আপুনি কিয় বাইবেলত বিশ্বাস কৰিব পাৰে
আপুনি কিয় বাইবেলত বিশ্বাস কৰিব পাৰে
কিছুমান লোকে কয় যে বাইবেলখন নিৰ্ভৰযোগ্য নহয় আৰু তেওঁলোকৰ দৃষ্টিভঙ্গী বিস্তৃতভাৱে স্বীকাৰ কৰা হৈছে। এইবাবে বৰ্ত্তমান সময়ৰ বহুত লোকে যিটো বাইবেলে কয় তাক নিৰ্ভৰযোগ্য নহয় বুলি কয় পাহৰি যায়।
আনহাতে, যীচুৱে প্ৰাৰ্থনাত ঈশ্বৰলৈ কোৱা কথাষাৰত বিশ্বাস বৃদ্ধি কৰে: “তোমাৰ বাক্যেই সত্য।” স্বয়ং বাইবেলে ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত বুলি দাবী কৰিছে।—যোহন ১৭:১৭; ২ তীমথিয় ৩:১৬.
আপুনি ইয়াৰ বিষয়ে কি ভাবে? বাইবেলক বিশ্বাস কৰিবলৈ সঠিক কাৰণ আছেনে? নতুবা বাস্তৱতে এনে কোনো প্ৰমাণ আছেনে যে বাইবেলখন নিৰ্ভৰযোগ্য নহয়, যিয়ে স্বয়ং বিৰ্তকৰ সৃষ্টি কৰিছে আৰু পৰিবৰ্ত্তনশীল হয়?
কি ই স্বয়ং বিৰ্তকৰ সৃষ্টি কৰেনে?
যিহেতু কিছু লোকে দাবী কৰে যে বাইবেলে স্বয়ং বিৰ্তকৰ সৃষ্টি কৰে, কেতিয়াবা কোনোবাই আপোনাক ইয়াৰ বিষয়ে বাস্তৱিক উদাহৰণ দেখুৱাইছেনে? আমি এটাও কাৰণ দেখা নাই যিটো অনুসন্ধানৰ সন্মুখীন হৈছে। এইটো সত্য যে কিছুমান বাইবেলৰ বৃতান্ত অমিল যেন বোধ হয়। কিন্তু প্ৰায়ে, কাল আৰু পৰিস্থিতিৰ বিৱৰণিৰ বিষয়ে কম জ্ঞান থকাৰ বাবে সমস্যা উৎপন্ন হয়।
উদাহৰণস্বৰূপে, কিছুমান লোকে বাইবেলক অমিল বুলি ধাৰণা কৰে আৰু তাৰ ওপৰত ধ্যান আৰ্কষিত কৰি সোধে: ‘কয়িনে তেওঁৰ পত্নী কʼৰ পৰা পালে?’ তেওঁলোকে এইটো ধাৰণা কৰে যে মাত্ৰ কয়িন আৰু হেবেল আদম আৰু হৱাৰ সন্তান। কিন্তু বাইবেলে যি কৈছে এই ধাৰণা তাৰ বিপৰীত অৰ্থৰ ওপৰত আধাৰিত। বাইবেলত বৰ্ণনা কৰিছে যে আদম “পুতেক আৰু জীয়েকৰ পিতৃ আদিপুস্তক ৫:৪, NW) এইবাবে, কয়িনে তেওঁৰ ভনী বা সম্ভৱতঃ এজনী ভাগিনীৰ সৈতে বিয়া কৰিছিল।
হʼল।” (প্ৰায়ে সমালোচকসকলে মাত্ৰ অসাদৃশ্যবোৰত দৃষ্টি কৰে আৰু সেইবাবে হয়তু মতামত দিয়ে: ‘বাইবেলৰ লিখক মথিয়ে কৈছে যে এজন সেনাপতিয়ে যীচুৰ ওচৰলৈ আহি অনুগ্ৰহ বিচাৰিছিল, যিহেতু লূকে কৈছে যে প্ৰতিনিধিকহে সুধিবলৈ পঠিয়াইছিল। কোনটো শুদ্ধ?’ (মথি ৮:৫, ৬; লূক ৭:২, ৩) কিন্তু এইটো সঁচাকৈ অসাদৃশ্য নে?
যেতিয়া লোকসকলৰ কাৰ্য্যকলাপ বা কামৰ সুনাম সেই ব্যক্তিজনক দিয়া হয়, যিজন তাৰ বাবে প্ৰকৃততে দায়ীত্ববান, তেতিয়াহʼলে এজন বিবেচনাশীল ব্যক্তিয়ে অসাদৃশ্যৰ দাবী নকৰে। উদাহৰণস্বৰূপে, আপুনি এনে ৰিপ্ৰ্টক ভুল বুজিবনে যিটোৱে কৈছে যে নগৰ পালজনে ৰাস্তা নিৰ্ম্মাণ কৰিলে, যদিও বাস্তৱিকতে ৰাস্তাৰ নিৰ্ম্মাণ কাৰ্য্য ইয়াৰ ইঞ্জিনিয়াৰ আৰু কৰ্মচাৰীৰ দ্বাৰা কৰা হʼল? কেতিয়াও নহয়! ঠিক সেইদৰে, মথিয়ে কোৱা সেনাপতিজনে যীচুক অনুৰোধ কৰিছিল, কিন্তু যিদৰে লূকে লিখিছে যে এনে অনুৰোধ কিছুমান প্ৰতিনিধিৰ দ্বাৰা কৰা হৈছিল, এইটো কোনো বিৰ্তকৰ কাৰণ নহয়।
যেনেকৈ আৰু অধিক বিৱৰণবোৰ জনা যায়, বাইবেলত পোৱা অসাদৃশ্যবোৰ নাইকিয়া হয়।
বুৰঞ্জী আৰু বিজ্ঞান
বাইবেলৰ ঐতিহাসিক সত্যতাৰ ওপৰত এসময়ত বিস্তৃতভাৱে সন্দেহ কৰা হৈছিল। উদাহৰণস্বৰূপে, সমালোচকসকলে অচূৰৰ ৰজা চৰ্গোন, বাবিলৰ ৰজা বেলচেচ্ৰ আৰু ৰোমৰ শাসনকৰ্ত্তা পন্তীয় পীলাতৰ দৰে বাইবেলত থকা ব্যক্তিৰ অস্তিত্বৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু নতুন আৱিষ্কাৰে এটাৰ পাছত আনটো বাইবেলৰ বৃতান্তক সমৰ্থন কৰিছে। সেইবাবে বুৰঞ্জীবিদ মৌচে ৰ্পালমেনে লিখিছিল: “হঠাতে, যি সন্দেহবাদী লোকসকলে পুৰণি নিয়মৰ ঐতিহাসিক ভাগবোৰৰ বাস্তৱিকতাৰ ওপৰত সন্দেহ কৰিছিল, তেওঁলোকে নিজৰ দৃষ্টিভঙ্গী সলনি কৰিবলৈ আৰম্ভ কৰিছে।”
আদিপুস্তক ১:১.
যদি আমি বাইবেলত বিশ্বাস কৰো, তেতিয়াহʼলে বিজ্ঞানৰ বিষয়েও যৰ্থাথ জ্ঞান হব লাগে। কি এইটো এইদৰে নে? এসময়ত বৈজ্ঞানিকসকলে, বাইবেলক অস্বীকাৰ কৰি দৃঢ়ভাৱে কৈছিল যে বিশ্বব্ৰহ্মাণ্ডৰ কোনো আৰম্ভণ নাই। কিন্তু জ্যোতিৰ্বিদ ৰবাৰ্ট জেচট্ৰে অলপ দিনৰ আগেয়ে নতুন সুত্ৰৰ ফালে সংকেট কৰিলে যিটো এই প্ৰমাণক মিছা সাব্যস্ত কৰে, তেওঁ বাখ্যা কৰিছে: “এতিয়া আমি দেখা পাওঁ যে জ্যোতিষবিজ্ঞানৰ প্ৰমাণে জগতৰ সৃষ্টিৰ বিষয়ে বাইবেলৰ দৃষ্টিভঙ্গীলৈ লৈ যায়। বিৱৰণবোৰ ভিন্ন, কিন্তু জ্যোতিষবিজ্ঞান আৰু বাইবেলৰ বৃতান্তৰ মূল বিষয়বোৰ একেই।”—মানৱেও পৃথিৱীৰ আকাৰৰ সমন্ধে তেওঁলোকৰ দৃষ্টিভঙ্গী সলনি কৰিলে। “আৱিষ্কাৰৰ সমুদ্ৰযাত্ৰাদলে দেখুৱালে,” দ্যা ওৱলৰ্ড বুক এনচাইক্লোপেডিয়াই বাখ্যা কৰিছে, “যে পৃথিৱীখন গোলাকাৰ, চেপেটা নহয়, যিদৰে অধিকাংশ লোকে বিশ্বাস কৰিছিল।” কিন্তু বাইবেলখন আৰম্ভনিৰ পৰাই সত্য! সেই সমুদ্ৰযাত্ৰাদলতকৈ ২,০০০ বছৰৰ আগতে, বাইবেলে যিচয়া ৪০:২২ (NW) পদত কৈছিল, “যি জনাই পৃথিৱীৰ বৃত্তৰ ওপৰত আকাশ-মণ্ডলত বহি আছে” বা অন্য অনুবাদে কৈছে, “পৃথিৱীৰ গোলক” (ডুয়ে), “গোল পৃথিৱী।” (মাঁফ্ফঁট)
সেইবাবে যিমান অধিক মানৱে শিকে, সিমান অধিক প্ৰমাণিত হয় যে বাইবেলত বিশ্বাস কৰিব পৰা যায়। এজন ব্ৰিটিছ সংগ্ৰহালয়ৰ প্ৰাক্তন নিৰ্দেশক, ছাৰ ফ্ৰেডৰিক কেন্যনে লিখিছিল: “এতিয়ালৈকে পোৱা বিশ্বাসে এইটো প্ৰমাণ কৰিছে যে বাইবেলে, জ্ঞান বৃদ্ধি কৰাৰ বাহিৰে আৰু একো কৰিব নোৱাৰে।”
ভৱিষ্যতৰ বিষয়ে ভৱিষ্যৎ-বাণী
কিন্তু সঁচাকৈ, আমি বাইবেলে ভৱিষ্যতৰ বিষয়ে পূৰ্ব্বতে কোৱা কথাবোৰত বিশ্বাস কৰিব পাৰোঁনে, যʼত অন্তৰ্ভূক্ত আছে এখন ‘ধাৰ্ম্মিকতাৰ নতুন আকাশ আৰু নতুন পৃথিৱীৰ’ প্ৰতিজ্ঞাবোৰ? (২ পিতৰ ৩:১৩; প্ৰকাশিত বাক্য ২১:৩, ৪) অতীতত বাইবেলৰ বিশ্বাসযোগ্যতাৰ কি প্ৰমাণ আছে? শ-শ বছৰৰ পূৰ্বে কৰা ভৱিষ্যৎ-বাণীবোৰ বাৰে-বাৰে যৰ্থাথৰূপে, বিস্তৃতভাৱে পূৰ্ণ হৈছে!
উদাহৰণস্বৰূপে, বাইবেলে পৰাক্ৰমী বাবিলৰ পতনৰ বিষয়ে ২০০ বছৰৰ আগতে ভৱিষ্যৎ-বাণী কৰিছিল। বাস্তৱতে, মাদীয়া লোকেসকলে পাৰস্য লোকসকলৰ সৈতে মিলিত হৈ, তেওঁলোকৰ নাম বিজয়ীৰূপে ঘোষণা কৰিছিল। যিহেতু পাৰস্য ৰজা কোৰচৰ জন্মও হোৱা নাছিল, বাইবেলে ভৱিষ্যৎ-বাণী কৰিছিল যে তেওঁ জয়লাভ কৰাত প্ৰসিদ্ধ হব। ইয়াত কৈছিল যে বাবিলৰ সুৰক্ষাত্মক পানী, ফৰাৎ নদী, “সেইবোৰ শুকাব” আৰু বাবিলৰ “দুৱাৰবোৰ জাপ খোৱা নহব।”—যিৰিমিয়া ৫০:৩৮; যিচয়া ১৩:১৭-১৯; ৪৪:২৭–৪৫:১.
বুৰঞ্জীবিদ হেৰোডোটাচে বৰ্ণনা কৰাৰ দৰে, সেই বিশেষ বিৱৰণবোৰ পূৰ্ণ হʼল। ইয়াৰ ওপৰিও, বাইবেলে ভৱিষ্যৎ-বাণী কৰিছিল যে বাবিল শেষলৈ জনশূন্য ভগ্নাৱশেষ হৈ যাব আৰু ঠিক সেইদৰেই হʼল। বৰ্ত্তমান সময়ত বাবিলৰ গড়বোৰ এখন জনশূন্য স্থানৰ মাটিৰ দʼলা। (যিচয়া ১৩:২০-২২; যিৰিমিয়া ৫১:৩৭, ৪১-৪৩) বাইবেলত অন্য ভৱিষ্যৎ-বাণীৰে পৰিপূৰ্ণ আছে, যিবোৰ নাটকীয়ভাৱে সম্পূৰ্ণ হৈ আছে।
তেতিয়াহʼলে বাইবেলে বৰ্ত্তমান সময়ৰ জগতৰ ৰীতি-ব্যৱস্থাৰ বিষয়ে কি ভৱিষ্যৎ-বাণী কৰিছে? ইয়াত কৈছে: “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, . . . ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হব।”—২ তীমথিয় ৩:১-৫.
নিঃসন্দেহ, ইয়াৰ পূৰ্ণতাক এতিয়া আমি দেখিছো! কিন্তু বাইবেলে “এই মথি ২৪:৭; লূক ২১:১১.
জগতৰ অন্তিম কালৰ” বিষয়েও ভৱিষ্যৎ-বাণী কৰিছে: “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, আৰু ঠায়ে ঠায়ে আকাল হব।” ইয়াৰ ওপৰিও, “বৰ ভূমিকম্প, . . . আৰু মহামাৰী হব।”—দৰাচলতে, বৰ্ত্তমান সময়ত বাইবেলৰ ভৱিষ্যৎ-বাণীবোৰৰ পূৰ্ণতাক অনুভৱ কৰা হৈছে! তেতিয়াহʼলে ভৱিষ্যতে পূৰ্ণ হবলগীয়া ভৱিষ্যবাণীবোৰৰ বিষয়ে কি, যেনেকৈ: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব,” আৰু “সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব . . . , সিহঁতে যুদ্ধ-বিদ্যা আৰু নিশিকিব”?—গীতমালা ৩৭:২৯; যিচয়া ২:৪.
কিছুমান লোকে কব পাৰে, ‘ইমান ভাল কথা সঁচা হবই নোৱাৰে।’ কিন্তু বাস্তৱতে, আমি কোনো কথাতে সন্দেহ কৰাৰ কাৰণ নাই, যি প্ৰতিজ্ঞা আমাৰ সৃষ্টিকৰ্ত্তাই কৰিছে। তেওঁৰ বাক্যত বিশ্বাস কৰিব পাৰি! (তীত ১:২) প্ৰমাণবোৰ ভালকৈ পৰীক্ষা কৰাৰ দ্বাৰা, আপুনি ইয়াৰ বিষয়ে আৰু অধিক বিশ্বাসী হব।
অন্যথা কোনো প্ৰকাৰৰ নিৰ্দ্দে শিত নাথাকিলে, উল্লেখিত শাস্ত্ৰীয় পদসমূহ ভাৰতৰ বাইবেল চোচাইটিৰ দ্বাৰা প্ৰকাশিত পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে। যদি উদ্ধৃত পদসমূহৰ পাছত NW থাকে সেইবোৰ ইংৰাজী নিউ ওৱাৰ্লড ট্ৰান্চ্লেশ্বন অভ দি হলি স্ক্ৰিপ্ছাৰ—উইথ্ ৰেʼফাৰেঞ্চ-ৰ পৰা লোৱা হৈছে।
[৪ পৃষ্ঠাৰ ব্লাৰ্ব]
“এতিয়ালৈকে পোৱা বিশ্বাসে এইটো প্ৰমাণ কৰিছে যে বাইবেলে, জ্ঞান বৃদ্ধি কৰাৰ বাহিৰে আৰু একো কৰিব নোৱাৰে।”