তীতলৈ চিঠি ৩:১-১৫

  • সঠিক অধীনতা (১-৩)

  • ভাল কাম কৰাৰ কাৰণে সাজু থাকা (৪-৮)

  • মূৰ্খতাৰে ভৰা তৰ্ক-বিতৰ্ক আৰু গোটক অস্বীকাৰ কৰা (৯-১১)

  • নিজৰ ফালৰ পৰা কিছুমান নিৰ্দেশনা আৰু নমস্কাৰ (১২-১৫)

 তেওঁলোকক মনত পেলাই দি থাকা যে তেওঁলোকে যেন চৰকাৰ আৰু অধিকাৰীসকলৰ অধীনত থাকে আৰু তেওঁলোকৰ আজ্ঞা পালন কৰি থাকে, সকলো ভাল কাম কৰিবলৈ সাজু থাকে, ২  কাৰো বিষয়েও যেন বদনাম কৰা কথা নকয়, কাজিয়া নকৰে, নিজৰ মতামতত লাগি নাথাকে আৰু সকলোৰে লগত সম্পূৰ্ণ কোমলতাৰে যেন ব্যৱহাৰ কৰে। ৩  কাৰণ এটা সময় আছিল, যেতিয়া আমিও মূৰ্খ আছিলোঁ, আজ্ঞা পালন কৰা নাছিলোঁ, ভুল পথলৈ পৰিচালিত হৈছিলোঁ, বিভিন্ন ধৰণৰ ইচ্ছা আৰু লাসবিলাসৰ দাস হৈ আছিলোঁ, বেয়া কামত লাগি আছিলোঁ, ঈৰ্ষা কৰি আছিলোঁ, ঘৃণাৰ যোগ্য আছিলোঁ আৰু এজনে-আনজনক ঘিণ কৰিছিলোঁ। ৪  কিন্তু যেতিয়া আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰৰ কৃপা আৰু সকলো মানুহৰ কাৰণে তেওঁৰ প্ৰেম প্ৰকাশ হʼল ৫  (আমি ভাল কাম কৰাৰ কাৰণে নহয়, কিন্তু এয়া তেওঁৰ দয়া আছিল), তেতিয়া তেওঁ আমাক পানীৰ* যোগেদি জীৱন দিলে আৰু পবিত্ৰ শক্তিৰ যোগেদি নতুন কৰি আমাক উদ্ধাৰ কৰিলে। ৬  তেওঁ এই পবিত্ৰ শক্তি আমাৰ উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ যোগেদি আমাৰ ওপৰত প্ৰচুৰ পৰিমাণে* বাকি দিছে ৭  যাতে তেওঁৰ মহা-কৃপাৰ যোগেদি আমাক ভাল ব্যক্তি বুলি গণ্য কৰা হয় আৰু ইয়াৰ পাছত আমি অনন্ত জীৱনৰ আশাৰ অনুসৰি উত্তৰাধিকাৰী হʼব পাৰোঁ। ৮  এই কথাবোৰ ভৰসাযোগ্য হয় আৰু মই বিচাৰোঁ যে তুমি এই কথাবোৰৰ ওপৰত জোৰ দি থাকা যাতে যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিলে, তেওঁলোকে নিজৰ ধ্যান ভাল কামবোৰৰ ওপৰত লগাই ৰাখে। এই কথাবোৰ লোকসকলৰ কাৰণে ভাল আৰু লাভজনক হয়। ৯  কিন্তু মূৰ্খতাৰে ভৰা তৰ্ক-বিতৰ্ক আৰু বংশাৱলী আৰু নিয়মৰ ওপৰত তৰ্ক আৰু কাজিয়া কৰাৰ পৰা দূৰে থাকা, কিয়নো এইবোৰৰ পৰা একো লাভ নহয় আৰু এইবোৰ ব্যৰ্থ। ১০  যদি কোনো মানুহে কোনো গোটক উৎসাহিত কৰিছে, তেনেহʼলে তেওঁক প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ বুজোৱা* আৰু ইয়াৰ পাছত তেওঁৰ লগত সংগতি কৰিবলৈ এৰি দিয়া, ১১  কাৰণ তুমি জানা যে এনে মানুহ সঠিক পথৰ পৰা আঁতৰি গৈছে আৰু পাপ কৰিছে আৰু তেওঁ নিজকে দোষী কৰিছে। ১২  যেতিয়া মই আৰ্ত্তিমা বা তুখিকক তোমাৰ ওচৰলৈ পঠিয়াম, তেতিয়া তুমি নীকপলিত মোৰ ওচৰলৈ আহিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিবা। কিয়নো মই জাৰকালি তাতে কটাম বুলি নিৰ্ণয় লৈছোঁ। ১৩  নিয়মৰ বিষয়ে ভালদৰে জনা চীনা আৰু আপল্লোক সেই সকলো বস্তু দিবা, যিবোৰ তেওঁলোকক যাত্ৰা কৰাৰ সময়ত প্ৰয়োজন যাতে তেওঁলোকৰ একো অভাৱ নহয়। ১৪  আমাৰ লোকসকলেও ভাল কাম কৰাত লাগি থাকিবলৈ শিকক যাতে সমস্যাৰ সময়ত সহায় কৰিব পাৰে আৰু কোনো কামৰ যোগ্য নোহোৱা* ব্যক্তি নহয়। ১৫  যিসকল লোক মোৰ লগত আছে, তেওঁলোক সকলোৱে তোমাক নমস্কাৰ জনাইছে। সেই লোকসকলক মোৰ নমস্কাৰ জনাবা, যিসকলে বিশ্বাসত আমাৰ প্ৰতি কোমল স্নেহ ৰাখে। ঈশ্বৰৰ মহা-কৃপা তোমালোক সকলোৰে ওপৰত থাকক।

Footnotes

আক্ষ., “স্নান।”
বা “উদাৰতাৰে।”
বা “সাৱধান কৰা।”
আক্ষ., “নিষ্ফল।”