পাঁচনিৰ কৰ্ম্ম ১৬:১-৪০
১৬ তাৰ পাছত পৌলে দৰ্বী আৰু লুস্ত্ৰা চহৰতো গʼল আৰু চোৱা! তাত তীমথিয় নামৰ এজন শিষ্য আছিল। তেওঁৰ মা প্ৰভুত বিশ্বাস কৰা যিহূদী তিৰোতা আছিল। কিন্তু তেওঁৰ দেউতা গ্ৰীক আছিল।
২ লুস্ত্ৰা আৰু ইকনিয়ৰ ভাইসকলে তীমথিয়ৰ বহুত প্ৰশংসা কৰিছিল।
৩ সেইবাবে, পৌলে যাত্ৰাত তীমথিয়ক নিজৰ লগত লৈ যাব বিচাৰিছিল। তেওঁ তীমথিয়ক নিজৰ লগত লৈ গʼল আৰু তেওঁৰ চুন্নৎ কৰালে। কিয়নো সেই এলেকাৰ সকলো যিহূদীয়ে জানিছিল যে তীমথিয়ৰ দেউতা এজন গ্ৰীক আছিল।
৪ তেওঁলোকে নিজৰ যাত্ৰাত যি যি চহৰলৈ গʼল, তাত যিৰূচালেমৰ পাঁচনি* আৰু প্ৰাচীনসকলে লোৱা নিৰ্ণয় তেওঁলোকক জনালে যাতে তেওঁলোকে সেইবোৰ পালন কৰে।
৫ পৰিণামস্বৰূপে, মণ্ডলীৰ বিশ্বাস মজবুত হৈ থাকিল আৰু তেওঁলোকৰ সংখ্যা দিনক দিনে বাঢ়ি থাকিল।
৬ ইয়াৰ পাছত তেওঁলোকে ফৰুগিয়া আৰু গালাতিয়া এলেকাৰ মাজেদি গʼল, কিয়নো পবিত্ৰ শক্তিয়ে তেওঁলোকক এচিয়া প্ৰদেশত ঈশ্বৰৰ বাক্য শুনাবলৈ মানা কৰিছিল।
৭ তাৰ পাছত যেতিয়া তেওঁলোকে মূচীয়া পালেগৈ, তেতিয়া তেওঁলোকে বিথূনিয়া এলেকালৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু যীচুৱে পবিত্ৰ শক্তিৰ যোগেদি তেওঁলোকক তালৈ যাবলৈ অনুমতি নিদিলে।
৮ সেইবাবে, তেওঁলোকে মূচীয়া হৈ* ত্ৰোৱা চহৰ পালেগৈ।
৯ ৰাতি পৌলে এটা দৰ্শনত দেখিলে যে মাকিদনিয়াৰ এজন মানুহে থিয় হৈ তেওঁক এইদৰে মিনতি কৰিছে, “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।”
১০ তেওঁ এই দৰ্শন দেখাৰ পাছত আমি লগে লগে মাকিদনিয়ালৈ ওলালোঁ। কাৰণ আমি বুজি পালোঁ যে মাকিদনিয়াৰ লোকসকলক শুভবাৰ্তাৰ প্ৰচাৰ কৰিবলৈ ঈশ্বৰে আমাক মাতিছে।
১১ সেইবাবে, আমি ত্ৰোৱাৰ পৰা জাহাজত উঠি মাজত কʼতো নৰখি চিধা চামথাকী দ্বীপ পালোঁগৈ আৰু পাছ দিনাখন নিয়াপলি চহৰলৈ গʼলোঁ।
১২ তাৰ পৰা আমি ফিলিপীলৈ গʼলোঁ। সেই চহৰ ৰোমৰ অধীনত আছিল আৰু মাকিদনিয়া অঞ্চলৰ প্ৰধান অঞ্চল আছিল। আমি সেই চহৰত কিছু দিন থাকিলোঁ।
১৩ বিশ্ৰাম-বাৰে* আমি চহৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গʼলোঁ আমি ভাবিছিলোঁ যে তাত নিশ্চয় প্ৰাৰ্থনা কৰিবলৈ ঠাই আছে। আমি তাতে বহি তাত গোট খাই থকা তিৰোতাসকলক প্ৰচাৰ কৰিবলৈ ধৰিলোঁ।
১৪ তাত থূয়াতীৰা চহৰৰ লুদিয়া নামৰ এগৰাকী তিৰোতাও আছিল আৰু তেওঁ বেঙুনীয়া ৰঙৰ কাপোৰ বেচিছিল। তেওঁ ঈশ্বৰৰ উপাসক আছিল আৰু যেতিয়া তেওঁ পৌলৰ কথা শুনি আছিল, তেতিয়া যিহোৱাই* তেওঁৰ হৃদয় সম্পূৰ্ণৰূপে খুলি দিলে যাতে তেওঁ পৌলৰ কথাৰ ওপৰত বিশ্বাস কৰিব পাৰে।
১৫ লুদিয়া আৰু তেওঁৰ পৰিয়ালে বাপ্তিষ্মা* লʼলে। তাৰ পাছত তেওঁ আমাক মিনতি কৰিলে, “যদি আপোনালোকে ভাবে যে মই যিহোৱাৰ* বিশ্বাসী হওঁ, তেনেহʼলে মোৰ ঘৰত আহি থাককহি।” তেওঁ আমাক জোৰ কৰি নিজৰ ঘৰলৈ লৈ গʼল।
১৬ তাৰ পাছত যেতিয়া আমি প্ৰাৰ্থনা কৰা ঠাইলৈ গৈ আছিলোঁ, তেতিয়া আমি এজনী দাসীক লগ পালোঁ, যাৰ শৰীৰত ভৱিষ্যবাণী কৰা দুষ্ট স্বৰ্গদূত সোমাই আছিল। সেই দাসীজনীয়ে ভৱিষ্যতৰ বিষয়ে কৈছিল, যাৰ পৰা তেওঁৰ মালিকবিলাকে বহুতো টকা উপাৰ্জন কৰিছিল।
১৭ পৌল আৰু আমি যʼলৈকে গৈছিলোঁ, সেই ছোৱালীজনী আমাৰ পিছে পিছে আহিছিল আৰু চিঞৰি চিঞৰি কৈছিল, “এই মানুহবিলাক মহান ঈশ্বৰৰ দাস হয়। তোমালোকক উদ্ধাৰৰ পথৰ বিষয়ে প্ৰচাৰ কৰি আছে।”
১৮ তেওঁ বহু দিনলৈকে এইদৰে কৰি আছিল। অৱশেষত, পৌলে আমনি পাই পিছফালে ঘূৰি সেই দাসীজনীৰ শৰীৰত সোমাই থকা দুষ্ট স্বৰ্গদূতক কʼলে, “মই তোক যীচু খ্ৰীষ্টৰ নামেৰে আদেশ দিছোঁ, তাৰ শৰীৰৰ পৰা ওলাই যা।” সেই সময়তে সি ওলাই গʼল।
১৯ যেতিয়া সেই দাসীজনীৰ মালিকবিলাকে দেখিলে যে তেওঁলোকৰ টকা উপাৰ্জন কৰাৰ উপায় বন্ধ হৈ গʼল, তেতিয়া তেওঁলোকে পৌল আৰু চীলক ধৰি লʼলে আৰু তেওঁলোকক চোঁচৰাই বজাৰৰ অধিকাৰীসকলৰ ওচৰলৈ লৈ গʼল।
২০ ইয়াৰ পাছত নগৰ অধিকাৰীসকলৰ ওচৰলৈ তেওঁলোকক নি এইদৰে কʼলে, “এই মানুহ কেইজনে আমাৰ চহৰত অশান্তি কৰি আছে। এওঁলোক যিহূদী হয় আৰু
২১ এওঁলোকে এনে ৰীতি-নীতিৰ বিষয়ে প্ৰচাৰ কৰিছে, যিবোৰ ৰোমান হিচাপে আমি গ্ৰহণ কৰা বা পালন কৰাটো উচিত নহয়।”
২২ তেতিয়া লোকসকলৰ ভীৰে তেওঁলোকৰ বিৰুদ্ধে জমা হʼল আৰু নগৰ অধিকাৰীসকলে পৌল আৰু চীলৰ কাপোৰ ফালি দিলে আৰু তেওঁলোকক বেতেৰে কোবাবলৈ আদেশ দিলে।
২৩ তেওঁলোকক বহুত কোবোৱাৰ পাছত জেলত বন্দী কৰা হʼল আৰু তেওঁলোকৰ ওপৰত কাঢ়া পহৰা দিবলৈ জেলৰ অধ্যক্ষক আদেশ দিয়া হʼল।
২৪ এনে কাঢ়া আদেশ পোৱাৰ কাৰণে জেলৰ অধ্যক্ষজনে তেওঁলোকক জেলৰ একেবাৰে ভিতৰ কোঠালীত সোমোৱাই থʼলে আৰু তেওঁলোকৰ ভৰি কাঠত সোমোৱাই বান্ধি দিলে।
২৫ কিন্তু মাজৰাতি পৌল আৰু চীলে প্ৰাৰ্থনা কৰি আছিল আৰু গীত গাই ঈশ্বৰৰ প্ৰশংসা কৰি আছিল আৰু বাকী কয়দীবিলাকে শুনি আছিল।
২৬ তেতিয়া হঠাতে এটা ডাঙৰ ভূমিকম্প হʼল, যাৰ কাৰণে জেলৰ ভিত্তি পৰ্যন্ত হিলি গʼল। সেই সময়তে জেলৰ সকলো দুৱাৰ খোল খাই গʼল আৰু সকলোৰে শিকলি খুলি পৰিল।
২৭ তেতিয়া জেলৰ অধ্যক্ষই সাৰ পালে আৰু জেলৰ দুৱাৰ খোলা দেখি তেওঁ ভাবিলে কয়দীবিলাক পলাই গʼল। তেওঁ নিজৰ তৰোৱাল উলিয়াই নিজকে হত্যা কৰিবলৈ লৈছিল।
২৮ তেতিয়া পৌলে জোৰেৰে চিঞৰি কʼলে, “নিজকে হত্যা নকৰিব, কিয়নো আমি সকলোৱে ইয়াতে আছোঁ!”
২৯ তেতিয়া জেলৰ অধ্যক্ষই চাকি অনোৱালে আৰু সোনকালে ভিতৰলৈ আহিলে আৰু কঁপি কঁপি পৌল আৰু চীলৰ ভৰিত পৰিলে।
৩০ তেওঁ তেওঁলোকক বাহিৰলৈ লৈ আনিলে আৰু কʼলে, “উদ্ধাৰ পাবলৈ মই কি কৰিব লাগিব?”
৩১ তেওঁলোকে কʼলে, “প্ৰভু যীচুৰ ওপৰত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ গোটেই পৰিয়ালে উদ্ধাৰ পাব।”
৩২ পৌল আৰু চীলে তেওঁক আৰু তেওঁৰ গোটেই পৰিয়ালক যিহোৱাৰ* বাক্য শুনালে।
৩৩ জেলৰ অধ্যক্ষজনে ৰাতিৰ সেই সময়তে তেওঁলোকক নিজৰ লগত লৈ গʼল আৰু তেওঁলোকৰ ঘাঁবোৰ ধুলে। তাৰ পাছত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সকলোৱে দেৰি নকৰাকৈ বাপ্তিষ্মা লʼলে।
৩৪ তেওঁ তেওঁলোকক নিজৰ ঘৰলৈ লৈ আহিলে আৰু তেওঁলোকক খাবলৈ দিলে। তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস কৰাৰ বাবে তেওঁ নিজৰ গোটেই পৰিয়ালৰ সৈতে আনন্দ কৰিলে।
৩৫ যেতিয়া পোহৰ হʼল, তেতিয়া নগৰ অধিকাৰীসকলে পহৰা দিয়া লোকসকলৰ হাতত এই বাৰ্তা পঠিয়ালে: “সেই মানুহবিলাকক মুকলি কৰি দিয়া।”
৩৬ তেতিয়া জেলৰ অধ্যক্ষই তেওঁলোকৰ কথা পৌলক জনালে, “তোমালোক দুয়োজনক মুকলি কৰি দিবলৈ নগৰ অধিকাৰীসকলে কিছুমান মানুহৰ হাতত এই বাৰ্তা পঠিয়ালে। সেইবাবে, এতিয়া বাহিৰলৈ আহা আৰু শান্তিৰে উভতি যোৱা।”
৩৭ কিন্তু পৌলে তেওঁলোকক কʼলে, “আমি ৰোমান নাগৰিক হওঁ, তথাপি আমি কি ভুল কৰিলোঁ, এয়া প্ৰমাণ নকৰাকৈ* সকলোৰে আগত আমাক কোবোৱালে আৰু জেলত বন্দী কৰি দিলে। আৰু এতিয়া আমাক ইয়াৰ পৰা মনে মনে যাবলৈ কৈছে? নহয়, এইদৰে কেতিয়াও হʼব নোৱাৰে! তেওঁলোকে নিজে আহি আমাক ইয়াৰ পৰা বাহিৰলৈ লৈ যাব লাগিব।”
৩৮ পহৰা দিয়া লোকসকলে গৈ এই কথা নগৰ অধিকাৰীসকলক জনালে। যেতিয়া নগৰ অধিকাৰীসকলে শুনিলে যে এই মানুহ কেইজন ৰোমান নাগৰিক হয়, তেতিয়া তেওঁলোকে বহুত ভয় খালে।
৩৯ সেইবাবে, তেওঁলোকে আহি তেওঁলোকক মিনতি কৰিবলৈ ধৰিলে আৰু তেওঁলোকক বাহিৰলৈ উলিয়াই চহৰ এৰি গুচি যাবলৈ তেওঁলোকক অনুৰোধ কৰিবলৈ ধৰিলে।
৪০ কিন্তু তেওঁলোকে জেলৰ পৰা ওলাই লুদিয়াৰ ঘৰলৈ গʼল আৰু যেতিয়া তেওঁলোকে ভাইসকলক লগ পালে, তেতিয়া তেওঁলোকৰ সাহস বঢ়ালে আৰু তাৰ পাছত তেওঁলোকে তাৰ পৰা গুচি গʼল।
Footnotes
^ গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
^ বা “মাজেদি।”
^ বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।
^ অতি. ক৫ চাওক।
^ বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”
^ অতি. ক৫ চাওক।
^ অতি. ক৫ চাওক।
^ বা “তেওঁলোকে কোনো মোকৰ্দ্দমা নকৰাকৈ।”