ইব্ৰীসকললৈ চিঠি ১:১-১৪

  • ঈশ্বৰে নিজৰ পুত্ৰৰ যোগেদি কথা পাতিলে (১-৪)

  • পুত্ৰ স্বৰ্গদূতসকলতকৈ শ্ৰেষ্ঠ হয় (৫-১৪)

 ঈশ্বৰে অতীতত বহুবাৰ বিভিন্ন উপায়েৰে ভৱিষ্যবক্তাসকলৰ যোগেদি আমাৰ পূৰ্বপুৰুষসকলৰ লগত কথা পাতিছিল। ২  কিন্তু এতিয়া এই শেষ সময়ছোৱাত তেওঁ আমাৰ লগত নিজৰ পুত্ৰৰ যোগেদি কথা পাতিছে, যিজনক তেওঁ সকলো বস্তুৰ উত্তৰাধিকাৰী হিচাপে নিযুক্ত কৰিছে আৰু যিজনৰ যোগেদি তেওঁ জগতৰ ব্যৱস্থা* বনালে। ৩  এই পুত্ৰত ঈশ্বৰৰ মহিমা প্ৰকাশ পায় আৰু তেওঁ ঈশ্বৰৰ প্ৰতিৰূপ হয়। তেওঁ নিজৰ শক্তিশালী বাক্যৰে সকলো চম্ভালি ৰাখে। তেওঁ আমাৰ পাপ ধুই শুচি কৰাৰ পাছত তেওঁ স্বৰ্গত ঈশ্বৰৰ সোঁহাতে বহিল। ৪  যিহেতু তেওঁ স্বৰ্গদূতসকলৰ তুলনাত আৰু শ্ৰেষ্ঠ নাম পাইছে, সেইবাবে তেওঁ তেওঁলোকতকৈয়ো বহুত মহান। ৫  উদাহৰণস্বৰূপে, ঈশ্বৰে কেতিয়া কোনো স্বৰ্গদূতক এইদৰে কৈছিল, “তুমি মোৰ পুত্ৰ হয়, আজি মই তোমাৰ পিতৃ হৈছোঁ”? বা “মই তেওঁৰ পিতৃ হʼম আৰু তেওঁ মোৰ পুত্ৰ হʼব”? ৬  কিন্তু তেওঁ যেতিয়া আকৌ নিজৰ প্ৰথম সন্তানক জগতত পঠাব, তেতিয়া তেওঁ এইদৰে কʼব, “ঈশ্বৰৰ সকলো স্বৰ্গদূতে তেওঁক মূৰ দোৱাই প্ৰণাম কৰক।” ৭  লগতে তেওঁ নিজৰ স্বৰ্গদূতসকলৰ বিষয়ে এইদৰে কয়, “তেওঁ নিজৰ স্বৰ্গদূতসকলক শক্তিশালী আৰু নিজৰ সেৱকসকলক জুইৰ শিখাৰ দৰে কৰি তোলে।” ৮  কিন্তু তেওঁ নিজৰ পুত্ৰৰ বিষয়ে কয়, “ঈশ্বৰ সদায় কালৰ কাৰণে তোমাৰ সিংহাসন হয় আৰু তোমাৰ ৰাজদণ্ড ন্যায়ৰ ৰাজদণ্ড হয়। ৯  তুমি যি সঠিক, তাক প্ৰেম কৰিলা আৰু দুষ্টতাক ঘিণ কৰিলা। সেইবাবে ঈশ্বৰে, হয়, তোমাৰ ঈশ্বৰে তোমাৰ লগৰবিলাকতকৈ বেছি আনন্দৰূপ তেলেৰে তোমাক অভিষিক্ত কৰিলে।” ১০  আৰু “হে প্ৰভু, তুমি আৰম্ভণিতে পৃথিৱীৰ ভিত্তি স্থাপন কৰিলা, আকাশ-মণ্ডল তোমাৰ হাতৰ কাম হয়। ১১  সেইবোৰতো ধ্বংস হৈ যাব, কিন্তু তুমি সদায় থাকিবা। সেইবোৰ কাপোৰৰ দৰে পুৰণি হৈ যাব ১২  আৰু কাপোৰ মেৰিয়াই ৰখাৰ দৰে সেইবোৰকো মেৰিয়াই ৰখা হʼব আৰু সেইবোৰক কাপোৰৰ দৰে সলাই দিয়া হʼব। কিন্তু তুমি সদায় একেই থাকিবা আৰু তোমাৰ আয়ু কেতিয়াও শেষ নহʼব।” ১৩  কিন্তু তেওঁ কেতিয়া কোনো স্বৰ্গদূতৰ বিষয়ে এইদৰে কৈছিল, “মই তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰি-পীৰা নকৰালৈকে তুমি মোৰ সোঁহাতে বহি থাকা”? ১৪  সকলো স্বৰ্গদূত পবিত্ৰ সেৱা* কৰাৰ কাৰণে নহয় নে আৰু এওঁলোকক সেই লোকসকলৰ সেৱাৰ কাৰণে পঠোৱা হোৱা নাই নে, যিসকলে উদ্ধাৰ পাব?

Footnotes

শব্দকোষ চাওক।
বা “জনসেৱা।”