যোহনলৈ দিয়া প্ৰকাশিত বাক্য ১২:১-১৭

  • তিৰোতা, লʼৰা আৰু অজগৰ (১-৬)

  • মীখায়েলে অজগৰৰ লগত যুদ্ধ কৰিলে (৭-১২)

    • অজগৰক পৃথিৱীলৈ পেলাই দিয়া হʼল ()

    • চয়তানে জানে যে তাৰ সময় বহুত কম আছে (১২)

  • অজগৰে তিৰোতাৰ ওপৰত অত্যাচাৰ কৰে (১৩-১৭)

১২  তাৰ পাছত স্বৰ্গত এটা ডাঙৰ চিন দেখা গʼল: এগৰাকী তিৰোতাই সূৰ্যক পিন্ধিছিল আৰু তাইৰ ভৰিৰ তলত চন্দ্ৰ আছিল আৰু তাইৰ মূৰত ১২ টা তৰাৰ কিৰীটি আছিল ২  আৰু তাই গৰ্ভৱতী আছিল। বিষৰ কাৰণে তাই চিঞৰি আছিল আৰু প্ৰসৱ বেদনাৰ কাৰণে চটফটাই আছিল। ৩  তাৰ পাছত স্বৰ্গত আৰু এটা চিন দেখা গʼল আৰু চোৱা! জুইৰ দৰে ৰঙা ৰঙৰ এটা ডাঙৰ ভয়ানক অজগৰ দেখিবলৈ পোৱা গʼল, যাৰ সাতটা মূৰ আৰু দহটা শিং আছিল আৰু তাৰ মূৰত সাতটা কিৰীটি আছিল। ৪  সি নিজৰ নেজডালেৰে আকাশৰ তিনি ভাগৰ এভাগ তৰা টানি আনি পৃথিৱীত পেলাই দিলে। আৰু অজগৰে সেই তিৰোতাৰ ওচৰত থিয় হৈ আছিল যাতে তিৰোতাই সন্তান জন্ম দিয়াৰ লগে লগেই সি সন্তানটিক গিলিব পাৰে। ৫  সেই তিৰোতাই এটি লʼৰাক জন্ম দিলে, যিজনে ৰখীয়াৰ দৰে সকলো ৰাষ্ট্ৰক লোহাৰ দণ্ডেৰে শাসন কৰিব। সেই তিৰোতাৰ সন্তানক কাঢ়ি* ঈশ্বৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ লৈ যোৱা হʼল। ৬  সেই তিৰোতাই অৰণ্যলৈ পলাই গʼল, যʼত ঈশ্বৰে তাইৰ কাৰণে এখন ঠাই তৈয়াৰ কৰিছিল যাতে তাত ১,২৬০ দিনলৈকে তাইৰ যত্ন লোৱা হয়। ৭  আৰু স্বৰ্গত যুদ্ধ আৰম্ভ হʼল: মীখায়েল* আৰু তেওঁৰ স্বৰ্গদূতসকলে অজগৰৰ লগত যুদ্ধ কৰিলে আৰু অজগৰ আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাকে তেওঁলোকৰ লগত যুদ্ধ কৰিলে। ৮  কিন্তু অজগৰ আৰু দুষ্ট স্বৰ্গদূতবিলাকে জয়ী হʼব নোৱাৰিলে আৰু স্বৰ্গত সিহঁতৰ কাৰণে আৰু কোনো ঠাই নাথাকিল। ৯  সেইবাবে, সেই ডাঙৰ ভয়ানক অজগৰ অৰ্থাৎ পুৰণি সাপ, যাক দিয়াবল আৰু চয়তান বুলি কোৱা হয় আৰু যিয়ে গোটেই জগতক* ভুল পথলৈ নিয়ে, তাক পৃথিৱীলৈ পেলাই দিয়া হʼল আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাককো তাৰ লগতে পেলাই দিয়া হʼল। ১০  আৰু মই স্বৰ্গৰ পৰা এটা ডাঙৰ মাতেৰে এই কথাবোৰ কোৱা শুনিলোঁ: “আমাৰ ঈশ্বৰৰ ফালৰ পৰা উদ্ধাৰ আৰু তেওঁৰ শক্তি আৰু তেওঁৰ ৰাজ্য আৰু তেওঁৰ খ্ৰীষ্টৰ অধিকাৰ এতিয়া প্ৰকাশ হʼল। কিয়নো আমাৰ ভাইসকলৰ ওপৰত দোষাৰোপ কৰাজনক তললৈ পেলাই দিয়া হʼল, যিয়ে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকক দোষাৰোপ কৰিছিল! ১১  আৰু তেওঁলোকে ভেড়া পোৱালিৰ তেজৰ কাৰণে আৰু সেই বাৰ্তাৰ কাৰণে, যাৰ বিষয়ে তেওঁলোকে সাক্ষ্য দিছিল, তাৰ ওপৰত জয়লাভ কৰিলে আৰু মৃত্যুৰ সন্মুখীন হোৱাৰ সময়তো নিজৰ জীৱনৰ বিষয়ে চিন্তা নকৰিলে। ১২  সেইবাবে, হে স্বৰ্গ আৰু তাত থকাসকল, আনন্দ কৰা! হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ ওপৰত ডাঙৰ সমস্যা আহি পৰিছে, কিয়নো চয়তান তোমালোকৰ ওচৰলৈ নামি আহিছে আৰু সি বহুত ক্ৰোধত আছে, কিয়নো সি জানে যে তাৰ বহুত কম সময় বাকী আছে।” ১৩  যেতিয়া অজগৰে দেখিলে যে তাক পৃথিৱীত পেলাই দিয়া হʼল, তেতিয়া সি সেই তিৰোতাৰ ওপৰত অত্যাচাৰ কৰিলে, যিগৰাকীয়ে লʼৰাটিক জন্ম দিছিল। ১৪  কিন্তু তিৰোতাগৰাকীক ডাঙৰ ঈগলৰ দুখন ডেউকা দিয়া হʼল যাতে তাই উৰি অৰণ্যত সেই ঠাইলৈ গুচি যায়, যি তাইৰ কাৰণে তৈয়াৰ কৰা হৈছিল আৰু তাত সাপৰ পৰা দূৰত এক কাল, দুই কাল আৰু অৰ্ধ কালৰ* কাৰণে তাইৰ যত্ন লোৱা হয়। ১৫  আৰু সাপে সেই তিৰোতাৰ পিছফালে নিজৰ মুখৰ পৰা নদীৰ পানীৰ নিচিনা সোঁত এৰি দিলে যাতে তিৰোতাই নদীত ডুবি যায়। ১৬  কিন্তু পৃথিৱীয়ে তিৰোতাক সহায় কৰিলে আৰু পৃথিৱীয়ে নিজৰ মুখ মেলিলে আৰু সেই নদীক গিলি পেলালে, যি অজগৰে নিজৰ মুখৰ পৰা উলিয়াইছিল। ১৭  আৰু তিৰোতাৰ ওপৰত অজগৰৰ খং উঠিল আৰু সেই তিৰোতাৰ বংশৰ* বাকী থকা লোকসকলৰ লগত যুদ্ধ কৰিবলৈ ওলাই গʼল, যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যিসকলে যীচুৰ বিষয়ে সাক্ষ্য দিয়াৰ কাম পাইছে।

Footnotes

বা “ধৰি।”
ইয়াৰ অৰ্থ হৈছে “ঈশ্বৰৰ দৰে কোন আছে?”
বা “গোটেই পৃথিৱীক, যʼত লোকসকল থাকে।”
অৰ্থাৎ চাৰে তিনি কাল বা সময়।
আক্ষ., “বীজ।”