৰু মুক্তিৰ বাবে দিয়া বলিদানত বিশ্বাস ৰাখোঁ।—যোহন ১৪:৬; ১ যোহন ২:১, ২

. যেতিয়া আমি প্ৰাৰ্থনা কৰো হৃদয়েৰে সৈতে ঈশ্বৰলৈ কৰিব লাগে। মুখস্ত কৰি বা প্ৰাৰ্থনা কিতাপৰ পৰা পঢ়ি আমাক প্ৰাৰ্থনা কৰা উচিত নহয়। (মথি ৬:৭, ৮) যেই কোনো সময়ত বা ঠাইত আমি সন্মানপূৰ্ব্বক প্ৰাৰ্থনা কৰিব পাৰোঁ। আনকি হৃদয়ত গুপুতে কৰা প্ৰাৰ্থনাও যিহোৱাই শুনিব পাৰে। (১ চামূৱেল ১:১২, ১৩) ব্যক্তিগত প্ৰাৰ্থনাৰ বাবে আন মানুহৰ পৰা নিৰ্জন ঠাইলৈ আঁতৰি যোৱাতো ভাল।—মাৰ্ক ১:৩৫

. কি বিষয়বিলাক লৈ আপুনি প্ৰাৰ্থনা কৰিব পাৰে? কিবা কাৰণত আপোনাৰ বন্ধুত্ব তেওঁৰ সৈতে বেয়া হৈ যাব পাৰে। (ফিলিপীয়া ৪:৬, ৭) আৰ্হি প্ৰাৰ্থনাই দেখুৱাইছে যে আমি যিহোৱাৰ নাম আৰু উদ্দেশ্যৰ বাবে প্ৰাৰ্থনা কৰা উচিত। আমি আমাৰ ভৌতিক বস্তুৰ যোগানৰ বাবে, পাপৰ কাৰণে ক্ষমা বিচাৰি, আৰু প্ৰলোভন প্ৰতিৰোধ কৰাত সহায় বিচাৰিব পাৰোঁ। (মথি ৬:৯,১৩) আমাৰ প্ৰাৰ্থনা স্বাৰ্থপৰ হব নালাগে। আমি কেৱল তেনেকুৱা বস্তুৰ বাবেহে প্ৰাৰ্থনা কৰিব লাগে যি ঈশ্বৰৰ ইচ্ছাৰ সৈতে মিল খায়।—১ যোহন ৫:১৪

. যেতিয়াই আপোনাৰ মনে যিহোৱাক প্ৰশংসা বা ধন্যবাদ দিব বিচাৰে তেতিয়া আপুনি প্ৰাৰ্থনা কৰিব পাৰে। (১ বংশৱালি ২৯:১০-১৩) যেতিয়া আপোনাৰ কোনো সমস্যা আৰু বিশ্বাসৰ পৰীক্ষা হয় তেতিয়া আপুনি প্ৰাৰ্থনা কৰা উচিত। (গীতমালা ৫৫:২২; ১২০:১) আহাৰ খুৱাৰ আগতে আপোনাক প্ৰাৰ্থনা কৰা উচিত। (মথি ১৪:১৯) “সকলো সময়ত” প্ৰাৰ্থনা কৰিবৰ কাৰণে যিহোৱাই আমাক আমন্ত্ৰন কৰে।—ইফিচীয়া ৬:১৮

. বিশেষকৈ আমাক প্ৰাৰ্থনা কৰা আৱশ্যক যদি আমি গুৰুতৰ পাপ কৰোঁ। সেই সময়ত যিহোৱাৰ পৰা আমি দয়া আৰু ক্ষমা বিচাৰিব লাগে। যদি আমি পাপ স্বীকাৰ কৰি লওঁ আৰু পুনৰ সেইবোৰ নকৰি ভাল কাম কৰোঁ ঈশ্বৰে “ক্ষমা দিবলৈ প্ৰস্তুত” থাকে।—গীতমালা ৮৬:৫; হিতোপদেশ ২৮:১৩

. যিহোৱাই কেৱল ধাৰ্ম্মিক সকলৰহে প্ৰাৰ্থনা শুনে। আপোনাৰ প্ৰাৰ্থনা যেন ঈশ্বৰে শুনে, তাৰবাবে আপোনাৰ জীৱন পদ্ধতি তেওঁৰ আজ্ঞাৰ মতে চলাই নিবলৈ চেষ্টা কৰিব লাগিব। (হিতোপদেশ ১৫:২৯; ২৮:৯) যেতিয়া আপুনি প্ৰাৰ্থনা কৰে তেতিয়া আপোনাক নম্ৰ হোৱা উচিত। (লুক ১৮:৯-১৪) আপুনি যি প্ৰাৰ্থনা কৰে সেইমতে কাম কৰা আবশ্যক। তেতিয়া আপুনি প্ৰমাণ কৰিব পাৰিব যে আপোনাৰ বিশ্বাস আৰু প্ৰাৰ্থনা কৰাৰ অৰ্থ আছে। কেৱল তেতিয়াহে যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব।—ইব্ৰী ১১:৬