পাঁচনিৰ কৰ্ম্ম ২:১-৪৭

  • পেণ্টাকোষ্টৰ দিনাখন পবিত্ৰ শক্তি ঢালি দিয়া হʼল (১-১৩)

  • পিতৰৰ ভাষণ (১৪-৩৬)

  • ভাষণ শুনি লোকসকলে পদক্ষেপ লয় (৩৭-৪১)

    • ৩,০০০ জন লোকৰ বাপ্তিষ্মা (৪১)

  • খ্ৰীষ্টানে এজনে-আনজনৰ লগত সংগতি কৰে (৪২-৪৭)

২  পেণ্টাকোষ্টৰ* উৎসৱৰ দিনা, যেতিয়া তেওঁলোক সকলোৱে একেখন ঘৰত একগোট হৈ আছিল। ২  তেতিয়া হঠাতে আকাশৰ পৰা ধুমুহা বতাহ বলাৰ নিচিনা এটা শব্দ হʼল আৰু সেয়া গোটেই ঘৰত শুনিবলৈ পোৱা গʼল। ৩  আৰু তেওঁলোকে জিভাৰ দৰে জুইৰ শিখা দেখিবলৈ পালে আৰু সেয়া বেলেগ বেলেগ হৈ গʼল আৰু প্ৰতিজনৰ ওপৰত এটা এটাকৈ ৰৈ গʼল। ৪  তেতিয়া তেওঁলোক সকলোৱে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হʼল আৰু পবিত্ৰ শক্তিয়ে তেওঁলোকক যিদৰে কথা কʼবলৈ ক্ষমতা দিলে, সেইদৰে তেওঁলোকে বেলেগ বেলেগ ভাষা কʼবলৈ ধৰিলে। ৫  সেই সময়ত পৃথিৱীৰ সকলো দেশৰ পৰা ঈশ্বৰলৈ ভয় ৰখা যিহূদীসকল আহি যিৰূচালেমত আছিল। ৬  এই মাত শুনি বহুতো লোকে তাত একগোট হʼল আৰু তেওঁলোক আচৰিত হʼল, কিয়নো প্ৰতিজনে শিষ্যসকলৰ মুখৰ পৰা নিজৰ নিজৰ ভাষা শুনা পাইছিল। ৭  লোকসকল আচৰিত হʼল আৰু কʼবলৈ ধৰিলে, “আচৰিত কথা! কথা কোৱা এই সকলো লোক গালীলৰ নহয় জানো? ৮  তেনেহʼলে আমি প্ৰতিজনে নিজৰ নিজৰ মাতৃভাষা কেনেকৈ শুনা পাইছোঁ? ৯  আমিতো পাৰ্থীয়া, মাদিয়া, এলমীয়া হওঁ আৰু মিচপতামিয়া, যিহূদিয়া, কাপ্পদকিয়া, পন্ত আৰু এচিয়াৰ হওঁ। ১০  আৰু ফৰুগীয়া, পাম্ফুলিয়া, মিচৰ আৰু কুৰীণীৰ ওচৰত থকা লুবিয়াৰ হওঁ আৰু ৰোমৰ পৰা অহা লোক হওঁ। আমি সকলোৱে যিহূদী আৰু যিহূদী ধৰ্ম লোৱা লোকসকলৰ মাজৰ হওঁ। ১১  আমাৰ মাজত ক্ৰীতী আৰু আৰবী লোকসকলো আছে। তথাপি আমি এই লোকসকলক আমাৰ নিজৰ ভাষাত ঈশ্বৰৰ আশ্চৰ্য্যজনক কামবোৰৰ বিষয়ে কোৱা শুনিছোঁ।” ১২  সকলোৱে আচৰিত হৈছিল আৰু চিন্তিত হৈছিল। তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “এইবোৰ কি হৈ আছে?” ১৩  কিন্তু কিছুমান লোকে শিষ্যসকলক ঠাট্টা কৰিবলৈ ধৰিলে, “এওঁলোকেতো নতুন* দ্ৰাক্ষাৰস খাই মতলীয়া হৈছে।” ১৪  তেতিয়া পিতৰে সেই ১১ জনৰ লগত থিয় হʼল আৰু তেওঁ তাত উপস্থিত থকা লোকসকলক ডাঙৰ মাতেৰে কʼলে, “হে যিহূদিয়া আৰু যিৰূচালেমৰ সকলো লোক, মোৰ কথা মন দি শুনা। ১৫  যিদৰে তোমালোকে ভাবিছা, এওঁলোক মতলীয়া হোৱা নাই, কিয়নো এতিয়া ৰাতিপুৱাৰ তৃতীয় ঘণ্টাহে* হৈছে। ১৬  ইয়াৰ পৰিৱৰ্তে, ভৱিষ্যবক্তা যোৱেলে কোৱা এই কথা পূৰ হৈ আছে: ১৭  ‘ঈশ্বৰে কয়, “মই শেষৰ দিনা সকলো ধৰণৰ লোকৰ ওপৰত নিজৰ পবিত্ৰ শক্তি বাকি দিম আৰু তোমালোকৰ লʼৰা-ছোৱালীয়ে ভৱিষ্যবাণী কৰিব, তোমালোকৰ ডেকাসকলে দৰ্শন দেখিব আৰু তোমালোকৰ বৃদ্ধসকলে বিশেষ সপোন দেখিব। ১৮  সেই সময়ত মই নিজৰ দাস-দাসীসকলৰ ওপৰতো নিজৰ পবিত্ৰ শক্তি বাকি দিম আৰু তেওঁলোকে ভৱিষ্যবাণী কৰিব। ১৯  আৰু মই আকাশত অদ্ভুত ঘটনা আৰু পৃথিৱীত আচৰিত চিন, যেনে তেজ, জুই আৰু ধোঁৱাৰ দৰে মেঘ দেখুৱাম। ২০  যিহোৱাৰ* মহান আৰু মহিমাৰে ভৰা দিন অহাৰ আগতে সূৰ্য্য অন্ধকাৰ হৈ যাব আৰু চন্দ্ৰ তেজৰ দৰে ৰঙা হৈ যাব। ২১  আৰু যি কোনোৱে যিহোৱাৰ* নাম লয়, তেওঁ উদ্ধাৰ পাব।”’ ২২  হে ইস্ৰায়েলীসকল, মোৰ এই কথা শুনা: তোমালোকে জানা যে নাচৰতীয়া যীচুক ঈশ্বৰে পঠাইছিল আৰু এই কথা প্ৰমাণ কৰিবলৈ ঈশ্বৰে তেওঁৰ যোগেদি তোমালোকৰ মাজত ডাঙৰ ডাঙৰ কাম আৰু চমৎকাৰ কৰিলে। ২৩  এই মানুহজনক তোমালোকে দুষ্টৰ হাতত গতাই দিলা আৰু কাঠত আঁৰি হত্যা কৰিলা। ঈশ্বৰে ভৱিষ্যৎ জনাৰ ক্ষমতা ব্যৱহাৰ কৰি নিজৰ ইচ্ছা* অনুসৰি এয়া নিৰ্ণয় লʼলে যে তেওঁৰ লগত এইদৰেই হওক। ২৪  কিন্তু ঈশ্বৰে তেওঁক জীৱিত কৰি মৃত্যুৰ বান্ধোনৰ পৰা মুকলি কৰিলে, কিয়নো তেওঁ মৃত্যুৰ বান্ধোনত* থকাটো অসম্ভৱ আছিল। ২৫  কাৰণ দায়ূদে তেওঁৰ বিষয়ে কৈছিল, ‘মই সকলো সময়ত যিহোৱাক* নিজৰ ওচৰত* ৰাখোঁ। তেওঁ মোৰ সোঁফালে থাকে যাতে মই কেতিয়াও বিচলিত নহওঁ। ২৬  সেইবাবে, মোৰ হৃদয় আনন্দেৰে ভৰি পৰিছে আৰু মোৰ জিভাই আনন্দেৰে কৈছে। মই* সম্পূৰ্ণ আশাৰে জীয়াই থাকিম। ২৭  কিয়নো তুমি মোক কবৰত* এৰি নিদিবা, তুমি নিজৰ বিশ্বাসীজনক গেলিবলৈ নিদিবা। ২৮  তুমি মোক জীৱনৰ পথ দেখুৱালা, তুমি নিজৰ উপস্থিতিৰ দ্বাৰা মোক আনন্দেৰে পৰিপূৰ্ণ কৰিবা।’ ২৯  ভাইসকল, মই কুলপিতৃ দায়ূদৰ বিষয়ে সংকোচ নকৰাকৈ তোমালোকক এয়া কʼব পাৰোঁ যে তেওঁৰ মৃত্যু হʼল আৰু তেওঁক কবৰ দিয়া হʼল আৰু তেওঁৰ কবৰ আজিলৈকে আমাৰ মাজত আছে। ৩০  তেওঁ এজন ভৱিষ্যবক্তা আছিল আৰু জানিছিল যে ঈশ্বৰে শপত খাই তেওঁক প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ বংশৰ মাজৰ এজনক তেওঁৰ সিংহাসনত বহাব। ৩১  দায়ূদে খ্ৰীষ্টৰ জীৱিত হোৱাৰ বিষয়ে আগৰে পৰা জানিছিল আৰু তেওঁ কৈছিল যে খ্ৰীষ্টক কবৰত এৰি দিয়া নহʼব আৰু তেওঁৰ শৰীৰ গেলিবলৈও দিয়া নহʼব। ৩২  এইজন যীচুকে ঈশ্বৰে আকৌ জীয়াই তুলিলে আৰু আমি সকলোৱে এই কথাৰ সাক্ষী হওঁ। ৩৩  তেওঁক ঈশ্বৰৰ সোঁফালে ওখ পদ দিয়া হৈছে আৰু প্ৰতিজ্ঞা কৰাৰ অনুসৰি তেওঁ পিতৃৰ পৰা পবিত্ৰ শক্তি পাইছে। সেইবাবে, তেওঁ এই শক্তি আমাৰ ওপৰত বাকি দিছে, যিদৰে তোমালোকে দেখা আৰু শুনা পাইছা। ৩৪  দায়ূদ স্বৰ্গলৈ নগʼল, কিন্তু তেওঁ নিজেই কৈছে, ‘যিহোৱাই* মোৰ প্ৰভুক কʼলে, ৩৫  “মই তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰি-পীৰা নকৰালৈকে, তুমি মোৰ সোঁহাতে বহি থাকা।”’ ৩৬  সেইবাবে, ইস্ৰায়েলৰ সকলো মানুহে এয়া জনা উচিত যে ঈশ্বৰে এইজন যীচুকে প্ৰভু আৰু খ্ৰীষ্ট পাতিলে, যিজনক তোমালোকে কাঠত আঁৰি হত্যা কৰিলা।” ৩৭  যেতিয়া তেওঁলোকে এই কথা শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয়ে তেওঁলোকক আঘাত কৰিবলৈ ধৰিলে আৰু তেওঁলোকে পিতৰ আৰু আন পাঁচনিসকলক* কʼলে, “ভাইসকল, এতিয়া আমি কি কৰা উচিত?” ৩৮  পিতৰে তেওঁলোকক কʼলে, “অনুতাপ কৰা আৰু তোমালোকৰ মাজৰ প্ৰতিজনে নিজৰ পাপৰ কাৰণে যীচু খ্ৰীষ্টৰ নামেৰে বাপ্তিষ্মা* লোৱা। তেতিয়া তোমালোকে পবিত্ৰ শক্তি দান হিচাপে লাভ কৰিবা। ৩৯  কিয়নো এই প্ৰতিজ্ঞা তোমালোকৰ আৰু তোমালোকৰ লʼৰা-ছোৱালী আৰু দূৰ-দূৰণিত থকা সেই লোকসকলৰ কাৰণে হয়, যিসকলক আমাৰ ঈশ্বৰ যিহোৱাই* নিজৰ ওচৰলৈ মাতিব।” ৪০  তেওঁ আৰু বহুতো বিষয় কৈ ভালদৰে সাক্ষ্য দিলে আৰু তেওঁলোকক বুজাই থাকিল, “এই দুষ্ট প্ৰজন্মৰ* পৰা পৃথক হোৱা আৰু উদ্ধাৰ পোৱা।” ৪১  যিসকল লোকে আনন্দেৰে তেওঁৰ বাক্য গ্ৰহণ কৰিলে, তেওঁলোকে বাপ্তিষ্মা লʼলে। সেই দিনা প্ৰায় ৩,০০০ জন শিষ্যসকলৰ লগত যোগ হʼল। ৪২  আৰু তেওঁলোক সকলোৱে পাঁচনিসকলৰ পৰা একেৰাহে শিকি থাকিল। তেওঁলোকে গোট খাইছিল, আহাৰ খাইছিল আৰু প্ৰাৰ্থনা কৰিছিল। ৪৩  সকলোৱে ভয় খাবলৈ ধৰিলে আৰু পাঁচনিসকলে বহুতো আশ্চৰ্য্যজনক কাম আৰু চমৎকাৰ কৰিবলৈ ধৰিলে। ৪৪  বিশ্বাস কৰা সকলোৱে একেলগে একগোট হৈছিল আৰু তেওঁলোকৰ ওচৰত যি যি আছিল, সেয়া এজনে-আনজনৰ মাজত ভগাই লৈছিল। ৪৫  তেওঁলোকে নিজৰ বস্তু আৰু সম্পত্তি বেচি দিছিল আৰু তাৰ পৰা যি টকা পাইছিল, সেয়া সকলোৰে মাজত ভগাই দিছিল। প্ৰতিজনক প্ৰয়োজন অনুসৰি দিছিল। ৪৬  তেওঁলোকে এক উদ্দেশ্যেৰে প্ৰতিদিন মন্দিৰত উপস্থিত হৈছিল আৰু এজনে-আনজনৰ ঘৰত গৈ খোৱা-বোৱা কৰিছিল আৰু হৃদয়েৰে আৰু আনন্দেৰে মিলিজুলি ভগাই খাইছিল। ৪৭  তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিছিল আৰু তেওঁলোকে সকলো মানুহৰ মাজত ভাল নাম অৰ্জন কৰিছিল। লগতে উদ্ধাৰ পোৱা সকলোকে যিহোৱাই* তেওঁলোকৰ লগত যোগ কৰিছিল।

Footnotes

শব্দকোষ চাওক।
বা “মিঠা।”
অৰ্থাৎ ৰাতিপুৱা প্ৰায় ন বজাত।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “উদ্দেশ্য।”
বা হয়তো, “ৰছী।”
বা “নিজৰ চকুৰ ওচৰত।”
অতি. ক৫ চাওক।
আক্ষ., “মোৰ শৰীৰৰ।”
বা “হেডীজ।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”
অতি. ক৫ চাওক।
প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।
অতি. ক৫ চাওক।