ইফিচীয়াসকললৈ চিঠি ৩:১-২১

  • পবিত্ৰ ৰহস্যত ইস্ৰায়েলী নোহোৱা লোকসকলক জড়িত কৰা হʼল (১-১৩)

    • ইস্ৰায়েলী নোহোৱা লোকসকলে খ্ৰীষ্টৰ লগত উত্তৰাধিকাৰ লাভ কৰিব ()

    • যুগে যুগে চলি অহা ঈশ্বৰৰ উদ্দেশ্য (১১)

  • অন্তৰ্দৃষ্টি পাবলৈ ইফিচীয়াসকলৰ কাৰণে প্ৰাৰ্থনা কৰে (১৪-২১)

 সেইবাবে মই পৌল, খ্ৰীষ্ট যীচুৰ কাৰণে আৰু তোমালোক, যিসকল ইস্ৰায়েলী নোহোৱা লোক হোৱা, তোমালোকৰ কাৰণে বন্দী হৈ আছোঁ . . . ২  তোমালোকে হয়তো নিশ্চয় শুনিছা যে তোমালোকৰ কাৰণে মোক ঈশ্বৰৰ মহা-কৃপাৰ প্ৰবন্ধক হোৱাৰ দায়িত্ব দিয়া হৈছিল ৩  অৰ্থাৎ মোৰ ওপৰত পবিত্ৰ ৰহস্য প্ৰকাশ কৰা হৈছিল, যিদৰে আগতে মই চমুকৈ লিখিছিলোঁ। ৪  সেইবাবে, তোমালোকে যেতিয়া এয়া পঢ়িবা, তেতিয়া খ্ৰীষ্টৰ বিষয়ে সেই পবিত্ৰ ৰহস্য যে মই জানোঁ, সেয়া তোমালোকে বুজি পাবা। ৫  প্ৰাচীন সময়ত কোনো প্ৰজন্মৰ* ওপৰত ঈশ্বৰে এই পবিত্ৰ ৰহস্য স্পষ্টভাৱে প্ৰকাশ কৰা নাছিল, যিদৰে আজি পবিত্ৰ শক্তিৰ যোগেদি তেওঁৰ পবিত্ৰ পাঁচনি* আৰু ভৱিষ্যবক্তাসকলৰ ওপৰত স্পষ্টভাৱে প্ৰকাশ কৰিছে। ৬  এই পবিত্ৰ ৰহস্য হৈছে: ইস্ৰায়েলী নোহোৱা লোকসকলে খ্ৰীষ্ট যীচুৰ লগত একতাত থাকিব আৰু শুভবাৰ্তাৰ যোগেদি আমাৰ লগত উত্তৰাধিকাৰ লাভ কৰিব আৰু আমাৰ লগত একে শৰীৰৰ অংগ হʼব আৰু ঈশ্বৰৰ প্ৰতিজ্ঞাত আমাৰ লগত সহভাগী হʼব। ৭  মই ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে এই পবিত্ৰ ৰহস্যৰ সেৱক হʼলোঁ, তেওঁ মোক নিজৰ শক্তিৰ যোগেদি এই দান দিছে। ৮  মই সকলো পবিত্ৰ লোকৰ মাজত সকলোতকৈ সৰু হোৱাৰ সত্ত্বেও মোৰ ওপৰত এই মহা-কৃপা দেখুৱা হৈছে যে মই ইস্ৰায়েলী নোহোৱা লোকসকলক খ্ৰীষ্টৰ অসংখ্য* আশীৰ্বাদৰ বিষয়ে শুভবাৰ্তা শুনাওঁ। ৯  আৰু সকলোকে পবিত্ৰ ৰহস্যৰ সেই ব্যৱস্থাৰ বিষয়ে বুজাওঁ, যাক সকলো বস্তুৰ সৃষ্টিকৰ্তা ঈশ্বৰে দীঘলীয়া সময় ধৰি গোপনে ৰাখিছে। ১০  এইদৰে কৰাৰ কাৰণ হৈছে যাতে এতিয়া মণ্ডলীৰ যোগেদি স্বৰ্গৰ চৰকাৰ আৰু অধিকাৰীয়ে ঈশ্বৰৰ বুদ্ধিৰ গণিব নোৱাৰা উপায় জানিব পাৰে। ১১  এয়া যুগে যুগে চলি অহা সেই উদ্দেশ্যৰ অনুসৰি হয়, যি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ষেত্ৰত তেওঁ নিৰ্ধাৰিত কৰিছে। ১২  খ্ৰীষ্টৰ যোগেদিয়েই আমি এইদৰে সংকোচ নকৰাকৈ কʼবলৈ সাহস পাইছোঁ আৰু তেওঁৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে আমি সম্পূৰ্ণ ভৰসাৰে ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ। ১৩  সেইবাবে, মই তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকৰ কাৰণে মই দুখভোগ কৰিছোঁ বুলি তোমালোকে নিৰুৎসাহ নহʼবা, কিয়নো ইয়াৰ পৰা তোমালোকৰ মহিমা হʼব। ১৪  সেইবাবে, মই সেই পিতৃৰ আগত আঁঠুকাঢ়ি তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। ১৫  যিজনৰ যোগেদি স্বৰ্গত আৰু পৃথিৱীত সকলো পৰিয়াল অস্তিত্বত আহিছে।* ১৬  মই প্ৰাৰ্থনা কৰিছোঁ যে ঈশ্বৰে, যিজনৰ ওচৰত প্ৰচুৰ মহিমা আছে তেওঁ নিজৰ পবিত্ৰ শক্তিৰ যোগেদি তোমালোকক সেই শক্তি দিয়ক, যিয়ে তোমালোকৰ হৃদয় আৰু মনক শক্তিশালী কৰি তোলে। ১৭  আৰু তোমালোকৰ বিশ্বাসৰ কাৰণে খ্ৰীষ্টই প্ৰেমেৰে তোমালোকৰ হৃদয়ত বাস কৰক। মোৰ প্ৰাৰ্থনা এয়াই যে যিদৰে এজোপা গছে নিজৰ গভীৰ শিপাৰ কাৰণে দৃঢ় হৈ থাকে, ঠিক সেইদৰে তোমালোকেও বিশ্বাসৰ ভেটিৰ ওপৰত দৃঢ়তাৰে থিয় হৈ থাকা ১৮  যাতে সকলো পবিত্ৰ লোকৰ লগত তোমালোকেও সত্যৰ বহল, দীঘল, ওখ আৰু গভীৰতাক ভালদৰে বুজিব পাৰা ১৯  আৰু খ্ৰীষ্টৰ প্ৰেমৰ বিষয়েও জানিব পাৰা, যি জ্ঞানতকৈ বহুত শ্ৰেষ্ঠ আৰু এইদৰে তোমালোকে যেন ঈশ্বৰৰ পৰা তেওঁৰ সকলো গুণ লাভ কৰিব পাৰা। ২০  ঈশ্বৰৰ শক্তি আমাৰ হৃদয়ত কাম কৰি আছে আৰু আমি তেওঁৰ পৰা যি খোজোঁ বা আমি যিমান চিন্তা কৰিব পাৰোঁ, তেওঁ তাতকৈ বেছি কৰিব পাৰে। ২১  মণ্ডলীৰ যোগেদি আৰু খ্ৰীষ্টৰ যোগেদি যুগে যুগে সদায় কাললৈকে সেইজন ঈশ্বৰৰেই মহিমা হৈ থাকক। আমেন।

Footnotes

প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “অগাধ।”
বা “সকলো পৰিয়ালে নাম পাইছে।”