পাঁচনিৰ কৰ্ম্ম ২০:১-৩৮

  • মাকিদনিয়া আৰু গ্ৰীচত পৌল (১-৬)

  • ত্ৰোৱাত উতুখক জীয়াই তোলা হʼল (৭-১২)

  • ত্ৰোৱাৰ পৰা মিলীতলৈকে যাত্ৰা (১৩-১৬)

  • পৌলে ইফিচৰ প্ৰাচীনসকলক লগ কৰিলে (১৭-৩৮)

    • ঘৰে-ঘৰে গৈ শিক্ষা দিয়া (২০)

    • “দিয়াত বেছি আনন্দ পোৱা যায়” (৩৫)

২০  যেতিয়া হুলস্থূল শান্ত হʼল, তেতিয়া পৌলে শিষ্যসকলক মাতিলে আৰু তেওঁলোকক উৎসাহিত কৰাৰ পাছত তেওঁলোকক বিদায় দিলে আৰু মাকিদনিয়ালৈ ওলাই গʼল। ২  সেই এলেকাৰ বিভিন্ন ঠাইত গৈ তাত থকা শিষ্যসকলক বহুতো কথা কৈ উৎসাহিত কৰিলে আৰু তাৰ পাছত তেওঁ গ্ৰীচলৈ আহিলে। ৩  তাত তিনি মাহ থকাৰ পাছত যেতিয়া তেওঁ জাহাজেৰে চিৰিয়ালৈ যাবলগীয়া আছিল, তেতিয়া যিহূদীসকলে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে, সেইবাবে তেওঁ মাকিদনিয়া হৈ উভতি যাবলৈ নিৰ্ণয় লʼলে। ৪  তেওঁৰ লগত এই লোকসকল গʼল: বিৰয়াত থকা পুৰ্হৰ লʼৰা চোপাত্ৰ, থিচলনীকীয়াৰ লʼৰা আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বীৰ গায় আৰু তীমথিয়, এচিয়া প্ৰদেশৰ তুখিক আৰু ত্ৰফিম। ৫  এই লোকসকল আগবাঢ়ি গʼল আৰু ত্ৰোৱা চহৰত আমাৰ কাৰণে অপেক্ষা কৰি থাকিল। ৬  কিন্তু আমি খমিৰ নোহোৱা ৰুটিৰ উৎসৱৰ পাছত ফিলিপীৰ পৰা সমুদ্ৰৰ পথেদি যাত্ৰা কৰি আমি ওলাই গʼলোঁ আৰু পাঁচ দিনৰ পাছত ত্ৰোৱাত তেওঁলোকৰ ওচৰলৈ আহিলোঁ। আমি তাত সাত দিন থাকিলোঁ। ৭  সপ্তাহৰ প্ৰথম দিনা যেতিয়া আমি আহাৰ খাবলৈ একগোট হʼলোঁ, তেতিয়া পৌলে গোট খোৱা লোকসকলক উপদেশ দিবলৈ ধৰিলে। তেওঁ পাছ দিনাখন তাৰ পৰা ওলাই যাবলগীয়া আছিল, সেইবাবে তেওঁ মাজৰাতিলৈকে ভাষণ দি থাকিল। ৮  ওপৰৰ যি কোঠালিত আমি গোট খাইছিলোঁ, তাত বহুতো চাকি জ্বলি আছিল। ৯  উতুখ নামৰ এজন ডেকা খিৰিকীত বহি আছিল। যেতিয়া পৌলে দেৰিলৈকে কথা পাতি আছিল, তেতিয়া সেই লʼৰাজন গভীৰ টোপনি গʼল আৰু তৃতীয় মহলাৰ পৰা তললৈ পৰি গʼল আৰু তেওঁলোকে গৈ তাক মৰি থকা অৱস্থাত পালে। ১০  কিন্তু পৌলে খটখটিৰে তললৈ নামি আহিল আৰু তাৰ ওপৰত পৰি তাক সাৱটি ধৰিলে আৰু ভাইসকলক কʼলে, “শান্ত হোৱা, কিয়নো ই এতিয়া জীৱিত হʼল।” ১১  ইয়াৰ পাছত তেওঁ ওপৰলৈ গʼল আৰু আহাৰ খাবলৈ ধৰিলে* আৰু পোহৰ নোহোৱালৈকে পৌলে তেওঁলোকৰ লগত কথা পাতি থাকিল আৰু তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লʼলে। ১২  আৰু তেওঁলোকে সেই লʼৰাজনক লৈ গʼল আৰু তাক জীৱিত দেখি তেওঁলোকে বহুত শান্ত্বনা পালে। ১৩  ইয়াৰ পাছত আমি জাহাজত উঠি আঃচৰলৈ ওলাই গʼলোঁ। কিন্তু পৌলে খোজকাঢ়ি তালৈ আহিলে। পৌলে আমাক কোৱাৰ দৰে আমি তেওঁকো আঃচৰ পৰা জাহাজত লৈ যাব লাগিছিল। ১৪  যেতিয়া পৌলে আঃচ পালেহি, তেতিয়া আমি তেওঁক নিজৰ লগত জাহাজত উঠালোঁ আৰু মিতুলীনীলৈ গʼলোঁ। ১৫  পাছ দিনাখন আমি তাৰ পৰা জাহাজেৰে ওলালোঁ আৰু খীয় ওচৰ পালোহি। তাৰ পাছত দ্বিতীয় দিনা জাহাজখন চামঃত ৰখিল আৰু পাছ দিনাখন আমি মিলীত পালোহি। ১৬  ইফিচত নৰখাকৈ আগবাঢ়ি যাবলৈ পৌলে নিৰ্ণয় লৈছিল যাতে তেওঁ এচিয়া প্ৰদেশত বেছি সময় অতিবাহিত কৰিবলগীয়া নহয়। তেওঁ খৰধৰ কৰাৰ কাৰণ আছিল যাতে সম্ভৱ হʼলে তেওঁ পেণ্টাকোষ্টৰ উৎসৱৰ দিনালৈকে যিৰূচালেম পায়গৈ। ১৭  কিন্তু তেওঁ মিলীতৰ পৰা ইফিচলৈ খবৰ পঠালে আৰু তাৰ মণ্ডলীৰ প্ৰাচীনসকলক মাতিলে। ১৮  যেতিয়া তেওঁলোকে তেওঁৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁ তেওঁলোকক কʼলে, “তোমালোকে ভালদৰে জানা যে এচিয়া প্ৰদেশত অহাৰ প্ৰথম দিনাৰে পৰা মই তোমালোকৰ মাজত কেনেকৈ জীৱন কটালোঁ। ১৯  মই সম্পূৰ্ণ নম্ৰতাৰে দাস হিচাপে প্ৰভুৰ সেৱা কৰিছোঁ আৰু যিহূদীসকলে কৰা ষড়যন্ত্ৰৰ কাৰণে মই বহুত কান্দিলোঁ আৰু বহুতো কষ্ট ভুগিলোঁ। ২০  তোমালোকে এয়াও জানা যে তোমালোকে লাভৱান হোৱা এনে কোনো বিষয় মই নোকোৱাকৈ থকা নাই আৰু তোমালোকক ৰাজহুৱা আৰু ঘৰে-ঘৰে গৈ শিক্ষা দিয়াৰ পৰা আঁতৰি থকা নাই। ২১  কিন্তু মই যিহূদী আৰু গ্ৰীক দুয়োকে ঈশ্বৰৰ আগত অনুতাপ কৰা আৰু আমাৰ প্ৰভু যীচুৰ ওপৰত বিশ্বাস কৰাৰ বিষয়ে ভালদৰে সাক্ষ্য দিলোঁ। ২২  আৰু এতিয়া চোৱা, মই পবিত্ৰ শক্তিৰ নিৰ্দেশনা অনুসৰি যিৰূচালেমলৈ গৈ আছোঁ, যদিও তাত মোৰ লগত কি কি হʼব, মই নাজানোঁ। ২৩  মই কেৱল ইমানেই জানোঁ যে প্ৰত্যেকখন চহৰত পবিত্ৰ শক্তিয়ে মোক বাৰে বাৰে সতৰ্ক কৰিছে যে মই জেলত বন্দী হʼব লাগিব আৰু কষ্ট ভুগিব লাগিব। ২৪  তথাপিও মই নিজৰ জীৱনক অলপো মূল্যৱান বুলি নাভাবোঁ। মই কেৱল ইমানেই বিচাৰোঁ যে মই নিজৰ দৌৰ আৰু নিজৰ সেৱা সম্পূৰ্ণ কৰোঁ। এই সেৱা মই প্ৰভু যীচুৰ পৰা পাইছোঁ যে মই ঈশ্বৰৰ মহা-কৃপাৰ শুভবাৰ্তাৰ বিষয়ে ভালদৰে সাক্ষ্য দিওঁ। ২৫  এতিয়া চোৱা! মই জানোঁ যে তোমালোক সকলোৱে, যিসকলৰ ওচৰত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিছিলোঁ, মোৰ মুখ আকৌ কেতিয়াও দেখা নাপাবা। ২৬  সেইবাবে, আজিৰ দিনা তোমালোকে এই কথাৰ সাক্ষী হোৱা যে মই সকলো লোকৰ তেজৰ পৰা নিৰ্দোষী হওঁ। ২৭  কিয়নো মই ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে সকলো কথা তোমালোকক নোকোৱাকৈ থকা নাই। ২৮  তোমালোকে নিজৰ বিষয়ে আৰু গোটেই জাকৰ বিষয়ে সাৱধান হোৱা। যিসকলৰ ওপৰত পবিত্ৰ শক্তিয়ে তোমালোকক অধ্যক্ষ হিচাপে নিযুক্ত কৰিছে যাতে তোমালোকে ৰখীয়াৰ দৰে ঈশ্বৰৰ মণ্ডলীৰ চোৱা-চিতা কৰা, যিসকলক তেওঁ নিজৰ পুত্ৰৰ তেজেৰে কিনিছে। ২৯  মই জানোঁ যে মই যোৱাৰ পাছত হিংস্ৰ বনৰীয়া জন্তুৱে তোমালোকৰ মাজত সোমাই আহিব আৰু জাকৰ লগত কোমলতাৰে ব্যৱহাৰ নকৰিব ৩০  আৰু তোমালোকৰ মাজৰ পৰা এনে লোকসকল থিয় হʼব, যিসকলে শিষ্যসকলক নিজৰ ফালে আকৰ্ষণ কৰিবলৈ ভুল কথা কʼব। ৩১  সেইবাবে, জাগি থাকা আৰু মনত ৰাখা যে তিনি বছৰলৈকে মই দিনে-ৰাতিয়ে চকুপানী টুকি টুকি তোমালোকৰ মাজৰ প্ৰতিজনকে বুজাই আছিলোঁ। ৩২  আৰু ঈশ্বৰে আৰু তেওঁৰ মহা-কৃপাৰ বাক্যই যেন তোমালোকক সুৰক্ষা দিয়ক। এই বাক্যই তোমালোকক মজবুত কৰিব পাৰে আৰু সকলো পবিত্ৰ ব্যক্তিৰ মাজত উত্তৰাধিকাৰ দিব পাৰে। ৩৩  মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই। ৩৪  মোৰ এই হাতেৰে মই নিজৰ আৰু মোৰ লগৰবিলাকৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিলোঁ, সেয়া তোমালোকে নিজেই জানা। ৩৫  মই সকলো বিষয়ত তোমালোকক দেখুৱালোঁ যে তোমালোকেও এইদৰেই পৰিশ্ৰম কৰি সেই লোকসকলক সহায় কৰা যিসকল দুৰ্বল হয় আৰু প্ৰভু যীচুৱে কোৱা এই কথা সদায় মনত ৰাখা: ‘লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।’” ৩৬  এই সকলো কোৱাৰ পাছত পৌলে সেই সকলোৰে লগত আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে। ৩৭  তেতিয়া তেওঁলোক সকলোৱে হোক-হোকাই কান্দিবলৈ ধৰিলে আৰু পৌলক সাৱটি ধৰি মৰমেৰে চুমা খাবলৈ ধৰিলে। ৩৮  তেওঁলোকে বিশেষকৈ পৌলৰ এই কথাৰ কাৰণে দুখ কৰিছিল যে তেওঁলোকে পৌলৰ মুখ আকৌ কেতিয়াও দেখা নাপাব। ইয়াৰ পাছত তেওঁলোকে তেওঁক জাহাজলৈকে এৰিবলৈ গʼল।

Footnotes

আক্ষ., “ৰুটি ভাঙিলে।”