যোহনলৈ দিয়া প্ৰকাশিত বাক্য ১০:১-১১
১০ তাৰ পাছত মই আৰু এজন শক্তিশালী স্বৰ্গদূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ তেওঁ মেঘ পিন্ধি আছিল। আৰু তেওঁৰ মূৰৰ ওপৰত মেঘধনু আছিল। আৰু তেওঁৰ চেহেৰা সূৰ্যৰ দৰে আছিল আৰু তেওঁৰ ভৰি জুইৰ স্তম্ভৰ দৰে আছিল।
২ তেওঁৰ হাতত এখন সৰু নুৰা আছিল, যি খুলি থোৱা আছিল। আৰু তেওঁ নিজৰ সোঁ ভৰি সমুদ্ৰত আৰু বাওঁ ভৰি পৃথিৱীত ৰাখিলে
৩ আৰু সিংহৰ গোঁজৰণিৰ দৰে তেওঁ ডাঙৰ মাতেৰে চিঞৰিলে। আৰু যেতিয়া তেওঁ চিঞৰিলে, তেতিয়া সাতটা মেঘ-গৰ্জনৰ মাত শুনা গʼল।
৪ যেতিয়া সাতটা মেঘ-গৰ্জনৰ মাত শুনা গʼল, তেতিয়া মই লিখিবলৈ গৈ আছিলোঁ, কিন্তু মই স্বৰ্গৰ পৰা এটা মাত শুনিলোঁ, যিয়ে কৈ আছিল, “সাতটা মেঘ-গৰ্জনে যিবোৰ কথা কʼলে, সেইবোৰ মোহৰ মাৰি দিয়া আৰু সেইবোৰ নিলিখিবা।”
৫ মই যিজন স্বৰ্গদূতক সমুদ্ৰ আৰু পৃথিৱীত থিয় হৈ থকা দেখিলোঁ তেওঁ নিজৰ সোঁহাত স্বৰ্গৰ ফালে উঠালে
৬ আৰু সেইজন ঈশ্বৰৰ শপত খালে, যিজন সদায় কাললৈকে জীয়াই থাকে, যিজনে আকাশ আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে আৰু সমুদ্ৰ আৰু তাত যি যি আছে, সেই সকলোকে সৃষ্টি কৰিলে আৰু কʼলে, “এতিয়া আৰু দেৰি নহʼব।
৭ কিন্তু যিবোৰ দিনত সপ্তম স্বৰ্গদূতে নিজৰ তূৰী বজাবলৈ সাজু হʼব, তেতিয়া ঈশ্বৰৰ সেই পবিত্ৰ ৰহস্য সমাপ্ত হʼব, যি তেওঁ নিজৰ দাসসকলক অৰ্থাৎ ভৱিষ্যবক্তাসকলক শুভবাৰ্তা হিচাপে জনাইছিল।”
৮ আকৌ এবাৰ মই স্বৰ্গৰ পৰা এই মাত শুনিলোঁ, “যিয়ে মোক কৈ আছিল যোৱা সমুদ্ৰ আৰু পৃথিৱীত যিজন স্বৰ্গদূত থিয় হৈ আছে, তেওঁৰ হাতৰ পৰা খুলি থোৱা নুৰা লৈ লোৱা।”
৯ তেতিয়া মই সেই স্বৰ্গদূতৰ ওচৰলৈ গʼলোঁ আৰু মই তেওঁৰ পৰা সেই সৰু নুৰা খুজিলোঁ। তেওঁ মোক কʼলে, “লোৱা আৰু ইয়াক খোৱা। ইয়ে তোমাৰ পেট তিতা কৰিব, কিন্তু তোমাৰ মুখত ই মৌৰ দৰে মিঠা লাগিব।”
১০ আৰু মই স্বৰ্গদূতৰ হাতৰ পৰা সেই সৰু নুৰা লʼলোঁ আৰু সেয়া খালোঁ। সেয়া মোৰ মুখত মৌৰ দৰে মিঠা লাগিল। কিন্তু সেয়া খোৱাৰ পাছত মোৰ পেট তিতা হʼল।
১১ আৰু মোক কোৱা হʼল, “তুমি জাতি, ৰাষ্ট্ৰ, বেলেগ বেলেগ ভাষাৰ লোকসকলৰ আৰু বহুতো ৰজাৰ বিষয়ে আকৌ ভৱিষ্যবাণী কৰিব লাগিব।”