Skip to content

Skip to table of contents

যিবিলাক বিশ্বাস আৰু ৰীতি-নীতিয়ে ঈশ্বৰক অসন্তুষ্ট কৰে

যিবিলাক বিশ্বাস আৰু ৰীতি-নীতিয়ে ঈশ্বৰক অসন্তুষ্ট কৰে

পাঠ ১১

যিবিলাক বিশ্বাস আৰু ৰীতি-নীতিয়ে ঈশ্বৰক অসন্তুষ্ট কৰে

কেনে ধৰণৰ বিশ্বাস আৰু ৰীতি-নীতিবোৰ মিছা? (১)

ঈশ্বৰ ত্ৰিমূৰ্ত্তি বুলি খ্ৰীষ্টান সকলে বিশ্বাস কৰিব লাগে নে? (২)

প্ৰকৃত খ্ৰীষ্টান সকলে বৰদিন, খ্ৰীষ্টীয় পৰ্ব্ব, আৰু জন্মদিন কিয় পালন নকৰে? (৩, ৪)

মৃতবিলাকে জীৱিত সকলক হানি কৰিব পাৰে নে? (৫) যীচু ক্ৰুচত মৃত্যু হৈছিল নে? (৬) ঈশ্বৰক সন্তুষ্ট কৰা কিয় দৰকাৰ? (৭)

. সকলোবোৰ বিশ্বাস আৰু ৰীতি-নীতি বেয়া নহয়। কিন্তু ঈশ্বৰে সেইবোৰ, যি মিছা ধৰ্ম্মৰ পৰা অহা বা বাইবেল শিক্ষাৰ বিৰুদ্ধ, কেতিয়াও স্বীকৃতি নিদিয়ে।—মথি ১৫:৬

. ত্ৰিমূৰ্ত্তি: যিহোৱা ত্ৰিমূৰ্ত্তি নে—এজন ঈশ্বৰত তিনিজন ব্যক্তি থাকিব পাৰেনে? নহয় ! যিহোৱাই, পিতৃ, “এক মাত্ৰ সত্য ঈশ্বৰ।” (যোহন ১৭:৩; মাৰ্ক ১২:২৯) যীচু তেওঁৰ প্ৰথমজাত পুত্ৰ আৰু তেওঁ ঈশ্বৰৰ অধীনত আছে। (১ কৰিন্থীয়া ১১:৩) পিতৃ পুত্ৰতকৈও মহান। (যোহন ১৪:২৮) পবিত্ৰ আত্মা এজন ব্যক্তি নহয়; ই ঈশ্বৰৰ এটা সকৰ্ম্মক শক্তি।—আদিপুস্তক ১:২; পাঁচনিৰ কৰ্ম্ম ২:১৮

. বৰদিন আৰু খ্ৰীষ্টীয় পৰ্ব্ব: যীচু ২৫ ডিছেম্বেৰত জন্ম হোৱা নাছিল। তেওঁ জন্ম অক্তোবৰৰ ১ তাৰিখে হৈছিল, বছৰৰ এনেকুৱা এটা সময়ত যিটো সময়ত ভেৰা ৰখীয়া সকলে নিজ ভেৰাবিলাক ৰাতি ভাগত বাহিৰত ৰাখিছিলে। (লুক ২:৮-১২) যীচুৱে নিজৰ জন্মদিন পালন কৰিবলৈ খ্ৰীষ্টানসকলক কেতিয়াও আদেশ দিয়া নাছিল। বৰং তেওঁৰ শিষ্যবিলাকক তেওঁৰ মৃত্যু দিনটোহে স্মৰণ কৰিবলৈ বা মনত ৰাখিবলৈ কৈছিল। (লুক ২২:১৯, ২০) বৰদিন আৰু ইয়াৰ ৰীতি-নীতিবোৰ পৌৰণিক কালৰ মিছা ধৰ্ম্মৰ পৰাহে আহিছে। ঠিক তেনেকুৱা খ্ৰীষ্টীয় পৰ্ব্বও আহিছে, যেনেকৈ কণী আৰু শহাপশু বিলাকৰ ব্যৱহাৰ কৰা হয়। প্ৰাথমিক খ্ৰীষ্টান সকলে বৰদিন বা খ্ৰীষ্টীয় পৰ্ব্ব পালন কৰা নাছিল, আজিও সত্য খ্ৰীষ্টান বিলাকে পালন নকৰে।

. জন্মদিন: বাইবেলত কেৱল দুটা জন্মদিনৰ বিষয়েহে কোৱা হৈছে যি সকলে যিহোৱাৰ উপাসনা কৰা নাছিল তেওঁলোকেহে পালন কৰিছিল। (আদিপুস্তক ৪০:২০-২২; মাৰ্ক ৬:২১,২২,২৪-২৭) প্ৰাথমিক খ্ৰীষ্টান সকলে জন্মদিন পালন কৰা নাছিল। জন্মদিন পালন কৰা ৰীতি-নীতি পৌৰণিক কালৰ মিছা ধৰ্ম্মৰ পৰাহে আহিছে। সত্য খ্ৰীষ্টানে বছৰৰ যি কোনো সময়ত উপহাৰ দিয়ে আৰু সকলোৱে মিলি-জুলি ভাল সময় কটায়।

. মৃতবিলাকলৈ ভয়: মৃতবিলাকে একোকে কৰিব বা একোকে অনুভব কৰিব নোৱাৰে। আমি তেওঁলোকক সহায় কৰিব নোৱাৰোঁ আৰু তেওঁলোকেও আমাৰ হানি কৰিব নোৱাৰে। (গীতমালা ১৪৬:৪; উপদেশক ৯:৫, ১০) আত্মা মৰে; মৃত্যৰ পাছত ই জীয়াই নাথাকে। (যিহিষ্কেল ১৮:৪) কেতিয়াবা কিন্তু দুষ্ট দূতসকলে যাক পিশাচ বুলি কোৱা হয়, মৃত্যকৰ ৰূপ ধাৰণ কৰি আহে। কোনো ৰীতি-নীতি তেনে ভয় কৰাতো বা মৃত্যকক উপাসনা কৰাতো ভূল।—যিচয়া ৮:১৯

. ক্ৰুচ: যীচু ক্ৰুচত মৰা নাছিল। তেওঁ কাঠৰ স্তম্ভত বা খুটাত মৰিছিল গ্ৰীক ভাষাত ক্ৰুচ শব্দটো বহুতে বাইবেলত এডোখৰ কটা গছ বুলি অনুবাদ কৰিছে পৌৰণিক মিছা ধৰ্ম্মৰ পৰাহে ক্ৰুচৰ চিন্হ আহিছে। প্ৰাথমিক খ্ৰীষ্টান সকলে ক্ৰুচ ব্যৱহাৰ বা উপাসনা কৰা নাছিল। গতিকে আপুনি ক্ৰুচক উপাসনা কৰাটো ঠিক বুলি ভাবে নেকি?—দ্বিতীয় বিবৰণ ৭:২৬; ১ কৰিন্থীয়া ১০:১৪

. এনেকুৱা কিছুমান বিশ্বাস আৰু ৰীতি-নীতিবোৰক পৰিত্যাগ কৰা বৰ কঠিন হৈ পৰে। সমন্ধীয় আৰু বন্ধু-বান্ধব সকলে আপোনাৰ আগৰ বিশ্বাস সলনি নকৰিবলৈ প্ৰত্যয় কৰাত চেষ্টা কৰিব পাৰে। কিন্তু মানুহক সন্তুষ্ট কৰাতকৈ ঈশ্বৰক সন্তুষ্ট কৰা বেছি দৰকাৰ।—হিতোপদেশ ২৯:২৫; মথি ১০:৩৬, ৩৭

[পৃষ্ঠাৰ ক্যাপ্‌শন ২২]

ঈশ্বৰ ত্ৰিমূৰ্ত্তি নহয়

[পৃষ্ঠাৰ ক্যাপ্‌শন ২৩]

বৰদিন আৰু খ্ৰীষ্টীয় পৰ্ব্ব পৌৰণিক শিক্ষাৰ মিছা ধৰ্ম্মৰ পৰা আহিছে

[পৃষ্ঠাৰ ক্যাপ্‌শন ২৩]

মৃত সকলক উপাসনা কৰা বা ভয় কৰা কোনো কাৰণ নাই