পাঁচনিৰ কৰ্ম্ম ২২:১-৩০

  • পৌলে ভীৰৰ আগত নিজৰ পক্ষে কয় (১-২১)

  • পৌলে ৰোমান নাগৰিকতাৰ ব্যৱহাৰ কৰে (২২-২৯)

  • মহা-সভা একগোট হʼল (৩০)

২২  “ভাইসকল আৰু পিতৃ সমান বয়সস্থ লোকসকল, এতিয়া মই নিজৰ পক্ষে যি কʼবলৈ গৈ আছোঁ, সেয়া শুনক।” ২  যেতিয়া তেওঁলোকে পৌলক হিব্ৰু ভাষাত কোৱা শুনিলে, তেতিয়া তেওঁলোকে আৰু শান্ত হৈ গʼল আৰু তেওঁ কʼলে, ৩  “মই এজন যিহূদী হওঁ। মোৰ জন্ম কিলিকিয়াৰ তাৰ্চত হৈছিল। কিন্তু মই ইয়াত যিৰূচালেমত গমলীয়েলৰ পৰা ব্যক্তিগতভাৱে শিক্ষা লাভ কৰিলোঁ আৰু পূৰ্বপুৰুষসকলৰ নিয়ম কঠোৰভাৱে পালন কৰিবলৈ মোক শিকোৱা হʼল। মই ঈশ্বৰৰ সেৱাত বহুত উৎসাহী আছিলোঁ, যিদৰে আজি তোমালোক সকলোৱে আছা। ৪  ‘প্ৰভুৰ পথত’ চলা পুৰুষেই হওক বা স্ত্ৰীয়েই হওক, মই সকলোকে গ্ৰেপ্তাৰ কৰি জেলত বন্দী কৰি দিছিলোঁ। মই তেওঁলোকৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলোঁ। আনকি, তেওঁলোকক হত্যাও কৰিছিলোঁ। ৫  মহা-পুৰোহিত আৰু যিহূদী নেতাৰ গোটেই সভাই মোৰ এই কথাৰ সাক্ষী হয়। মই তেওঁলোকৰ পৰা দম্মেচকৰ যিহূদী ভাইসকলৰ নামত চিঠি লৈছিলোঁ আৰু যিসকলে ‘প্ৰভুৰ পথত’ চলিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰি যিৰূচালেমলৈ লৈ আনিবলৈ আৰু শাস্তি দিবলৈ তালৈ ওলাই গʼলোঁ। ৬  কিন্তু মই যেতিয়া যাত্ৰা কৰি দম্মেচকৰ ওচৰলৈ আহি পালোঁ, তেতিয়া দুপৰীয়াৰ সময়ত হঠাতে আকাশৰ পৰা উজ্জ্বল পোহৰ মোৰ চাৰিওফালে জিলিকি উঠিল। ৭  তেতিয়া মই মাটিত পৰি গʼলোঁ আৰু মই এই মাত শুনা পালোঁ, ‘চৌল, চৌল, তুমি কিয় মোৰ ওপৰত অত্যাচাৰ কৰি আছা?’ ৮  মই সুধিলোঁ, ‘হে প্ৰভু, আপুনি কোন?’ তেওঁ কʼলে, ‘মই নাচৰতীয়া যীচু হওঁ, যাৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা।’ ৯  যিসকল মানুহ মোৰ লগত আছিল, তেওঁলোকে পোহৰ দেখা পাইছিল। কিন্তু যিজনে মোৰ লগত কথা পাতি আছিল, তেওঁলোকে তেওঁৰ কথা বুজি পোৱা নাছিল। ১০  তেতিয়া মই কʼলোঁ, ‘প্ৰভু, মই কি কৰিম?’ প্ৰভুৱে মোক কʼলে, ‘উঠা আৰু দম্মেচকলৈ যোৱা আৰু তাত তুমি যি কৰিব লাগিব, সেয়া তোমাক কোৱা হʼব।’ ১১  কিন্তু মই সেই পোহৰ জিলিকি উঠাৰ কাৰণে একো দেখা পোৱা নাছিলোঁ। সেইবাবে, যিসকল মোৰ লগত আছিল, তেওঁলোকে মোৰ হাতত ধৰি মোক দম্মেচকলৈ লৈ গʼল। ১২  তাত অননিয় নামৰ এজন ব্যক্তি আছিল, যিজনে ঈশ্বৰলৈ ভয় ৰাখিছিল আৰু নিয়ম পালন কৰিছিল। আৰু তাত থকা সকলো যিহূদীয়ে তেওঁৰ প্ৰশংসা কৰিছিল। ১৩  তেওঁ মোৰ ওচৰত আহি থিয় হʼল আৰু তেওঁ মোক কʼলে, ‘চৌল, মোৰ ভাই, চকুৰ দৃষ্টিশক্তি ঘূৰাই পোৱা!’ সেই সময়তে মই চকুৰ দৃষ্টি ঘূৰাই পালোঁ আৰু মই তেওঁক দেখিলোঁ। ১৪  তেওঁ কʼলে, ‘আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰে তোমাক বাছনি কৰিছে, তুমি যেন তেওঁৰ ইচ্ছা জানিব পাৰা, সেই ভাল ব্যক্তিজনক দেখিব পাৰা আৰু তেওঁৰ মাত শুনিব পাৰা। ১৫  কাৰণ তুমি যি যি দেখিলা আৰু শুনিলা, সেই বিষয়ে সকলো মানুহক তুমি সাক্ষ্য দিব লাগিব। ১৬  এতিয়া তুমি কিয় দেৰি কৰিছা? উঠা, বাপ্তিষ্মা* লোৱা আৰু তেওঁৰ নাম লৈ নিজৰ পাপ ধুই পেলোৱা।’ ১৭  কিন্তু যেতিয়া মই যিৰূচালেমলৈ উভতি গৈ মন্দিৰত প্ৰাৰ্থনা কৰি আছিলোঁ, তেতিয়া মই এটা দৰ্শন দেখিলোঁ। ১৮  আৰু মই দেখিলোঁ যে তেওঁ মোক কৈছে, ‘সোনকালে কৰা, লগে লগে যিৰূচালেমৰ পৰা ওলাই যোৱা। কিয়নো তুমি মোৰ বিষয়ে যি সাক্ষ্য দিছা, সেয়া তেওঁলোকে গ্ৰহণ নকৰিব।’ ১৯  তেতিয়া মই কʼলোঁ, ‘প্ৰভু, তেওঁলোকে জানে যে মই আপোনাৰ ওপৰত বিশ্বাস কৰা লোকসকলক জেলত বন্দী কৰিছিলোঁ আৰু প্ৰত্যেক সভাঘৰত গৈ তেওঁলোকক কোবাইছিলোঁ। ২০  আৰু যেতিয়া আপোনাৰ সাক্ষী স্তিফানক হত্যা কৰা হৈছিল, তেতিয়া ময়ো তাতে থিয় হৈ সেই হত্যাক সমৰ্থন কৰি আছিলোঁ আৰু যিসকলে হত্যা কৰিছিল, তেওঁলোকৰ কাপোৰৰ পহৰা দিছিলোঁ।’ ২১  তথাপিও তেওঁ মোক কʼলে, ‘যোৱা, মই তোমাক দূৰ-দূৰণিত থকা ইস্ৰায়েলী নোহোৱা লোকসকলৰ ওচৰলৈ পঠাইছোঁ।’” ২২  ভীৰৰ লোকসকলে এতিয়ালৈকে পৌলৰ কথা শুনি আছিল। তাৰ পাছত তেওঁলোকে জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলে, “এই মানুহজনক পৃথিৱীৰ পৰা নাইকিয়া কৰি দিয়া, কিয়নো সি জীয়াই থকাৰ যোগ্য নহয়!” ২৩  তেওঁলোকে নিজৰ নিজৰ কাপোৰ বতাহত উৰুৱাইছিল আৰু ধূলি উৰুৱাই জোৰ জোৰকৈ চিঞৰি আছিল। ২৪  সেইবাবে, প্ৰধান সেনাপতিয়ে পৌলক সৈন্যসকলে থকা ঠাইত লৈ যাবলৈ আদেশ দিলে আৰু তেওঁক চাবুকেৰে কোবাই সোধ-পোছ কৰিবলৈ কʼলে যাতে তেওঁ ভালদৰে জানিব পাৰে যে এই লোকসকলে কিয় পৌলৰ বিৰুদ্ধে ইমান চিঞৰি আছে। ২৫  কিন্তু সৈনিকসকলে যেতিয়া তেওঁক চাবুকেৰে কোবাবলৈ বান্ধিলে, তেতিয়া পৌলে তাত থিয় হৈ থকা সেনাপতিক কʼলে, “আপুনি এজন ৰোমান নাগৰিকক তেওঁ কিবা অপৰাধ কৰিছে নে নাই, সেয়া প্ৰমাণ নকৰাকৈ* চাবুকেৰে কোবাব নে? এয়া নিয়মৰ অনুসৰি সঠিক হয় নে?” ২৬  যেতিয়া সেনাপতিজনে এয়া শুনিলে, তেতিয়া তেওঁ প্ৰধান সেনাপতিজনৰ ওচৰলৈ গʼল আৰু তেওঁক এই খবৰ দি কʼলে, “আপুনি কি কৰিব বিচাৰে? এই মানুহজন ৰোমান নাগৰিক হয়।” ২৭  তেতিয়া প্ৰধান সেনাপতিজনে পৌলৰ ওচৰলৈ আহি তেওঁক সুধিলে, “মোক কোৱা, তুমি এজন ৰোমান নাগৰিক হোৱা নে?” তেওঁ কʼলে, “হয়।” ২৮  প্ৰধান সেনাপতিজনে কʼলে, “মই বহুত টকা দি নাগৰিক হোৱাৰ অধিকাৰ কিনিছোঁ।” পৌলে কʼলে, “কিন্তু মই জন্মৰে পৰা ৰোমান নাগৰিক হওঁ।” ২৯  এই কথা শুনি যিসকলে তেওঁক কোবাই সোধ-পোছ কৰিবলগীয়া আছিল, তেওঁলোকে পৌলৰ ওচৰৰ পৰা আঁতৰি গʼল আৰু প্ৰধান সেনাপতিজনে এজন ৰোমান মানুহক শিকলিৰে বান্ধি ৰখাৰ কাৰণে তেওঁ ভয় খালে। ৩০  সেইবাবে, পাছ দিনাখন তেওঁ পৌলৰ বান্ধোন খুলি দিলে আৰু প্ৰধান পুৰোহিত আৰু গোটেই মহা-সভাক একগোট হʼবলৈ আদেশ দিলে। কিয়নো তেওঁ ভালদৰে জানিব বিচাৰিছিল যে যিহূদীসকলে কিয় তেওঁৰ ওপৰত অভিযোগ লগাইছে। ইয়াৰ পাছত তেওঁ পৌলক তললৈ লৈ আহিলে আৰু তেওঁলোকৰ মাজত থিয় কৰালে।

Footnotes

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”
বা “মোকৰ্দ্দমা নকৰাকৈ।”