ইব্ৰীসকললৈ চিঠি ৩:১-১৯

  • যীচু মোচিতকৈয়ো মহান (১-৬)

    • সকলো ঈশ্বৰে বনাইছে ()

  • বিশ্বাস নথকাৰ বিষয়ে সাৱধানবাণী (৭-১৯)

    • “আজি যদি তোমালোকে তেওঁৰ মাত শুনা” (, ১৫)

 সেইবাবে, স্বৰ্গলৈ যাবলৈ নিমন্ত্ৰণ পোৱা হে পবিত্ৰ ভাইসকল, সেই পাঁচনি* আৰু মহা-পুৰোহিত যীচুৰ ওপৰত ধ্যান দিয়া, যিজনক আমি গ্ৰহণ কৰিছোঁ। ২  তেওঁ ঈশ্বৰৰ বিশ্বাসযোগ্য হৈ থাকিল, যিজনে তেওঁক নিযুক্ত কৰিছিল, যিদৰে মোচিয়েও ঈশ্বৰৰ গোটেই ঘৰৰ* বিশ্বাসযোগ্য হৈ থাকিল। ৩  যিদৰে ঘৰ বনোৱাজনক ঘৰতকৈ বেছি আদৰ দিয়া হয়, ঠিক সেইদৰে তেওঁক* মোচিতকৈ বেছি মহিমাৰ যোগ্য বুলি ভবা হʼল। ৪  নিশ্চয়, প্ৰতিটো ঘৰ কোনোবা নহয় কোনোবা এজন বনাওঁতা থাকে, কিন্তু যিজনে সকলো বনাইছে তেওঁ হৈছে ঈশ্বৰ। ৫  মোচি ঈশ্বৰৰ গোটেই ঘৰত এজন সেৱক হিচাপে বিশ্বাসযোগ্য হৈ থাকিল আৰু তেওঁৰ সেৱাৰ পৰা সেই কথাবোৰৰ সাক্ষ্য পোৱা গʼল, যিবোৰ পাছত পোৱা গʼলহেঁতেন। ৬  কিন্তু খ্ৰীষ্টতো ঈশ্বৰৰ পুত্ৰ হয় আৰু তেওঁ ঈশ্বৰৰ ঘৰৰ অধিকাৰী হিচাপে বিশ্বাসযোগ্য হৈ থাকিল। যদি আমি শেষলৈকে সংকোচ নকৰাকৈ কʼবলৈ সাহস নেহেৰুৱাওঁ আৰু সেই আশাক দৃঢ়তাৰে ধৰি থাকোঁ, যাক লৈ আমি গৰ্ব কৰোঁ, তেনেহʼলে ঈশ্বৰৰ ঘৰ আমিয়েই হওঁ। ৭  সেইবাবে, পবিত্ৰ শক্তিয়ে কয়, “আজি যদি তোমালোকে তেওঁৰ মাত শুনা, ৮  তেনেহʼলে নিজৰ হৃদয় কঠোৰ নকৰিবা, যিদৰে তোমালোকৰ পূৰ্বপুৰুষসকলে অৰণ্যত* কৰিছিল আৰু মোৰ পৰীক্ষা লোৱাৰ যোগেদি মোৰ ক্ৰোধ জগাই তুলিছিল। ৯  তাত ৪০ বছৰ ধৰি মোৰ কাম দেখাৰ সত্ত্বেও তেওঁলোকে মোৰ পৰীক্ষা লৈছিল। ১০  সেইবাবে, এই প্ৰজন্মৰ* প্ৰতি মোৰ ঘিণ উপজিল আৰু মই কʼলোঁ, ‘এই লোকসকলৰ হৃদয় সদায় ভ্ৰান্ত হৈ যায়, এওঁলোকে মোৰ পথৰ বিষয়ে নাজানিলে।’ ১১  সেইবাবে, মই ক্ৰোধিত হৈ শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত নোসোমাব।’” ১২  ভাইসকল সাৱধানে থাকা! তোমালোকৰ মাজৰ যেন কোনোবাই জীৱিত ঈশ্বৰৰ পৰা দূৰলৈ গুচি নাযায়, যাৰ কাৰণে তোমালোকৰ হৃদয় দুষ্ট হৈ পৰে আৰু তোমালোকৰ বিশ্বাস শেষ হৈ যায়। ১৩  কিন্তু যিদিনালৈকে “আজিৰ” দিন বুলি কোৱা হʼব, তোমালোকে প্ৰতিদিনে এজনে-আনজনক উৎসাহিত কৰি থাকা যাতে তোমালোকৰ মাজৰ কোনেও যেন পাপৰ ভুলোৱা শক্তিৰ কাৰণে কঠোৰ হৈ নাযায়। ১৪  কিয়নো আমি সঠিক অৰ্থত খ্ৰীষ্টৰ সহভাগী তেতিয়াহে হʼম, যেতিয়া আমি নিজৰ সেই ভৰসা শেষলৈকে মজবুত কৰি ৰাখোঁ, যি আমাৰ অন্তৰত আৰম্ভণিতে আছিল। ১৫  যিদৰে কোৱাও হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনা, তেনেহʼলে নিজৰ হৃদয় কঠোৰ নকৰিবা, যিদৰে তোমালোকৰ পূৰ্বপুৰুষসকলে কৰিছিল আৰু মোৰ ক্ৰোধ জগাই তুলিছিল।” ১৬  তেওঁলোক কোন আছিল, যিসকলে ঈশ্বৰৰ মাত শুনিও তেওঁৰ ক্ৰোধ জগাই তুলিছিল? তেওঁলোক সেই লোকসকলেই নাছিল নে, যিসকলে মোচিৰ অধীনত মিচৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল? ১৭  তেওঁলোক কোন আছিল, যিসকলক ঈশ্বৰে ৪০ বছৰলৈকে ঘিণ কৰি থাকিল? তেওঁলোক সেই লোকসকলেই নাছিল নে, যিসকলে পাপ কৰিলে আৰু যিসকলৰ মৃতদেহ অৰণ্যত পৰি থাকিল? ১৮  আৰু তেওঁ কাৰ লগত এই শপত খাইছিল যে তেওঁলোকে তেওঁৰ বিশ্ৰামত নোসোমাব? তেওঁলোকৰ লগত নহয় নে, যিসকলে তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে কাম কৰিছিল? ১৯  গতিকে, আমি চাব পাৰোঁ যে তেওঁলোকে বিশ্ৰামত সোমাব নোৱাৰাৰ কাৰণ হৈছে তেওঁলোকৰ বিশ্বাস নাছিল।

Footnotes

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
অৰ্থাৎ ইস্ৰায়েল ৰাষ্ট্ৰৰ।
অৰ্থাৎ যীচুক।
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।