ইব্ৰীসকললৈ চিঠি ৭:১-২৮

  • মল্কীচেদক: অদ্বিতীয় ৰজা আৰু পুৰোহিত (১-১০)

  • খ্ৰীষ্টৰ পুৰোহিত পদ শ্ৰেষ্ঠ হয় (১১-২৮)

    • খ্ৰীষ্ট সম্পূৰ্ণৰূপে উদ্ধাৰ কৰাৰ যোগ্য হয় (২৫)

 মল্কীচেদক চালেমৰ ৰজা আৰু মহান ঈশ্বৰৰ পুৰোহিত আছিল। তেওঁ অব্ৰাহামক সেই সময়ত লগ পালে, যেতিয়া তেওঁ ৰজাবিলাকক হত্যা কৰি উভতি আহিছিল আৰু তেওঁ অব্ৰাহামক আশীৰ্বাদ দিলে ২  আৰু অব্ৰাহামে তেওঁক সকলো বস্তুৰ দশম ভাগ দিলে। এই মল্কীচেদক নিজৰ নামৰ অৰ্থৰ অনুসৰি প্ৰথমে “ভাল ৰজা” হয় আৰু তেওঁ চালেমৰ ৰজাও হয় অৰ্থাৎ “শান্তিৰ ৰজা।” ৩  তেওঁৰ মা-দেউতাৰ বিষয়ে আৰু তেওঁৰ বংশাৱলীৰ বিষয়ে একো জানিব নোৱাৰি। তেওঁৰ কেতিয়া জন্ম হৈছিল আৰু কেতিয়া মৃত্যু হৈছিল, সেই বিষয়েও কোনো উল্লেখ নাই। ইয়াৰ পৰিৱৰ্তে, তেওঁক ঈশ্বৰৰ পুত্ৰৰ দৰে নিযুক্ত কৰা হৈছে। সেইবাবে, তেওঁ সদায় কালৰ কাৰণে এজন পুৰোহিত হৈ থাকে। ৪  চিন্তা কৰা, এই মানুহজন কিমান মহান আছিল, যিজনক পৰিয়ালৰ মুৰব্বী* অব্ৰাহামে লুট কৰা সকলোতকৈ ভাল বস্তুৰ দশম ভাগ দিলে। ৫  এয়া সঁচা যে নিয়মৰ অনুসৰি লেবীৰ পুত্ৰসকলৰ মাজৰ যিসকলে পুৰোহিত পদ পাইছিল, তেওঁলোকক সেই লোকসকলৰ পৰা অৰ্থাৎ নিজৰ ভাইসকলৰ পৰা দশম ভাগ গোটাবলৈ আজ্ঞা দিয়া হৈছিল, যদিও সেই ভাইসকল অব্ৰাহামৰ বংশৰ আছিল। ৬  কিন্তু মল্কীচেদক লেবীৰ বংশৰ নোহোৱাৰ সত্ত্বেও অব্ৰাহামৰ পৰা দশম ভাগ গ্ৰহণ কৰিছিল আৰু এই অব্ৰাহামকে তেওঁ আশীৰ্বাদ দিছিল, যিজনৰ লগত প্ৰতিজ্ঞা কৰা হৈছিল। ৭  এতিয়া এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ পায়। ৮  এটা বিষয়ত অৰ্থাৎ লেবীসকলৰ ক্ষেত্ৰত দশম ভাগ পোৱা এনে মানুহ আছিল, যিসকলৰ মৃত্যু হৈ যায়। কিন্তু আন এটা বিষয়ত এই সাক্ষ্য দিয়া হৈছে যে তেওঁ জীয়াই আছে। ৯  আৰু এয়াও কʼব পাৰি যে লেবীও, যিজনে লোকসকলৰ পৰা দশম ভাগ পায়, অব্ৰাহামৰ যোগেদি নিজেও সেই মানুহজনক দশম ভাগ দিলে, ১০  কিয়নো মল্কীচেদকে যেতিয়া অব্ৰাহামক লগ পাইছিল, তেতিয়া লেবীজন নিজৰ পূৰ্বপুৰুষ অব্ৰাহামৰ শৰীৰতেই আছিল।* ১১  তেনেহʼলে, লেবীসকলৰ পুৰোহিত পদৰ যোগেদি যদি সঁচাকৈ সিদ্ধতা লাভ কৰিব পাৰি (যি নিয়ম লোকসকলক দিয়া হৈছিল, তাৰ এক ভাগ আছিল পুৰোহিত পদ), তেনেহʼলে আৰু এজন মহা-পুৰোহিতক নিযুক্ত কৰাৰ প্ৰয়োজন আছিল নে, যাৰ বিষয়ে কোৱা হৈছে যে তেওঁ হাৰোণৰ দৰে নহয়, কিন্তু মল্কীচেদকৰ দৰে পুৰোহিত হওক? ১২  সেইবাবে, যদি পুৰোহিত পদ সলনি কৰা হৈছে, তেনেহʼলে নিয়মো সলনি কৰাৰ প্ৰয়োজন হৈ পৰে। ১৩  কিয়নো যিজন ব্যক্তিৰ বিষয়ে এই কথাবোৰ কোৱা হৈছে, তেওঁ বেলেগ গোষ্ঠীৰ হয় আৰু তেওঁৰ গোষ্ঠীৰ পৰা কেতিয়াও কোনো লোকক বেদীত সেৱা কৰিবলৈ বাছনি কৰা হোৱা নাছিল। ১৪  এতিয়া এয়া একেবাৰে স্পষ্ট যে আমাৰ প্ৰভু যিহূদা গোষ্ঠীৰ পৰা আহিছিল, যদিও মোচিয়ে কেতিয়াও কোৱা নাছিল যে সেই গোষ্ঠীৰ পৰা পুৰোহিত আহিব। ১৫  এই কথা আৰু বেছি স্পষ্ট হৈ পৰিছে, কিয়নো এতিয়া আমাৰ কাৰণে মল্কীচেদকৰ দৰে আৰু এজন পুৰোহিত আহিছে। ১৬  তেওঁ পুৰোহিত হোৱাৰ কাৰণ এয়া নহয় যে তেওঁ সেই গোষ্ঠীৰ পৰা হয়, যাৰ বংশই নিয়মৰ অনুসৰি পুৰোহিত হʼব পাৰিছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ সেই শক্তিৰে পুৰোহিত হʼল, যিয়ে তেওঁক অবিনাশী জীৱন দিয়ে। ১৭  কিয়নো তেওঁৰ বিষয়ে এই সাক্ষ্য দিয়া হৈছিল, “তুমি মল্কীচেদকৰ দৰে পুৰোহিত হোৱা আৰু তুমি সদায় পুৰোহিত হৈ থাকিবা।” ১৮  সেইবাবে, আগৰ নিয়ম সলনি কৰা হʼল, কিয়নো সেয়া দুৰ্বল আছিল আৰু লাভদায়ক নাছিল। ১৯  সেই নিয়মে একোৱেই সিদ্ধ নকৰিলে, কিন্তু তাতকৈ ভাল আশা যেতিয়া দিয়া হʼল, তেতিয়া তাৰ পৰা সিদ্ধ হোৱাটো সম্ভৱ হʼল আৰু তাৰ যোগেদি আমি ঈশ্বৰৰ কাষ চাপি আছোঁ। ২০  আৰু এই আশা শপতৰ সৈতে দিয়া হৈছিল। ২১  (কিয়নো এনে মানুহ আছে, যিসকলে শপত নোখোৱাকৈ পুৰোহিত হৈছে, কিন্তু এই পুৰোহিত এনে হয়, যাক ঈশ্বৰে শপতেৰে সৈতে পুৰোহিত হিচাপে নিযুক্ত কৰিছে আৰু তাৰ বিষয়ে কৈছে, “যিহোৱাই* শপত খাইছে আৰু তেওঁ যি ভাবিছে, সেয়া সলনি নকৰিব,* ‘তুমি সদায় পুৰোহিত হৈ থাকিবা।’”) ২২  এইদৰেই যীচু এক উত্তম চুক্তিৰ জামিনদাৰ* হʼল। ২৩  ইয়াৰ উপৰিও, আগতে এজনৰ পাছত এজনকৈ বহুতো লোকক পুৰোহিত হʼব লাগিছিল। কিয়নো মৃত্যুৰ কাৰণে তেওঁলোকে পুৰোহিত হিচাপে সেৱা কৰিব নোৱাৰিছিল। ২৪  কিন্তু যীচু সদায় জীয়াই থকাৰ কাৰণে তেওঁ সদায় কাললৈকে পুৰোহিত হৈ থাকিব আৰু তেওঁৰ ঠাইত কোনেও পুৰোহিত নহʼব। ২৫  সেইবাবে, যিসকলে তেওঁৰ যোগেদি ঈশ্বৰৰ কাষ চাপে, তেওঁ তেওঁলোকৰ সম্পূৰ্ণৰূপে উদ্ধাৰ কৰাৰ যোগ্য হয়। কিয়নো তেওঁ তেওঁলোকৰ কাৰণে ঈশ্বৰলৈ মিনতি কৰিবলৈ সদায় জীয়াই থাকে। ২৬  আমাৰ কাৰণে এনে মহা-পুৰোহিতৰেই প্ৰয়োজন আছে, যিজন বিশ্বাসী, নিৰ্দোষী আৰু নিষ্কলংক হয়, পাপীবিলাকৰ দৰে নহয় আৰু যিজনক আকাশতকৈয়ো ওখ কৰা হৈছে। ২৭  তেওঁ সেই মহা-পুৰোহিতসকলৰ দৰে প্ৰতিদিনে বলিদান উৎসৰ্গ কৰাৰ প্ৰয়োজন নাই, যিসকলে প্ৰথমে নিজৰ পাপৰ কাৰণে আৰু তাৰ পাছত লোকসকলৰ পাপৰ কাৰণে বলিদান উৎসৰ্গ কৰে। কিয়নো তেওঁ এবাৰেই আৰু সদায় কালৰ কাৰণে নিজকে বলিদান হিচাপে উৎসৰ্গ কৰিলে। ২৮  কিয়নো নিয়মৰ অনুসৰি যিসকল মহা-পুৰোহিতক নিযুক্ত কৰা হয়, তেওঁলোক দুৰ্বল মানুহ, কিন্তু নিয়মৰ পাছত যি প্ৰতিজ্ঞা শপত খাই কৰা হৈছিল, তাৰ অনুসৰি এজন পুত্ৰক মহা-পুৰোহিত হিচাপে নিযুক্ত কৰা হৈছে, যিজনক সদায় কাললৈকে সিদ্ধ কৰা হৈছে।

Footnotes

বা “কুলপিতৃ।”
বা “তেওঁ ভৱিষ্যতে অব্ৰাহামৰ এজন বংশ হʼলহেঁতেন।”
অতি. ক৫ চাওক।
বা “তেওঁ অনুতাপ নকৰিব।”
বা “গেৰাণ্টি দিওঁতা।”