ইব্ৰীসকললৈ চিঠি ৯:১-২৮

  • পৃথিৱীৰ পবিত্ৰ স্থানত পবিত্ৰ সেৱা (১-১০)

  • খ্ৰীষ্টই নিজৰ তেজ লৈ স্বৰ্গত সোমালে (১১-২৮)

    • নতুন চুক্তিৰ মধ্যস্থতা (১৫)

৯  সেই প্ৰথম চুক্তি পবিত্ৰ সেৱাৰ কাৰণে আইনগত আৱশ্যকতাবোৰ পূৰ কৰিবলগীয়া হৈছিল আৰু পৃথিৱীত এক পবিত্ৰ ঠাইয়ো আছিল। ২  এই তম্বুৰ যি প্ৰথম ভাগ বনোৱা হৈছিল আৰু যʼত দীপাধাৰ, মেজ আৰু আগবঢ়োৱা ৰুটি ৰখা হৈছিল, তাক পবিত্ৰ ঠাই বুলি কোৱা হৈছিল। ৩  কিন্তু দ্বিতীয় পৰ্দাৰ পিছফালে মহা-পবিত্ৰ বুলি কোৱা ভাগ আছিল। ৪  এই ভাগত সোণৰ এটা ধূপদানী আৰু চুক্তিৰ সেই চন্দুক আছিল, যাক সম্পূৰ্ণৰূপে সোণেৰে মেৰোৱা আছিল। চন্দুকৰ ভিতৰত সোণৰ পাত্ৰ আছিল, যʼত মান্না থোৱা আছিল আৰু হাৰোণৰ কলি ওলোৱা লাঠিও আছিল আৰু চুক্তিৰ দুখন ফলিও আছিল। ৫  এই চন্দুকৰ ওপৰত মহিমাময় দুটা কৰূব আছিল, যিসকলে প্ৰায়শ্চিত্তৰ ঢাকনিৰ* ওপৰত ছাঁ দি আছিল। কিন্তু এতিয়া এই সকলো বস্তুৰ বিষয়ে ভাঙি-পাতি কোৱাৰ সময় নাই। ৬  যেতিয়া এই সকলো বস্তু এইদৰে বনোৱা হʼল, তেতিয়া পুৰোহিতসকলে পবিত্ৰ সেৱাৰ কাম কৰিবলৈ প্ৰথম ভাগত নিয়মীয়াকৈ গৈছিল। ৭  কিন্তু কেৱল মহা-পুৰোহিতে বছেৰেকত এবাৰ দ্বিতীয় ভাগত গৈছিল আৰু তেওঁক সেই তেজ লৈ যাবলগীয়া হৈছিল, যি তেওঁ নিজৰ পাপৰ কাৰণে আৰু লোকসকলে অজানিতে কৰা পাপৰ কাৰণে উৎসৰ্গ কৰিছিল। ৮  এইদৰে পবিত্ৰ শক্তিয়ে স্পষ্ট কৰে যে যিমান দিন এই প্ৰথম তম্বু* আছিল, সিমান দিনলৈকে সেই পবিত্ৰ ঠাইলৈ সোমোৱা ৰাস্তা খোলা নহʼল। ৯  এই তম্বু আজিৰ সময়ৰ কাৰণে এটা নমুনা হয় আৰু এই ব্যৱস্থাৰ অনুসৰি উপহাৰ আৰু বলিদান আগবঢ়োৱা হয়। কিন্তু এই বলিদান আৰু উপহাৰে পবিত্ৰ সেৱা কৰা লোকসকলক সম্পূৰ্ণৰূপে শুদ্ধ বিবেক দিব নোৱাৰে। ১০  এই উপহাৰ আৰু বলিদান কেৱল খোৱা-বোৱা আৰু শুচিকৰণৰ বিভিন্ন ধৰণৰ ৰীতি-নীতিৰ* লগত জড়িত আছে। এইবোৰ শৰীৰৰ বিষয়ত আইনগত আৱশ্যকতা আছিল আৰু এইবোৰ তেতিয়ালৈকে প্ৰযোজ্য হʼবলগীয়া আছিল, যেতিয়ালৈকে সকলো বিষয় শুধৰণি কৰাৰ সময় নাহে। ১১  কিন্তু আমি লাভ কৰা উত্তম আশীৰ্বাদ আনিবলৈ যেতিয়া খ্ৰীষ্ট মহা-পুৰোহিত হৈ আহিল, তেতিয়া তেওঁ এনে তম্বুত সোমালে, যি আৰু বেছি শ্ৰেষ্ঠ আৰু সিদ্ধ হয়। এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয় অৰ্থাৎ এই পৃথিৱীৰ সৃষ্টিৰ ভাগ নহয়। ১২  তেওঁ ছাগলী আৰু ষাঁড়গৰুৰ তেজ লৈ নহয়, ইয়াৰ পৰিৱৰ্তে নিজৰ তেজ লৈ তেওঁ এবাৰেই সদায় কালৰ কাৰণে পবিত্ৰ ঠাইত সোমালে আৰু আমাক সদায়ৰ কাৰণে মুকলি কৰিলে।* ১৩  ছাগলী আৰু ষাঁড়গৰুৰ তেজ আৰু চেঁউৰীৰ* ছাই যদি অশুচি মানুহৰ ওপৰত ছটিওৱাৰ যোগেদি তেওঁলোকৰ শৰীৰ ঈশ্বৰৰ দৃষ্টিত শুচি হয়, ১৪  তেনেহʼলে যিজনে সদায় বৰ্তি থকা পবিত্ৰ শক্তিৰ যোগেদি এক নিৰ্দোষী বলিদান হিচাপে নিজকে ঈশ্বৰৰ আগত অৰ্পণ কৰিলে, সেই খ্ৰীষ্টৰ তেজে ব্যৰ্থ কামবোৰৰ* পৰা আমাৰ বিবেকক আৰু কিমান বেছি শুদ্ধ কৰিব পাৰে যাতে আমি জীৱিত ঈশ্বৰৰ পবিত্ৰ সেৱা কৰিব পাৰোঁ! ১৫  সেইবাবে, তেওঁ এক নতুন চুক্তিৰ মধ্যস্থতা হয় যাতে যিসকলক মতা হৈছে, তেওঁলোকে সদায় বৰ্তি থকা উত্তৰাধিকাৰৰ প্ৰতিজ্ঞা লাভ কৰিব পাৰে। এই সকলো তেওঁৰ মৃত্যুৰ কাৰণে সম্ভৱ হʼল, যি মুক্তিৰ মূল্য দি তেওঁলোকক সেই পাপৰ পৰা মুকলি কৰে, যি তেওঁলোকে প্ৰথম চুক্তিৰ অধীনত থকাৰ সময়ত কৰিছিল। ১৬  যেতিয়া কিবা চুক্তি কৰা হয়, তেতিয়া চুক্তি কৰা মানুহজনৰ মৃত্যু হোৱাটো আৱশ্যক। ১৭  কিয়নো এটা চুক্তি তেতিয়াহে প্ৰযোজ্য হয়, যেতিয়া চুক্তি কৰাজনৰ মৃত্যু হয়। যেতিয়ালৈকে সেই মানুহজন জীয়াই থাকে, তেতিয়ালৈকে সেই চুক্তি প্ৰযোজ্য হʼব নোৱাৰে। ১৮  সেইবাবে, প্ৰথম চুক্তিও তেজৰ আধাৰতহে নিশ্চিত কৰা হৈছিল। ১৯  যেতিয়া মোচিয়ে সকলো লোকৰ আগত নিয়মৰ প্ৰতিটো আজ্ঞা পঢ়ি শুনালে, তেতিয়া তেওঁ ষাঁড়গৰু আৰু ছাগলীৰ তেজেৰে সৈতে পানী লʼলে আৰু উজ্জ্বল ৰঙা ৰঙৰ নোম আৰু এচোব এডালেৰে চুক্তিৰ কিতাপৰ* ওপৰত আৰু সকলো লোকৰ ওপৰত ছটিয়ালে ২০  আৰু কʼলে, “এই তেজে সেই চুক্তিক নিশ্চিত কৰে, যাক পালন কৰাৰ আজ্ঞা ঈশ্বৰে তোমালোক সকলোকে দিছে।” ২১  তেওঁ তম্বু আৰু পবিত্ৰ সেৱাত* ব্যৱহাৰ হোৱা সকলো পাত্ৰৰ ওপৰতো এইদৰে তেজ ছটিয়ালে। ২২  হয়, নিয়মৰ অনুসৰি প্ৰায় সকলো বস্তু তেজেৰে শুচি কৰা হয় আৰু যেতিয়ালৈকে তেজ ঢালি দিয়া নহয়, তেতিয়ালৈকে কেতিয়াও ক্ষমা পোৱা নাযায়। ২৩  সেইবাবে, স্বৰ্গৰ বিষয়বোৰৰ এইবোৰ নমুনা জন্তুবোৰৰ তেজেৰে শুচি কৰাটো আৱশ্যক আছিল, কিন্তু স্বৰ্গৰ বস্তুবোৰ এনে বলিদানেৰে শুচি কৰাটো আৱশ্যক আছিল, যি জন্তুবোৰৰ বলিদানতকৈ বহুত শ্ৰেষ্ঠ হয়। ২৪  কিয়নো খ্ৰীষ্ট মানুহৰ হাতেৰে বনোৱা কোনো পবিত্ৰ ঠাইত সোমোৱা নাই, যি প্ৰকৃত পবিত্ৰ ঠাইৰ কেৱল মাত্ৰ নকলহে হয়, ইয়াৰ পৰিৱৰ্তে তেওঁ স্বৰ্গত সোমালে। সেইবাবে, এতিয়া তেওঁ আমাৰ কাৰণে ঈশ্বৰৰ আগত* উপস্থিত আছে। ২৫  মহা-পুৰোহিতে যেনেকৈ বছৰে বছৰে জন্তুবোৰৰ তেজ লৈ পবিত্ৰ ঠাইত সোমাইছিল, তেনেকৈ খ্ৰীষ্টই বাৰে বাৰে নিজৰ বলিদান উৎসৰ্গ নকৰিব। ২৬  খ্ৰীষ্টই বাৰে বাৰে নিজৰ বলিদান উৎসৰ্গ কৰিবলগীয়া হোৱা হʼলে তেওঁক জগতৰ আৰম্ভণিৰে পৰা কিমান বাৰ দুখ ভুগিবলগীয়া হʼলহেঁতেন। কিন্তু এতিয়া তেওঁ জগতৰ ব্যৱস্থাৰ* শেষ সময়ছোৱাত এবাৰেই সদায়ৰ কাৰণে নিজকে প্ৰকাশ কৰিলে যাতে নিজৰ বলিদান দি পাপ নাইকিয়া কৰিব পাৰে। ২৭  আৰু যিদৰে মানুহৰ এবাৰ মৃত্যু হʼবই লাগিব আৰু তাৰ পাছত তেওঁলোকৰ ন্যায় হʼব, ২৮  ঠিক সেইদৰে খ্ৰীষ্টকো বহুতো লোকৰ পাপ উঠাবলৈ এবাৰেই সদায়ৰ কাৰণে বলিদান কৰা হʼল। আৰু যেতিয়া তেওঁ দ্বিতীয় বাৰ আহিব, তেতিয়া পাপ নাইকিয়া কৰিবলৈ নাহিব আৰু তেওঁক সেই লোকসকলে দেখা পাব, যিসকলে উদ্ধাৰ পাবলৈ বৰ আগ্ৰহেৰে তেওঁলৈ অপেক্ষা কৰি আছে।

Footnotes

বা “প্ৰায়শ্চিত্তৰ ঠাইৰ।”
সেই তম্বু যি পৃথিৱীত আছিল।
আক্ষ., “বাপ্তিষ্মাৰ।”
আক্ষ., “মুক্তিৰ মূল্য দি মুকলি কৰিলে।”
বা “গাইৰ।”
আক্ষ., “মৃত কামবোৰৰ।”
বা “নুৰাৰ।”
বা “জনসেৱাত।”
আক্ষ., “মুখৰ আগত।”
শব্দকোষ চাওক।