কি এই জগতখন ৰক্ষা পাব নে?
কি এই জগতখন ৰক্ষা পাব নে?
কোনো যুগতে জগতৰ শেষৰ সৰ্ম্পকে ইমান আলোচনা শুনা নাছিল। বহুতে আশঙ্কা কৰে যে জগতখন পাৰমাণবিক যুদ্ধৰ দ্বাৰাই শেষ হব। অন্যলোক সকলে ভাবে যে জগতখন প্ৰদূষণৰ দ্বাৰাই ধ্বংস হব পাৰে। আৰু অন্যলোক সকলে চিন্তা কৰে যে, অৰ্থনৈতিক বেমেজালিৰ ফলত দʼল একত্ৰিত হৈ এজনে আনজনৰ বিৰুদ্ধ হব।
বাস্তৱতে, জগতখন শেষ হব পাৰে নে? যদি পাৰে, ইয়াৰ মানে কি? পূৰ্ব্বতে জগতখন কেতিয়াবা শেষ হৈছিল নে?
এখন জগতৰ শেষ—অন্য এখনৰ পুনঃস্থাপন
হয়, এখন জগতৰ শেষ হৈছিল। নোহৰ সময়ৰ জগতখনক বিবেচনা কৰক যিখন অতি দুষ্টলৈ পৰিণত হৈছিল। বাইবেলে ব্যাখ্যা কৰিছে: “তেতিয়াৰ জগত জলপ্লাবিত হৈ বিনষ্ট হৈছিল।” বাইবেলে এইটোও কৈছে: “[ঈশ্বৰে] পুৰাতন জগতক মৰম নকৰিলে, কিন্তু যেতিয়া ভক্তিহীনবিলাকৰ ওপৰলৈ জলপ্লাবন আনিলে, তেতিয়া ধৰ্ম্ম-প্ৰচাৰক নোহক আন সাত জনে সৈতে ৰক্ষা কৰিলে।”—২ পিতৰ ২:৫; ৩:৬.
লক্ষ্য কৰক, সেই জগতখনৰ শেষ হোৱাৰ মানে কি আছিল আৰু কি নাছিল। ইয়াৰ অৰ্থ এইটো নাছিল যে মানৱজাতিৰ শেষ। বিশ্বব্যাপী জুৰি হোৱা জলপ্লাবনত নোহ আৰু তেওঁৰ পৰিয়াল ৰক্ষা পাইছিল। ঠিক তেনেদৰে, পৃথিবী আৰু সুন্দৰ তৰাময় আকাশখনো ৰক্ষা পাইছিল। সেই ধ্বংসটো আছিল, “এখন ভক্তিহীন লোকৰ ভৰা জগত,” এখন দুষ্ট বিধিব্যৱস্থাৰ।
কালক্ৰমে, নোহৰ সন্তান-সন্ততি বাঢ়ি গৈ অন্য এখন জগতৰ বিকাশ হʼল। সেইটো হৈছে দ্বিতীয়খন জগত বা বিধিব্যৱস্থা, যিখন আজি আমাৰ দিনলৈকে আছে। ইয়াৰ ইতিহাস যুদ্ধ, অপৰাধ, আৰু অত্যাচাৰৰে পৰিপূৰ্ণ হৈ আছে। এই জগতৰ কি হব? কি এইখন ৰক্ষা পাব নে?
এই জগতৰ ভৱিষ্য
নোহৰ দিনৰ জগতখন, ধ্বংসৰ সৰ্ম্পকে কোৱাৰ পিচত বাইবেলৰ বিৱৰণিয়ে কৈছে: “সেই একে বাক্যৰ গুণে, এই বৰ্ত্তমান কালৰ আকাশ-মণ্ডল আৰু পৃথিবী . . . জুইৰ কাৰণে সঞ্চিত আছে।” (২ পিতৰ ৩:৭) দৰাচলতে, অন্য এজন বাইবেল লিখকে ব্যাখ্যা কৰিছে: “জগত [বৰ্ত্তমানৰ যিটো আছে] . . . গুচি যাব লাগিছে।”—১ যোহন ২:১৭.
বাইবেলৰ মানে এইটো নহয় যে বাস্তৱিক পৃথিবী বা তৰাময় আকাশখন গুচি যাব, যেনেকৈ নোহৰ দিনতো গুচি যোৱা নাছিল। (গীতমালা ১০৪:৫) বৰং, এই জগত, ইয়াৰ “আকাশ,” বা চয়তানৰ প্ৰভাৱৰ অধীনত থকা চৰকাৰী শাসকসকল, আৰু ইয়াৰ “পৃথিবী,” বা মানৱ সমাজ, অগ্নিৰ দ্বাৰা ধ্বংস হব। (যোহন ১৪:৩০; ২ কৰিন্থীয়া ৪:৪) এই জগতখন, বা বিধিব্যৱস্থাৰ বিনষ্ট হব, যেনেকৈ জলপ্লাবনত পূৰ্ব্বৰ জগতখনৰ হৈছিল। তদুপৰি এই জগতৰ শেষ হোৱাৰ আগতে কি ঘটিব, যীচু খ্ৰীষ্টও দৃষ্টান্তৰূপে “নোহৰ দিনৰ” পৰিস্থিতিৰ সৰ্ম্পকে উল্লেখ কৰি কৈছিল।—মথি ২৪:৩৭-৩৯.
উল্লেখযোগ্য, যেতিয়া যীচুৱে নোহৰ দিনৰ সৰ্ম্পকে কৈছিল, এইটো তেওঁ শিষ্যসকলৰ সোধা প্ৰশ্নৰ উত্তৰ আছিল: “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” (মথি ২৪:৩) যীচুৰ শিষ্যসকলে জানিছিল যে এই জগতৰ শেষ হব। এই দৃশ্যই তেওঁলোকক আতঙ্কিত কৰি তুলিছিল নে?
তাৰ বিপৰীতে, যেতিয়া যীচুৱে এই জগতৰ শেষ হোৱাৰ আগতে হব লগীয়া ঘটনাবিলাকৰ সৰ্ম্পকে বৰ্ণনা কৰিছিল, তেতিয়া তেওঁ তেওঁলোকক আনন্দ কৰিবলৈ উৎসাহিত কৰিছিল ‘কিয়নো তেওঁলোকৰ মুক্তি ওচৰ চাপিছে।’ (লূক ২১:২৮) হয়, চয়তান আৰু তাৰ দুষ্ট বিধিব্যৱস্থাৰ পৰা মুক্ত হৈ, এখন শান্তিময় নতুন জগতত প্ৰৱেশ কৰা!—২ পিতৰ ৩:১৩.
কিন্তু কেতিয়া এই জগতৰ শেষ হব? যীচুৱে তেওঁৰ “আগমন আৰু এই জগতৰ শেষ হোৱাৰ” কি “চিহ্ন” দিছিল?
“চিহ্ন”
“আগমন” গ্ৰীক শব্দৰ পাৰৌচিয়া, পৰা অনুবাদ কৰা হৈছে, আৰু ইয়াৰ অৰ্থ হৈছে “উপস্থিত,” অৰ্থাৎ প্ৰকৃততে উপস্থিত হোৱা। সেইকাৰণে যেতিয়া “চিহ্ন” সমূহ দেখা দিছিল, ইয়াৰ মানে এইটো নাছিল যে খ্ৰীষ্ট শীঘ্ৰে আহিব লগা আছিল কিন্তু তেওঁ ইতিমধ্যে ঘূৰি আহিছিল আৰু উপস্থিত আছিল। ইয়াৰ মানে এইটো যে তেওঁ অদৃশ্যৰূপে এজন স্বৰ্গীয় ৰজা হিচাবে শাসন কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ অতি সোনকালে তেওঁৰ শত্ৰুবোৰক সংহাৰ কৰিব।—প্ৰকাশিত বাক্য ১২:৭-১২; গীতমালা ১১০:১, ২.
যীচুৱে “চিহ্ন” ৰূপে মাত্ৰ এটা ঘটনা দিয়া নাছিল। তেওঁ জগতৰ অনেক ঘটনা আৰু অৱস্থাৰ সৰ্ম্পকে বৰ্ণনা কৰিছিল। এই সকলো ঘটনা সেই সময়ত ঘটিব যাক বাইবেলৰ লিখকে “শেষ কাল” বুলি কৈছিল। (২ তীমথিয় ৩:১-৫; ২ পিতৰ ৩:৩, ৪) যীচুৰ ভৱিষ্যবাণীৰ কিছু ঘটনাক বিবেচনা কৰক, যিবোৰে ‘শেষ কালক’ চিহ্নিত কৰে।
‘জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব।’ (মথি ২৪:৭) পূৰ্ব্বৰ তুলনাত, বৰ্ত্তমানত যুদ্ধৰ অধিক বৃদ্ধি হৈছে। এজন বুৰঞ্জীবিদে এইদৰে কৈছে: “প্ৰথম বিশ্ব যুদ্ধ [১৯১৪ চনত আৰম্ভ হৈছিল] আছিল প্ৰথম ‘সম্পূৰ্ণ’ যুদ্ধ।” তেতিয়াও, দ্বিতীয় বিশ্বযুদ্ধ তাতকৈও অধিক বিনাশকাৰী আছিল। আৰু যুদ্ধই অপৰিবৰ্ত্তিত ভাৱে পৃথিবীখনক জৰাজীৰ্ণ অৱস্থা কৰিছে। হয়, যীচুৰ’ বাক্য, নাটকীয়ৰূপে পৰিপূৰ্ণ হৈছে!
‘ঠায়ে ঠায়ে আকাল।’ (মথি ২৪:৭) সম্ভৱতঃ প্ৰথম বিশ্বযুদ্ধৰ পাছত গোটেই ইতিহাসত সকলোতকৈ ডাঙৰ আকাল হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছতো ভয়ানক আকাল হৈছিল। পূষ্টিকৰ খাদ্যৰ অভাৱত জনসংখ্যাৰ পাচঁ ভাগৰ এভাগত প্ৰভাৱ পৰিছে আৰু প্ৰতি বছৰে প্ৰায় ১ কোটি ৪০ লাখ শিশুৰ মৃত্যু হৈছে। সঁচাকৈ, “আকাল” হৈছে!
‘বৰ ভূমিকম্প।’ (লূক ২১:১১) গড় হিচাপে ১৯১৪ চনৰ পৰা, হোৱা ভূমিকম্পত প্ৰত্যেক বছৰত মৰা লোকৰ সংখ্যা পূৰ্ব্বৰ শতাব্দীতকৈও দহ গুণ বেছি আছিল। কেৱল কিছু গুৰুত্বৰ ভূমিকম্পক বিবেচনা কৰক: ১৯২০ চনত, চীনত, ২,০০,০০০ জন নিহত হʼল; ১৯২৩ চনত, জাপানত, ৯৯,৩০০ জনৰ প্ৰাণহানি হʼল; ১৯৩৯ চনত, ৰ্তুকীত, ৩২,৭০০ জনৰ দুৰ্ঘটনাত মৃত্যু হʼল; ১৯৭০ চনত, পেৰুত, ৬৬,৮০০ জনৰ মৃত্যু হʼল; আৰু ১৯৭৬ চনত, চীনত, প্ৰায় ২,৪০,০০০ জনৰ (বা, কিছু সূত্ৰ অনুসাৰে ৮,০০,০০০) মৃত্যু হয়। সঁচাকৈ, “বৰ ভূমিকম্প”!
‘ঠায়ে ঠায়ে মহামাৰী হব।’ (লূক ২১:১১) প্ৰথম বিশ্বযুদ্ধৰ ঠিক পাছতে, কিছু ২ কোটি ১ লাখ মানুহ স্পেনিচ্ ফ্লু দ্বাৰা মৃত্যু হয়। চাইএনচ্ ডাইজেষ্টে ৰিপৰ্ট কৰিলে: “গোটেই ইতিহাসত ইয়াতকৈ অধিক ভীতিজনক আৰু তীব্ৰগামী মৃত্যুৰ যন্ত্ৰণা হোৱা নাই।” তেতিয়াৰ পৰাই, হৃদয় ৰোগ, কৰ্কট ৰোগ, এইড্ছ, আৰু অন্য বহুতো মহামাৰীয়ে লাখ সংখ্যৰ লোকৰ প্ৰাণ হানি কৰিছে।
‘অধৰ্ম্ম অধিক।’ (মথি ২৪:১২) ১৯১৪ চনৰ পৰা আমাৰ জগতখন অপৰাধ আৰু হিংসাৰে জনাজাত হৈ পৰিল। বহুতো ঠাইত দিনৰ ভাগটো লোকবোৰে ৰাস্তাত অহা যোৱা কৰোঁতে সুৰক্ষিত অনুভৱ নকৰে। ৰাতিভাগত মানুহে দুৱাৰ বন্ধ কৰি, ভিতৰত থাকে, বাহিৰলৈ যাব ভয় কৰে।
শেষ কালত ঘটিব লগীয়া ঘটনাবোৰৰ সৰ্ম্পকে ভৱিষ্যবাণী কৰা হৈছিল, আৰু সেই সকলোবোৰো পূৰ্ণ হৈছে। ইয়াৰ মানে, এই জগতৰ শেষ একেবাৰে ওচৰত। কিন্তু, আনন্দৰ কথা এই যে কিছু সংখ্যক লোক ৰক্ষা পাব। “এই জগতখন . . . গুচি যাব লাগিছে,” ইয়াক কোৱাৰ পাছত, বাইবেলে প্ৰতিজ্ঞা কৰিছে: “যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।”—১ যোহন ২:১৭.
সেইবাবে আমাক ঈশ্বৰৰ ইচ্ছা শিকা আৰু সেইমতে পালন কৰা আৱশ্যক। তেতিয়াহে আমি এই জগতৰ ধ্বংসৰ পৰা ৰক্ষা পাই ঈশ্বৰৰ নতুন জগতত, অনন্ত কাললৈকে আশীৰ্ব্বাদৰ আনন্দ উঠাব পাৰিম। বাইবেলে প্ৰতিজ্ঞা কৰিছে যে সেই সময়ত: “ঈশ্বৰে . . . [মানুহৰ] চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।”—প্ৰকাশিত বাক্য ২১:৩, ৪.
অন্যথা কোনো প্ৰকাৰৰ নিৰ্দ্দেশিত নাথাকিলে, উল্লেখিত শাস্ত্ৰীয় পদসমূহ ভাৰতৰ বাইবেল চোচাইটিৰ দ্বাৰা প্ৰকাশিত পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে।
[৬ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
স্বীকৃতি চিত্ৰ: বিমান: USAF photo. শিশু: WHO photo by W. Cutting. ভুমিকম্প: Y. Ishiyama, Hokkaido University, Japan.