পাঁচনিৰ কৰ্ম্ম ১৯:১-৪১
১৯ যেতিয়া আপল্লো কৰিন্থত আছিল, তেতিয়া পৌলে সাগৰৰ পাৰৰ পৰা দূৰত থকা একেবাৰে ভিতৰুৱা এলেকাৰ মাজেদি যাত্ৰা কৰি ইফিচ চহৰলৈ আহিল। তাত তেওঁ কিছুমান শিষ্যক লগ পালে।
২ পৌলে তেওঁলোকক সুধিলে, “যেতিয়া তোমালোকে বিশ্বাস কৰিবলৈ ধৰিছিলা, তেতিয়া তোমালোকে পবিত্ৰ শক্তি পাইছিলা নে?” তেওঁলোকে কʼলে, “আমি পবিত্ৰ শক্তিৰ বিষয়ে কেতিয়াও শুনা নাই।”
৩ তেতিয়া পৌলে কʼলে, “তেনেহʼলে তোমালোকে কোনটো বাপ্তিষ্মা* লʼলা?” তেওঁলোকে কʼলে, “যোহনৰ।”
৪ পৌলে কʼলে, “যোহনে অনুতাপৰ চিন হিচাপে বাপ্তিষ্মা দিছিল আৰু তেওঁৰ পাছত যিজন আহিব লগা আছে, তেওঁৰ ওপৰত অৰ্থাৎ যীচুৰ ওপৰত লোকসকলক বিশ্বাস কৰিবলৈ কৈছিল।”
৫ এয়া শুনি তেওঁলোকে প্ৰভু যীচুৰ নামেৰে বাপ্তিষ্মা লʼলে।
৬ আৰু যেতিয়া পৌলে তেওঁলোকৰ ওপৰত হাত থʼলে, তেতিয়া তেওঁলোকৰ ওপৰত পবিত্ৰ শক্তি আহিল আৰু তেওঁলোকে বেলেগ বেলেগ ভাষা কʼবলৈ আৰু ভৱিষ্যবাণী কৰিবলৈ ধৰিলে।
৭ তাত প্ৰায় ১২ জন পুৰুষ আছিল।
৮ তাৰ পাছত পৌলে তিনি মাহলৈকে ইফিচৰ সভাঘৰত গৈ সাহসেৰে কৈ থাকিল। তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ভাষণ দিছিল আৰু তেওঁলোকৰ বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল।
৯ কিন্তু কিছুমান লোকে নিজৰ হৃদয় কঠোৰ কৰি তেওঁৰ কথা নামানিলে আৰু লোকসকলৰ আগত ‘প্ৰভুৰ পথৰ’ নিন্দা কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ তেওঁলোকক এৰি দিলে আৰু শিষ্যসকলক তেওঁলোকৰ পৰা বেলেগ কৰিলে। তেওঁ প্ৰতিদিনে তুৰাণ্নৰ স্কুলত ভাষণ দিছিল।
১০ এইদৰে দুবছৰলৈকে চলি থাকিল। সেইবাবে, এচিয়া প্ৰদেশত থকা যিহূদী হওক বা গ্ৰীক সকলোৱে প্ৰভুৰ বাক্য শুনিলে।
১১ ঈশ্বৰে পৌলৰ যোগেদি ডাঙৰ ডাঙৰ কাম কৰি থাকিল।
১২ আনকি তেওঁৰ শৰীৰক স্পৰ্শ কৰা কাপোৰ আৰু ৰুমাল বেমাৰী লোকসকলৰ ওচৰলৈ লৈ যাওঁতেই তেওঁলোক সুস্থ হৈ গৈছিল আৰু যিসকলক দুষ্ট স্বৰ্গদূতে পাইছিল, তেওঁলোকৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত ওলাই গৈছিল।
১৩ কিন্তু কিছুমান যিহূদী, যিসকলে ঠায়ে ঠায়ে গৈ দুষ্ট স্বৰ্গদূতক উলিয়াইছিল তেওঁলোকেও যীচুৰ নাম লৈ লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়াবলৈ চেষ্টা কৰিছিল। তেওঁলোকে কৈছিল, “মই তোমালোকক সেই যীচুৰ নামেৰে আদেশ দিছোঁ, যিজনৰ বিষয়ে পৌলে প্ৰচাৰ কৰে।”
১৪ স্কিবা নামৰ এজন যিহূদী প্ৰধান পুৰোহিতৰ সাতজন লʼৰাও এইদৰে কৰিবলৈ চেষ্টা কৰিছিল।
১৫ কিন্তু সেই দুষ্ট স্বৰ্গদূতে তেওঁলোকক উত্তৰ দিলে, “মই যীচুকো জানোঁ আৰু পৌলকো জানোঁ, কিন্তু তোমালোক কোন হোৱা?”
১৬ এইদৰে কৈ সেই মানুহজন, যিজনক দুষ্ট স্বৰ্গদূতে পাইছিল, তেওঁ তেওঁলোকৰ ওপৰত জাপ মাৰিলে আৰু তেওঁলোকৰ লগত যুঁজ কৰি এজন এজনকৈ তেওঁলোকক এনেদৰে নিয়ন্ত্ৰণ কৰিলে যে তেওঁলোকে উদং আৰু আঘাতপ্ৰাপ্ত হৈ তেওঁৰ ঘৰৰ পৰা পলালে।
১৭ এই কথা ইফিচত থকা যিহূদী আৰু গ্ৰীক সকলোৱে গʼম পালে আৰু তেওঁলোকে ভয় খালে আৰু প্ৰভু যীচুৰ নামৰ প্ৰশংসা হৈ থাকিল।
১৮ প্ৰভুত বিশ্বাস কৰা বহুতো লোকে আহিছিল আৰু তেওঁলোকে কি কি বেয়া কাম কৰিলে, সেইবোৰ সকলোৰে আগত স্বীকাৰ কৰিছিল আৰু ইয়াৰ বিষয়ে স্পষ্টকৈ জনাইছিল।
১৯ আনকি যাদুবিদ্যাত লাগি থকা বহুতো লোকে নিজৰ নিজৰ পুস্তক আনিলে আৰু সেইবোৰ সকলোৰে আগত জ্বলাই দিলে, যেতিয়া তেওঁলোকে তাৰ হিচাপ কৰিলে, তেতিয়া তাৰ মূল্য ৫০,০০০ ৰূপৰ মুদ্ৰাৰ সমান ওলাল।
২০ এইদৰে যিহোৱাৰ* শক্তিৰ কাৰণে তেওঁৰ বাক্য বিয়পি গৈ থাকিল আৰু তেওঁৰ জয় হৈ থাকিল।
২১ এই সকলো হোৱাৰ পাছত পৌলে মনতে থিৰাং কৰিলে যে তেওঁ মাকিদনিয়া আৰু আখায়াৰ যাত্ৰা কৰাৰ পাছত যিৰূচালেমলৈ যাব। তেওঁ কʼলে, “তাত পোৱাৰ পাছত মই ৰোমলৈও যাব লাগিব।”
২২ তেওঁ নিজৰ সেৱা কৰা দুজন সেৱক তীমথিয় আৰু ইৰাস্তক মাকিদনিয়ালৈ পঠালে, কিন্তু তেওঁ নিজেই কিছু দিনৰ কাৰণে এচিয়া প্ৰদেশত থাকি গʼল।
২৩ সেই সময়ছোৱাত ইফিচত ‘প্ৰভুৰ পথক’ লৈ ডাঙৰ হুলস্থূল হʼল।
২৪ তাত দীমীত্ৰিয় নামৰ এজন সোণাৰি আছিল, যিজনে আৰ্ত্তেমী দেৱীৰ ৰূপেৰে সৰু সৰু মন্দিৰ বনাইছিল আৰু তেওঁ শিল্পকাৰসকলৰ যথেষ্ট লাভ হʼবলৈ সহায় কৰিছিল।
২৫ তেওঁ এই শিল্পকাৰসকলক আৰু তেওঁলোকৰ নিচিনা আন শিল্পকাৰসকলকো একগোট কৰিলে আৰু তেওঁলোকক কʼলে, “লোকসকল তোমালোকে ভালদৰে জানা যে এই ব্যৱসায়ৰ পৰা আমি বহুত টকা অৰ্জন কৰোঁ।
২৬ কিন্তু যিবোৰ হাতেৰে বনোৱা হৈছে, সেইবোৰ ঈশ্বৰ নহয় বুলি সেই পৌলে কেৱল ইফিচতে নহয় ইয়াৰ লগতে এচিয়া প্ৰদেশৰ প্ৰায় সকলো এলেকাত কেনেকৈ বহুতো লোকক বিশ্বাস কৰিবলৈ উৎসাহিত কৰিছে আৰু বেলেগ এটা মত মানিবলৈ উচটাইছে, এয়াও তোমালোকে দেখিছা আৰু শুনিছা।
২৭ ইয়াৰ পৰা কেৱল আমাৰ ব্যৱসায়ৰ বদনাম হোৱাৰ বিপদ আছে এনে নহয়, ইয়াৰ পৰিৱৰ্তে মহান দেৱী আৰ্ত্তেমী মন্দিৰক তুচ্ছ বুলি ভবা হʼব আৰু যি দেৱীক এচিয়াৰ গোটেই প্ৰদেশে আৰু গোটেই জগতে পূজা কৰে, তেওঁৰ গৌৰৱ নাইকিয়া হʼব।”
২৮ এয়া শুনি লোকসকলে খঙত জ্বলি উঠিল আৰু চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “ইফিচীয়াবিলাকৰ দেৱী আৰ্ত্তেমী মহান!”
২৯ তেতিয়া চহৰত হুলস্থূল লাগিল আৰু তেওঁলোক সকলোৱে একগোট হৈ ৰংভূমিলৈ দৌৰি গʼল, তেওঁলোকে পৌলৰ লগত যাত্ৰা কৰা মাকিদনিয়াৰ গায় আৰু আৰিষ্টাৰ্খক চোঁচৰাই লৈ গʼল।
৩০ পৌলে নিজেই ভিতৰলৈ লোকসকলৰ ওচৰলৈ যাব বিচাৰিছিল, কিন্তু শিষ্যসকলে তেওঁক যাবলৈ নিদিলে।
৩১ আনকি উৎসৱ আৰু খেলৰ কিছুমান প্ৰবন্ধকে, যিসকলে পৌলৰ ভাল হোৱাটো বিচাৰিছিল তেওঁলোকে খবৰ পঠিয়ালে আৰু এইদৰে মিনতি কৰিলে যে তেওঁ যেন ৰংভূমিলৈ গৈ নিজৰ জীৱন বিপদত নেপেলায়।
৩২ ভীৰৰ মাজত হুলস্থূল হোৱাৰ বাবে বেলেগ বেলেগ লোকে বেলেগ বেলেগ কথা কৈ চিঞৰি আছিল আৰু বেছি ভাগ লোকে জনাই নাছিল যে তেওঁলোকে ৰং ভূমিত কিয় জমা হৈছে।
৩৩ সেইবাবে, ভীৰৰ মাজৰ পৰা কিছুমান লোকে আলেকজেন্দাৰক টানি উলিয়ালে আৰু যিহূদীসকলে তেওঁক আগলৈ ঠেলি দিলে। তেতিয়া আলেকজেন্দাৰে নিজৰ হাতেৰে ইংগিত দিলে আৰু লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে।
৩৪ কিন্তু যেতিয়া তেওঁলোকে তেওঁ এজন যিহূদী হয় বুলি চিনি পালে, তেতিয়া তেওঁলোক সকলোৱে একেলগে চিঞৰি উঠিল আৰু দুই ঘণ্টালৈকে চিঞৰি থাকিল, “ইফিচীয়াবিলাকৰ দেৱী আৰ্ত্তেমী মহান!”
৩৫ অৱশেষত নগৰৰ শাসনকৰ্তাই ভীৰক শান্ত কৰিলে আৰু তেওঁলোকক কʼলে, “হে ইফিচৰ লোকসকল, ইফিচীয়াবিলাকৰ এই চহৰ মহান আৰ্ত্তেমী মন্দিৰৰ আৰু আকাশৰ পৰা তললৈ পৰা মন্দিৰবোৰৰ ৰক্ষক বুলি এই পৃথিৱীত থকা লোকসকলৰ মাজত নজনা লোক কোন আছে?
৩৬ এই কথাবোৰক কোনেও মিছা বুলি কʼব নোৱাৰে, সেইবাবে তোমালোকে শান্ত হোৱা আৰু খৰধৰকৈ একো নকৰিবা।
৩৭ তোমালোকে এনে মানুহবিলাকক ধৰি আনিছা, যিসকলে মন্দিৰৰ লুট নকৰে বা আমাৰ দেৱীৰ নিন্দাও নকৰে।
৩৮ সেইবাবে, দীমীত্ৰিয় আৰু তেওঁৰ লগৰ শিল্পকাৰসকলৰ যদি কাৰোবাৰ বিৰুদ্ধে কোনো অভিযোগ আছে, তেনেহʼলে আদালত খোলা আছে আৰু ৰাজ্যপালো আছে। তেওঁলোকে তাতে গৈ এজনে-আনজনৰ বিৰুদ্ধে অভিযোগ কৰক।
৩৯ কিন্তু ইয়াৰ বাহিৰে যদি তোমালোকৰ আন কিবা আছে, তেনেহʼলে তাৰ নিৰ্ণয় জনসাধাৰণৰ সভাত লোৱা উচিত,
৪০ কিয়নো আজি এই ঘটনাৰ বাবে বিদ্ৰোহ কৰাৰ অভিযোগ আমাৰ ওপৰত আহি পৰাৰ বিপদ আছে। কাৰণ আমি হুলস্থূল কৰা এই ভীৰক একগোট হʼবলৈ দিলোঁ, ইয়াৰ কাৰণ আমি দিব নোৱাৰোঁ।”
৪১ এয়া কোৱাৰ পাছত তেওঁ ভীৰক পঠাই দিলে।