Skip to content

Skip to table of contents

যিবোৰ অভ্যাস ঈশ্বৰে ঘৃণা কৰে

যিবোৰ অভ্যাস ঈশ্বৰে ঘৃণা কৰে

পাঠ ১০

যিবোৰ অভ্যাস ঈশ্বৰে ঘৃণা কৰে

ঈশ্বৰে যিবোৰ বস্তুক বেয়া বুলি কৈছে তাক আপুনি কেনেকৈ অনুভব কৰা উচিত? (১)

কি ধৰণৰ যৌন আচৰণ ভুল? (২)

এজন খ্ৰীষ্টনে মিছলীয়া? (৩) জুৱাখেলা? (৩) চোৰ কৰা? (৩) অত্যাচাৰ? (৪) প্ৰেতবিদ্যা? (৫) মতলীয়াৰ? (৬) প্ৰতি কি দৃষ্টি দিব লাগে?

কেনেকৈ এজন ব্যক্তিয়ে বেয়া অভ্যাস বিলাকৰ পৰা মুক্তি পাব পাৰে? (৭)

. ঈশ্বৰৰ সেৱকে যিটো ভাল তাক প্ৰেম কৰে। কিন্তু যিটো বেয়া তাক ঘিণ কৰিব। (গীতমালা ৯৭:১০) তাৰ মানে ঈশ্বৰে যি অত্যাচাৰক ঘৃণা কৰে তাৰ পৰা আতৰি থাকিব। সেই অভ্যাসবিলাক কি কি?

. ব্যভিচাৰ: বিয়াৰ আগে কাম প্ৰবৃত্তি, পৰস্ত্ৰীগমন, পশুগমন, অবৈধ মিলন আৰু পুংমৈথুনী, এইবোৰ ঈশ্বৰৰ বিৰুদ্ধে কৰা জঘন্য পাপ। (লেবীয়া পুস্তক ১৮:৬; ৰোমীয়া ১:২৬, ২৭; ১ কৰিন্থীয়া ৬:৯, ১০) যদি কোনো দম্পতি বিয়া নকৰাকৈ একেলগে আছে, তেওঁলোকে বিচ্ছেদ হওঁক বা আইন অনুসাৰে বিয়া কৰক।—ইব্ৰী ১৩:৪

. মিছলীয়া, জুৱাখেলা, চোৰ কৰা: যিহোৱা ঈশ্বৰে মিছা কথা নকয়। (তীত ১:২) যিজনে তেওঁৰ সন্মতি পাব বিছাৰে তেওঁ মিছা কথা কোৱাৰ পৰা আঁতৰি থাকক। (হিতোপদেশ ৬:১৬-১৯; কলচীয়া ৩:৯, ১০) সকলো প্ৰকাৰৰ জুৱাখেল লোভৰ সৈতে জৰিত্ব আছে। সেইহেতুকে খ্ৰীষ্টানে কোনো জুৱাখেলত ভাগ নলয়, যেনে লটেৰী, ঘোৰা দৌৰ, আৰু বিংগ খেল। (ইফিচীয়া ৫:৩-৫) আৰু খ্ৰীষ্টানে চোৰ নকৰে। তেওঁলোকে স্বইচ্ছাৰে চোৰ কৰা সম্পত্তি নিকিনে বা বিনা অনুমতিত কোনো বস্তু নলয়।—যাত্ৰাপুস্তক ২০:১৫; ইফিচীয়া ৪:২৮

. অযথাৰূপে খং, অত্যচাৰ: অনিয়ন্ত্ৰন খঙে আপুনাক অত্যচাৰী কৰিব পাৰে। (আদিপুস্তক ৪:৫-৮) এজন অত্যচাৰী ব্যক্তিয়ে ঈশ্বৰৰ বন্ধু হব নোৱাৰে। (গীতমালা ১১:৫; হিতোপদেশ ২২:২৪, ২৫) প্ৰতিশোধ লোৱাটো বা আনে আমালৈ বেয়া কৰিলে তাৰ কাৰণে তেওঁলোকৰ ওপৰত উভতাই বেয়া কৰাটো ভূল।—হিতোপদেশ ২৪:২৯; ৰোমীয়া ১২:১৭-২১

. ইন্দ্ৰজাল বিদ্যা আৰু প্ৰেতবিদ্যা: কিছুমান মানুহে আত্মাৰ সহায়ত বেমাৰ-আজাৰ ভাল কৰিবলৈ চেষ্টা কৰে। অন্য কিছুমানে তেওঁলোকৰ শত্ৰুক বেমাৰী বা হত্যা কৰিবলৈ যাদুমন্ত্ৰ নিক্ষেপ কৰে। এই অভ্যাস বিলাকৰ পাছত চয়তানৰ শক্তি আছে। সেয়েহে খ্ৰীষ্টানে সেইবিলাকৰ কোনো এটাত ভাগ নলয়। (দ্বিতীয় বিৱৰণ ১৮:৯-১৩) যিহোৱাৰ ওচৰত থাকি আমি এই সকলো যাদুমন্ত্ৰৰে অনিষ্ট যি সকলে আমাৰ বিৰুদ্ধে কৰে তাৰ পৰা ৰক্ষা পাব পাৰো।—হিতোপদেশ ১৮:১০

. মতলীয়া: কিছু পৰিমাণে মদ, বিয়েৰ বা অন্য এল্‌কহল্‌ থকা পনীয়া লোৱতো ভুল নহয়। (গীতমালা ১০৪:১৫; ১ তীমথিয় ৫:২৩) কিন্তু ঈশ্বৰৰ দৃষ্টিত বহু পৰিমাণে মদ পান কৰা, আৰু মতলীয়া হোৱতো ভুল। (১ কৰিন্থীয়া ৫:১১-১৩; ১ তীমথিয় ৩:৮) অধিক মদ্য পান কৰাতো আপোনাৰ শৰীৰৰ কাৰণে হানিকাৰক আৰু পৰিয়ালৰ মাজত অশান্তি লৈ আনে। ই সহজে আপোনাক বশীভূত কৰাই সোনকালে আনকো পৰীক্ষাত পেলাব পাৰে।—হিতেপদেশ ২৩:২০,২১,২৯-৩৫।

. যি ব্যক্তিয়ে ঈশ্বৰে বেয়া পোৱা বিষয়ক অভ্যাস কৰে তেওঁ “ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব”। (গালাতীয়া ৫:১৯-২১) যদি আপুনি সচাঁকৈ ঈশ্বৰক প্ৰেম কৰে আৰু সন্তোষ্ট কৰিব বিচাৰে তেন্তে আপুনি এনেবোৰ অভ্যাসৰ পৰা আতঁৰি থকাৰ আৱশ্যক। (১ যোহন ৫:৩) ঈশ্বৰে যিবোৰ বেয়া বুলি কয়, তাক ঘিণ কৰিবলৈ শিকক। (ৰোমীয়া ১২:৯) যি মানুহে ঈশ্বৰীয় গুণৰ অভ্যাস কৰে তেওঁলোকৰ সৈতে সঙ্গী কৰক। (হিতোপদেশ ১৩:২০) পৰিস্কাৰ খ্ৰীষ্টান সঙ্গীদলেই সহায়ৰ উত্তম হিচাবে প্ৰমাণ দিব পাৰে। (যাকোব ৫:১৪) ইয়াৰ ওপৰিও প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰক।—ফিলিপীয়া ৪:৬,৭, ১৩

[পৃষ্ঠাৰ ক্যাপ্‌শন ২০, ২১]

ঈশ্বৰে মদপী, চুৰ, জুৱা খেলা, আৰু অত্যচাৰৰ কামবোৰক ঘৃণা কৰে