তীতলৈ চিঠি ২:১-১৫

  • ডেকা আৰু বৃদ্ধসকলৰ কাৰণে ভাল পৰামৰ্শ (১-১৫)

    • ভক্তিহীন কামবোৰ অস্বীকাৰ কৰা (১২)

    • ভাল কাম কৰাত উৎসাহ (১৪)

 কিন্তু তুমি সেই কথাবোৰেই কৈ থাকা যিবোৰ লাভজনক* শিক্ষাৰ অনুসৰি হয়। ২  বৃদ্ধ পুৰুষসকলে সকলো বিষয়ত আত্মনিয়ন্ত্ৰণ ৰখা ব্যক্তি হওক, গম্ভীৰ হওক, সঠিক চিন্তাধাৰা ৰখা ব্যক্তি হওক, তেওঁলোকৰ বিশ্বাস মজবুত হওক, তেওঁলোকে প্ৰেমেৰে পৰিপূৰ্ণ হওক আৰু ধৈৰ্য্য ধৰা ব্যক্তি হওক। ৩  ঠিক সেইদৰে, বৃদ্ধ তিৰোতাসকলৰ ব্যৱহাৰ এইদৰে হোৱা উচিত, যিদৰে পবিত্ৰ লোকসকলক শোভা দিয়ে। তেওঁলোকে বদনাম কৰোঁতা নহওক, অধিক মাত্ৰাত দ্ৰাক্ষাৰস খোৱাৰ অভ্যাস নাথাকক, ইয়াৰ পৰিৱৰ্তে ভাল বিষয় শিকাওঁতা হওক ৪  যাতে তেওঁলোকে যুৱতীসকলক উপদেশ দিব* পাৰে যে তেওঁলোকে নিজৰ স্বামী আৰু লʼৰা-ছোৱালীক প্ৰেম কৰে, ৫  সঠিক চিন্তাধাৰা ৰাখে, শুদ্ধতা বজাই ৰাখে। লগতে তেওঁলোকে নিজৰ ঘৰৰ কাম-বন* কৰোঁতা হওক, ভাল আচৰণ বজাই ৰাখক আৰু নিজৰ স্বামীৰ অধীনত থাকক যাতে ঈশ্বৰৰ বাক্যৰ বদনামী নহয়। ৬  এইদৰে ডেকা ভাইসকলক সঠিক চিন্তাধাৰা ৰাখিবলৈ উৎসাহিত কৰি থাকা। ৭  আৰু তুমি নিজেও সকলো বিষয়ত ভাল কাম কৰাৰ উদাহৰণ ৰাখা। সম্পূৰ্ণ গম্ভীৰতাৰে এনে কথাবোৰ শিকোৱা, যিবোৰ শুদ্ধ হয়* ৮  আৰু ভাল* কথাবোৰ কোৱা, যʼত কোনেও খুঁত উলিয়াব নোৱাৰে যাতে আমাৰ বিৰোধীসকলে লাজ পায় আৰু আমাৰ বিৰুদ্ধে তেওঁলোকে কিবা বেয়া কথা কʼবলৈ সুযোগ নাপায়। ৯  যিসকল দাস হয়, তেওঁলোকে সকলো বিষয়ত নিজৰ মালিকবিলাকৰ অধীনত থাকক, তেওঁলোকক আনন্দিত কৰক, ঘূৰাই উত্তৰ নিদিয়ক, ১০  তেওঁলোকৰ একো বস্তু চুৰ নকৰক, ইয়াৰ পৰিৱৰ্তে সম্পূৰ্ণৰূপে ভৰসাযোগ্য হৈ থাকক যাতে তেওঁলোকে সকলো বিষয়ত আমাৰ উদ্ধাৰকৰ্তাৰ শিক্ষাৰ শোভা বঢ়াব পাৰে। ১১  ঈশ্বৰৰ মহা-কৃপা প্ৰকাশ কৰা হৈছে, যিয়ে সকলো ধৰণৰ লোকসকলক উদ্ধাৰ কৰে। ১২  ইয়ে আমাক ভক্তিহীন কাম আৰু জগতৰ ইচ্ছাবোৰক অস্বীকাৰ কৰিবলৈ আৰু এই জগতত* সঠিক চিন্তাধাৰা ৰাখিবলৈ, ভাল কাম কৰিবলৈ আৰু ঈশ্বৰৰ ভক্তিৰে সৈতে জীৱন-যাপন কৰিবলৈ শিকায়। ১৩  আৰু আমি সেই সময়ৰ বাবে অপেক্ষা কৰোঁ, যেতিয়া আমাক আনন্দ দিয়া আশা পূৰ হʼব আৰু মহান ঈশ্বৰ আৰু আমাৰ উদ্ধাৰকৰ্তা খ্ৰীষ্ট যীচুৰ মহিমা প্ৰকাশিত হʼব। ১৪  আমাক সকলো ধৰণৰ দুষ্টতাৰ পৰা উদ্ধাৰ কৰিবলৈ* আৰু শুচি কৰিবলৈ খ্ৰীষ্টই নিজৰ জীৱন দিলে যাতে আমি তেওঁৰ বিশেষ সম্পত্তি হʼব পাৰোঁ আৰু ভাল কাম কৰাত উৎসাহী হʼব পাৰোঁ। ১৫  তুমি তেওঁলোকক এই সকলো কথা কৈ থাকা, তেওঁলোকক বুজাই* থাকা আৰু সম্পূৰ্ণ অধিকাৰেৰে তেওঁলোকক শুধৰাই থাকা। কোনেও যেন তোমাক তল চকুৰে নাচায়।

Footnotes

বা “স্বাস্থ্যকৰ।”
বা “শিকাব।”
বা “ঘৰৰ চোৱা-চিতা।”
বা হয়তো, “শুদ্ধতাৰে শিকোৱা।”
বা “স্বাস্থ্যকৰ; লাভজনক।”
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
আক্ষ., “আমাৰ কাৰণে মুক্তিৰ মূল্য দিবলৈ।”
বা “তেওঁলোকক উৎসাহিত কৰি।”