ইব্ৰীসকললৈ চিঠি ১০:১-৩৯

  • জন্তুৰ বলিদানে পাপক নাইকিয়া কৰিব নোৱাৰে (১-৪)

    • নিয়ম কেৱল এক ছাঁ হয় ()

  • খ্ৰীষ্টৰ বলিদান এবাৰেই সদায়ৰ কাৰণে (৫-১৮)

  • এক নতুন আৰু জীৱিত পথ (১৯-২৫)

    • একগোট হʼবলৈ এৰি নিদিবা (২৪, ২৫)

  • জানি-বুজি পাপ কৰাৰ পৰা সাৱধান (২৬-৩১)

  • ধৈৰ্য্য ধৰাৰ ভৰসা আৰু বিশ্বাস (৩২-৩৯)

১০  নিয়ম আহিবলগীয়া ভাল বিষয়বোৰৰ কেৱল এক ছাঁ হয়, কিন্তু প্ৰকৃত ৰূপ নহয়। ইয়ে* বছৰে বছৰে উৎসৰ্গ কৰা একেধৰণৰ বলিদানৰ পৰা ঈশ্বৰৰ উপাসনা কৰা লোকসকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। ২  এইদৰে হোৱা হʼলে বলিদান উৎসৰ্গ কৰাটো বন্ধ নহʼলহেঁতেন নে? কিয়নো বলিদান লৈ অহা লোকসকলে* যদি এবাৰতেই শুচি হৈ যায়, তেনেহʼলে তেওঁলোকে পাপী হৈ থকাৰ কেতিয়াও অনুভৱেই নকৰিলেহেঁতেন। ৩  ইয়াৰ পৰিৱৰ্তে, এই বলিদানবোৰে বছৰে বছৰে তেওঁলোকৰ পাপ মনত পেলাই দিয়ে, ৪  কিয়নো এয়া সম্ভৱ নহয় যে ষাঁড়গৰু আৰু ছাগলীৰ তেজে পাপক নাইকিয়া কৰিব পাৰে। ৫  সেইবাবে, যেতিয়া খ্ৰীষ্টই পৃথিৱীলৈ আহিছিল, তেতিয়া তেওঁ কৈছিল, “‘তুমি বলিদান আৰু উছৰ্গা বিচৰা নাই। কিন্তু তুমি মোৰ কাৰণে এক শৰীৰ প্ৰস্তুত কৰিলা। ৬  তুমি হোম-বলি আৰু পাপ-বলিবোৰ গ্ৰহণ নকৰিলা।’ ৭  তেতিয়া মই কʼলোঁ, ‘হে ঈশ্বৰ, চোৱা! মই তোমাৰ ইচ্ছা পূৰ কৰিবলৈ আহিছোঁ (যিদৰে নুৰাত* মোৰ বিষয়ে লিখা আছে)।’” ৮  প্ৰথমতে তেওঁ কয়, “তুমি বলিদান আৰু উছৰ্গা আৰু হোম-বলি আৰু পাপ-বলিবোৰ নিবিচাৰিলা,” যি নিয়মৰ অনুসৰি উৎসৰ্গ কৰা হয়। ৯  আকৌ তেওঁ কয়, “চোৱা! মই তোমাৰ ইচ্ছা পূৰ কৰিবলৈ আহিছোঁ।” তেওঁ প্ৰথম ব্যৱস্থাক শেষ কৰি দিয়ে যাতে দ্বিতীয় ব্যৱস্থা আৰম্ভ কৰিব পাৰে। ১০  যি “ইচ্ছাৰ” বিষয়ে তেওঁ কʼলে, তাৰ অনুসৰি আমাক পবিত্ৰ কৰা হʼল, কিয়নো যীচু খ্ৰীষ্টই এবাৰেই সদায়ৰ কাৰণে নিজৰ শৰীৰ বলিদান হিচাপে আগবঢ়ালে। ১১  ইয়াৰ উপৰিও, প্ৰতিজন পুৰোহিতে পবিত্ৰ সেৱাৰ* কাৰণে প্ৰতিদিনে নিজৰ ঠাইত থিয় হয় আৰু বাৰে বাৰে সেই বলিদানেই উৎসৰ্গ কৰে, যি কেতিয়াও পাপক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব নোৱাৰে। ১২  কিন্তু এই মানুহজনে পাপৰ কাৰণে এটাই বলিদান সদায়ৰ কাৰণে উৎসৰ্গ কৰিলে আৰু ঈশ্বৰৰ সোঁহাতে বহিল। ১৩  তেতিয়াৰে পৰা তেওঁ সেই সময়ৰ কাৰণে অপেক্ষা কৰি আছে, যেতিয়া তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰিৰ তল কৰা হʼব। ১৪  তেওঁ এটাই বলিদান উৎসৰ্গ কৰি সেই লোকসকলক সদায়ৰ কাৰণে সিদ্ধ কৰিলে, যিসকলক পবিত্ৰ কৰা হৈছে। ১৫  আৰু ঈশ্বৰৰ পবিত্ৰ শক্তিও আমাক এই কথা সঁচা হয় বুলি সাক্ষ্য দিয়ে, কিয়নো ইয়ে প্ৰথমে কৈছে, ১৬  “যিহোৱাই* কয়, ‘সেই দিনবোৰৰ পাছত মই তেওঁলোকৰ লগত এই চুক্তিয়েই কৰিম। মই নিজৰ নিয়ম তেওঁলোকৰ হৃদয়ত সোমোৱাই দিম আৰু তেওঁলোকৰ মগজুত লিখিম।’” ১৭  তাৰ পাছত পবিত্ৰ শক্তিয়ে কয়, “মই তেওঁলোকৰ পাপ আৰু দুষ্ট কামবোৰ আৰু কেতিয়াও মনত নেপেলাম।” ১৮  যি পাপবোৰৰ ক্ষমা পোৱা গʼল, তাৰ কাৰণে আকৌ বলিদান উৎসৰ্গ কৰাৰ প্ৰয়োজন নাই। ১৯  তেনেহʼলে ভাইসকল, আমি যীচুৰ তেজৰ যোগেদি সেই পথত চলিবলৈ সাহস পাইছোঁ,* যিয়ে পবিত্ৰ ঠাইলৈ লৈ যায়। ২০  তেওঁ এই নতুন আৰু জীৱিত পথ মুকলি কৰিলে,* যি পৰ্দা পাৰ কৰি যায় আৰু এই পৰ্দা তেওঁৰ শৰীৰ হয়। ২১  আৰু আমাৰ ওচৰত এনে মহান পুৰোহিত আছে, যিজন ঈশ্বৰৰ ঘৰৰ অধিকাৰী হয়। ২২  তেনেহʼলে আহা, আমি সত্য হৃদয়েৰে আৰু সম্পূৰ্ণ বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ যাওঁ। কিয়নো আমাৰ হৃদয়ত তেজ ছটিয়াই আমাৰ দুষ্ট বিবেকক শুচি কৰা হʼল আৰু আমাৰ শৰীৰক বিশুদ্ধ পানীৰে ধুউৱা হʼল। ২৩  আহা, আমি থিৰে থাকি নিজৰ আশাৰ বিষয়ে সকলো লোকৰ আগত ঘোষণা কৰি থাকোঁ, কিয়নো যিজনে প্ৰতিজ্ঞা কৰিছে, তেওঁ বিশ্বাসযোগ্য হয়। ২৪  আৰু আহা আমি এজনে-আনজনক মনোযোগ দিওঁ* যাতে এজনে-আনজনক প্ৰেম আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিব পাৰোঁ।* ২৫  একগোট হʼবলৈ* এৰি দিয়াৰ কিছুমান লোকৰ অভ্যাস হৈ পৰিছে, কিন্তু আমি সেইদৰে একগোট হʼবলৈ এৰি নিদিওঁ। ইয়াৰ পৰিৱৰ্তে, এজনে-আনজনক উৎসাহিত কৰি থাকোঁ আৰু সেইদিন যিমানেই কাষ চপা দেখোঁ, সিমানেই আৰু বেছি এইদৰে কৰি থাকোঁ। ২৬  এবাৰ সত্যৰ সঠিক জ্ঞান পোৱাৰ পাছত যদি আমি জানি-বুজি পাপ কৰি থাকোঁ, তেনেহʼলে আমাৰ পাপবোৰৰ কাৰণে কোনো বলিদান বাকী নাথাকে। ২৭  কিন্তু কেৱল ভয়ংকৰ শাস্তি আৰু ক্ৰোধৰ জুই বাকী থাকে, যি বিৰোধীসকলক ভষ্ম কৰি দিব। ২৮  যি মানুহে নিয়ম ভাঙে, তেওঁক দুজন বা তিনিজন ব্যক্তিৰ সাক্ষ্যৰ আধাৰত হত্যা কৰা হয় আৰু তেওঁৰ ওপৰত দয়া কৰা নহয়। ২৯  তেনেহʼলে চিন্তা কৰা, যিজন ব্যক্তিয়ে ঈশ্বৰৰ পুত্ৰক ভৰিৰ তলত গছকে আৰু চুক্তিৰ সেই তেজক সাধাৰণ বুলি ভাবে, যাৰ যোগেদি তেওঁক পবিত্ৰ কৰা হৈছিল আৰু যিজনে পবিত্ৰ শক্তিৰ যোগেদি কৰা মহা-কৃপাক অপমান কৰিছে, সেই ব্যক্তিজনে আৰু বেছি শাস্তি পোৱাৰ যোগ্য। ৩০  কিয়নো আমি ঈশ্বৰক জানোঁ, যিজনে কৈছে, “প্ৰতিশোধ লোৱা মোৰ কাম, ময়েই প্ৰতিশোধ লʼম।” আৰু এয়াও লিখা আছে, “যিহোৱাই* নিজৰ লোকসকলৰ ন্যায় কৰিব।” ৩১  জীৱিত ঈশ্বৰৰ হাতৰ পৰা শাস্তি পোৱাটো কিমান ভয়ানক কথা হয়। ৩২  কিন্তু তোমালোকে সেই অতীতৰ দিনবোৰ মনত পেলাই থাকা, যেতিয়া তোমালোকে জ্ঞানৰ পোহৰ পোৱাৰ পাছত কঠোৰ সংঘৰ্ষ কৰি সমস্যাবোৰ সহন কৰিছিলা আৰু ধৈৰ্য্য ধৰিছিলা। ৩৩  কেতিয়াবা সকলোৰে আগত তোমালোকক ঠাট্টা কৰা হʼল* আৰু তোমালোকক অত্যাচাৰ কৰা হʼল আৰু কেতিয়াবা তোমালোকে এই সকলো সহন কৰা লোকসকলৰ লগত তেওঁলোকৰ দুখত সহভাগী হʼলা।* ৩৪  তোমালোকে সেই লোকসকলক সহানুভূতি দেখুৱালা, যিসকল জেলত আছিল। আৰু যেতিয়া তোমালোকৰ বস্তুবোৰ লুট কৰা হʼল, তেতিয়া তোমালোকে আনন্দেৰে এয়া সহন কৰিলা। কিয়নো তোমালোকে জানিছিলা যে তোমালোকৰ ওচৰত এনে সম্পত্তি আছে, যি সকলোতকৈ উত্তম আৰু সদায় থাকিব। ৩৫  সেইবাবে, সংকোচ নকৰাকৈ সাহসেৰে কʼবলৈ এৰি নিদিবা। কিয়নো ইয়াৰ কাৰণে তোমালোকক ডাঙৰ পুৰস্কাৰ দিয়া হʼব। ৩৬  তোমালোকে ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছে যাতে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাৰ পাছত তোমালোকে সেয়া লাভ কৰিব পাৰা, যাৰ প্ৰতিজ্ঞা ঈশ্বৰে কৰিছে। ৩৭  এতিয়া মাত্ৰ “অলপ সময়হে” বাকী আছে আৰু “যিজন আহিবলগীয়া আছে, তেওঁ আহিব আৰু দেৰি নকৰিব।” ৩৮  “কিন্তু মোৰ দৃষ্টিত ভাল মানুহজনে নিজৰ বিশ্বাসৰ কাৰণে জীয়াই থাকিব” আৰু “যদি তেওঁ পিচ হুঁহকি যায়, তেনেহʼলে মই তেওঁৰ পৰা আনন্দিত নহʼম।” ৩৯  আমি পিচ হুঁহকি ধ্বংস হোৱা লোকসকলৰ নিচিনা নহওঁ। ইয়াৰ পৰিৱৰ্তে, সেই লোকসকল হওঁ, যিসকলে বিশ্বাস ৰাখে যাতে নিজৰ জীৱন বচাব পাৰে।

Footnotes

বা হয়তো, “এই মানুহজনে।”
আক্ষ., “পবিত্ৰ সেৱা কৰাসকলে।”
আক্ষ., “কিতাপৰ নুৰাত।”
বা “জনসেৱাৰ।”
অতি. ক৫ চাওক।
বা “ভৰসা পাইছোঁ।”
আক্ষ., “উদ্ঘাটন কৰিলে।”
বা “এজনে-আনজনৰ বিষয়ে চিন্তা কৰোঁ।”
বা “উৎসাহ বঢ়াব পাৰোঁ; অনুপ্ৰাণিত কৰিব পাৰোঁ।”
অৰ্থাৎ সভালৈ যাবলৈ।
অতি. ক৫ চাওক।
আক্ষ., “যেন ৰংভূমিত অপমান কৰা হʼল।”
বা “লগত থিয় হʼলা।”