Skip to content

জীৱনতো কিয় ইমান সমস্যাৰে পৰিপূৰ্ণ?

জীৱনতো কিয় ইমান সমস্যাৰে পৰিপূৰ্ণ?

Kingdom News No. 34

জীৱনতো কিয় ইমান সমস্যাৰে পৰিপূৰ্ণ?

সমস্যা বিহীন পৰমদেশ সম্ভৱ হবনে?

কিয় গুৰুতৰ সমস্যাবিলাক বেছি বেয়ালৈ পৰিণত হৈ গৈছে?

মানৱজাতীয়ে অতীজৰ পৰা সমস্যাত ভোগি আহি আছে। তাৰে কিছু সমস্যা আধুনিক শিল্পবিজ্ঞানে সামাধান যদিও কৰিছে, গুৰুতৰ সমস্যাবিলাক বেছি বেয়ালৈহে আগবাঢ়ি গৈছে।

অপৰাধ: বাটেদি গৈ থকা বা ঘৰত বহি থকা কম সংখ্যক মানুহে নিৰাপদ অনুভৱ কৰে। অলপ বছৰৰ আগতে এখন ইউৰোপিয় দেশত, প্ৰত্যেক ৩ জনৰ ১ জন ব্যক্তি অপৰাধত বলি হব লগিয়া হৈছিল।

পৰিস্থিতি: বায়ু, ভূমি, আৰু পানী বিস্তৃত্ব ভাৱে দূষিত হব ধৰিছে। উন্নতিশীল দেশবিলাকতো, চাৰি ভাগৰ এভাগ মানুহৰ খোৱা পানীৰ যোগান নাই।

দ্ৰতা: খাদ্যৰ অভাৱ আৰু দৰিদ্ৰতা আগতকৈও বেছি বৃদ্ধি পাইছে। কিছুমান দেশত শতকৰা ৯০ ভাগ জনসাধাৰণে দৰিদ্ৰতাত জীৱন নিৰ্বাহ কৰি আছে; গোটেই বিশ্বত শতকৰা ৩০ ভাগে হে চাকৰীয়াল, প্ৰায় ৮০ কোটি নিবনুৱা বা কৰিবলৈ যথেষ্ট কাম-বন নাই—এইদৰে ক্ৰমে নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈ গৈছে।

খাদ্যৰ অভাৱ: যদিও আপোনাৰ নিজৰ বাবে যথেষ্ট পৰিমাণে খাদ্য আছে, বাঢ়ি অহা লক্ষ লক্ষ জনে ভুকত আছে। কিছু অৰ্ধ-উন্নতিশীল দেশবোৰত, প্ৰত্যেক বছৰত খাদ্যৰ অভাৱত, অন্ততঃ ১.৩ কোটী জনসাধাৰণ মৰিছে, তাৰে বেছি সংখ্যায়ে হৈছে কণ-কণ লৰা ছোৱালী।

যুদ্ধ-বিগ্ৰহ: অলপতে হোৱা জাতীয় বিবাদত হেজাৰৰো অধিক জনসাধাৰণৰ মৃত্যু হ‘ল। আৰু কুৰি শতাব্দীত হোৱা যুদ্ধত, দহ কোটিৰো অধিক জনসাধাৰণৰ মৃত্যু হ‘ল।

অন্যান্য সমস্যা: ওপৰত উল্লেখ কৰা সমস্যাবিলাকৰ লগত জৰিত্ব আছে, পৰিয়াল ভাঙি যোৱা, বেছি সংখ্যক অবিৱাহিত মাতৃ হোৱা, অঘৰীৰ সংখ্যা বৃদ্ধি হোৱা, মাদক দ্ৰব্যৰ সেৱন কৰা, অসৎ কাম কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্ব্বৰ পাৰ্লিয়েমেন্টৰ সদস্য এজনে এইদৰে কৈছে: “প্ৰকৃততে, বহুতো ঘটনায়ে প্ৰমাণ দিছে যে মানৱ সভ্যতাৰ নৈতিক আৰু সামাজিক অৱস্থা . . . দূষিত হৈ গৈছে।” এই ৩০ বছৰ সময়ত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা শতকৰা ৪১ লৈ বৃদ্ধি পাইছে, কিন্তু অতি শীঘ্ৰে অত্যাচাৰ শতকৰা ৫৬০ লৈ বৃদ্ধি পালে, অবৈধ জন্মা শতকৰা ৪০০ লৈ, বিৱাহ বিচ্ছেদ শতকৰা ৩০০ লৈ, নাবালক আত্মাহত্যা শতকৰা ২০০ লৈ বৃদ্ধি পালে। অন্যান্য দেশতো সেই একেই অৱস্থা হৈ গৈছে।

সমস্যাবিলাক কিয় ইমান বেয়া হৈ গৈছে?

আমাৰ সৃষ্টিকৰ্ত্তা জনে ইয়াৰ উত্তৰ দিছে। তেওঁৰ বাক্যত এই সমস্যাৰে ভৰা সময়ক “শেষকাল” বুলি কৈছে, সেই সময়ত “ভয়ঙ্কৰ সময় উপস্থিত হব।” (২ তীমথিয় ৩:১) এই শেষ কাল কিহৰ বাবে? বাইবেলে স্পষ্টকৈ বৰ্ণনা দিছে “জগতৰ শেষ।”—মথি ২৪:৩, কিং জেমচ্‌ ভাৰচন্‌।

আজিৰ বাঢ়ি অহা সমস্যাবিলাকে প্ৰমাণ কৰিছে যে, এই জগত আৰু তাৰ দুষ্টতাবিলাক যিবোৰে ইয়াৰ দায়ী, তেওঁলোকৰ শেষ একেবাৰে ওচৰ। (মথি ২৪:৩-১৪; ২ তীমথিয় ৩:১-৫; প্ৰকাশিত বাক্য ১২:৭-১২) অতি সোনকালে ঈশ্বৰ নিজে হস্তক্ষেপ কৰিব আৰু বৰ্ত্তমান সমস্যাবিলাক সম্পূৰ্ণ ৰূপে সামাধান কৰিব।—যিৰিমিয়া ২৫:৩১-৩৩; প্ৰকাশিত বাক্য ১৯:১১-২১

এই জগতৰ ধৰ্ম্মবিলাক বিফল হ‘ল

এই জগতৰ ধৰ্ম্মবিলাকে আজিৰ সমস্যা বিলাক সামাধান কৰাৰ পৰিবৰ্ত্তে সেইবিলাকক আৰু বৃদ্ধি কৰিলে। যুদ্ধৰ সময়ত কেথলিক খ্ৰীষ্টান বিলাকে লক্ষ লক্ষ কেথলিকক হত্যা কৰিলে, প্ৰতেচটেন্টতে লক্ষ লক্ষ প্ৰতেচটেন্টক হত্যা কৰিলে। অলপ দিনৰ আগতে ৰোৱান্দাত, য‘ত সৰহ ভাগ লোকেই কেথলিক, তেওঁলোকে ইজনে সিজনক লক্ষ লক্ষ সংখ্যাত হত্যা কৰিলে! (বাওঁ ফালৰ ছবিখনলৈ চাওঁক)

যিচু খ্ৰীষ্টয়ে নিজৰ শিষ্যবোৰ বিভিন্ন জাতীয়ত্ব হোৱাৰ কাৰণে, তেওঁলোকক বধ কৰিবলৈ তেওঁ ৰাইফল বন্দুক বা তাৰোৱাল দৰে অস্ত্ৰ লৈ যুদ্ধ কৰিবলৈ ওলাই গৈছিল নে? নিশ্চয় নহয়! “যি জনে ঈশ্বৰক প্ৰেম কৰে” বাইবেলে কৈছে, “তেওঁ আপোন ভাইকো প্ৰেম কৰক।” (১ যোহন ৪:২০, ২১) এই জগতৰ ধৰ্ম্মবিলাক সেইটো কৰাত বিফল হ‘ল। “ঈশ্বৰক জানো বুলি তেওঁবিলাকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কাৰ্য্যেৰে অস্বীকাৰ কৰে।”—তীত ১:১৬

তদুপৰি, এই জগতৰ ধৰ্ম্মবিলাকে বাইবেলৰ আৰ্হি মতে চলা নাই, ধৰ্ম্মবিলাকে গোটেই বিশ্বক নৈতিকতা ভাঙি যোৱাত বৰঙণি আগ বঢ়ালে।

যিচুৱে কৈছে যে আপুনি সচাঁ আৰু মিছা ধৰ্ম্ম আৰু তাৰ সদস্য বিলাকক সিহঁতৰ কৰ্মৰ “ফলৰ” দ্বাৰাই চিনিব পাৰিব। তেওঁ আকৌ কৈছে: “যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়”। (মথি ৭:১৫-২০) ঈশ্বৰৰ বাক্যয়ে আমাক মিছা ধৰ্ম্ম অৰ্থাৎ যি বেয়া ফল ধ্বংসৰ সম্মুখীন হৈ আছে তাৰ পৰা ওলাই আহিবলৈ সৰ্তক কৰি দিছে।—প্ৰকাশিত বাক্য ১৮:৪

সত্য ধৰ্ম্ম বিফল নহয়

সত্য ধৰ্ম্ময়ে “ভাল ফল উৎপন্ন কৰে,” বিশেষকৈ প্ৰেম। (মথি ৭:১৭; যোহন ১৩:৩৪, ৩৫) কিহে অন্তঃৰাষ্টীয় খ্ৰীষ্টীয় ভ্ৰাতৃস্নেহ সমাজক ঐক্যভাৱে থাকিবলৈ উৎসাহ দিছে? কোনে নিজৰ ধৰ্ম্মৰে হওঁক বা অন্যৰ ধৰ্ম্মৰে, হত্যা কৰিবলৈ অস্বীকাৰ কৰে?—১ যোহন ৩:১০-১২

যিহোৱাৰ সাক্ষী বোৰে গোটেই পৃথিৱীৰ ২৩০ৰো অধিক দেশত কীৰ্ত্তিতাৰে “ভাল ফল” উৎপন্ন কৰি আছে, “সিহঁতে নিজ নিজ তাৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব।” (যিচয়া ২:৪) তেওঁলোকে খ্ৰীষ্টৰ আজ্ঞাধীন হৈ গোটেই বিশ্বত অন্য লোকৰ প্ৰতি যে প্ৰেম আছে তাকে ঈশ্বৰৰ ৰাজ্যৰ “শুভবাৰ্ত্তা” প্ৰচাৰ কাৰ্য্যৰ দ্বাৰাও প্ৰকাশিত কৰিছে। (মথি ২৪:১৪) তেওঁ লোকে বাইবেলত দিয়া উচ্চ ধৰ্ম্মনিষ্ঠা ভাৱনাকো সৰ্মথন আৰু অভ্যাস কৰিছে।—১ কৰিন্থীয়া ৬:৯-১১

সচাঁ ধৰ্ম্ময়ে বিফল হোৱা নাই। এই ধৰ্ম্ময়ে মানৱজাতীক উপযুক্ত এজনালৈ বাট দেখুৱাই লৈ গৈছে যি জনে মানৱ সমস্যাৰ সামাধান কৰিব। অতি সোনকালে সেইজনে নতুন পৃথিৱী স্থাপন কৰিব। সেইজন কোন বাৰু? (অনুগ্ৰহ কৰি পিছৰ পৃষ্ঠালৈ মন দিয়ক।)

এখন সমস্যা বিহীন পৰমদেশ নিদ্দিষ্ট

যদি আপোনি পাৰে, যি বিলাক সমস্যায়ে মানৱজাতীক দুঃখ দি আছে তাক সামাধান নকৰিব নে? অৱশ্যে আপোনি কৰিব! উচিত ৰূপে, আমি আমাৰ মৰমীয়াল সৃষ্টিকৰোঁতা জনৰ বিষয়ে ভাবিছোনে, অকল তেওঁৰহে পৰাক্ৰম আৰু জ্ঞান আছে, আৰু মানৱজাতীৰ সমস্যা সামাধান কৰিবলৈ সমৰ্থ আছে, তেওঁ সকলোবিলাক ঠিক নকৰিব নে?

বাইবেলত কৈছে যে ঈশ্বৰে মানৱজাতীৰ মাজত উপস্থিত হব আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ ৰজা যীচু খ্ৰীষ্টৰ দ্বাৰাই কাম কৰিব। তেওঁৰ ৰাজ্যখনে পৃথিৱীত থকা মানৱ ভ্ৰষ্ট চৰকাৰবোৰক “সংহাৰ” কৰিব। (দানিয়েল ২:৪৪; মথি ৬:৯, ১০) আৰু কিয়? গীতমালা লিখকে ঈশ্বৰলৈ কৰা প্ৰাৰ্থনাত কৈছে; “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিৱীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।”—গীতমালা ৮৩:১৮

কেতিয়া জগতৰ শেষ হব, তাত পৰস্তজীৱী হবনে? “জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে” বাইবেলত কৈছে, “কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৭) পৰস্তজীৱী বিলাক ক‘ত চিৰকাললৈ জীয়াই থাকিব? বাইবেলে উত্তৰ দিছে “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীতমালা ৩৭:৯-১১, ২৯; হিতোপদেশ ২:২১, ২২

ঈশ্বৰৰ নতুন পৃথিৱীত “মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।” (প্ৰকাশিত বাক্য ২১:৪) তাত কোনো অপৰাধ, দৰিদ্ৰতা, আকাল, বেমাৰ, দুঃখ আৰু মৃত্যু নাথাকিব! কিয়, কাৰণ মৃত সকলক পুনৰ জীৱিত কৰা হব! “ধাৰ্ম্মিক অধাৰ্ম্মিক এই দুবিধ লোকৰ পুনৰুত্থান হব।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) আৰু পৃথিৱীখন এখন প্ৰকৃত পৰমদেশলৈ ৰূপান্তৰিত হব।—যিচয়া ৩৫:১, ২; লূক ২৩:৪৩

ঈশ্বৰৰ নতুন পৃথিৱীত আমি যদি সুখৰ জীৱন বিচাৰো আমাক কি কৰা আৱশ্যক? যীচুৱে কৈছে “আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) গোটেই বিশ্বত লক্ষ লক্ষ সৰলভাৱৰ লোকে সেই জ্ঞান গ্ৰহণ কৰি আছে। এয়ে তেওঁলোকক ব্যক্তিগত সমস্যাৰ লগত যুজিবলৈ ক্ষমতাবান কৰি তুলিছে, কিন্তু আৱশ্যকীয় কথা এইটোৱে যে, সেই জ্ঞানে তেওঁলোকক বিশ্বাসী কৰি তুলিছে, যি বিলাক সমস্যাৰ সামাধান পোৱা নাই ঈশ্বৰৰ নতুন পৃথিৱীয়ে তাক সম্পূৰ্ণ ৰূপে প্ৰতিকাৰ কৰিব।

[Picture Credit Line on page 2]

WHO photo by P. Almasy

[Picture Credit Line on page 3]

Jerden Bouman/Sipa Press