গালাতীয়াসকললৈ চিঠি ২:১-২১

  • পৌলে যিৰূচালেমত পাঁচনিসকলক লগ কৰে (১-১০)

  • পৌলে, পিতৰ (কৈফাক) শুধৰণি কৰে (১১-১৪)

  • কেৱল বিশ্বাস কৰাৰ কাৰণে ভাল মানুহ বুলি গণিত কৰা হয় (১৫-২১)

২  ইয়াৰ ১৪ বছৰৰ পাছত মই বাৰ্ণব্বাৰ লগত আকৌ এবাৰ যিৰূচালেমলৈ গʼলোঁ আৰু মই তীতকো নিজৰ লগত লৈ গʼলোঁ। ২  মই তালৈ যাব লাগিব বুলি মোৰ ওপৰত প্ৰকাশ কৰা হৈছিল। সেইবাবে, মই তালৈ গʼলোঁ। তাত মই কʼলোঁ যে মই ইস্ৰায়েলী নোহোৱা লোকসকলক শুভবাৰ্তা শুনাওঁ। এই কথা মই কেৱল সেই ভাইসকলক কʼলোঁ, যিসকলক বহুত সন্মান কৰা হয়। কাৰণ মই যি প্ৰচাৰ কৰি আছোঁ বা কৰিলোঁ, সেয়া ব্যৰ্থ হোৱাটো মই নিবিচাৰোঁ। ৩  কিন্তু তীত, যিজন মোৰ লগত আছিল, গ্ৰীক হোৱাৰ সত্ত্বেও তেওঁক চুন্নৎ কৰিবলৈ বাধ্য কৰা নহʼল। ৪  এই বিষয়টো সেই মিছলীয়া ভাইসকলৰ কাৰণে সৃষ্টি হৈছিল, যিসকলে মনে মনে আমাৰ ওপৰত নজৰ ৰাখিবলৈ মণ্ডলীত সোমাই আহিছিল। খ্ৰীষ্ট যীচুৰ শিষ্য হিচাপে আমি যি স্বাধীনতা পাইছোঁ, তাক তেওঁলোকে কাঢ়ি লʼব বিচাৰিছিল যাতে তেওঁলোকে সম্পূৰ্ণৰূপে আমাক নিজৰ দাস কৰি লয়। ৫  কিন্তু আমি অলপ সময়ৰ* বাবেও তেওঁলোকৰ কথা নামানিলোঁ আৰু তেওঁলোকৰ অধীনো নহʼলোঁ যাতে শুভবাৰ্তাৰ যি সত্যতা তোমালোকে পাইছা, সেয়া তোমালোকৰ লগত থাকে। ৬  কিন্তু সেই ভাইসকল, যিসকলক বিশেষ বুলি ভবা হৈছিল, হয়, আনতকৈ ডাঙৰ বুলি ভবা সেই ভাইসকলে মোক এনে একো কথা নকʼলে, যি মোৰ কাৰণে নতুন হয়। তেওঁলোকক যিয়েই ভবা নহওক কিয়, সেয়া মোৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়, কাৰণ ঈশ্বৰে মানুহৰ বাহিৰৰ ৰূপ চাই ন্যায় নকৰে। ৭  ইয়াৰ পৰিৱৰ্তে, সেই ভাইসকলে দেখিলে যে মোক ইস্ৰায়েলী নোহোৱা লোকসকলক* শুভবাৰ্তা শুনাবলৈ নিযুক্ত কৰা হৈছে, যিদৰে যিহূদীসকলক* শুভবাৰ্তা শুনাবলৈ পিতৰক নিযুক্ত কৰা হৈছিল। ৮  কাৰণ যিজনে পিতৰক যিহূদীসকলৰ কাৰণে পাঁচনি পদৰ দায়িত্ব পালন কৰিবলৈ শক্তি দিছে, তেৱেঁই মোক ইস্ৰায়েলী নোহোৱা লোকসকলৰ কাৰণে এই দায়িত্ব পালন কৰিবলৈ শক্তি দিছে। ৯  তেওঁলোকে এয়াও বুজি পালে যে মোৰ ওপৰত কেনেকৈ মহা-কৃপা কৰা হʼল। তেতিয়া যাকোব, কৈফা* আৰু যোহনে, যিসকল মণ্ডলীত স্তম্ভৰ দৰে আছিল, মোৰ আৰু বাৰ্ণব্বাৰ লগত নিজৰ সোঁহাত মিলাই দেখুৱালে যে আমি সকলোৱে সহভাগী হওঁ, যেন আমি ইস্ৰায়েলী নোহোৱা লোকসকলৰ ওচৰলৈ যাওঁ আৰু তেওঁলোকে যিহূদীসকলৰ ওচৰলৈ যায়। ১০  দুখীয়া ভাইসকলকো ধ্যান দিবলৈ আমাক কোৱা হʼল। মই মনে-প্ৰাণে এইদৰে কৰিবলৈ চেষ্টা কৰিলোঁ। ১১  কিন্তু কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই সকলোৰে আগত তেওঁৰ বিৰোধ কৰিলোঁ, কিয়নো এয়া স্পষ্ট আছিল যে তেওঁ দোষী হয়। ১২  যাকোবে পঠোৱা কিছুমান লোক অহাৰ আগলৈকে কৈফাই ইস্ৰায়েলী নোহোৱা লোকসকলৰ লগত খোৱা-বোৱা কৰিছিল। কিন্তু যেতিয়া সেই ভাইসকল আহিল, তেতিয়া তেওঁ চুন্নৎ হোৱা লোকসকলৰ ভয়ত ইস্ৰায়েলী নোহোৱা লোকসকলৰ পৰা আঁতৰি আঁতৰি থাকিবলৈ ধৰিলে। ১৩  আন যিহূদীসকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিলে। আনকি বাৰ্ণব্বায়ো তেওঁলোকৰ দৰে কৰিবলৈ ধৰিলে। ১৪  কিন্তু যেতিয়া মই দেখিলোঁ যে তেওঁলোকে শুভবাৰ্তাৰ সত্যতাৰ অনুসৰি চলা নাই, তেতিয়া মই সকলোৰে আগত কৈফাক কʼলোঁ, “যদি তুমি এজন যিহূদী হৈয়ো যিহূদীৰ দৰে নহয়, কিন্তু ইস্ৰায়েলী নোহোৱা লোকসকলৰ দৰে ব্যৱহাৰ কৰিছা, তেনেহʼলে তুমি ইস্ৰায়েলী নোহোৱা লোকসকলক যিহূদীৰ ৰীতি-নীতিবোৰ মানিবলৈ কেনেকৈ বাধ্য কৰাব পাৰা?” ১৫  আমি জন্মৰে পৰা যিহূদী হওঁ আৰু আমি ইস্ৰায়েলী নোহোৱা লোকসকলৰ দৰে নহওঁ, যিসকলে পাপ কৰে। ১৬  তথাপিও আমি জানোঁ যে এজন মানুহক নিয়মত লিখা কামবোৰ কৰাৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে কেৱল যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ কাৰণেহে ভাল মানুহ বুলি গণ্য কৰা হয়। সেইবাবে, আমি খ্ৰীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰিলোঁ যাতে আমাক নিয়মত লিখা কামবোৰৰ আধাৰত নহয়, ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে ভাল মানুহ বুলি গণিত কৰা হয়। কিয়নো মোচিৰ নিয়মত লিখা কামবোৰৰ আধাৰত কোনো মানুহে ভাল মানুহ বুলি গণ্য হʼব নোৱাৰে। ১৭  আমি খ্ৰীষ্টৰ যোগেদি ভাল মানুহ বুলি গণিত হʼবলৈ চেষ্টা কৰি থাকোঁতেও যদি আমাক পাপী বুলি কোৱা হয়, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নে যে খ্ৰীষ্ট পাপৰ সেৱক হয়? কেতিয়াও নহয়! ১৮  মই যাক এবাৰ ধ্বংস কৰিলোঁ, তাক যদি আকৌ বনাবলৈ ধৰোঁ, তেনেহʼলে মই নিজকে এজন অপৰাধী বুলি প্ৰমাণ কৰিম। ১৯  নিয়মৰ অনুসৰি মই মৰিলোঁ যাতে ঈশ্বৰৰ কাৰণে জীৱিত হʼব পাৰোঁ। ২০  খ্ৰীষ্টৰ লগত মোক কাঠত গজাল মাৰি দিয়া হৈছে। সেইবাবে, এতিয়া মই নিজৰ কাৰণে জীয়াই থকা নাই, ইয়াৰ পৰিৱৰ্তে এনে জীৱন জীয়াই আছোঁ, যি খ্ৰীষ্টৰ লগত একতাত আছে।* এতিয়া মই মানুহ হিচাপে যি জীৱন জীয়াই আছোঁ, সেয়া কেৱল সেই বিশ্বাসেৰে জীয়াই আছোঁ, যি মই ঈশ্বৰৰ পুত্ৰৰ ওপৰত কৰোঁ, যিজনে মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজৰ জীৱন দিলে। ২১  মই ঈশ্বৰৰ মহা-কৃপাক অস্বীকাৰ নকৰোঁ, কাৰণ যদি নিয়ম পালন কৰিলে এজন ব্যক্তি ভাল মানুহ বুলি গণিত হয়, তেনেহʼলে খ্ৰীষ্টৰ মৃত্যু হোৱাটো কোনো লাভ নহʼল।

Footnotes

আক্ষ., “এঘণ্টাৰ।”
বা “চুন্নৎ নোহোৱা লোকসকলক।”
বা “চুন্নৎ হোৱা লোকসকলক।”
পিতৰ বুলিও কোৱা হৈছিল।
আক্ষ., “এতিয়া মই জীয়াই থকা নাই, ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্ট মোৰ মাজত জীয়াই আছে।”