ইব্ৰীসকললৈ চিঠি ৬:১-২০

  • পৰিপক্কতাৰ ফালে আগবাঢ়া (১-৩)

  • যিসকলে বিশ্বাসৰ পৰা দূৰলৈ গুচি গৈছে, তেওঁলোকে পুত্ৰক আৰু এবাৰ কাঠত গজাল মাৰে (৪-৮)

  • নিজৰ আশা পূৰ হোৱালৈ সম্পূৰ্ণ ভৰসা ৰাখা (৯-১২)

  • ঈশ্বৰৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ হʼব (১৩-২০)

    • ঈশ্বৰৰ প্ৰতিজ্ঞা আৰু শপত সলনি হʼব নোৱাৰে (১৭, ১৮)

 গতিকে, খ্ৰীষ্টৰ বিষয়ে আমি যি প্ৰাথমিক শিক্ষা শিকিলোঁ, সেইবোৰ এৰি, আহা আমি পৰিপক্কতাৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাবলৈ মনে-প্ৰাণে চেষ্টা কৰোঁ। আমি যেন আকৌ ভিত্তিমূল স্থাপন নকৰোঁ অৰ্থাৎ আমি আকৌ সেই কথাবোৰ শিকি নাথাকোঁ, যিবোৰ আমি আৰম্ভণিতে শিকিছিলোঁ। যেনে, ব্যৰ্থ কামবোৰৰ* পৰা ঘূৰি অনুতাপ কৰা, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা, ২  বাপ্তিষ্মাৰ শিক্ষা, কাৰোবাৰ ওপৰত হাত থোৱা, মৃতবিলাকক জীয়াই তোলা আৰু ঈশ্বৰৰ শেষ* ন্যায়ৰ শিক্ষা। ৩  আৰু যদি ঈশ্বৰে অনুমতি দিয়ে, তেনেহʼলে আমি পৰিপক্কতাৰ লক্ষ্যলৈ নিশ্চয় আগবাঢ়ি যাম। ৪  যিসকল লোকে এবাৰ জ্ঞানৰ পোহৰ পাইছে আৰু যিসকলে স্বৰ্গৰ পৰা পোৱা বৰদানৰ সোৱাদ লৈছে আৰু যিসকল পবিত্ৰ শক্তিৰ সহভাগী হৈছে ৫  আৰু যিসকলে ঈশ্বৰৰ উত্তম বাক্যৰ আৰু আহিবলগীয়া জগতৰ ব্যৱস্থাৰ শক্তিশালী বস্তুবোৰৰ সোৱাদ লৈছে, ৬  কিন্তু এতিয়া তেওঁলোকে বিশ্বাসৰ পৰা দূৰলৈ গুচি গৈছে, তেওঁলোকক অনুতাপ কৰাবলৈ উভতাই লৈ অনাটো অসম্ভৱ। কিয়নো তেওঁলোকে নিজেই ঈশ্বৰৰ পুত্ৰক আৰু এবাৰ কাঠত গজাল মাৰি দিছে আৰু সকলোৰে আগত তেওঁক লাজত পেলাইছে। ৭  যেতিয়া ঈশ্বৰৰ আশীৰ্বাদত মাটিত বাৰে বাৰে বৰষুণ হয়, তেতিয়া সেই মাটিয়ে পানী শুহি লয় আৰু কৃষকসকলৰ কাৰণে শাক-পাচলি উৎপন্ন কৰে, যাৰ পৰা তেওঁলোকে লাভৱান হয়। ৮  কিন্তু যদি ইয়ে কাঁইটীয়া জোপোহা উৎপন্ন কৰে, তেনেহʼলে তাক এনেই এৰি দিয়া হয় আৰু তাক বহুত সোনকালে শাও দিয়া হʼব আৰু শেষত জ্বলাই দিয়া হʼব। ৯  যদিও আমি এইদৰে কথা পাতি আছোঁ, কিন্তু মৰমৰ ভাইসকল, আমাৰ বিশ্বাস আছে যে তোমালোক ভাল অৱস্থাত আছা অৰ্থাৎ এনে পথত আছা, যাৰ পৰা তোমালোকৰ উদ্ধাৰ হʼব পাৰে। ১০  কাৰণ ঈশ্বৰ অন্যায়ী নহয়। তোমালোকে পবিত্ৰ লোকসকলৰ যি সেৱা কৰিলা আৰু এতিয়াও কৰি আছা আৰু এইদৰে তোমালোকে যি কাম কৰিছা আৰু তেওঁৰ নামৰ প্ৰতি যি প্ৰেম দেখুৱাইছা, সেয়া তেওঁ নাপাহৰিব। ১১  কিন্তু তোমালোকৰ মাজৰ প্ৰতিজনে এইদৰে পৰিশ্ৰম কৰি থকাটো আমি বিচাৰোঁ যাতে শেষলৈকে তোমালোকৰ আশা পূৰ হোৱাৰ সম্পূৰ্ণ ভৰসা থাকে ১২  আৰু তোমালোকে যেন এলেহুৱা নোহোৱা। কিন্তু সেই লোকসকলৰ উদাহৰণত চলা, যিসকলে বিশ্বাস আৰু ধৈৰ্য্য ধৰাৰ কাৰণে প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী হয়। ১৩  যেতিয়া ঈশ্বৰে অব্ৰাহামৰ লগত প্ৰতিজ্ঞা কৰিছিল, তেতিয়া তেওঁ নিজেই নিজৰ শপত খালে, কিয়নো ঈশ্বৰতকৈ ডাঙৰ কোনো নাই, যিজনৰ তেওঁ শপত খালেহেঁতেন। তেওঁ নিজৰ শপত খাই ১৪  কʼলে, “মই তোমাক নিশ্চয় আশীৰ্বাদ দিম আৰু তোমাৰ বংশ বৃদ্ধি কৰিম।” ১৫  এইদৰে যেতিয়া অব্ৰাহামে ধৈৰ্য্য ধৰিলে, তেতিয়া তেওঁৰ লগত প্ৰতিজ্ঞা কৰা হʼল। ১৬  মানুহে নিজতকৈ ডাঙৰৰ শপত খায় আৰু তেওঁলোকৰ শপত সকলো বিবাদৰ অন্ত হয়, কিয়নো শপতে এই কথাক নিশ্চিত কৰে যে তেওঁলোকৰ প্ৰতিজ্ঞা সত্য হয়।* ১৭  ঠিক সেইদৰে, ঈশ্বৰে যেতিয়া নিৰ্ণয় লʼলে যে তেওঁ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰীসকলৰ ওপৰত প্ৰকাশ কৰিব যে তেওঁৰ উদ্দেশ্য* সলনি হʼব নোৱাৰে, তেতিয়া তেওঁ নিজৰ শপতৰ কাৰণে নিজৰ প্ৰতিজ্ঞাক নিশ্চিত কৰিলে* ১৮  যাতে তেওঁৰ প্ৰতিজ্ঞা আৰু শপতৰ যোগেদি আমি যিসকলে ঈশ্বৰৰ ওচৰত আশ্ৰয় লৈছোঁ, আমি আমাৰ আশা দৃঢ়ভাৱে ধৰি ৰাখিব পাৰোঁ, যিহেতু আমি বহুতো উৎসাহ লাভ কৰিছোঁ। তেওঁৰ শপত আৰু প্ৰতিজ্ঞা কেতিয়াও পৰিৱৰ্তন নহয়, কাৰণ তেওঁ মিছা কথা কোৱাটো অসম্ভৱ। ১৯  এই আশা আমাৰ জীৱনৰ কাৰণে এক লংগৰৰ দৰে হয়, যি নিশ্চিত আৰু মজবুত হয় আৰু এই আশাই আমাক পৰ্দাৰ ভিতৰলৈ লৈ যায়, ২০  যʼত আমাৰ নেতৃত্ব লোৱা যীচু আমাৰ কাৰণে প্ৰৱেশ কৰিলে আৰু যিজন সদায় কালৰ কাৰণে মল্কীচেদকৰ দৰে এজন মহা-পুৰোহিত হʼল।

Footnotes

আক্ষ., “মৃত কামবোৰৰ।”
আক্ষ., “অনন্ত।”
বা “শপত তেওঁলোকৰ কাৰণে আইনৰ অনুসৰি এক গেৰাণ্টি হয়।”
বা “ইচ্ছা।”
বা “শপত খাই গেৰাণ্টি দিলে।” আক্ষ., “মধ্যস্থতাৰ কাম কৰিলে।”