যোহনলৈ দিয়া প্ৰকাশিত বাক্য ১৫:১-৮
১৫ তাৰ পাছত মই স্বৰ্গত আৰু এটা ডাঙৰ আৰু আশ্চৰ্য্য চিন দেখিলোঁ। সাতটা বিপত্তি লৈ থকা সাতজন স্বৰ্গদূতক মই দেখিলোঁ। এইবোৰ শেষ বিপত্তি হয়, কিয়নো এইবোৰৰ যোগেদি ঈশ্বৰৰ ক্ৰোধ অন্ত হয়।
২ আৰু মই এনে কিবা দেখিলোঁ, যি কাঁচৰ দৰে সমুদ্ৰ যেন লাগিছিল আৰু তাত জুই মিহলি হৈ আছিল। আৰু সমুদ্ৰৰ ওচৰত সেই লোকসকলক থিয় হৈ থকা দেখিলোঁ, যিসকলে বনৰীয়া জন্তু আৰু সিহঁতৰ মূৰ্তি আৰু সিহঁতৰ নামৰ সংখ্যাৰ ওপৰত জয়লাভ কৰিছিল। তেওঁলোকে ঈশ্বৰৰ বীণা লৈ থিয় হৈ আছিল।
৩ তেওঁলোকে ঈশ্বৰৰ দাস মোচিৰ আৰু ভেড়া পোৱালিৰ এই গীত গাই আছিল:
“হে সৰ্বশক্তিমান ঈশ্বৰ যিহোৱা,* তোমাৰ কাম কিমান মহান আৰু আচৰিতজনক। হে চিৰকালৰ ৰজা, তোমাৰ পথ কিমান ভাল আৰু সত্য।
৪ হে যিহোৱা,* কেৱল তুমিয়েই বিশ্বাসী, সেইবাবে কোনে তোমাক ভয় নকৰিব আৰু তোমাৰ নামৰ মহিমা নকৰিব? সকলো ৰাষ্ট্ৰ তোমাৰ ওচৰলৈ আহিব আৰু তোমাৰ উপাসনা কৰিব, কিয়নো তেওঁলোকক তোমাৰ ভাল আদেশ প্ৰকাশ কৰা হৈছে।”
৫ ইয়াৰ পাছত মই দেখিলোঁ, স্বৰ্গত সাক্ষ্যৰ তম্বুৰ পবিত্ৰ-স্থান খোলা হʼল
৬ আৰু সাতটা বিপত্তি লৈ থকা সাতজন স্বৰ্গদূত সেই পবিত্ৰ-স্থানৰ পৰা ওলালে। তেওঁলোকে পৰিষ্কাৰ আৰু উজ্জ্বল কাপোৰ পিন্ধিছিল আৰু সোণৰ বুকুপটা বান্ধিছিল।
৭ আৰু চাৰিটা জীৱিত প্ৰাণীৰ মাজৰ পৰা এটাই সেই সাতজন স্বৰ্গদূতক সোণৰ সাতটা পাত্ৰ দিলে, যʼত সেইজন ঈশ্বৰৰ ক্ৰোধ ভৰি আছিল, যিজন সদায় কাললৈকে জীয়াই থাকে।
৮ আৰু ঈশ্বৰৰ মহিমা আৰু শক্তিৰ কাৰণে সেই ভৱন ধোঁৱাৰে ভৰি গʼল আৰু সাতজন স্বৰ্গদূতৰ সাতটা বিপত্তি শেষ নোহোৱালৈকে কোনেও পবিত্ৰ-স্থানৰ ভিতৰলৈ সোমাব নোৱাৰিলে।