যোহনলৈ দিয়া প্ৰকাশিত বাক্য ১:১-২০

  • ঈশ্বৰে যীচুৰ যোগেদি কথাবোৰ প্ৰকাশ কৰে (১-৩)

  • সাতখন মণ্ডলীলৈ নমস্কাৰ (৪-৮)

    • “ময়েই আৰম্ভণি আৰু ময়েই অন্ত” ()

  • পবিত্ৰ শক্তিৰে অনুপ্ৰাণিত হৈ যোহন, প্ৰভুৰ দিনত (৯-১১)

  • মহিমাপূৰ্ণ যীচুৰ দৰ্শন (১২-২০)

১  এইবোৰ সেই কথাবোৰ হয়, যিবোৰ যীচু খ্ৰীষ্টই প্ৰকাশ কৰিছিল,* ঈশ্বৰে এইবোৰ কথা প্ৰকাশ কৰাৰ কাৰণ হৈছে যাতে তেওঁ নিজৰ দাসসকলক দেখুৱাব পাৰে যে অতি সোনকালে কি কি হʼবলগীয়া আছে। আৰু যীচুৱে নিজৰ স্বৰ্গদূত পঠাই এই কথাবোৰ তেওঁৰ দাস যোহনক চিনবোৰৰ যোগেদি জনালে। ২  যোহনে ঈশ্বৰৰ বাক্যৰ বিষয়ে আৰু যীচু খ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে অৰ্থাৎ তেওঁ যিবোৰ দেখিছিল, সেই সকলো বিষয়ে সাক্ষ্য দিছিল। ৩  সেইজন সুখী, যিজনে এই ভৱিষ্যবাণীৰ বাক্য জোৰেৰে পঢ়ে আৰু তেওঁলোকো সুখী, যিসকলে এইবোৰ শুনে আৰু ইয়াত লিখা কথাবোৰৰ অনুসৰি চলে, কিয়নো নিৰ্ধাৰিত কৰা সময় কাষত আছে। ৪  মই যোহন এচিয়া প্ৰদেশত থকা সাতখন মণ্ডলীলৈ লিখি আছোঁ: মোৰ প্ৰাৰ্থনা এয়েই যে তেওঁৰ ফালৰ পৰা অৰ্থাৎ “যিজন আছিল আৰু যিজন আছে আৰু যিজন আহি আছে,” তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক আৰু সাতটা পবিত্ৰ শক্তিৰ ফালৰ পৰাও যি তেওঁৰ সিংহাসনৰ আগত আছে। ৫  তোমালোকলৈ যীচু খ্ৰীষ্টৰ ফালৰ পৰাও মহা-কৃপা আৰু শান্তি হওক, যিজন “বিশ্বাসযোগ্য সাক্ষী,” “মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠা প্ৰথম সন্তান” আৰু “পৃথিৱীৰ ৰজাবিলাকৰ ৰজা” হয়। যীচু, যিজনে আমাক প্ৰেম কৰে আৰু যিজনে নিজৰ তেজৰ যোগেদি আমাক পাপৰ পৰা মুকলি কৰিলে ৬  আৰু আমাক নিজৰ ঈশ্বৰ আৰু পিতৃৰ কাৰণে ৰজা আৰু পুৰোহিত পাতিলে, হয়, মহিমা আৰু শক্তি সদায় তেওঁৰেই হওক। আমেন। ৭  চোৱা! তেওঁ মেঘৰ সৈতে আহি আছে আৰু আটাই চকুৱে তেওঁক দেখিব আৰু তেওঁলোকেও দেখিব, যিসকলে তেওঁক খুচিছিল। আৰু পৃথিৱীৰ সকলো গোষ্ঠীয়ে তেওঁৰ কাৰণে দুখত হিয়া ভুকুৱাব। হয়, আমেন। ৮  যিহোৱা* ঈশ্বৰ, “যিজন আছিল, যিজন আছে আৰু যিজন আহি আছে আৰু যিজন সৰ্বশক্তিমান হয়” তেওঁ কৈছে, “ময়েই আৰম্ভণি আৰু ময়েই অন্ত।”* ৯  মই যোহন তোমালোকৰ ভাই যীচুৰ শিষ্য হিচাপে দুখ সহন কৰা, শাসন কৰা আৰু ধৈৰ্য্য ধৰাত তোমালোকৰ সহভাগী হওঁ। মই ঈশ্বৰৰ বিষয়ে কোৱাৰ কাৰণে আৰু যীচুৰ বিষয়ে সাক্ষ্য দিয়াৰ কাৰণে পাত্ম নামৰ দ্বীপত আছিলোঁ। ১০  মই পবিত্ৰ শক্তিৰে অনুপ্ৰাণিত হৈ প্ৰভুৰ দিনত উপস্থিত হʼলোঁ। আৰু মই নিজৰ পিছফালে তূৰীৰ দৰে ডাঙৰ মাত শুনিলোঁ, ১১  যিয়ে মোক কৈ আছিল, “তুমি যি দেখা, তাক এখন নুৰাত লিখি লোৱা আৰু সেয়া এই সাতখন মণ্ডলীলৈ পঠোৱা: ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া।” ১২  তাৰ পাছত মই এয়া চাবলৈ ঘূৰিলোঁ যে মোক কোনে কৈ আছে, তেতিয়া মই সাতটা সোণৰ দীপাধাৰ দেখিলোঁ। ১৩  সেই দীপাধাৰৰ মাজত মই মানুহৰ পুত্ৰৰ দৰে কাৰোবাক দেখিলোঁ, যিজনে ভৰিলৈকে দীঘল চোলা পিন্ধিছিল আৰু সোণৰ বুকুপটা বান্ধিছিল। ১৪  তেওঁৰ মূৰ আৰু চুলি ঊণ আৰু বৰফৰ দৰে বগা আছিল আৰু তেওঁৰ চকু জুইৰ শিখাৰ দৰে আছিল। ১৫  তেওঁৰ ভৰি অগ্নিকুণ্ডত গৰম কৰা চকচকীয়া পিতলৰ দৰে আছিল আৰু তেওঁৰ মাত পানীত তীব্ৰ বেগত বৈ যোৱা সোঁতৰ দৰে আছিল। ১৬  তেওঁৰ সোঁহাতত সাতটা তৰা আছিল আৰু তেওঁৰ মুখৰ পৰা এখন দীঘল আৰু দুয়োফালে চোকা ধাৰ থকা তৰোৱাল ওলাই আছিল। তেওঁৰ চেহেৰা এনেদৰে জিলিকি আছিল, যিদৰে সূৰ্য্যই চোকা ৰʼদত জিলিকে। ১৭  যেতিয়া মই তেওঁক দেখিলোঁ, তেতিয়া মই তেওঁৰ ভৰিত মৰা মানুহৰ নিচিনা পৰি গʼলোঁ। তেতিয়া তেওঁ নিজৰ সোঁহাত মোৰ ওপৰত থৈ কʼলে, “ভয় নকৰিবা। ময়েই প্ৰথম আৰু শেষ হওঁ ১৮  আৰু জীৱিত ময়েই হওঁ। মই মৰি গৈছিলোঁ, কিন্তু চোৱা! এতিয়া মই সদায় কালৰ কাৰণে জীয়াই আছোঁ আৰু মোৰ ওচৰত মৃত্যু আৰু কবৰৰ* চাবিবোৰ আছে। ১৯  সেইবাবে, তুমি যি দেখিলা আৰু যি হৈ আছে আৰু ইয়াৰ পাছত যি হʼবলগীয়া আছে, সেই সকলো কথা লিখি লোৱা। ২০  আৰু তুমি মোৰ সোঁহাতে যি সাতটা তৰা আৰু সোণৰ সাতটা দীপাধাৰ দেখিলা, সেইবোৰৰ পবিত্ৰ ৰহস্য এয়েই যে: এই সাতটা তৰাৰ অৰ্থ হৈছে সাতখন মণ্ডলীৰ দূত আৰু সাতটা দীপাধাৰৰ অৰ্থ হৈছে সাতখন মণ্ডলী।”

Footnotes

বা “যিবোৰ পোহৰলৈ আনিছিল।”
অতি. ক৫ চাওক।
আক্ষ., “ময়েই আলফা আৰু ওমেগা হওঁ।” এয়া গ্ৰীক বৰ্ণমালাৰ প্ৰথম আৰু শেষ আখৰ হয়।
বা “হেডীজৰ।” শব্দকোষ চাওক।