যোহনলৈ দিয়া প্ৰকাশিত বাক্য ১৪:১-২০

  • ভেড়া পোৱালি আৰু ১,৪৪,০০০ জন (১-৫)

  • তিনিজন স্বৰ্গদূতৰ বাৰ্তা (৬-১২)

    • আকাশৰ মাজত উৰি থকা স্বৰ্গদূতৰ ওচৰত শুভবাৰ্তা (৬, ৭)

  • সুখী তেওঁলোক, যিসকলে প্ৰভুৰ লগত একতাত মৰে (১৩)

  • পৃথিৱীৰ দুবাৰ শস্য দোৱা (১৪-২০)

১৪  তাৰ পাছত চোৱা মই কি দেখিলোঁ! ভেড়া পোৱালি চিয়োন পাহাৰত থিয় হৈ আছে আৰু তেওঁৰ লগত ১,৪৪,০০০ জন থিয় হৈ আছে, যিসকলৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰ নাম লিখা আছে। ২  আৰু মই স্বৰ্গৰ পৰা এটা মাত শুনিলোঁ, যি পানীৰ বহুতো সোঁতৰ মাত আৰু তীব্ৰ মেঘ-গৰ্জনৰ দৰে লাগিছিল। আৰু মই যি মাত শুনিছিলোঁ, সেয়া এনে আছিল যেন গায়কসকলে নিজৰ বীণা বজাই আছে। ৩  আৰু তেওঁলোকে সিংহাসনৰ আগত আৰু চাৰিটা জীৱিত প্ৰাণী আৰু প্ৰাচীনসকলৰ আগত যেন এটা নতুন গীত গাই আছে। পৃথিৱীৰ পৰা যিসকলক কিনা হৈছে, সেই ১,৪৪,০০০ জনৰ বাহিৰে আৰু কোনেও সেই গান শিকিব নোৱাৰিলে। ৪  এওঁলোক সেই লোকসকলেই হয়, যিসকলে তিৰোতাৰ লগত নিজকে দুষিত নকৰিলে। আচলতে এওঁলোক কুমাৰ। এওঁলোক সেই লোকসকলেই হয়, যিসকলে ভেড়া পোৱালি যʼলৈকে যায়, তেওঁৰ পিছে পিছে তালৈ যায়। এওঁলোকক মানুহৰ মাজৰ পৰা ঈশ্বৰ আৰু ভেড়া পোৱালিৰ কাৰণে প্ৰথম ফল হিচাপে কিনা হৈছিল ৫  আৰু তেওঁলোকে কেতিয়াও ছলনা কথা কোৱা নাই। তেওঁলোক নিৰ্দোষী হয়। ৬  তাৰ পাছত মই আৰু এটা স্বৰ্গদূতক দেখিলোঁ, যিজন আকাশৰ মাজত* উৰি আছিল আৰু তেওঁৰ ওচৰত সদায় বৰ্তি থকা শুভবাৰ্তা আছিল যাতে তেওঁ ইয়াক পৃথিৱীত থকা লোকসকলক অৰ্থাৎ সকলো ৰাষ্ট্ৰ, গোষ্ঠী, ভাষা আৰু জাতিৰ লোকসকলক শুনাব পাৰে। ৭  সেই স্বৰ্গদূতজনে ডাঙৰ মাতেৰে কৈ আছিল, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা কৰা, কিয়নো তেওঁৰ ন্যায় কৰাৰ দিন আহি পৰিছে। সেইবাবে, সেই ঈশ্বৰৰ উপাসনা কৰা, যিজনে আকাশ, পৃথিৱী, সমুদ্ৰ আৰু পানীৰ ভুমুক বনাইছে।” ৮  ইয়াৰ পাছত দ্বিতীয়জন স্বৰ্গদূত আহিলে আৰু এইদৰে কʼলে, “তাই পৰিল! মহা-বাবিল পৰিল, তাই সকলো ৰাষ্ট্ৰক নিজৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ,* হয় নিজৰ কামভাৱৰ* দ্ৰাক্ষাৰস খোৱালে!” ৯  ইয়াৰ পাছত তৃতীয়জন স্বৰ্গদূতে ডাঙৰ মাতেৰে এইদৰে কৈ কৈ আহিল, “যদি কোনোবাই সেই বনৰীয়া জন্তু আৰু তাৰ মূৰ্তিক পূজা কৰে আৰু নিজৰ কপালত বা হাতত চিন লগায়, ১০  তেনেহʼলে তেওঁ ঈশ্বৰৰ ক্ৰোধৰ দ্ৰাক্ষাৰস খাব, যি ঈশ্বৰৰ ক্ৰোধৰ পাত্ৰত মিহলি নকৰাকৈ ঢালি দিয়া হৈছে আৰু তেওঁক পবিত্ৰ স্বৰ্গদূতৰ আগত আৰু ভেড়া পোৱালিৰ আগত জুই আৰু গন্ধকেৰে কষ্ট দিয়া হʼব। ১১  আৰু যি জুইত তেওঁলোকক কষ্ট দিয়া হʼব, তাৰ পৰা* সদায় ধোঁৱা ওলাই থাকিব আৰু তেওঁলোকে দিনে-ৰাতিয়ে কেতিয়াও শান্তি নাপাব, হয় সেই লোকসকলে, যিসকলে বনৰীয়া জন্তু আৰু তাৰ মূৰ্তিক পূজা কৰে আৰু তাৰ নামৰ মোহৰ লগায়। ১২  এই কাৰণে পবিত্ৰ লোকসকলে ধৈৰ্য্য ধৰাটো প্ৰয়োজন, যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ ওপৰত বিশ্বাস* কৰিবলৈ এৰি নিদিয়ে।” ১৩  আৰু মই স্বৰ্গৰ পৰা এই মাত শুনিলোঁ, “লিখি লোৱা: সুখী তেওঁলোক, যিসকলে এতিয়াৰ পৰা প্ৰভুৰ লগত একতাত মৰিব। হয়, পবিত্ৰ শক্তিয়ে কয়, এতিয়া তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ পৰা আৰাম পাওক, কিয়নো তেওঁলোকে যি কাম কৰিলে, সেয়া পাহৰি যোৱা নহʼব।”* ১৪  তাৰ পাছত চোৱা মই কি দেখিলোঁ! এডোখৰ বগা মেঘ আছিল, যাৰ ওপৰত মানুহৰ পুত্ৰৰ দৰে কোনোবাই বহি আছে। তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু তেওঁৰ হাতত চোকা কাচি আছে। ১৫  তাৰ পাছত মন্দিৰৰ পবিত্ৰ-স্থানৰ পৰা আৰু এজন স্বৰ্গদূত ওলাল আৰু মেঘৰ ওপৰত বহাজনক ডাঙৰ মাতেৰে কʼলে, “নিজৰ কাচি লগাই শস্য দোৱা, কিয়নো দাবৰ সময় হʼল আৰু পৃথিৱীৰ শস্য সম্পূৰ্ণৰূপে পকি গৈছে।” ১৬  আৰু মেঘৰ ওপৰত বহাজনে পৃথিৱীৰ ওপৰত নিজৰ কাচি লগালে আৰু পৃথিৱীৰ শস্য দোৱা হʼল। ১৭  তাৰ পাছত স্বৰ্গত থকা মন্দিৰৰ পবিত্ৰ-স্থানৰ পৰা আৰু এজন স্বৰ্গদূত ওলাল। তেওঁৰ ওচৰতো এখন চোকা কাচি আছিল। ১৮  তাৰ পাছত বেদীৰ পৰা আৰু এজন স্বৰ্গদূত ওলাল, যিজনে জুইৰ ওপৰত অধিকাৰ পাইছিল। তেওঁ ডাঙৰ মাতেৰে সেই স্বৰ্গদূতজনক মাতিলে, যিজনৰ ওচৰত চোকা কাচি আছিল আৰু তেওঁক কʼলে, “নিজৰ কাচি লগাই পৃথিৱীৰ আঙুৰ লতাৰ থোক গোটোৱা, কিয়নো তাৰ আঙুৰ পকি গৈছে।” ১৯  আৰু সেই স্বৰ্গদূতজনে পৃথিৱীত নিজৰ কাচি লগালে আৰু পৃথিৱীৰ আঙুৰ লতাৰ থোকবোৰ গোটালে। তেওঁ সেইবোৰ আঙুৰ পেৰা সেই ডাঙৰ গাঁতত পেলাই দিলে, যি ঈশ্বৰৰ ক্ৰোধক চিত্ৰিত কৰে। ২০  চহৰৰ বাহিৰত আঙুৰ পেৰা সেই গাঁতত আঙুৰ পেৰা হʼল আৰু তাৰ পৰা যি তেজ ওলাল, সেয়া ঘোঁৰাৰ লেকামলৈকে ওখ হৈ প্ৰায় ৩০০ কিলোমিটাৰ* দূৰলৈকে বিয়পি গʼল।

Footnotes

বা “পৃথিৱীৰ পৰা অলপ ওপৰত; মূৰৰ ওপৰত।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “ক্ৰোধৰ।”
বা “আৰু যʼত তেওঁলোকক বন্দী কৰা হʼব, তাৰ পৰা।”
আক্ষ., “যীচুৰ বিশ্বাস।”
আক্ষ., “তেওঁলোকৰ কাম তেওঁলোকৰ লগত যাব।”
আক্ষ., “১,৬০০ ষ্টেডিয়াম।” এক ষ্টেডিয়াম ১৮৫ মিটাৰৰ সমান (৬০৬.৯৫ ফুট)। অতি. খ১৪ চাওক।