ইব্ৰীসকললৈ চিঠি ১২:১-২৯

  • যীচু, আমাৰ বিশ্বাসক সিদ্ধ কৰোঁতা (১-৩)

    • সাক্ষীসকলৰ ঘন ডাৱৰ ()

  • যিহোৱাৰ শিক্ষাক তুচ্ছ বুলি নাভাবিবা (৪-১১)

  • নিজৰ খোজৰ কাৰণে পোন ৰাস্তা প্ৰস্তুত কৰা (১২-১৭)

  • স্বৰ্গৰ যিৰূচালেমৰ ওচৰলৈ যোৱা (১৮-২৯)

১২  সেইবাবে, যিহেতু সাক্ষীসকলৰ এনে ঘন ডাৱৰে আমাক আৱৰি আছে, গতিকে, আহা আমি প্ৰতিটো বোজা আৰু সেই পাপক উলিয়াই পেলাওঁ, যিয়ে আমাক সহজতে বাধা দিব পাৰে আৰু যি দৌৰত আমি দৌৰিব লাগে, তাত ধৈৰ্য্যেৰে দৌৰি থাকোঁ ২  আৰু যীচুৰ ওপৰত দৃষ্টি বজাই ৰাখোঁ, যিজন আমাৰ বিশ্বাসৰ মুখ্য অধিকাৰী আৰু ইয়াক সিদ্ধ কৰোঁতা হয়। তেওঁৰ আগত থকা সেই আনন্দৰ কাৰণে যাতনাৰ কাঠত* মৃত্যু সহ্য কৰিলে আৰু অপমানলৈ অলপো ধ্যান নিদিলে আৰু এতিয়া তেওঁ ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহি আছে। ৩  তেওঁ পাপীবিলাকৰ পৰা বহুতো নিন্দাজনক কথা শুনিলে, যাৰ কাৰণে তেওঁলোকৰ নিজৰেই লোকচান হʼল। সেইবাবে, তোমালোকে তেওঁৰ ওপৰত ভালদৰে ধ্যান দিয়া যাতে তোমালোকে ভাগৰি হাৰ নামানা। ৪  পাপৰ বিৰুদ্ধে তোমালোকে ইমানেই সংঘৰ্ষ কৰা নাই যে তোমালোকে মৃত্যুৰ মুখামুখি হʼবলগীয়া হৈছে। ৫  আৰু ঈশ্বৰে নিজৰ সন্তান হিচাপে তোমালোকক যি পৰামৰ্শ দিছে, সেয়া তোমালোকে সম্পূৰ্ণৰূপে পাহৰি গৈছা। তেওঁ কৈছে: “হে মোৰ লʼৰা, যিহোৱাৰ* শিক্ষাক সহজভাৱে নলʼবা আৰু যেতিয়া তেওঁ তোমাক শুধৰণি কৰে, তেতিয়া আশা এৰি নিদিবা। ৬  কিয়নো যিহোৱাই* যিজনক প্ৰেম কৰে, তেওঁক শুধৰণিও কৰে। আচলতে তেওঁ যিজনক নিজৰ সন্তান হিচাপে গ্ৰহণ কৰে, তেওঁক শাস্তিও দিয়ে।”* ৭  তোমালোকক শুধৰণি কৰা হৈছে* বুলি ভাবি ইয়াক সহন কৰা। ঈশ্বৰে তোমালোকক নিজৰ সন্তান বুলি ভাবি তোমালোকৰ লগত এইদৰে ব্যৱহাৰ কৰিছে, কিয়নো এনে কোন সন্তান আছে, যিজনক পিতৃয়ে শুধৰণি নকৰে? ৮  কিন্তু তোমালোক সকলোকে যদি এইদৰে শুধৰণি কৰা নহয়, তেনেহʼলে তোমালোক প্ৰকৃত সন্তান নহয়, কিন্তু অবৈধ সন্তান হোৱা। ৯  ইয়াৰ উপৰিও, আমাৰ মানৱ পিতৃয়েও আমাক শুধৰণি কৰিছিল আৰু আমি তেওঁৰ আদৰ কৰিছিলোঁ। তেনেহʼলে যিজন পিতৃয়ে আমাক পবিত্ৰ শক্তিৰ যোগেদি জীৱন দিছে, আমি আৰু বেছিকৈ তেওঁৰ অধীনত থকাটো উচিত নহয় নে যাতে আমি জীয়াই থাকোঁ? ১০  আমাৰ পিতৃসকলক যিদৰে ভাল লাগিছিল, সেইদৰে আমাক শুধৰণি কৰিলে আৰু সেয়াও কিছু সময়ৰ কাৰণেহে। কিন্তু ঈশ্বৰে আমাৰ লাভৰ কাৰণে আমাক শুধৰণি কৰে যাতে আমি তেওঁৰ দৰে পবিত্ৰ হৈ থাকোঁ। ১১  এয়া সঁচা যে যেতিয়া কোনো এজনক শুধৰণি কৰা হয়, সেই সময়ত তেওঁ আনন্দিত নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁৰ বহুত দুখ লাগে।* কিন্তু যিজনে এনেধৰণৰ প্ৰশিক্ষণ পায়, তেওঁ সঠিকভাৱে জীৱন-যাপন কৰে আৰু শান্তি উপভোগ কৰে। ১২  সেইবাবে, দুৰ্বল হাত আৰু দুৰ্বল আঁঠুক মজবুত কৰা। ১৩  আৰু নিজৰ খোজৰ কাৰণে পোন ৰাস্তা প্ৰস্তুত কৰি থাকা যাতে যি অংগ দুৰ্বল হয়, সেয়া যেন জোৰাৰ পৰা ওলাই নপৰে, ইয়াৰ পৰিৱৰ্তে সুস্থ হৈ যায়। ১৪  সকলো লোকৰ লগত শান্তি বজাই ৰাখিবলৈ আৰু পবিত্ৰ হৈ থাকিবলৈ চেষ্টা কৰি থাকা, যাৰ অবিহনে কোনো মানুহে প্ৰভুক নেদেখিব। ১৫  এই কথাৰ ওপৰত বিশেষভাৱে ধ্যান দিয়া যে তোমালোকৰ মাজৰ যেন কোনেও ঈশ্বৰৰ মহা-কৃপা পোৱাৰ পৰা বঞ্চিত নহয় যাতে তোমালোকৰ মাজত কোনো বিষাক্ত শিপা উৎপন্ন নহয়, যিয়ে সমস্যাৰ সৃষ্টি কৰে আৰু বহুতো লোকে ইয়াৰ পৰা অশুচি হৈ যায়। ১৬  আৰু এয়াও ধ্যান দিয়া যে তোমালোকৰ মাজত যেন এনে কোনো নহওক, যিজনে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখে আৰু এচৌৰ দৰে নহওক, যিজনে পবিত্ৰ বিষয়বোৰৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱালে আৰু এসাঁজ আহাৰৰ কাৰণে প্ৰথম সন্তান হোৱাৰ অধিকাৰক বেচি দিলে। ১৭  তোমালোকে জানা যে পাছত যেতিয়া তেওঁ সেই আশীৰ্বাদ পাব বিচাৰিছিল, তেতিয়া তেওঁক অস্বীকাৰ কৰা হৈছিল। তেওঁ চকু পানী টুকি টুকি তেওঁৰ* নিৰ্ণয় সলনি কৰিবলৈ বহুত চেষ্টা কৰিছিল, তথাপিও তেওঁ তাক সলনি কৰিব নোৱাৰিলে। ১৮  তোমালোকে চুব পৰা আৰু জুই জ্বলি থকা এনে কোনো পাহাৰ, কোনো কʼলা মেঘ, ঘোৰ অন্ধকাৰ আৰু বতাহ-ধুমুহাৰ ওচৰলৈ অহা নাই। ১৯  আৰু তোমালোকে তূৰীৰ ডাঙৰ মাত বা কাৰোবাৰ এনে মাত শুনি আছা, যি মাত শুনি লোকসকলে মিনতি কৰিছিল যে তেওঁলোকৰ লগত যেন আৰু কথা কোৱা নহয়। ২০  কিয়নো তেওঁলোকে এই আজ্ঞাৰ পৰা বহুত ভয় খাইছিল: “যদি কোনো জন্তুৱেও এই পাহাৰক স্পৰ্শ কৰে, তেনেহʼলে তাক শিল দলিয়াই হত্যা কৰা হʼব।” ২১  লগতে এই দৃশ্য ইমানেই ভয়ানক আছিল যে মোচিয়ে কʼলে, “মই ভয়ত থৰ থৰকৈ কঁপি আছোঁ।” ২২  ইয়াৰ পৰিৱৰ্তে, তোমালোকে চিয়োন পাহাৰৰ ওচৰত আৰু জীৱিত ঈশ্বৰৰ নগৰ, স্বৰ্গৰ যিৰূচালেমৰ ওচৰত, লাখ লাখ স্বৰ্গদূতৰ ২৩  সভাত আৰু ঈশ্বৰৰ প্ৰথম সন্তানসকলৰ মণ্ডলীলৈ আহিছা, যিসকলৰ নাম স্বৰ্গত লিখা হৈছে। আৰু সেইজন ঈশ্বৰৰ ওচৰলৈ আহিছা, যিজন সকলোৰে ন্যায়ী হয় আৰু পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি জীৱন-যাপন কৰা আৰু সিদ্ধতা লাভ কৰা এনে ভাল ব্যক্তিৰ ওচৰলৈ আহিছা। ২৪  আৰু নতুন চুক্তিৰ মধ্যস্থতা যীচু আৰু সেই তেজৰ ওচৰলৈ আহিছা, যি তেওঁ আমাৰ ওপৰত ছটিয়াইছে আৰু যি তেজ হেবলৰ তেজতকৈ আৰু উত্তমভাৱে কথা কয়। ২৫  সাৱধানে থাকা, যিজনে তোমালোকক কৈ আছে তেওঁৰ কথা শুনিবলৈ অস্বীকাৰ নকৰিবা।* কাৰণ যিজনে পৃথিৱীত ঈশ্বৰৰ সাৱধানবাণী দি আছিল, তেওঁৰ কথা যিসকলে শুনিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে যদি ৰেহাই নাপালে, তেনেহʼলে চিন্তা কৰা, যিজনে স্বৰ্গৰ পৰা কথা কয়, তেওঁৰ কথা যদি আমি নুশুনোঁ, তেনেহʼলে আমি কেনেকৈ ৰেহাই পাম! ২৬  সেই সময়ত তেওঁৰ মাতেৰে পৃথিৱী কঁপি উঠিছিল, কিন্তু এতিয়া তেওঁ এই প্ৰতিজ্ঞা কৰিছে: “মই আকৌ এবাৰ কেৱল পৃথিৱীকে নহয়, আকাশো লৰাম।” ২৭  “আকৌ এবাৰ” এই শব্দৰ পৰা জানিব পাৰি যে লৰোৱা বস্তুবোৰ ধ্বংস হʼব অৰ্থাৎ সেই বস্তুবোৰ ধ্বংস হʼব, যিবোৰ ঈশ্বৰে বনোৱা নাই যাতে লৰাব নোৱাৰা বস্তুবোৰ সদায় থাকে। ২৮  যিহেতু আমি এনে ৰাজ্য পাবলগীয়া আছে, যাক লৰাব নোৱাৰি, গতিকে আহা আমি ঈশ্বৰৰ মহা-কৃপা লাভ কৰি থাকোঁ, যাৰ যোগেদি আমি ঈশ্বৰৰ প্ৰতি ভয় ৰাখি আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা ৰাখি তেওঁ গ্ৰহণ কৰা পবিত্ৰ সেৱা কৰি থাকোঁ। ২৯  কিয়নো আমাৰ ঈশ্বৰ ভষ্ম কৰা জুই হয়।

Footnotes

শব্দকোষ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
আক্ষ., “তেওঁক কোবায়।”
বা “প্ৰশিক্ষণ দিয়া হৈছে।”
বা “কষ্ট হয়।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
অৰ্থাৎ তেওঁৰ দেউতাকৰ।
বা “বাহানা নিদিবা; আওকাণ নকৰিবা।”