Skip to content

মৃত আপোনজনাৰ বাবে কি আশা?

মৃত আপোনজনাৰ বাবে কি আশা?

মৃত আপোনজনাৰ বাবে কি আশা?

ইয়োব নামৰ ব্যক্তিজনে বহুত আগতে সুধিছিল: “মানুহ মৰিলে পুনৰায় জীব নে?” (ইয়োব ১৪:১৪) হয়তো, আপুনিও ইয়াৰ বিষয়ে আচৰিত হৈছে। এই পৃথিবীৰ সকলোতকৈ উত্তম পৰিস্থিতিত আপোনাৰ আপোনজনাৰ সৈতে পুনঃমিলন সম্ভৱ বুলি যদি আপুনি জনাহʼলে তেতিয়া আপুনি কেনেদৰে অনুভৱ কৰিলেহেঁতেন বাৰু?

যি কি নহওঁক, বাইবেলে প্ৰতিজ্ঞা কৰিছে: “তোমাৰ মৃত লোকবিলাক পুনৰায় জীব। . . . আকৌ উঠিব।” বাইবেলে এইটোও কৈছে: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”​—⁠যিচয়া ২৬:১৯; গীতমালা ৩৭:⁠২৯.

এনেবোৰ প্ৰতিজ্ঞাত প্ৰকৃত বিশ্বাস হবলৈ হʼলে, আমাক কিছুমান মূল প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়োজন: মানুহ কিয় মৰে? মৃতসকল কʼত? আৰু আমি কেনেকৈ সুনিশ্চিত হব পাৰো যে তেওঁলোক পুনৰাই জীৱ?

মৃত্যু, আৰু কি হয় যেতিয়া আমি মৰো

বাইবেলে স্পষ্টৰূপে কৈছে যে মানৱজাতিৰ মৃত্যু হোৱাটো ঈশ্বৰৰ মূল অভিপ্ৰায় নাছিল। তেওঁ প্ৰথম মানৱ দম্পতি, আদম আৰু হৱাক সৃষ্টি কৰি পাৰ্থিব পৰমদেশত ৰাখিছিল যাক এদন বুলি কোৱা হৈছিল আৰু তেওঁলোকক সন্তান উপন্ন কৰিবলৈ আৰু গোটেই পৃথিবীখন পৰমদেশীয় ঘৰ বিস্তাৰ কৰিবলৈ আদেশ দিছিল। তেওঁলোক তেতিয়াহে মৰিলেহেঁতেন যদিহে তেওঁলোকে ঈশ্বৰৰ আদেশ অমান্য কৰে।​—⁠আদিপুস্তক ১:২৮; ২:​১৫-১৭.

ঈশ্বৰৰ কৰুণাৰ প্ৰতি কম মূল্যাঙ্কন দেখুৱাই, আদম আৰু হৱাই ঈশ্বৰৰ আদেশ অমান্য কৰিলে আৰু নিৰ্দ্ধাৰিত দণ্ড ভুগিলে। ঈশ্বৰে আদমক কৈছিল: “তোমাক মাটিৰ পৰা লোৱা হৈছিল; কাৰণ তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯) সৃষ্টিৰ পূৰ্বে আদম অস্তিত্বত নাছিল, তেওঁ ধূলি আছিল। তেওঁৰ অবাধ্যতা বা পাপৰ বাবে, আদমক ধূলিলৈ, অস্তিত্বহীন অৱস্থালৈ উলটি যাবলৈ দণ্ডাজ্ঞা দিয়া হৈছিল।

সেইবাবে মৃত্যু জীৱনৰ অভাৱ। বাইবেলে প্ৰভেদ দেখুৱাইছে: “কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু ঈশ্বৰে দিয়া বৰ, . . . অনন্ত জীৱন।” (হেলনীয়া মুদ্ৰণ আমাৰ) (ৰোমীয়া ৬:২৩) এইটো দেখুৱাইছে যে মৃত্যু এটা সম্পূৰ্ণ অচেতন অৱস্থা, বাইবেলে কৈছে: “কিয়নো জীৱিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃত লোকবিলাকে একোকেই নাজানে।” (হেলনীয়া মুদ্ৰণ আমাৰ) (উপদেশক ৯:৫) যেতিয়া এজন ব্যক্তি মৰে, বাইবেলে বৰ্ণনা কৰিছে: “তাৰ উশাহ বাহিৰ হলেই, সি পুনৰায় মাটিত লীন হয়, আৰু সেই দিনাই তাৰ সঙ্কল্পবোৰ নষ্ট হয়।”​—⁠(হেলনীয়া মুদ্ৰণ আমাৰ) গীতমালা ১৪৬:​৩, ৪.

যিহেতু, এদনত মাত্ৰ আদম আৰু হৱায়ে আজ্ঞা উলঙ্ঘন কৰিলে, তেতিয়াহʼলে আমি সকলোৱে কিয় মৰো? ইয়াৰ কাৰণ হৈছে আমি সকলোৱে আদম অবাধ্য হোৱাৰ পিছতেহে জন্ম হলো আৰু সেইবাবে আমি সকলোৱে তেওঁৰ পৰা পাপ আৰু মৃত্যু উত্তৰাধিকাৰীৰূপে পালো। যিদৰে বাইবেলে বৰ্ণনা কৰিছে: “এজন মানুহৰ [আদম] দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।”​—⁠ৰোমীয়া ৫:১২; ইয়োব ১৪:⁠৪.

তথাপি কিছুমানে সুধিব পাৰে: ‘মানুহৰ অমৰ প্ৰাণ নাইনে যিটো মৃত্যুৰ পিছত জীৱিত থাকে?’ বহুতো লোকক সেইদৰে শিকোৱা হৈছে, আনকি কয় যে মৃত্যু আন এটা জীৱনলৈ যোৱাৰ পথ। কিন্তু সেই ধাৰণা বাইবেলৰ পৰা অহা নাই। তাৰ পৰিবৰ্ত্তে, ঈশ্বৰৰ বাক্যই শিকাইছে যে আপুনি এটা প্ৰাণ হয়, আপোনাৰ সকলো শাৰীৰিক আৰু মানসিক গুণৰ সৈতে যিটো আপোনাৰ প্ৰাণ প্ৰকৃততে আপুনি নিজে হয়। (আদিপুস্তক ২:৭; যিৰিমিয়া ২:৩৪; হিতোপদেশ ২:১০) বাইবেলে এইটোও কৈছে: “যি প্ৰাণীয়ে পাপ কৰে, সেই প্ৰাণীহে মৰিব।” (যিহিষ্কেল ১৮:⁠৪) বাইবেলৰ কতো শিকোৱা নাই যে মানুহৰ এটা অমৰ প্ৰাণ আছে যিটো শৰীৰৰ মৃত্যুৰ পিছত জীৱিত থাকে।

কেনেকৈ মানৱজাতি পুনৰ জীৱিত হব পাৰে

জগতত পাপ আৰু মৃত্যু সোমোৱাৰ পিছত, ঈশ্বৰে প্ৰকাশ কৰিলে যে মৃতসকল পুনৰুত্থানৰ যোগেদি পুনৰাই জীৱন পোৱাটো তেওঁৰ উদ্দেশ্য আছিল। সেইবাবে বাইবেলে বৰ্ণনা কৰিছে: “অব্ৰাহামে . . . জানিছিল যে . . . ঈশ্বৰে [তেওঁৰ পুত্ৰ ইচ্‌হাক] মৃত্যুবিলাকৰ মাজৰ পৰাও তুলিব পাৰে।” (ইব্ৰী ১১:​১৭-১৯, NW) অব্ৰাহামৰ বিশ্বাস ভুল নাছিল, কিয়নো বাইবেলে সৰ্বশক্তিমানজনাৰ বিষয়ে কৈছে: “তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, জীয়াবিলাকৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।”​—⁠লূক ২০:​৩৭, ৩৮.

হয়, যিসকল ব্যক্তিক সৰ্ব্বশক্তিমান ঈশ্বৰে নিৰ্বাচন কৰে, তেওঁলোকক পুনৰুত্থান কৰিবলৈ তেওঁৰ মাত্ৰ কেৱল শক্তিয়ে নহয়, কিন্তু ইচ্ছাও আছে। যীচু খ্ৰীষ্টই নিজেই কৈছিল: “তোমালোকে ইয়াত বিস্ময় নামানিবা; কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি . . . পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।”​—⁠যোহন ৫:​২৮, ২৯; পাঁচনিৰ কৰ্ম্ম ২৪:⁠১৫.

ইয়াক কোৱা অলপ পাছত, যীচুৱে ইস্ৰায়েলৰ নায়িন নামৰ নগৰৰ পৰা ওলাই অহা এটা শৱসৎকাৰৰ সমদলক লগ পালে। মৃত ডেকা মানুহজন বিধৱাগৰাকীৰ একমাত্ৰ সন্তান আছিল। তাইৰ গভীৰ শোক দেখি, যীচুৰ মৰম ওপজিল। সেইবাবে সেই মৃতদেহক উদ্দেশ্য কৰি, আজ্ঞা দিলে: “হে ডেকা মানুহ, উঠা! মই ইয়াকে তোমাক কৈছোঁ।” তেতিয়া সেই মৰা মানুহজন উঠিল আৰু যীচুৱে তেওঁক মাকৰ হাতত দিলে।​—⁠লূক ৭:​১১-১৭.

যিদৰে সেই বিধৱাগৰাকীৰ ক্ষেত্ৰত হৈছিল, ঠিক সেইদৰে, যেতিয়া যীচুৱে যিহুদীৰ আৰাধানালয়ৰ এজন কৰ্তৃত্ব অধিকাৰী যায়ীৰ ঘৰলৈ গল, তাতো আনন্দ বিয়পী পৰিল। তেওঁৰ ১২ বছৰীয়া জীয়েকৰ মৃত্যু হৈছিল। কিন্তু যেতিয়া যীচুৱে যায়ীৰ ঘৰত উপস্থিত হল, তেওঁ মৃত ছোৱালীজনীৰ ওচৰলৈ গৈ কলে: “আইটি, উঠা!” তাতে তাই উঠিল!​—⁠লূক ৮:​৪০-৫৬.

তাৰ পাছত, যীচুৰ বন্ধু লাজাৰৰ মৃত্যু হʼল। যেতিয়া যীচু তেওঁৰ ঘৰত উপস্থিত হয়, লাজাৰৰ মৃত্যু হোৱা চাৰি দিন হৈছিল। যদিও বায়েক মাৰ্থায়ে গভীৰ শোক কৰি আছিল, তেওঁ আশা প্ৰকাশ কৰি কলে: “সি যে শেষৰ দিনা পুনৰুত্থানৰ কালত উঠিব, তাক মই জানো।” কিন্তু যীচু মৈদামলৈ গৈ, তাৰ মুখত থকা শিলচটা গুচাবলৈ আদেশ দিলে আৰু বৰকৈ ৰিঙিয়াই মাতিলে: “হে লাজাৰ, বাহিৰলৈ আহাঁ!” তাতে তেওঁ বাহিৰলৈ আহিল!​—⁠যোহন ১১:​১১-৪৪.

এতিয়া ইয়াৰ বিষয়ে চিন্তা কৰক: সেই চাৰি দিন, যেতিয়া লাজাৰ মৃত হৈ আছিল তেওঁ কেনেধৰণৰ অৱস্থাত আছিল? লাজাৰে স্বৰ্গত পৰমসুখ বা নৰকত হোৱা যন্ত্ৰণাৰ বিষয়ে একো কোৱা নাছিল, যদি তেওঁ তাত যোৱা হʼলে তেওঁ নিশ্চয়ে ইয়াৰ বিষয়ে কʼলেহেঁতেন। নহয়, মৃত্যুত লাজাৰ সম্পূৰ্ণৰূপে অচেতন আছিল আৰু যদি যীচুৱে তেওঁক পুনৰাই জীৱন নিদিয়াহʼলে তেওঁ তেনেদৰে “শেষৰ দিনা পুনৰুত্থানৰ কাললৈকে” থাকিলেহেঁতেন।

এইটো সত্য যে যীচুৰ আচৰিত কাৰ্য্যবোৰ মাত্ৰ অস্থায়ীৰূপেহে লাভ আছিল, কিয়নো যিসকলক তেওঁ পুনৰুত্থান কৰিছিল তেওঁলোকৰ আকৌ মৃত্যু হল। কিন্তু, ১,৯০০ বছৰৰ আগতে তেওঁ প্ৰমাণ কৰিলে যে, ঈশ্বৰৰ শক্তিৰ দ্বাৰা, মৃতসকল পুনৰাই জী উঠিব। এইদৰে তেওঁৰ আচৰিত কাৰ্য্যৰ দ্বাৰা পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ অধীনত কি ঘটিব, যীচুৱে এটা সৰু উদাৰণৰূপে তাক কৰি দেখুৱালে।

যেতিয়া আপোনজনাৰ মৃত্যু হয়

যেতিয়া সেই শত্ৰু, মৃত্যুৱে প্ৰহাৰ কৰে, যদিও আপোনাৰন পুনৰুত্থানৰ ওপৰত আশা আছে, তথাপিও হয়তো আপোনাৰ বেদনা গভীৰ হব পাৰে। অব্ৰাহামৰ বিশ্বাস আছিল যে তেওঁৰ পত্নী আকৌ জীৱিত হব, তথাপি আমি পঢ়িছো যে “অব্ৰাহামে চাৰাৰ অৰ্থে শোক আৰু বিলাপ কৰিবলৈ গʼল।” (আদিপুস্তক ২৩:২) যীচুৰ বিষয়ে কি? যেতিয়া লাজাৰৰ মৃত্যু হৈছিল, তেওঁ ‘আত্মাত উত্তেজিত আৰু ব্যাকুল হʼল,’ আৰু অলপ পিছতে তেওঁ “ক্ৰন্দন কৰিলে।” (যোহন ১১:​৩৩, ৩৫) সেইবাবে, যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়, তেতিয়া কান্দিলে কোনো দুৰ্বলতা প্ৰদৰ্শন কৰা নহয়।

যেতিয়া এটা সন্তানৰ মৃত্যু হয়, এইটো বিশেষকৈ মাতৃৰ বাবে কঠিন হৈ পৰে। সেইবাবে বাইবেলে বেদনাদায়ক বেজাৰক স্বীকাৰ কৰিছে যিটো এজনী মাতৃয়ে অনুভৱ কৰিব পাৰে। (২ ৰাজাৱলি ৪:২৭) নিঃসন্দেহ, এজন শোকগ্ৰস্ত পিতৃৰ বাবেও এইটো কঠিন। যেতিয়া ৰজা দায়ুদৰ পুত্ৰ অব্‌চালোমৰ মৃত্যু হৈছিল, তেওঁ বিলাপ কৰি কৈছিল: “তোমাৰ সলনি মই মৰাই ভাল আছিল!”​—⁠২ চমূৱেল ১৮:⁠৩৩.

তথাপি, পুনৰুত্থানৰ ওপৰত আপোনাৰ বিশ্বাস থকাৰ বাবে, আপোনাৰ দুঃখ উপশম নোহোৱা নহয়। যিদৰে বাইবেলে কৈছে: “প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা তোমালোক যেন শোকাকুল নোহোৱা।” (১ থিচলনীকীয়া ৪:১৩) বৰঞ্চ, আপুনি প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষলৈ আহিব আৰু বাইবেলে প্ৰতিজ্ঞা কৰিছে, “তেওঁ তোমাক প্ৰতিপালন কৰিব।”​—⁠গীতমালা ৫৫:⁠২২.

অন্যথা কোনো প্ৰকাৰৰ নিৰ্দ্দে শিত নাথাকিলে, উল্লেখিত শাস্ত্ৰীয় পদসমূহ ভাৰতৰ বাইবেল চোচাইটিৰ দ্বাৰা প্ৰকাশিত পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে। যদি উদ্ধৃত পদসমূহৰ পাছত NW থাকে সেইবোৰ ইংৰাজী নিউ ওৱাৰ্লড ট্ৰান্‌চ্লেশ্বন অভ দি হলি স্ক্ৰিপ্‌ছাৰ—উইথ্‌ ৰেʼফাৰেঞ্চ-ৰ পৰা লোৱা হৈছে।