পাঁচনিৰ কৰ্ম্ম ৫:১-৪২

  • অননিয় আৰু ছাফীৰা (১-১১)

  • পাঁচনিসকলে বহুতো চমৎকাৰ কৰে (১২-১৬)

  • জেলত আৰু পাছত মুকলি কৰা হʼল (১৭-২১ক)

  • আকৌ মহা-সভাৰ সম্মুখত (২১খ-৩২)

    • ‘মানুহতকৈ ঈশ্বৰৰ আজ্ঞা মানিব লাগে’ (২৯)

  • গমলীয়েলৰ পৰামৰ্শ (৩৩-৪০)

  • ঘৰে-ঘৰে গৈ প্ৰচাৰ (৪১, ৪২)

৫  অননিয় নামৰ এজন ব্যক্তি আৰু তেওঁৰ পত্নী ছাফীৰাও তেওঁলোকৰ অলপ মাটি বিক্ৰী কৰিলে। ২  কিন্তু অননিয়ই মাটি বিক্ৰী কৰি যি টকা পাইছিল, তাৰ কিছু অংশ নিজৰ ওচৰত মনে মনে ৰাখিলে আৰু বাকী অংশখিনি পাঁচনিসকলৰ* ওচৰলৈ লৈ গʼল আৰু এই কথাটো তেওঁৰ পত্নীও জানিছিল। ৩  তেতিয়া পিতৰে কʼলে, “অননিয় চয়তানে তোমাক ইমান সাহস দিলে নে যে তুমি পবিত্ৰ শক্তিক মিছা কথা কʼলা আৰু মাটি বিক্ৰী কৰি কিছু টকা নিজৰ ওচৰত লুকুৱাই ৰাখিলা? ৪  যেতিয়ালৈকে সেয়া তোমাৰ ওচৰত আছিল, তেতিয়ালৈকে সেয়া তোমাৰ নাছিল নে আৰু বেচাৰ পাছতো সেই টকাৰ ওপৰত তোমাৰ অধিকাৰ নাছিল নে? তেনেহʼলে তুমি কিয় নিজৰ মনত এনে কাম কৰিবলৈ চিন্তা কৰিলা? তুমি মানুহক নহয়, কিন্তু ঈশ্বৰক মিছা কথা কʼলা।” ৫  এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি মৰি গʼল আৰু যিসকলে এই বিষয়ে শুনিলে, তেওঁলোকে বৰ ভয় খালে। ৬  তাৰ পাছত কেইজনমান ডেকাই উঠি, তাক কাপোৰেৰে মেৰিয়ালে আৰু বাহিৰলৈ নি কবৰ দিলে। ৭  প্ৰায় তিনি ঘণ্টাৰ পাছত তেওঁৰ পত্নী আহিলে আৰু তাত কি হৈছিল, তেওঁ জনা নাছিল। ৮  পিতৰে তেওঁক কʼলে, “মোক কোৱা তোমালোক দুয়োজনে নিজৰ মাটি ইমান দামতে বেচিছিলা নে?” তেওঁ কʼলে, “হয়, ইমান দামতে বেচিছিলোঁ।” ৯  পিতৰে তেওঁক কʼলে, “যিহোৱাৰ* পবিত্ৰ শক্তিক পৰীক্ষা কৰিবলৈ তোমালোক দুয়োজনে কিয় একমত হʼলা? চোৱা! তোমাৰ স্বামীক কবৰ দিয়া লোকসকলে দুৱাৰ মুখতে আছে আৰু এতিয়া তেওঁলোকে তোমাকো উঠাই লৈ যাব।” ১০  সেই সময়তে তেওঁ পিতৰৰ ভৰিত পৰি মৰি গʼল। যেতিয়া সেই ডেকাসকলে ভিতৰলৈ আহিলে, তেতিয়া তেওঁলোকে তেওঁক মৰি থকা পালে আৰু তেওঁলোকে তেওঁক উঠাই বাহিৰলৈ লৈ গʼল আৰু তেওঁৰ স্বামীৰ ওচৰত কবৰ দিলে। ১১  এই ঘটনাৰ পৰা গোটেই মণ্ডলীয়ে আৰু ইয়াৰ বিষয়ে শুনা সকলোৱে বৰ ভয় খালে। ১২  পাঁচনিসকলে লোকসকলৰ মাজত আৰু বহুতো চমৎকাৰ আৰু আশ্চৰ্য্যজনক কাম কৰি থাকিল। তেওঁলোক সকলোৱে ‘চলোমনৰ স্তম্ভ থকা বাৰান্দাত’ একগোট হৈছিল। ১৩  আন লোকসকলৰ মাজৰ কোনেও তেওঁলোকৰ লগত যোগ দিবলৈ সাহস কৰা নাছিল। তথাপিও লোকসকলে শিষ্যসকলৰ প্ৰশংসা কৰিছিল। ১৪  ইয়াৰ উপৰিও আৰু বহুতো পুৰুষ আৰু তিৰোতাই প্ৰভুৰ ওপৰত বিশ্বাস কৰি শিষ্য হʼবলৈ ধৰিলে। ১৫  আনকি, পিতৰে সেই ফালেদি যোৱাৰ সময়ত অন্ততঃ তেওঁৰ ছাঁ যেন বেমাৰীবিলাকৰ গাত পৰে। সেইবাবে, লোকসকলে বেমাৰীবিলাকক ৰাস্তাৰ কাষত বিছনা আৰু খাটত শুৱাই থৈছিল। ১৬  যিৰূচালেমৰ আশে-পাশে থকা চহৰৰ পৰাও বহুতো লোক তালৈ আহি আছিল আৰু বেমাৰী আৰু দুষ্ট স্বৰ্গদূতে পোৱা লোকসকলকো লৈ আহিছিল আৰু তেওঁলোক সকলোৱে সুস্থ হৈ গৈছিল। ১৭  কিন্তু মহা-পুৰোহিত আৰু সেই সকলো লোক, যিসকল তেওঁৰ লগত আছিল অৰ্থাৎ চদ্দূকীবিলাকৰ গোটৰ লোকসকল ঈৰ্ষাত জ্বলি উঠিল। ১৮  তেওঁলোকে পাঁচনিসকলক ধৰিলে* আৰু জেলত বন্দী কৰি দিলে। ১৯  কিন্তু ৰাতি যিহোৱাৰ* স্বৰ্গদূতে জেলৰ দুৱাৰখন খুলি দিয়ে আৰু বাহিৰলৈ আনি তেওঁলোকক কʼলে, ২০  “যোৱা আৰু গৈ মন্দিৰত লোকসকলক জীৱনৰ* বাৰ্তা শুনোৱা।” ২১  সেইবাবে, ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁলোকে মন্দিৰলৈ গৈ শিকাবলৈ ধৰিলে। তাৰ পাছত যেতিয়া মহা-পুৰোহিত আৰু তেওঁৰ লগৰবিলাকে আহিলে, তেতিয়া তেওঁলোকে মহা-সভা আৰু ইস্ৰায়েলৰ সকলো যিহূদী নেতাক একগোট কৰিলে আৰু জেলৰ পৰা পাঁচনিসকলক লৈ আনিবলৈ পহৰা দিয়া লোকসকলক পঠিয়ালে। ২২  কিন্তু তাত গৈ পহৰা দিয়া লোকসকলে দেখিলে যে তেওঁলোকে জেলত নাই। সেইবাবে, তেওঁলোকে উভতি আহি এই খবৰ দিলে, ২৩  “আমি দেখিলোঁ যে জেলৰ দুৱাৰখন ভালদৰে বন্ধ আছে আৰু পহৰা দিয়া লোকসকলে দুৱাৰ মুখত ৰৈ আছে, কিন্তু দুৱাৰখন খোলাৰ পাছত আমি ভিতৰত কাকো নাপালোঁ।” ২৪  যেতিয়া মন্দিৰৰ পহৰা দিয়া লোকসকলৰ অধ্যক্ষ আৰু প্ৰধান পুৰোহিতে এয়া শুনিলে, তেতিয়া আগলৈ কি হʼব বুলি তেওঁলোকে চিন্তিত হʼল। ২৫  কিন্তু কোনোবাই আহি তেওঁলোকক খবৰ দিলে, “চাওক! আপোনালোকে যিসকল মানুহক জেলত বন্দী কৰি থৈছিলে, তেওঁলোকেতো মন্দিৰত আছে আৰু তাত থিয় হৈ লোকসকলক শিকাই আছে।” ২৬  তেতিয়া সেই অধ্যক্ষই নিজৰ পহৰা দিয়া লোকসকলৰ লগত গৈ তেওঁলোকক লৈ আহিলে। কিন্তু মানুহবোৰে শিল দলিয়াই মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনিসকলৰ লগত কোনো জোৰ-জবৰদস্তি কৰা নাছিল। ২৭  তেওঁলোকে পাঁচনিসকলক লৈ আহি মহা-সভাৰ আগত থিয় কৰালে। মহা-পুৰোহিতে তেওঁলোকক কিছুমান প্ৰশ্ন সুধিলে ২৮  আৰু কʼলে, “এই নামেৰে শিক্ষা নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ, কিন্তু তথাপিও চোৱা! তোমালোকে নিজৰ শিক্ষাৰে গোটেই যিৰূচালেম পূৰ কৰিলা আৰু তোমালোকে এই মানুহজনৰ তেজৰ দোষ আমাৰ ওপৰত জাপি দিবলৈ বিচাৰিছা।” ২৯  তেতিয়া পিতৰ আৰু আন পাঁচনিসকলে কʼলে, “আমি মানুহতকৈ ঈশ্বৰৰ* আজ্ঞা মানিব লাগে। ৩০  যিজন যীচুক আপোনালোকে কাঠত* আঁৰি হত্যা কৰিছিলে, তেওঁক আমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰে জীৱিত কৰিলে। ৩১  ঈশ্বৰে তেওঁকে ওখ পদ দি মুখ্য অধিকাৰী আৰু উদ্ধাৰকৰ্তা হিচাপে নিযুক্ত কৰিলে আৰু নিজৰ সোঁফালে বহুৱালে যাতে ইস্ৰায়েলীসকলে অনুতাপ কৰে আৰু পাপৰ ক্ষমা পায়। ৩২  আমি এই সকলো কথাৰ সাক্ষী হওঁ আৰু যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ শক্তি দিছে, সেই পবিত্ৰ শক্তিও ইয়াৰ সাক্ষী হয়।” ৩৩  যেতিয়া তেওঁলোকে এয়া শুনিলে, তেতিয়া তেওঁলোকৰ বহুত খং উঠিল আৰু তেওঁলোকক হত্যা কৰিব বিচাৰিছিল। ৩৪  কিন্তু মহা-সভাত গমলীয়েল নামৰ এজন ফৰীচী থিয় হʼল, তেওঁ নিয়মৰ শিক্ষক আছিল আৰু এজন সন্মানীয় ব্যক্তি আছিল। তেওঁ পাঁচনিসকলক কিছু সময়ৰ কাৰণে বাহিৰলৈ লৈ যাবলৈ আদেশ দিলে। ৩৫  তাৰ পাছত গমলীয়েলে তেওঁলোকক কʼলে, “হে ইস্ৰায়েলৰ লোকসকল, আপোনালোকে এই মানুহবিলাকৰ লগত যি কৰিব বিচাৰিছে, তাৰ বিষয়ে ভালদৰে চিন্তা কৰি লওক। ৩৬  উদাহৰণস্বৰূপে, ইয়াৰ আগতেও থূদা নামৰ এজন ব্যক্তিয়ে আহি নিজকে মহান বুলি দাবী কৰিছিল আৰু প্ৰায় ৪০০ জন লোক তেওঁৰ গোটত জড়িত হৈছিল, কিন্তু তেওঁক হত্যা কৰা হʼল আৰু যিমান লোকে তেওঁক অনুকৰণ কৰিছিল তেওঁলোক সকলোৱে ছিন্ন-ভিন্ন হৈ গʼল। ৩৭  তাৰ পাছত নাম লিখাৰ সময়ত গালীলৰ যিহূদা নামৰ এজন ব্যক্তিয়ে আহি লোকসকলক ফুচলাই নিজৰ ফলিয়া কৰিলে, কিন্তু সেই মানুহজনো মৰিল আৰু যিসকলে তেওঁৰ অনুকৰণ কৰিছিল, সেই সকলোৱে ছিন্ন-ভিন্ন হৈ গʼল। ৩৮  সেইবাবে, এতিয়াৰ পৰিস্থিতি চাই মই আপোনালোকক কৈছোঁ যে এই মানুহবিলাকৰ কামত বাধা নিদিব, এওঁলোকক এৰি দিয়ক। কিয়নো যদি এই যোজনা বা এই কাম মানুহৰ ফালৰ পৰা হয়, তেনেহʼলে এয়া নাইকিয়া হৈ যাব। ৩৯  কিন্তু এয়া যদি ঈশ্বৰৰ ফালৰ পৰা হয়, তেনেহʼলে আপোনালোকে ইয়াক নাইকিয়া কৰিব নোৱাৰে। নহʼলে, হয়তো আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধে যুঁজ কৰাৰ দৰে হʼব।” ৪০  তেওঁলোকে তেওঁৰ কথা মানি লʼলে আৰু পাঁচনিসকলক মাতি চাবুকেৰে কোবোৱালে আৰু যীচুৰ নামেৰে কʼবলৈ বন্ধ কৰিবলৈ তেওঁলোকক আদেশ দিলে আৰু তাৰ পাছত তেওঁলোকক যাবলৈ দিলে। ৪১  তেতিয়া পাঁচনিসকলে যীচুৰ নামেৰে অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহা-সভাৰ পৰা গুচি গʼল। ৪২  আৰু তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু ঘৰে-ঘৰে গৈ শিকাই থাকিল আৰু যীচু খ্ৰীষ্টৰ বিষয়ে শুভৰ্বাতা শুনাই থাকিল।

Footnotes

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
অতি. ক৫ চাওক।
বা “গ্ৰেপ্তাৰ কৰিলে।”
অতি. ক৫ চাওক।
বা “এই জীৱনৰ।”
বা “ৰজা হিচাপে ঈশ্বৰৰ।”
বা “গছত।”