ইব্ৰীসকললৈ চিঠি ৪:১-১৬

  • ঈশ্বৰৰ বিশ্ৰামত নোসোমোৱাৰ বিপদ (১-১০)

  • তেওঁৰ বিশ্ৰামত সোমাবলৈ উৎসাহিত কৰা হৈছে (১১-১৩)

    • ঈশ্বৰৰ বাক্য জীৱন্ত (১২)

  • যীচু মহান মহা-পুৰোহিত (১৪-১৬)

 সেইবাবে, যিহেতু ঈশ্বৰৰ বিশ্ৰামত সোমোৱাৰ প্ৰতিজ্ঞা এতিয়ালৈকে আছে, গতিকে আহা, আমি সাৱধান হওঁ যাতে আমাৰ মাজৰ কোনেও যেন এই বিশ্ৰামত সোমোৱাৰ কাৰণে অযোগ্য নহওঁ। ২  কিয়নো আমাকো শুভবাৰ্তা শুনোৱা হৈছে, যিদৰে আমাৰ পূৰ্বপুৰুষসকলক শুনোৱা হৈছিল। কিন্তু যি বাক্য তেওঁলোকে শুনিছিল, তাৰ পৰা তেওঁলোকৰ একো লাভ নহʼল। কিয়নো যিসকলে সেই বাক্য শুনিছিল, সেই লোকসকলৰ দৰে তেওঁলোকৰ বিশ্বাস নাছিল। ৩  কিন্তু আমি বিশ্বাস কৰিলোঁ আৰু বিশ্ৰামত সোমাওঁ। কিন্তু তেওঁ তেওঁলোকৰ বিষয়ে কৈছে, “সেইবাবে, মই ক্ৰোধিত হৈ শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত নোসোমাব,’” যদিও জগতৰ আৰম্ভণি হোৱাৰ আগেয়েই তেওঁৰ কাম সম্পূৰ্ণ হৈছিল। ৪  এঠাইত তেওঁ সপ্তম দিনৰ বিষয়ে কৈছে, “সপ্তম দিনাখন ঈশ্বৰে নিজৰ সকলো কামৰ পৰা বিশ্ৰাম লʼলে।” ৫  আৰু তাৰ পাছত তেওঁ আকৌ ইয়াত কʼলে, “এওঁলোক মোৰ বিশ্ৰামত নোসোমাব।” ৬  তেনেহʼলে কিছুমান লোকে এই বিশ্ৰামত সোমাবলৈ বাকী আছে আৰু যিসকল লোকক আগতে শুভবাৰ্তা শুনোৱা হৈছিল, তেওঁলোকে আজ্ঞা নমনাৰ কাৰণে তাত নোসোমালে। ৭  সেইবাবে, এক দীঘলীয়া সময়ৰ পাছত তেওঁ দায়ূদৰ গীতত কোনো এটা দিনক “আজিৰ দিন” বুলি কৈছে, যিদৰে এই চিঠিত ইতিমধ্যে কোৱা হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনা, তেনেহʼলে নিজৰ হৃদয় কঠোৰ নকৰিবা।” ৮  যিহোচূৱাই তেওঁলোকক বিশ্ৰামৰ ঠাইত লৈ যোৱা হʼলে ঈশ্বৰে পাছত আৰু এটা দিনৰ বিষয়ে নকʼলেহেঁতেন। ৯  তেনেহʼলে ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ লোকসকলৰ কাৰণে বিশ্ৰাম-বাৰৰ* নিচিনা এটা বিশ্ৰামৰ সুযোগ বাকী আছে। ১০  কিয়নো যিজন মানুহে ঈশ্বৰৰ বিশ্ৰামত সোমাইছে, তেৱোঁ নিজৰ কামৰ পৰা বিশ্ৰাম লৈছে, যিদৰে ঈশ্বৰে লৈছিল। ১১  সেইবাবে, আহা আমি সেই বিশ্ৰামত সোমাবলৈ মনে-প্ৰাণে চেষ্টা কৰোঁ, যাতে আমাৰ মাজৰ কোনেও যেন সেই লোকসকলৰ দৰে আজ্ঞা পালন নকৰা উদাহৰণক অনুকৰণ নকৰোঁ। ১২  কিয়নো ঈশ্বৰৰ বাক্য জীৱন্ত আৰু বহুত শক্তিশালী আৰু দুয়োফালে ধাৰ থকা তৰোৱালতকৈয়ো বেছি চোকা। ইয়ে মানুহৰ বাহিৰৰ ৰূপক* ভিতৰৰ ৰূপৰ* পৰা পৃথক কৰে। যিদৰে চোকা তৰোৱালে হাড়* আৰু মজ্জাক বিন্ধি ইপাৰ-সিপাৰ কৰি বেলেগ কৰে, ঠিক সেইদৰে ইয়ে হৃদয়ৰ চিন্তাধাৰা আৰু উদ্দেশ্যক জানিব পাৰে। ১৩  সৃষ্টিত এনে একো বস্তু নাই, যি ঈশ্বৰৰ দৃষ্টিত লুকাই আছে। ইয়াৰ পৰিৱৰ্তে, আমি যিজনক হিচাপ দিব লাগিব, তেওঁৰ দৃষ্টিত সকলো বস্তু মুকলি আৰু তেওঁ সকলো দেখা পায়। ১৪  সেইবাবে, যিহেতু আমাৰ এনে এজন মহান মহা-পুৰোহিত আছে অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ যীচু, যিজন স্বৰ্গত সোমালে, তেনেহʼলে আহা আমি তেওঁৰ বিষয়ে ৰাজহুৱাভাৱে ঘোষণা কৰি থাকোঁ। ১৫  কাৰণ আমি এনে মহা-পুৰোহিত পোৱা নাই, যিজনে আমাৰ দুৰ্বলতাবোৰ বুজিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে, আমি এনে মহা-পুৰোহিত পাইছোঁ, যিজনে সকলো বিষয়ত আমাৰ নিচিনাই পৰীক্ষাৰ সন্মুখীন হৈছিল, তথাপি কোনো পাপ নকৰিলে। ১৬  সেইবাবে, আহা আমি ঈশ্বৰৰ মহা-কৃপাৰ সিংহাসনৰ আগত সংকোচ নকৰাকৈ কʼবলৈ সাহসেৰে যাওঁ যাতে আমি সঠিক সময়ত সহায় পাবলৈ তেওঁৰ দয়া আৰু মহা-কৃপা পাব পাৰোঁ।

Footnotes

বা “আৰাম কৰা দিনৰ।” শব্দকোষ চাওক।
শব্দকোষত “জীৱন” চাওক।
শব্দকোষত “ৰোৱাষ্‌; নিওমা” চাওক।
আক্ষ., “গাঁঠি।”