ইব্ৰীসকললৈ চিঠি ২:১-১৮

  • আৰু বেছি ধ্যান দিয়া (১-৪)

  • সকলোবোৰ যীচুৰ অধীন কৰা হʼল (৫-৯)

  • যীচু আৰু তেওঁৰ ভাইসকল (১০-১৮)

    • তেওঁলোকৰ উদ্ধাৰৰ মুখ্য অধিকাৰী (১০)

    • দয়ালু মহা-পুৰোহিত (১৭)

 সেইবাবে, আমি যি কথা শুনিলোঁ, তাৰ ওপৰত আৰু বেছি ধ্যান দিয়াৰ প্ৰয়োজন যাতে আমি কেতিয়াও বিচলিত হৈ দূৰলৈ গুচি নাযাওঁ। ২  যদি স্বৰ্গদূতসকলৰ যোগেদি কোৱা বাক্য নিশ্চিত বুলি প্ৰমাণিত হʼল আৰু তেওঁৰ বিৰুদ্ধে যিজনে পাপ কৰিলে আৰু আজ্ঞা নামানিলে, তেওঁ ন্যায়ৰ অনুসৰি শাস্তি পালে, ৩  তেনেহʼলে আমি সেই মহান উদ্ধাৰৰ বিষয়ক অৱহেলা কৰি কেনেকৈ বাচি থাকিব পাৰিম? ইয়াৰ বিষয়ে সকলোতকৈ আগতে আমাৰ প্ৰভুৱে কৈছিল আৰু যিসকল লোকে তেওঁৰ পৰা শুনিছিল, তেওঁলোকে আমাৰ কাৰণে এই সত্যতাৰ প্ৰমাণ দিলে। ৪  ঈশ্বৰেও চিন আৰু চমৎকাৰ দেখুৱায় আৰু বিভিন্ন ধৰণৰ শক্তিশালী কামৰ যোগেদি আৰু নিজৰ ইচ্ছাৰ অনুসৰি পবিত্ৰ শক্তিৰ বৰদান দি ইয়াৰ সাক্ষ্য দিছে। ৫  কিয়নো আমি যি আহিবলগীয়া পৃথিৱীৰ বিষয়ে কৈ আছোঁ, সেই পৃথিৱীক ঈশ্বৰে স্বৰ্গদূতসকলৰ অধীন কৰা নাই। ৬  কিন্তু এজন সাক্ষীয়ে এইদৰে কৈছে, “মানুহনো কি যে তুমি তেওঁক মনত ৰাখা? মানুহৰ সন্তানেই বা কি যে তুমি তেওঁৰ চোৱা-চিতা কৰা? ৭  তুমি তেওঁক স্বৰ্গদূততকৈ অলপহে কম অধিকাৰ দিলা। আৰু তেওঁক মহিমা আৰু আদৰৰ কিৰীটি পিন্ধালা আৰু তেওঁক নিজৰ হাতৰ সৃষ্টিৰ ওপৰত অধিকাৰ দিলা। ৮  তুমি সকলো তেওঁৰ ভৰিৰ তল কৰিলা।” যিহেতু ঈশ্বৰে সকলো তেওঁৰ অধীন কৰিলে, সেইবাবে ঈশ্বৰে এনে একো বাকী ৰখা নাই, যি তেওঁৰ অধীনত কৰা হোৱা নাই। এয়া সঁচা যে এতিয়ালৈকে আমি সকলো তেওঁৰ অধীনত থকা দেখা নাই, ৯  কিন্তু যিজনক স্বৰ্গদূতসকলতকৈ অলপহে কম অধিকাৰ দিছে, সেই যীচুক এতিয়া আমি মহিমা আৰু আদৰৰ কিৰীটি পিন্ধা দেখিবলৈ পাইছোঁ, কাৰণ তেওঁ মৃত্যুৰ দুখ সহন কৰিলে। তেওঁ ঈশ্বৰৰ মহা-কৃপাৰে সকলো মানুহৰ কাৰণে মৃত্যু হʼল। ১০  সকলো ঈশ্বৰৰ কাৰণে আৰু তেওঁৰ যোগেদিহে অস্তিত্বত আছে। ঈশ্বৰৰ বহুতো পুত্ৰক মহিমান্বিত কৰিবলৈ তেওঁলোকৰ উদ্ধাৰৰ মুখ্য অধিকাৰীক দুখ সহন কৰিবলৈ দি সিদ্ধ কৰি তোলাটো উচিত আছিল। ১১  কাৰণ পবিত্ৰ কৰাজন আৰু যিসকলক পবিত্ৰ কৰা হৈছে, সকলোৱে এজন পিতৃৰ পৰাই হয়, সেইবাবে পবিত্ৰ কৰাজনে তেওঁলোকক ভাই বুলি মাতিবলৈ লাজ অনুভৱ নকৰে, ১২  যিদৰে তেওঁ কয়, “মই নিজৰ ভাইবিলাকৰ আগত তোমাৰ নাম ঘোষণা কৰিম, মণ্ডলীৰ মাজত গীত গাই তোমাৰ প্ৰশংসা কৰিম।” ১৩  তেওঁ আৰু কয়, “মই তেওঁৰ ওপৰত ভৰসা কৰিম।” তেওঁ এয়াও কয়, “চোৱা! মই আৰু মোৰ এই সন্তানসকল, যিসকলক যিহোৱাই* মোক দিছে।” ১৪  সেইবাবে, যিদৰে সন্তান হাড় আৰু মাংসৰ হয়, তেৱোঁ হাড় আৰু মাংসৰ হʼল যাতে নিজৰ মৃত্যুৰ যোগেদি তাক অৰ্থাৎ চয়তানক* শেষ কৰি দিয়ে, যাৰ ওচৰত হত্যা কৰাৰ শক্তি আছে ১৫  আৰু সেই সকলোকে মুকলি কৰে, যিসকলে মৃত্যুৰ ভয়ত গোটেই জীৱন দাসত্বত আছিল। ১৬  তেওঁ আচলতে স্বৰ্গদূতসকলক নহয়, কিন্তু অব্ৰাহামৰ বংশক* সহায় কৰি আছে। ১৭  সেইবাবে, তেওঁ সকলো বিষয়ত নিজৰ ভাইসকলৰ দৰে হোৱাটো প্ৰয়োজন আছিল যাতে তেওঁ ঈশ্বৰৰ লগত জড়িত বিষয়বোৰত এজন দয়ালু আৰু বিশ্বাসযোগ্য মহা-পুৰোহিত হʼব পাৰে আৰু লোকসকলৰ পাপৰ কাৰণে এনে এক বলিদান উৎসৰ্গ কৰিব পাৰে,* যি ঈশ্বৰৰ লগত আমাৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে। ১৮  তেওঁ নিজেও সেই সময়ত বহুত দুখ ভুগিছিল, যেতিয়া তেওঁৰ পৰীক্ষা লোৱা হৈছিল। সেইবাবে, এতিয়া তেওঁ সেই লোকসকলৰ সহায় কৰিবলৈ যোগ্য, যিসকল পৰীক্ষাৰ সন্মুখীন হৈ আছে।

Footnotes

অতি. ক৫ চাওক।
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।
আক্ষ., “বীজ।”
বা “প্ৰায়শ্চিত্তৰ বলিদান উৎসৰ্গ কৰিব পাৰে; প্ৰায়শ্চিত্ত কৰিব পাৰে।”