পাঁচনিৰ কৰ্ম্ম ১৭:১-৩৪

১৭  এতিয়া তেওঁলোকে আম্ফিপলি আৰু আপল্লোনিয়া চহৰেদি হৈ থিচলনীকী চহৰলৈ আহিল, যʼত যিহূদীসকলৰ এখন সভাঘৰ আছিল। ২  পৌলে নিজৰ অভ্যাসৰ অনুসৰি সেই সভাঘৰলৈ গʼল আৰু তেওঁ তিনি সপ্তাহলৈকে প্ৰতিটো বিশ্ৰাম-বাৰে* পবিত্ৰ শাস্ত্ৰৰ পৰা সেই যিহূদীসকলৰ লগত তৰ্ক-বিতৰ্ক কৰিলে। ৩  আৰু তেওঁ শাস্ত্ৰৰ পৰা বৰ্ণনা কৰি কৰি বুজাই থাকিল আৰু পদবোৰ পঢ়ি প্ৰমাণ দি থাকিল যে খ্ৰীষ্টই দুখভোগ কৰা আৰু মৃতবিলাকৰ মাজৰ পৰা জীৱিত হোৱাটো আৱশ্যক আছিল। তেওঁ কৈছিল, “যীচুৱেই খ্ৰীষ্ট হয়, যাৰ বিষয়ে মই তোমালোকক কৈ আছোঁ।” ৪  পৰিণামস্বৰূপে, তেওঁলোকৰ মাজৰ কিছুমানে বিশ্বাস কৰিবলৈ ধৰিলে আৰু পৌল আৰু চীলৰ লগত সংগতি কৰিবলৈ ধৰিলে। ইয়াৰ উপৰিও, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা গ্ৰীকসকলৰ এটা ডাঙৰ ভীৰেও বিশ্বাস কৰিলে। তেওঁলোকৰ মাজত বহুতো পৰিচিত তিৰোতাও আছিল। ৫  কিন্তু এয়া দেখি যিহূদীসকলে ঈৰ্ষাৰে ভৰি পৰিল আৰু নিজৰ লগত বজাৰৰ কিছুমান বদমাছ মানুহক লৈ এটা দল বনালে আৰু চহৰৰ মাজত হুলস্থূল লগালে। তেওঁলোকে যাচোনৰ ঘৰত আক্ৰমণ কৰিলে যাতে পৌল আৰু চীলক এক খঙাল ভীৰৰ হাতত গতাই দিব পাৰে। ৬  কিন্তু তেওঁলোকে তাত পৌল আৰু চীলক যেতিয়া বিচাৰি নাপালে, তেতিয়া তেওঁলোকে যাচোন আৰু আন কিছুমান ভাইক ধৰি লʼলে আৰু তেওঁলোকক চোঁচৰাই নগৰ অধিকাৰীসকলৰ ওচৰলৈ লৈ গʼল আৰু চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “যি মানুহবিলাকে গোটেই পৃথিৱীত অশান্তি কৰি আছে, তেওঁলোকে এতিয়া ইয়াতো আহি পাইছে ৭  আৰু এই যাচোনে তেওঁলোকক নিজৰ ঘৰত আলহী কৰি ৰাখিছে। এই মানুহবিলাকে সম্ৰাটৰ* আদেশৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু যীচু নামৰ আন এজন ৰজা আছে বুলি কয়।” ৮  যেতিয়া ভীৰ আৰু নগৰ অধিকাৰীসকলে এয়া শুনিলে, তেতিয়া তেওঁলোকৰ ওগুল-থোগুল লাগিল। ৯  নগৰ অধিকাৰীসকলে যাচোন আৰু বাকী লোকসকলৰ পৰা জৰিমনা হিচাপে বহুত টকা লৈ তেওঁলোকক এৰি দিলে। ১০  তেতিয়া ভাইসকলে দেৰি নকৰাকৈ ৰাতিয়েই পৌল আৰু চীল দুয়োজনক বিৰয়া চহৰলৈ পঠাই দিলে। তাত পাই তেওঁলোকে যিহূদীসকলৰ সভাঘৰলৈ গʼল। ১১  বিৰয়াৰ লোকসকল থিচলনীকীৰ লোকসকলতকৈ বেছি খোলা মনৰ আছিল। কিয়নো তেওঁলোকে অতি আগ্ৰহেৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে আৰু তেওঁলোকে যি শুনিছিল, সেয়া সত্য হয় নে নহয়, সেয়া জানিবলৈ প্ৰতিদিনে মন দি শাস্ত্ৰৰ পৰীক্ষা কৰিছিল। ১২  সেইবাবে, তেওঁলোকৰ মাজৰ বহুতো লোকে বিশ্বাস কৰিবলৈ ধৰিলে। আৰু গ্ৰীকসকলৰ মাজত বহুতো সন্মানীয় পুৰুষ আৰু তিৰোতাও বিশ্বাস কৰিবলৈ ধৰিলে। ১৩  কিন্তু থিচলনীকীৰ যিহূদীসকলে যেতিয়া গʼম পালে যে পৌলে বিৰয়াতো ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি আছে, তেতিয়া লোকসকলক উচটাবলৈ আৰু হুলস্থূল কৰিবলৈ তেওঁলোকে তালৈ আহিল। ১৪  তেতিয়া ভাইসকলে লগে লগে পৌলক সমুদ্ৰৰ পাৰলৈ পঠিয়াই দিলে। কিন্তু চীল আৰু তীমথিয় বিৰয়াতে থাকিল। ১৫  যিসকল ভায়ে পৌলক এৰিবলৈ তেওঁৰ লগত গৈছিল, তেওঁলোকে পৌলক আথীনীলৈকে লৈ গʼল। পৌলে তেওঁলোকক বিদায় দিয়াৰ সময়ত চীল আৰু তীমথিয়ৰ কাৰণে এই খবৰ পঠিয়ালে যে তেওঁলোকে যেন অতি সোনকালে তেওঁৰ ওচৰলৈ আহে। ১৬  যেতিয়া পৌলে আথীনীত তেওঁলোকৰ কাৰণে অপেক্ষা কৰি আছিল, তেতিয়া তেওঁ দেখিলে যে গোটেই চহৰ মূৰ্তিবোৰেৰে ভৰি আছে। এয়া দেখি তেওঁৰ গা শিয়ঁৰি উঠিল। ১৭  সেইবাবে, তেওঁ সভাঘৰত যিহূদীসকলৰ লগত আৰু ঈশ্বৰলৈ ভয় ৰখা আন লোকসকলৰ লগত শাস্ত্ৰৰ পৰা তৰ্ক-বিতৰ্ক কৰিবলৈ ধৰিলে। লগতে প্ৰতিদিনে বজাৰত তেওঁ যিসকলক লগ পাইছিল, তেওঁলোকৰ লগত এইদৰেই তৰ্ক-বিতৰ্ক কৰিছিল। ১৮  কিন্তু ইফিকূৰী আৰু স্তোয়িকী দাৰ্শনিকসকলৰ মাজৰ কিছুমান লোকে পৌলৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। তেওঁলোকৰ মাজৰ কিছুমানে কৈছিল, “এই বকবকাই থকা মানুহজনে কি কʼব বিচাৰিছে?” আন কিছুমানে কৈছিল, “ইতো কোনোবা বিদেশী দেৱতাৰ প্ৰচাৰক যেন লাগিছে।” কিয়নো পৌলে যীচুৰ বিষয়ে শুভবাৰ্তা শুনাই আছিল আৰু মৃতবিলাকক আকৌ জীয়াই তোলা হʼব বুলি শিকাই আছিল। ১৯  তেতিয়া এই লোকসকলে তেওঁক নিজৰ লগত আৰেয়পাগলৈ লৈ গʼল আৰু কʼবলৈ ধৰিলে, “তুমি এয়া কি নতুন শিক্ষা শিকাইছা, আমাক কʼবা নে? ২০  কিয়নো আমি কেতিয়াও নুশুনা কথাবোৰ তুমি শিকাই আছা। আমি ইয়াৰ অৰ্থ জানিব বিচাৰোঁ।” ২১  আচলতে আথীনীৰ সকলোৱে আৰু তাত থকা* বিদেশীসকলে নিজৰ আজৰি সময়ত কিবা কামত ব্যস্ত থকাৰ পৰিৱৰ্তে সেই সময়খিনি কিবা নতুন বিষয় শুনিবলৈ বা কʼবলৈ অতিবাহিত কৰিছিল। ২২  তেতিয়া পৌলে আৰেয়পাগৰ মাজত থিয় হʼল আৰু তেওঁলোকক কʼবলৈ ধৰিলে, “আথীনীৰ লোকসকল, মই তোমালোকক প্ৰতিটো কথাত আনতকৈ বেছি দেৱতাভক্ত* দেখিছোঁ। ২৩  উদাহৰণস্বৰূপে, যেতিয়া মই ইয়াৰ পৰা গৈ আছিলোঁ আৰু সেই বস্তুবোৰৰ ওপৰত মন কৰিছিলোঁ, যিবোৰক তোমালোকে পূজা কৰা, তেতিয়া মই এটা বেদী দেখিলোঁ, যʼত লিখা আছিল, ‘অপৰিচিত ঈশ্বৰলৈ।’ সেইবাবে, অজানিতে তোমালোকে যিজন ঈশ্বৰক উপাসনা কৰা, মই সেইজনৰ বিষয়েই তোমালোকক কৈ আছোঁ। ২৪  যিজন ঈশ্বৰে গোটেই পৃথিৱী আৰু তাত থকা সকলো বস্তু সৃষ্টি কৰিলে, তেওঁ আকাশ আৰু পৃথিৱীৰ মালিক হয়। সেইবাবে, তেওঁ হাতেৰে বনোৱা মন্দিৰত নাথাকে। ২৫  আৰু মানুহৰ হাতেৰে আগবঢ়োৱা কোনো সেৱাও তেওঁৰ প্ৰয়োজন নাই। কিয়নো তেওঁ নিজেই সকলোকে জীৱন, উশাহ আৰু সকলো বস্তু দিয়ে। ২৬  গোটেই পৃথিৱীত বাস কৰিবলৈ তেওঁ এজন মানুহৰ পৰাই গোটেই ৰাষ্ট্ৰ বনালে আৰু বিভিন্ন বিষয়ত সময় নিৰ্ধাৰিত কৰিলে আৰু মানুহবিলাকে থাকিবৰ কাৰণে ঠাইৰ সীমা নিৰ্ধাৰণ কৰিলে, ২৭  যাতে তেওঁলোকে ঈশ্বৰক বিচাৰে। যদি তেওঁলোকে ঈশ্বৰক বিচাৰিবলৈ চেষ্টা কৰে, তেনেহʼলে পাব। আচলতে তেওঁ আমাৰ কাৰোৰে পৰা দূৰ নহয়। ২৮  কিয়নো তেওঁৰ কাৰণে আমি জীৱন পাইছোঁ আৰু আমি চলা-ফুৰা কৰিছোঁ আৰু অস্তিত্বত আছোঁ, যিদৰে তোমালোকৰ কিছুমান কবিও কৈছে, ‘আমিতো তেওঁৰেই সন্তান।’ ২৯  আমি ঈশ্বৰৰ সন্তান হওঁ। সেইবাবে, আমি এয়া ভবা উচিত নহয় যে ঈশ্বৰ সোণ বা ৰূপ বা শিলৰ দৰে হয়, বা মানুহৰ কল্পনা বা শিল্পকলাৰে সঁজা কোনো বস্তুৰ দৰে হয়। ৩০  এয়া সঁচা যে ঈশ্বৰে সেই সময়ক আওকাণ কৰিলে, যেতিয়া লোকসকলে অজানিতে এইদৰে কৰিছিল। কিন্তু লোকসকলে অনুতাপ কৰিবলৈ ঈশ্বৰে এতিয়া সকলো ঠাইতে ঘোষণা কৰি আছে। ৩১  কিয়নো তেওঁ সত্যেৰে গোটেই পৃথিৱীক ন্যায় কৰিবলৈ এটা দিন ঠিক কৰিছে। আৰু ইয়াৰ কাৰণে তেওঁ এজন মানুহক নিযুক্ত কৰিছে। আৰু সকলো মানুহক এই কথাৰ ওপৰত বিশ্বাস জন্মাবলৈ* ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে।” ৩২  যেতিয়া তেওঁলোকে মৃতবিলাকক জীয়াই তোলাৰ বিষয়ে শুনিলে, তেতিয়া কিছুমান লোকে তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিলে। কিন্তু আন কিছুমানে কʼলে, “আমি এই বিষয়ে আপোনাৰ পৰা বেলেগ এদিন শুনিম।” ৩৩  তেতিয়া পৌলে তাৰ পৰা ওলাই গʼল। ৩৪  কিন্তু কিছুমান মানুহে তেওঁক যোগ দিলে আৰু বিশ্বাস কৰিবলৈ ধৰিলে। ইয়াৰ মাজত আৰেয়পাগৰ ন্যায়ালয়ৰ এজন ন্যায়ী দিয়নুচিয় আৰু দামাৰী নামৰ এগৰাকী তিৰোতা আৰু তেওঁলোকৰ উপৰিও আৰু বহুতো লোক আছিল।

Footnotes

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত “কৈচৰ।”
বা “তালৈ অহা।”
বা “ধাৰ্মিক।”
বা “গেৰাণ্টি দিবলৈ।”