কলচীয়াসকললৈ চিঠি ১:১-২৯

  • নমস্কাৰ (১, ২)

  • কলচীয়াসকলৰ বিশ্বাসৰ কাৰণে ধন্যবাদ (৩-৮)

  • বিশ্বাসত মজবুত হোৱাৰ কাৰণে প্ৰাৰ্থনা (৯-১২)

  • খ্ৰীষ্টৰ বিশেষ দায়িত্ব (১৩-২৩)

  • মণ্ডলীৰ কাৰণে পৌলৰ কঠোৰ পৰিশ্ৰম (২৪-২৯)

 মই পৌল, ঈশ্বৰৰ ইচ্ছাৰে খ্ৰীষ্ট যীচুৰ পাঁচনি* হওঁ আৰু আমাৰ ভাই তীমথিয়, ২  কলচীৰ পবিত্ৰ লোকসকলক আৰু বিশ্বাসযোগ্য ভাইসকলক, যিসকলে খ্ৰীষ্টৰ লগত একতাত আছে, তেওঁলোকলৈ লিখি আছোঁ। আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক। ৩  আমি যেতিয়াই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তেতিয়াই আমি ঈশ্বৰৰ অৰ্থাৎ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃৰ সদায় ধন্যবাদ কৰোঁ, ৪  কিয়নো খ্ৰীষ্ট যীচুৰ ওপৰত থকা তোমালোকৰ বিশ্বাসৰ বিষয়ে আমি শুনিছোঁ আৰু এয়াও শুনিছোঁ যে তোমালোকে সকলো পবিত্ৰ লোকক কিমান প্ৰেম কৰা। ৫  এয়া সেই আশাৰ কাৰণে হয়, যি স্বৰ্গত তোমালোকৰ বাবে পূৰ হʼবলগীয়া আছে। এই আশাৰ বিষয়ে তোমালোকে সেই সময়ত শুনিছিলা, যেতিয়া তোমালোকক সত্য অৰ্থাৎ এই শুভবাৰ্তা শুনোৱা হৈছিল, ৬  যি শুভবাৰ্তা এতিয়া তোমালোকৰ ওচৰলৈ আহি পাইছে। এই শুভবাৰ্তাই গোটেই জগতত ফল উৎপন্ন কৰি আছে আৰু বাঢ়ি গৈ আছে। আৰু তোমালোকৰ মাজতো সেই দিনাৰে পৰা এইদৰে হৈ আছে, যিদিনা তোমালোকে ঈশ্বৰৰ প্ৰকৃত মহা-কৃপাৰ বিষয়ে শুনিছিলা আৰু তাক সঠিকভাৱে জানিছিলা। ৭  তোমালোকে আমাৰ মৰমৰ সহদাস ইপাফ্ৰাৰ পৰা এয়াই শিকিছিলা, যিজন আমাৰ ফালৰ পৰা খ্ৰীষ্টৰ এজন বিশ্বাসযোগ্য সেৱক হয়। ৮  তেৱেঁই আমাক জনালে যে পবিত্ৰ শক্তিয়ে তোমালোকৰ অন্তৰত কেনে প্ৰেম উৎপন্ন কৰিছে। ৯  সেইবাবে, আমিও যিদিনা তোমালোকৰ এই প্ৰেম আৰু বিশ্বাসৰ বিষয়ে শুনিছিলোঁ, সেই দিনাৰে পৰা তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আৰু এয়া খুজিবলৈ এৰি দিয়া নাই যে তোমালোকে সকলো বুদ্ধি আৰু পবিত্ৰ শক্তিৰ পৰা পোৱা বুজি পোৱাৰ ক্ষমতাৰ সৈতে তেওঁৰ ইচ্ছাৰ বিষয়ে সঠিক জ্ঞানেৰে পৰিপূৰ্ণ হোৱা ১০  যাতে তোমালোকৰ আচাৰ-ব্যৱহাৰ এইদৰে হওক, যিদৰে যিহোৱাৰ* সেৱকৰ হোৱা উচিত, যাৰ যোগেদি তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আনন্দিত কৰিব পাৰা আৰু তোমালোকে সকলো ধৰণৰ ভাল কাম কৰি ফল উৎপন্ন কৰি গৈ থাকা আৰু ঈশ্বৰৰ বিষয়ে সঠিক জ্ঞান বঢ়াই গৈ থাকা। ১১  আৰু ঈশ্বৰৰ মহিমাৰে পৰিপূৰ্ণ শক্তিৰে তোমালোক মজবুত হৈ গৈ থাকা যাতে তোমালোকে সকলো বিষয় ধৈৰ্য্যেৰে আৰু আনন্দেৰে সহন কৰিব পাৰা। ১২  আৰু পিতৃৰ ধন্যবাদ কৰা, যিজনে তোমালোকক সেই পবিত্ৰ লোকসকলৰ লগত উত্তৰাধিকাৰ লাভ কৰিবলৈ যোগ্য কৰি তুলিছে, যিসকলে পোহৰত আছে। ১৩  তেওঁ আমাক অন্ধকাৰৰ অধিকাৰৰ পৰা উদ্ধাৰ কৰিলে আৰু নিজৰ প্ৰিয় পুত্ৰৰ ৰাজ্যত লৈ আনিলে, ১৪  যাৰ যোগেদি তেওঁ মুক্তিৰ মূল্য দি আমাক উদ্ধাৰ কৰিলে অৰ্থাৎ আমাক পাপৰ ক্ষমা দিলে। ১৫  তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিৰূপ হয় আৰু গোটেই সৃষ্টিত প্ৰথম সন্তান হয়, ১৬  কিয়নো স্বৰ্গ আৰু পৃথিৱীত যি দেখা পোৱা যায় আৰু যি দেখা পোৱা নাযায় অৰ্থাৎ সেয়া সিংহাসনেই হওক বা সাম্ৰাজ্য, চৰকাৰেই হওক বা অধিকাৰেই হওক, বাকী সকলোবোৰ তেওঁৰ যোগেদিয়েই সৃষ্টি কৰা হৈছে। হয়, বাকী সকলোবোৰ তেওঁৰ যোগেদিয়েই আৰু তেওঁৰ কাৰণেই সৃষ্টি কৰা হৈছে। ১৭  লগতে তেওঁ বাকী সকলো বস্তুতকৈ প্ৰথমে আছিল আৰু তেওঁৰ যোগেদিয়েই বাকী সকলো বস্তু অস্তিত্বত অনা হʼল ১৮  আৰু তেৱেঁই শৰীৰ অৰ্থাৎ মণ্ডলীৰ মূৰ হয়। তেৱেঁই সকলো বস্তুৰ আৰম্ভণি হয়, তেৱেঁই মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠা প্ৰথম সন্তান হয় যাতে তেওঁ সকলো বিষয়ত প্ৰথম হয়, ১৯  কিয়নো ঈশ্বৰে বিচাৰিছিল যে সকলো ধৰণৰ পূৰ্ণতা খ্ৰীষ্টত যেন বাস কৰে, ২০  ঈশ্বৰে এয়াও বিচাৰিছিল যে পৃথিৱীৰ হওক বা স্বৰ্গৰ, সকলোকে তেওঁৰ যোগেদিয়েই ঈশ্বৰে যেন নিজৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰে। ঈশ্বৰে এই শান্তি সেই তেজৰ আধাৰত স্থাপন কৰিলে, যি খ্ৰীষ্টই যাতনাৰ কাঠত* দিছিল। ২১  তোমালোকে এসময়ত ঈশ্বৰৰ পৰা দূৰত আছিলা আৰু তেওঁৰ শত্ৰু আছিলা, কিয়নো তোমালোকে দুষ্ট কামবোৰৰ বিষয়ে ভাবি আছিলা। ২২  কিন্তু যিজনে নিজকে মৃত্যুৰ হাতত গতাই দিলে, সেই খ্ৰীষ্টৰ মানৱীয় শৰীৰৰ যোগেদি ঈশ্বৰে এতিয়া তোমালোকৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিলে যাতে তোমালোক তেওঁৰ দৃষ্টিত পবিত্ৰ, নিষ্কলংক আৰু নিৰ্দোষী হʼব পাৰা। ২৩  কিন্তু ইয়াৰ কাৰণে প্ৰয়োজন আছে যে তোমালোকে বিশ্বাসৰ অনুসৰি জীৱন-যাপন কৰা, ভিত্তিৰ ওপৰত থিৰে থাকা আৰু দৃঢ় হৈ থাকা আৰু সেই শুভবাৰ্তাৰ পৰা পোৱা আশা নেৰিবা, যি তোমালোকে শুনিছা আৰু যাৰ বিষয়ে গোটেই পৃথিৱীত প্ৰচাৰ কৰা হৈছে। মই পৌল, এই শুভবাৰ্তাৰ এজন সেৱক হৈছোঁ। ২৪  মই তোমালোকৰ কাৰণে যি কষ্ট ভুগি আছোঁ, তাৰ কাৰণে এতিয়া আনন্দ কৰি আছোঁ আৰু খ্ৰীষ্টৰ শৰীৰৰ ভাগ হোৱাৰ কাৰণে সেই দুখ-কষ্ট সহন কৰি আছোঁ, যিবোৰ সহন কৰিবলৈ বাকী আছে। সেই সকলো মই খ্ৰীষ্টৰ শৰীৰ অৰ্থাৎ মণ্ডলীৰ কাৰণে সহন কৰি আছোঁ। ২৫  মই ঈশ্বৰৰ পৰা পোৱা প্ৰবন্ধকৰ দায়িত্বৰ অনুসৰি তোমালোকৰ কাৰণে এই মণ্ডলীৰ সেৱক হৈছোঁ যাতে ঈশ্বৰৰ বাক্য সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰোঁ, ২৬  এই বাক্যত সেই পবিত্ৰ ৰহস্য আছে, যি অতীতৰ জগতৰ* পৰা আৰু বিগত প্ৰজন্মৰ* পৰা লুকুৱাই ৰখা হৈছিল। কিন্তু এতিয়া সেই ৰহস্য তেওঁৰ পবিত্ৰ লোকসকলৰ ওপৰত প্ৰকাশ কৰা হৈছে। ২৭  ঈশ্বৰে তেওঁলোকৰ ওপৰত এয়াও প্ৰকাশ কৰিব বিচাৰিছিল যে এই পবিত্ৰ ৰহস্যৰ গৌৰৱময় সম্পত্তি কি হয়, যি ইস্ৰায়েলী নোহোৱা লোকসকলৰ ওপৰত প্ৰকাশ কৰা হৈছে। এই ৰহস্য খ্ৰীষ্ট হয়, যিজনে তোমালোকৰ লগত একতাত আছে আৰু যাৰ লগত তোমালোকে মহিমা পাবলৈ আশা ৰাখিছা। ২৮  আমি তেওঁৰ বিষয়েই প্ৰচাৰ কৰি আছোঁ অৰ্থাৎ প্ৰতিজনক তেওঁৰ সকলো বুদ্ধিৰে সৈতে বুজাওঁ আৰু শিক্ষা দিওঁ যাতে আমি প্ৰতিজনক খ্ৰীষ্টৰ লগত একতাত এজন পৰিপক্ক মানুহ হিচাপে ঈশ্বৰৰ আগত উপস্থিত কৰাব পাৰোঁ। ২৯  এই কামকে পূৰ কৰিবলৈ মই কঠোৰ পৰিশ্ৰম কৰি সংঘৰ্ষ কৰি আছোঁ আৰু এয়া মই সেই শক্তিৰে কৰি আছোঁ, যি মোৰ ভিতৰত সম্পূৰ্ণৰূপে কাম কৰি আছে।

Footnotes

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
অতি. ক৫ চাওক।
শব্দকোষ চাওক।
বা “অতীতৰ জগতৰ ব্যৱস্থাৰ।” শব্দকোষ চাওক।
প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।