পাঁচনিৰ কৰ্ম্ম ২৩:১-৩৫
২৩ পৌলে মহা-সভাৰ ফালে একেথৰে চাই কʼলে, “ভাইসকল, মই আজিলৈকে ঈশ্বৰৰ আগত শুদ্ধ বিবেকেৰে জীৱন-যাপন কৰি আহিছোঁ।”
২ এয়া শুনি মহা-পুৰোহিত অননিয়ই পৌলৰ ওচৰত থিয় হৈ থকা লোকসকলক পৌলৰ মুখত চৰ মাৰিবলৈ আদেশ দিলে।
৩ তেতিয়া পৌলে তেওঁক কʼলে, “হে কপটীয়া,* তোমাক ঈশ্বৰে আঘাত কৰিব। তুমি নিয়মৰ অনুসৰি মোৰ ন্যায় কৰিবলৈ বহিছা আৰু মোক মাৰিবলৈ আদেশ দি সেই নিয়ম নিজেই পালন কৰা নাই?”
৪ তেতিয়া তাত থিয় হৈ থকা লোকসকলে কʼলে, “তুমি ঈশ্বৰৰ মহা-পুৰোহিতৰ অপমান কৰিছা?”
৫ পৌলে কʼলে, “ভাইসকল, এওঁ মহা-পুৰোহিত হয় বুলি মই জনা নাছিলোঁ। কিয়নো শাস্ত্ৰত লিখা আছে, ‘তুমি নিজৰ লোকসকলৰ অধিকাৰীক অপমানজনক কথা নকʼবা।’”
৬ তেওঁলোকৰ মাজত এটা দল চদ্দূকী আৰু আন এটা দল ফৰীচীৰ হয় বুলি যেতিয়া পৌলে গʼম পালে, তেতিয়া মহা-সভাক জোৰেৰে চিঞৰি কʼলে, “ভাইসকল, মই এজন ফৰীচী হওঁ আৰু ফৰীচীবিলাকৰ লʼৰা হওঁ। মৃতবিলাকক আকৌ জীয়াই তোলা হʼব বুলি মই বিশ্বাস কৰাৰ কাৰণে মোৰ ওপৰত মোকৰ্দ্দমা চলোৱা হৈছে।”
৭ যেতিয়া তেওঁ এয়া কʼলে, তেতিয়া ফৰীচী আৰু চদ্দূকীসকলৰ মাজত কাজিয়া হʼবলৈ ধৰিলে আৰু সভাত বিভেদৰ সৃষ্টি হʼল।
৮ কাৰণ চদ্দূকীসকলে কয় যে মৃতবিলাকক আকৌ জীয়াই তোলা নহয় আৰু স্বৰ্গদূত বা অদৃশ্য প্ৰাণীও নাথাকে। কিন্তু ফৰীচীসকলে এইবোৰত বিশ্বাস কৰে।
৯ সেইবাবে, তাত ডাঙৰ হুলস্থূল হʼবলৈ ধৰিলে আৰু ফৰীচীসকলৰ দলৰ কিছুমান নিয়ম শিকোৱা লোকে* থিয় হৈ এইদৰে কৈ কাজিয়া কৰিবলৈ ধৰিলে, “আমি এই মানুজনত কোনো দোষ বিচাৰি পোৱা নাই। কিন্তু কোনো অদৃশ্য প্ৰাণী বা স্বৰ্গদূতে যদি ইয়াৰ লগত কথা পাতিছে, তেনেহʼলে...।”
১০ যেতিয়া কাজিয়া বেছি বাঢ়ি গʼল, তেতিয়া হয়তো তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰি দিব বুলি প্ৰধান সেনাপতিজনে ভয় খালে। তেওঁ সৈনিকসকলক তললৈ গৈ পৌলক এৰাই আনিবলৈ আৰু সৈনিকসকলে থকা ঠাইত লৈ আনিবলৈ আদেশ দিলে।
১১ কিন্তু সেই ৰাতি প্ৰভুৱে পৌলৰ ওচৰত আহি থিয় হʼল আৰু তেওঁ কʼলে, “ভয় নকৰিবা! কিয়নো যিদৰে তুমি যিৰূচালেমত মোৰ বিষয়ে ভালদৰে সাক্ষ্য দি আহিছা, ঠিক সেইদৰে তুমি ৰোমতো সাক্ষ্য দিব লাগিব।”
১২ যেতিয়া পোহৰ হʼল, তেতিয়া যিহূদীসকলে এটা ষড়যন্ত্ৰ কৰিলে আৰু এই শপত খালে যে পৌলক হত্যা নকৰালৈকে তেওঁলোকে একো খোৱা-বোৱা নকৰিব।
১৩ যিসকলে এই শপত খাই ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকৰ সংখ্যা ৪০ জনতকৈ বেছি আছিল।
১৪ তেওঁলোকে প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলৰ ওচৰলৈ গʼল আৰু কʼবলৈ ধৰিলে, “আমি শপত খাইছোঁ যে পৌলক হত্যা নকৰালৈকে আমি একো খোৱা-বোৱা নকৰিম।
১৫ সেইবাবে, এতিয়া তোমালোকে মহা-সভাৰ লগত মিলি পৌলৰ বিষয়ে আৰু ভালদৰে জানিবৰ ছলেৰে তোমালোকৰ ওচৰলৈ তলত তেওঁক লৈ আনিবৰ বাবে সেনাপতিজনক কোৱা। কিন্তু সি ইয়াত আহি নৌ পাওঁতেই তাক হত্যা কৰিবলৈ আমি সাজু হৈ থাকিম।”
১৬ কিন্তু তেওঁলোকে পৌলক লুকাই হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছে বুলি যেতিয়া পৌলৰ ভাগিনজনে শুনিলে, তেতিয়া তেওঁ সৈনিকসকলে থকা ঠাইত গৈ পৌলক এই খবৰ দিলে।
১৭ তেতিয়া পৌলে এজন সেনাপতিক নিজৰ ওচৰলৈ মাতি তেওঁক কʼলে, “এই লʼৰাজনক প্ৰধান সেনাপতিজনৰ ওচৰলৈ লৈ যাওক। ই তেওঁক এটা খবৰ দিব বিচাৰে।”
১৮ তেওঁ সেই লʼৰাজনক লৈ প্ৰধান সেনাপতিজনৰ ওচৰলৈ গʼল আৰু তেওঁ কʼলে, “আপোনাৰ আগত এই লʼৰাজনৰ কিবা কথা কʼবলৈ আছে বুলি কয়দী পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক লৈ আনিবলৈ অনুৰোধ কৰিলে।”
১৯ প্ৰধান সেনাপতিজনে লʼৰাজনৰ হাতত ধৰি বেলেগকৈ লৈ গʼল আৰু অকলশৰীয়াকৈ তাক সুধিলে, “তুমি মোক কি খবৰ দিব বিচাৰা?”
২০ সি কʼলে, “যিহূদীসকলে পৌলৰ বিষয়ে আৰু বেছিকৈ জানিব বিচৰাৰ ছলেৰে পৌলক অহাকালি মহা-সভাৰ ওচৰলৈ লৈ আনিবলৈ তেওঁলোকে আপোনাক অনুৰোধ কৰিবলৈ নিৰ্ণয় লৈছে।
২১ কিন্তু আপুনি তেওঁলোকৰ কথা নুশুনিব। কিয়নো তেওঁলোকৰ ৪০ জনতকৈ বেছি মানুহে পৌলক লুকাই হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে আৰু তেওঁলোকে শপত খাইছে যে পৌলক হত্যা নকৰালৈকে তেওঁলোকে একো খোৱা-বোৱা নকৰিব। আৰু এতিয়া তেওঁলোকে সাজু আছে আৰু আপোনাৰ অনুমতিৰ অপেক্ষা কৰি আছে।”
২২ সেইবাবে, প্ৰধান সেনাপতিজনে লʼৰাজনক সাৱধান কৰি এইদৰে কৈ পঠালে, “তুমি মোক এই কথা কৈছা বুলি কাকো নকʼবা।”
২৩ তেতিয়া তেওঁ দুজন সেনাপতিক মাতি তেওঁলোকক কʼলে, “আজি ৰাতিৰ তৃতীয় ঘণ্টাত* কৈচৰিয়ালৈ যাবলৈ ২০০ জন সৈনিক, ৭০ জন অশ্বাৰোহী আৰু ২০০ জন বৰছা-ধাৰী প্ৰস্তুত কৰা।
২৪ আৰু পৌলক সুৰক্ষিতভাৱে ৰাজ্যপাল ফীলিক্সৰ ওচৰলৈ লৈ যাবলৈ ঘোঁৰাও প্ৰস্তুত কৰা।”
২৫ আৰু তেওঁ চিঠি লিখিলে, যʼত এই কথাবোৰ লিখা আছিল:
২৬ “মহামহিম ৰাজ্যপাল ফীলিক্সলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ!
২৭ এই মানুহজনক যিহূদীসকলে ধৰি লৈছিল আৰু তেওঁলোকে ইয়াক হত্যা কৰিবলৈ লৈছিল। কিন্তু সেই সময়ত মই লগে লগে নিজৰ সৈনিকসকলৰ লগত গৈ ইয়াক বচালোঁ। কাৰণ মই জানিছিলোঁ যে ই এজন ৰোমান নাগৰিক হয়।
২৮ মই জানিব বিচাৰিছিলোঁ যে তেওঁলোকে কি কাৰণে ইয়াৰ ওপৰত অভিযোগ লগাইছে। সেইবাবে, মই ইয়াক তেওঁলোকৰ মহা-সভালৈ লৈ গʼলোঁ।
২৯ মই বুজি পালোঁ যে তেওঁলোকে নিজৰ নিয়মৰ বিষয়ক লৈ ইয়াৰ ওপৰত অভিযোগ লগাইছিল। কিন্তু ইয়াক মৃত্যুৰ শাস্তি দিয়া আৰু জেলত বন্দী কৰাৰ নিচিনা ইয়াৰ ওপৰত এনে কোনো অভিযোগ নাছিল।
৩০ কিন্তু মই খবৰ পালোঁ যে ইয়াৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰা হৈছে। সেইবাবে, মই দেৰি নকৰাকৈ ইয়াক আপোনাৰ ওচৰলৈ পঠাইছোঁ আৰু ইয়াৰ ওপৰত যিসকলে অভিযোগ কৰিছে, তেওঁলোকে যেন এই ব্যক্তিৰ বিৰুদ্ধে যি কʼবলগীয়া আছে, সেয়া আপোনাৰ ওচৰত কʼবলৈ মই আদেশ দিলোঁ।”
৩১ সেইবাবে, সৈনিকসকলক যিদৰে আদেশ দিয়া হৈছিল, তেওঁলোকে পৌলক ৰাতিয়েই আন্তিপাত্ৰিক চহৰলৈ লৈ আহিলে।
৩২ পাছ দিনাখন অশ্বাৰোহীয়ে পৌলক লৈ আগলৈ ওলাই গʼল আৰু সৈনিকসকলে নিজে থকা ঠাইত উভতি আহিলে।
৩৩ কৈচৰিয়ালৈ পোৱাৰ পাছত অশ্বাৰোহীসকলে ৰাজ্যপালক চিঠিখন দিলে আৰু পৌলক তেওঁৰ আগত উপস্থিত কৰালে।
৩৪ চিঠিখন পঢ়ি ৰাজ্যপালে সুধিলে যে পৌল কোনখন প্ৰদেশৰ হয় আৰু পৌল কিলিকিয়াৰ হয় বুলি তেওঁ গʼম পালে।
৩৫ তেওঁ পৌলক কʼলে, “যেতিয়া তোমাৰ ওপৰত অভিযোগ কৰা লোকসকল ইয়ালৈ আহিব, তেতিয়া মই তোমাক নিজৰ পক্ষে কʼবলৈ সুযোগ দিম।” পৌলক হেৰোদৰ মহলত পহৰা দি থʼবলৈ তেওঁ আদেশ দিলে।