ইব্ৰীসকললৈ চিঠি ১১:১-৪০

  • বিশ্বাসৰ সংজ্ঞা (১, ২)

  • বিশ্বাসৰ উদাহৰণবোৰ (৩-৪০)

    • বিশ্বাসৰ অবিহনে ঈশ্বৰক আনন্দিত কৰাটো অসম্ভৱ ()

১১  বিশ্বাসৰ অৰ্থ হৈছে, যি আশা কৰা হয়, সেয়া পূৰ হʼব বুলি সম্পূৰ্ণ ভৰসাৰে অপেক্ষা কৰা আৰু সেই বাস্তৱৰ স্পষ্ট প্ৰমাণ হয়, যি এতিয়া দেখা পোৱা নাযায়। ২  কিয়নো বিশ্বাসৰ কাৰণে প্ৰাচীন সময়ৰ লোকসকলে* নিজৰ বিষয়ে সাক্ষ্য পালে যে ঈশ্বৰ তেওঁলোকৰ পৰা আনন্দিত। ৩  বিশ্বাসৰ কাৰণেই আমি এয়া বুজি পাইছোঁ যে ঈশ্বৰৰ বাক্যৰে জগতৰ ব্যৱস্থা* স্থাপন কৰা হʼল, সেইবাবে যি দেখা পোৱা গৈছে, সেইবোৰ সেই বস্তুবোৰৰ পৰা আহিছে, যিবোৰ দেখা পোৱা নাযায়। ৪  বিশ্বাসৰ কাৰণেই হেবলে ঈশ্বৰক এনে বলিদান উৎসৰ্গ কৰিলে, যি কয়িনৰ বলিদানতকৈ শ্ৰেষ্ঠ আছিল। আৰু এই বিশ্বাসৰ কাৰণেই তেওঁক সাক্ষ্য দিয়া হʼল যে তেওঁ ভাল মানুহ হয়, কিয়নো ঈশ্বৰে তেওঁৰ উপহাৰ গ্ৰহণ কৰিছিল। যদিও হেবলৰ মৃত্যু হʼল, কিন্তু নিজৰ বিশ্বাসৰ কাৰণে তেওঁ আজিও কথা কয়। ৫  বিশ্বাসৰ কাৰণেই হনোকক বেলেগ ঠাইলৈ নিয়া হʼল যাতে তেওঁ মৃত্যুৰ মুখ নেদেখে। আৰু তেওঁক কʼতো পোৱা নগʼল, কিয়নো ঈশ্বৰে তেওঁক বেলেগ ঠাইলৈ নিছিল। কিন্তু তেওঁক নিয়াৰ আগতে তেওঁক এই সাক্ষ্য দিয়া হৈছিল যে তেওঁ ঈশ্বৰক আনন্দিত কৰিলে। ৬  বিশ্বাসৰ অবিহনে ঈশ্বৰক আনন্দিত কৰাটো অসম্ভৱ, কিয়নো যিজনে তেওঁৰ ওচৰলৈ আহে, তেওঁ বিশ্বাস কৰিব লাগিব যে ঈশ্বৰ সঁচাকৈ আছে* আৰু তেওঁ সেই লোকসকলক পুৰস্কাৰ দিয়ে, যিসকলে সম্পূৰ্ণ যত্নেৰে তেওঁক বিচাৰে। ৭  বিশ্বাসৰ কাৰণেই নোহে ঈশ্বৰৰ প্ৰতি ভয় ৰাখি নিজৰ পৰিয়ালক বচাবলৈ এখন জাহাজ বনালে, কিয়নো ঈশ্বৰে তেওঁক সেই বস্তুবোৰৰ বিষয়ে সতৰ্কবাণী দিছিল, যিবোৰ সেই সময়লৈকে দেখা পোৱা নগৈছিল। এই বিশ্বাসৰ যোগেদিয়েই তেওঁ জগতক দোষী কৰিলে আৰু তেওঁৰ বিশ্বাসৰ কাৰণেই তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল। ৮  যেতিয়া অব্ৰাহামক মতা হৈছিল, তেতিয়া বিশ্বাসৰ কাৰণেই তেওঁ আজ্ঞা পালন কৰিলে আৰু তেওঁ সেই ঠাইলৈ ওলাই গʼল, যি তেওঁ উত্তৰাধিকাৰী হিচাপে পাবলগীয়া আছিল। তেওঁ নাজানিছিল যে তেওঁ কʼলৈ গৈ আছে, তথাপিও তেওঁ গʼল। ৯  বিশ্বাসৰ কাৰণে তেওঁ প্ৰতিজ্ঞা কৰা দেশত এজন বিদেশীৰ দৰে থাকিছিল আৰু তেওঁ ইচহাক আৰু যাকোবৰ লগত তম্বুত আছিল, যিসকলে তেওঁৰ লগত সেই একেই প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী আছিল। ১০  কিয়নো তেওঁ এনে এখন চহৰৰ কাৰণে বাট চাই আছিল, যি প্ৰকৃত ভিত্তিৰ ওপৰত আছে আৰু যাৰ নক্সা বনাওঁতা* আৰু নিৰ্মাণ কৰোঁতা ঈশ্বৰ হয়। ১১  যদিও চাৰাৰ সন্তান জন্ম দিয়াৰ বয়স পাৰ হৈ গৈছিল, তথাপি বিশ্বাসৰ কাৰণেই তেওঁ গৰ্ভধাৰণ কৰাৰ শক্তি পালে, কিয়নো তেওঁ বিশ্বাস কৰিছিল যে যিজন ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, তেওঁ বিশ্বাসযোগ্য* হয়। ১২  সেইবাবে, যদিও অব্ৰাহামৰ বংশ বঢ়োৱাৰ ক্ষমতা নাছিল,* তথাপি আকাশৰ তৰা আৰু সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য সন্তান জন্ম হʼল। ১৩  এই সকলো লোকে মৃত্যুলৈকে বিশ্বাসী হৈ থাকিল, যদিও তেওঁলোকে সেই সকলো নাপালে, যিবোৰ তেওঁলোকৰ লগত প্ৰতিজ্ঞা কৰা হৈছিল। তথাপিও তেওঁলোকে প্ৰতিজ্ঞা কৰা বিষয়বোৰ দূৰৰ পৰা দেখিলে আৰু তাৰ পৰা আনন্দ পালে। আৰু সকলোৰে আগত ঘোষণা কৰা হʼল যে তেওঁলোক সেই দেশত অচিনাকী আৰু অস্থায়ী বাসিন্দা হয়। ১৪  কিয়নো যিসকলে এনেধৰণৰ কথা কয়, তেওঁলোকে প্ৰমাণ কৰে যে তেওঁলোকে সম্পূৰ্ণ যত্নেৰে সেই ঠাই বিচাৰি আছে, যি তেওঁলোকৰ নিজৰ হʼব। ১৫  আৰু তেওঁলোকে এৰি অহা দেশৰ বিষয়ে মনত পেলাই থকা হʼলে তেওঁলোকৰ ওচৰত আকৌ উভতি যোৱাৰ সুযোগ থাকিলেহেঁতেন। ১৬  কিন্তু এতিয়া তেওঁলোকে এক উত্তম ঠাই পোৱাৰ চেষ্টাৰে আগবাঢ়ি গৈ আছে, যাৰ সম্পৰ্ক স্বৰ্গৰ লগত আছে। সেইবাবে, ঈশ্বৰে নিজকে তেওঁলোকৰ ঈশ্বৰ বুলি কʼবলৈ লাজ অনুভৱ নকৰে আৰু তেওঁ তেওঁলোকৰ কাৰণে এখন চহৰ প্ৰস্তুত কৰিলে। ১৭  যেতিয়া অব্ৰাহামৰ পৰীক্ষা লোৱা হৈছিল, তেতিয়া তেওঁ বিশ্বাসৰ কাৰণেই ইচহাকক যেন বলি দিলেইহেঁতেন। হয়, যিজনে আনন্দেৰে প্ৰতিজ্ঞাবোৰ গ্ৰহণ কৰিছিল, তেওঁ নিজৰ একমাত্ৰ পুত্ৰক বলি উৎসৰ্গ কৰিবলৈ সাজু হʼল। ১৮  যদিও তেওঁক কোৱা হৈছিল, “যি বংশক,* তোমাৰ বংশ বুলি কোৱা হʼব, সেয়া ইচহাকৰ যোগেদি আহিব।” ১৯  তেওঁৰ বিশ্বাস আছিল যে তেওঁৰ লʼৰাক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলাৰ ঈশ্বৰৰ ক্ষমতা আছে। আৰু সঁচাকৈ তেওঁ নিজৰ লʼৰাক মৃত্যুৰ মুখৰ পৰা ঘূৰাই পালে। এয়া আহিবলগীয়া বিষয়বোৰৰ এক উদাহৰণ হʼল। ২০  বিশ্বাসৰ কাৰণেই ইচহাকে আহিবলগীয়া বিষয়বোৰৰ সম্পৰ্কে যাকোব আৰু এচৌক আশীৰ্বাদ দিলে। ২১  বিশ্বাসৰ কাৰণেই যাকোবে নিজৰ মৃত্যুৰ আগত, যোচেফৰ দুজন লʼৰাক আশীৰ্বাদ দিলে আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি ঈশ্বৰৰ উপাসনা কৰিলে। ২২  বিশ্বাসৰ কাৰণেই যোচেফে নিজৰ মৃত্যুৰ আগতে কৈছিল যে ইস্ৰায়েলীসকলে এদিন মিচৰৰ পৰা ওলাই আহিব আৰু তেওঁ নিজৰ হাড়বোৰৰ* বিষয়ে আজ্ঞা* দিলে। ২৩  বিশ্বাসৰ কাৰণেই মোচিৰ মা-দেউতাই তেওঁ জন্ম হোৱাৰ পাছত তিনি মাহলৈকে তেওঁক লুকোৱাই ৰাখিলে, কিয়নো তেওঁলোকে দেখিলে যে লʼৰাটি অতি সুন্দৰ আৰু তেওঁলোকে ৰজাৰ আদেশলৈ ভয় নকৰিলে। ২৪  বিশ্বাসৰ কাৰণেই মোচিয়ে ডাঙৰ হোৱাৰ পাছত ফৰৌণৰ ছোৱালীৰ লʼৰা বুলি পৰিচিত হʼবলৈ অস্বীকাৰ কৰিলে। ২৫  আৰু তেওঁ পাপৰ অলপদিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকসকলৰ লগত দুখভোগ কৰিবলৈ বাছনি কৰিলে। ২৬  তেওঁ মিচৰৰ ধন-সম্পত্তিতকৈ অভিষিক্তজন হিচাপে অপমান সহন কৰাটো মূল্যৱান বুলি ভাবিছিল, কিয়নো তেওঁৰ দৃষ্টি পুৰস্কাৰৰ ওপৰত আছিল। ২৭  বিশ্বাসৰ কাৰণেই তেওঁ মিচৰ এৰি দিলে, কিন্তু ৰজাৰ ক্ৰোধৰ ভয়ত নহয়, কিয়নো তেওঁ সেই অদৃশ্য ঈশ্বৰক যেন দেখা পোৱাৰ দৰে থিৰে থাকিল। ২৮  বিশ্বাসৰ কাৰণেই মোচিয়ে নিস্তাৰ-পৰ্ব পালন কৰিলে আৰু দুৱাৰৰ চৌকাঠত তেজ ছটিয়ালে যাতে ধ্বংস কৰাজনে তেওঁলোকৰ প্ৰথম সন্তানসকলক একো ক্ষতি কৰিব নোৱাৰে।* ২৯  বিশ্বাসৰ কাৰণেই তেওঁলোকে শুকান মাটিত খোজকঢ়াৰ দৰে লোহিত সাগৰ* পাৰ কৰিলে। কিন্তু যেতিয়া মিচৰীয়াসকলে পাৰ হʼবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁলোকে সাগৰত ডুবি মৰিল। ৩০  বিশ্বাসৰ কাৰণেই যেতিয়া ইস্ৰায়েলীসকলে যিৰীহো চহৰৰ দেৱালৰ চাৰিওফালে সাতদিন ধৰি ঘূৰিছিল, তেতিয়া সেই দেৱালখন খহি পৰিল। ৩১  বিশ্বাসৰ কাৰণেই ৰাহাব নামৰ বেশ্যাই আজ্ঞা নমনা লোকসকলৰ লগত ধ্বংস নহʼল, কিয়নো তাই চোৰাংচোৱাসকলক শান্তিৰে গ্ৰহণ কৰিছিল। ৩২  আৰু কাৰ কাৰ নাম লʼম? কাৰণ মই যদি গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ূদ আৰু তাৰ লগতে চমূৱেল আৰু আন আন ভৱিষ্যবক্তাসকলৰ বিষয়ে কʼবলৈ যাওঁ, তেনেহʼলে সময়েই নুজুৰিব। ৩৩  বিশ্বাসৰ কাৰণেই এওঁলোকে ৰাজ্যবোৰক পৰাজিত কৰিলে, ভাল কাম কৰাৰ পথ দেখুৱালে, এওঁলোকৰ লগত প্ৰতিজ্ঞা কৰা হʼল, এওঁলোকে সিংহবোৰৰ মুখ বন্ধ কৰিলে। ৩৪  জুইৰ তাপৰ পৰা ৰক্ষা পৰিলে, তৰোৱালেৰে আঘাত পোৱাৰ পৰা ৰক্ষা পৰিলে, তেওঁলোকক দুৰ্বল অৱস্থাত শক্তিশালী কৰা হʼল, তেওঁলোকে সাহসেৰে যুদ্ধ কৰিলে আৰু তেওঁলোকে আক্ৰমণ কৰিবলৈ অহা সেনাবাহিনীক হৰুৱালে। ৩৫  তিৰোতাসকলে নিজৰ মৃত আপোনজনাক উভতাই পালে। আৰু আন কিছুমানক অত্যাচাৰ কৰি হত্যা কৰা হʼল, কাৰণ তেওঁলোকে নিজৰ বিশ্বাস ত্যাগ কৰি নিজৰ জীৱন বচাবলৈ চেষ্টা নকৰিলে যাতে মৃত্যুৰ পাছত তেওঁলোকক শ্ৰেষ্ঠ উপায়েৰে জীয়াই তোলা হয়। ৩৬  হয়, এনে বহুতো লোক আছিল, যিসকলক ঠাট্টা কৰা হʼল, যিসকলক কোবোৱা হʼল। ইয়াৰ উপৰিও, তেওঁলোকক শিকলিৰে বন্ধা হʼল আৰু জেলত বন্দী কৰা হʼল আৰু এইদৰে তেওঁলোকে পৰীক্ষিত হʼল। ৩৭  তেওঁলোকক শিল দলিয়াই হত্যা কৰা হʼল, তেওঁলোকৰ পৰীক্ষা লোৱা হʼল, তেওঁলোকক কৰতেৰে দুভাগ কৰা হʼল আৰু তৰোৱালেৰে হত্যা কৰা হʼল। তেওঁলোকে ভেড়া আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল আৰু অভাৱ, সমস্যা আৰু দুৰ্ব্যৱহাৰ সহন কৰি থাকিল। ৩৮  আৰু এই জগত তেওঁলোকৰ যোগ্য নাছিল। তেওঁলোকে মৰুভূমি, পাহাৰ, গুহা আৰু পৃথিৱীৰ গাঁতবোৰত লুকাই ফুৰিছিল। ৩৯  এই সকলোৱে যদিও নিজৰ বিশ্বাসৰ যোগেদি নিজৰ বিষয়ে ভাল সাক্ষ্য পাইছিল, তথাপি তেওঁলোকে প্ৰতিজ্ঞা পূৰ হোৱাটো দেখা নাপালে। ৪০  কিয়নো ঈশ্বৰে আগৰে পৰা ভাবি থৈছিল যে তেওঁ আমাক কিবা উত্তম দিব যাতে তেওঁলোকে আমাৰ অবিহনে সিদ্ধতা লাভ নকৰে।

Footnotes

বা “আমাৰ পূৰ্বপুৰুষসকলে।”
শব্দকোষ চাওক।
বা “অস্তিত্বত আছে।”
বা “শিল্পকাৰ।”
বা “ভৰসাযোগ্য।”
আক্ষ., “মৃত্যুৰ তুল্য আছিল।”
আক্ষ., “বীজক।”
বা “নিজকে কবৰ দিয়াৰ।”
বা “নিৰ্দেশনা।”
বা “চুব নোৱাৰে।”
বা “চূফ সাগৰ।”